ডঃ শৰৎ বৰকটকী
কিছুদিনৰ আগতে মোৰ ভাতৃ এগৰাকীলৈ ম'বাইল ফোনত ভিডিঅ' কল কৰি সুদূৰ বাংগলোৰৰ পৰা এজন পুলিচ বিষয়াই জনালে যে , তেওঁৰ ইঞ্জিনীয়াৰিং কলেজত পঢ়ি থকা ছোৱালী জনী থানাত আছে গতিকে জামিনত লবলৈ থানালৈ যাব লাগে। যদি তেওঁ যাব নোৱাৰে এক লাখ টকা আদায় দিলে ছোৱালী জনীক এৰি দিব। পুলিচ থানাৰ ভিডিঅ', পুলিচ থানাৰ জীৱন্ত ছবি পুলিচ বিষয়া গৰাকীয়ে দেখুৱাই বিশ্বাস জন্মাবলৈ চেষ্টা কৰিছিল।
ইয়াৰ আগতে ৰাজস্থানত এগৰাকী বিদ্যালয়ত শিক্ষকতা কৰা মাতৃক পুলিচ থানাৰ পৰা জনালে যে তেওঁৰ দিল্লীৰ বিশ্ববিদ্যালয়ত পঢ়ি থকা ছোৱালীজনীক এখন হোটেলত বেয়া অৱস্থাত পুলিচে গ্ৰেপ্তাৰ কৰিছে। এই বিষয়ে টি .ভি চেলেনত অলপ পিছত প্ৰকাশ হব।যদি এইবোৰ বন্ধ কৰিব লাগে তেনেহলে পাঁচ লাখ টকা পোন্ধৰ মিনিটৰ ভিতৰত অনলাইনত টকা খিনি আদায় দিলে ছোৱালী জনীক সহায় কৰিব।
মাতৃ গৰাকীযে ভয়ত কি কৰিব একো ভাবিব নোৱাৰিলে। উচ্চ ৰক্তচাপ ৰোগত ভোগা মাতৃ গৰাকীয়ে পুত্ৰক খবৰটো দি ঢলি পৰিল। চিকিৎসালয়লৈ নিও মাতৃ গৰাকীক বচাব নোৱাৰিলে। ইতিমধ্যে পুত্ৰই ভনীয়েকক ফোন কৰি গম পাইছিল যে, তেওঁ বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত সুন্দৰকৈ বহি পঢ়ি আছে। সেইবোৰ একো ঘটাই নাই। কিন্তু প্ৰৱঞ্চকৰ এটা ফোনৰ বাবে এই মাতৃ গৰাকী ডিজিটেল এৰেষ্ট হল,আৰু মৃত্যু হল বুলি প্ৰচাৰ মাধ্যমে প্ৰকাশ কৰিছে।এনেকুৱা বহুতো ঘটনা ঘটি আছে।দেশৰ অনলাইন প্ৰৱঞ্চনাৰ জালখন বৃহৎ আকাৰ লোৱাৰ এনে খবৰ আতংকজনক।
প্ৰতিনিধিত্বমূলক ছবি
আজিৰ ডিজিটেল জগতখনত প্ৰযুক্তিয়ে আমাক অভূতপূৰ্ব সংযোগৰ সুবিধা প্ৰদান কৰিছে। ইণ্টাৰনেট, ই-মেইল, আৰু ম'বাইল ডিভাইচসমূহে আমাক যোগাযোগ কৰিবলৈ, বাণিজ্য কৰিবলৈ আৰু যি কোনো তথ্য পূৰ্বতকৈ অধিক দ্ৰুতগতিত অধিক কাৰ্যক্ষমভাৱে প্ৰেৰণ কৰিবলৈ সুবিধা আনি দিছে। কিন্তু এনে সুবিধাৰ লগে লগে প্ৰৱঞ্চনা, প্ৰতাৰণাৰ আশংকা বৃদ্ধি পাইছে, কিয়নো প্ৰৱঞ্চকসকলে যি কোনো ব্যক্তিক প্ৰতাৰণা কৰি সঞ্চিত ধন আত্মসাৎ কৰি সৰ্বশান্তকৰাৰ হেতালি খেলাৰ বাবে অধিক অত্যাধুনিক উপায় উদ্ভাৱন কৰিছে।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ নিৰ্বিচাৰ ব্যৱহাৰৰ বিষয়টোও ‘ডিজিটেল গ্ৰেপ্তাৰ’ৰ প্ৰেক্ষাপটত উত্থাপন হৈছে। বহু ক্ষেত্ৰত প্ৰৱঞ্চকে সম্ভাৱ্য ‘ভুক্তভোগী’ক লক্ষ্য কৰি ছ’চিয়েল মিডিয়াত নামি পৰিছে। বৰ্তমান প্ৰৱঞ্চনাৰ অন্যতম ভয়ংকৰ ৰূপ হৈছে ডিজিটেল গ্ৰেপ্তাৰ (যাক ডিজিটেল এৰেষ্ট) এক কেলেংকাৰী বুলি অভিহিত হৈছে। ডিজিটেল গ্ৰেপ্তাৰ কেলেংকাৰীত অপৰাধীয়ে আইন প্ৰয়োগকাৰী বিষয়া, চৰকাৰী বিষয়া বা আইনী কৰ্তৃপক্ষৰ ৰূপ লৈ মানুহৰ আইনী সমস্যাৰ ভয়ক মূলধন কৰি লৈছে।
প্ৰতিনিধিত্বমূলক ছবি
ভুক্তভোগীসকলক পতিয়ন নিবলৈ সক্ষম হয় যে তেওঁলোকে নিৰ্দিষ্ট দাবী মানি নল’লে তেওঁলোকে অচিৰেই গ্ৰেপ্তাৰ বা গুৰুতৰ আইনী পৰিণতিৰ সন্মুখীন হ’বলগীয়া হ'ব। এই দাবীসমূহৰ ভিতৰত সাধাৰণতে ক্ৰেডিট কাৰ্ড, ক্ৰিপ্টোকাৰেন্সী, বা অনলাইন স্থানান্তৰৰ দৰে অনুসন্ধান কৰিব নোৱাৰা পদ্ধতিৰ জৰিয়তে জৰিমনাৰ ধন তৎক্ষণাত পৰিশোধ কৰাটোবাধ্যতা মূলক বুলি নিৰ্দেশ দিয়ে। বহু ক্ষেত্ৰত প্ৰৱঞ্চকসকলে উচ্চ চাপৰ কৌশল ব্যৱহাৰ কৰে, যাৰ ফলত জৰুৰীকালীন ভাৱ এটাৰ সৃষ্টি কৰে যাৰ ফলত ভুক্তভোগীয়ে স্পষ্টভাৱে চিন্তা কৰিবলৈ বা ভাবুকিৰ বৈধতা পৰীক্ষা কৰিবলৈ সময় কম পায়। এই প্ৰতাৰণাৰ কৌশলবোৰ বিশেষভাৱে বিপজ্জনক কাৰণ ইয়াৰ দ্বাৰা প্ৰতাৰকে ভুৱা কৰ্তৃত্ব স্থাপন কৰি আইনী সমস্যাৰ পৰা হাত সাৰিবলৈ ভয় খোৱাই চিকাৰ কৰে। অযুক্তিকৰ ভাৱে গ্ৰেপ্তাৰ হোৱাৰ ভয়ে ইমানেই আৱৰি ধৰিব পাৰে যে ব্যক্তিসকলে প্ৰতাৰণা কৰা হৈছে বুলি গম নোপোৱাকৈয়ে খৰখেদাকৈ ধন পৰিশোধ কৰিবলৈ আগবাঢ়ি যায়।
তদুপৰি প্ৰৱঞ্চকসকলে তেওঁলোকৰ যোগাযোগক সত্য বুলি পতিয়ন নিয়াবলৈ চৰকাৰী শব্দৰ ভাষা, জাল নথি-পত্ৰ, আনকি ভুৱা ফোন নম্বৰ ব্যৱহাৰ কৰি এনে কৰে যেন তেওঁলোকে বৈধ আইন প্ৰয়োগকাৰী সংস্থাৰ পৰাহে ফোন কৰিছে। ডিজিটেল গ্ৰেপ্তাৰ কেলেংকাৰীৰ উত্থান যোগাযোগ প্ৰযুক্তিৰ উন্নতিৰ লগে লগে বিকাশ ঘটিছে। পূৰ্বতে কেলেংকাৰীসমূহ হয়তো ই-মেইল বা সৰল প্ৰৱঞ্চনামূলক ফোন কলত সীমাবদ্ধ আছিল, কিন্তু আজিৰ প্ৰৱঞ্চকসকলে বহুত বেছি সম্পদশালী আৰু বিভিন্ন ধৰণেৰে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে। ছ’চিয়েল মিডিয়া, টেক্সট মেছেজিং, আনকি ম'বাইল এপসমূহো প্ৰৱঞ্চনাৰ নতুন পথৰ আহিলা হৈছে, যাৰ ফলত প্ৰৱঞ্চকসকলে পেছাদাৰী আৰু ব্যক্তিগত দুয়োটা প্ৰেক্ষাপটতে সন্দেহহীন ব্যক্তিৰ ওচৰলৈ যোৱাটো সহজ হৈ পৰিছে। বিশেষকৈ ফোন কৰা জনৰ পৰিচয় পত্ৰ আৰু ই-মেইল ফিছিঙৰ উত্থানে প্রৱঞ্চক সকলৰ কৰ্তৃত্ব অধিক পতিয়ন যোগ্যতাৰ এক ভ্ৰম সৃষ্টি কৰিবলৈ সক্ষম হৈছে।
যেতিয়া এটা ফোনকল চৰকাৰী সংস্থাৰ নামত তেওঁলোকৰ ফোনত প্ৰদৰ্শিত হয় বা এটা ই-মেইল লাভ কৰে যিটো চৰকাৰী উৎসৰ পৰা অহা যেন লাগে, সঁচা যেন লগা ল'গ' আৰু লেটাৰহেডৰ সৈতে প্ৰকৃত যেন লাগে। প্ৰৱঞ্চকয়ে এই প্ৰযুক্তিসমূহৰ ব্যৱহাৰ কৰি ভয় আৰু জৰুৰীবুলি পৰিৱেশ সৃষ্টি কৰে। মানুহে যেতিয়া বিশ্বাস কৰে যে তেওঁলোকৰ আপোন জন বা আৰ্থিক লেনদেন জৰিত বিষয়ত বিপদত পৰিছে তেতিয়া তেওঁলোকে দ্ৰুতভাৱে সঁহাৰি দিয়ে। প্ৰৱঞ্চকসকলে জানে যে মানুহে ভয় খালে ভাল- বেয়া, সঁচা -মিছা চিন্তা কৰাৰ অৱকাশ নাথাকে। গ্ৰেপ্তাৰ হোৱাৰ ভয়, অপৰাধজনিত অভিলেখ থকা বা আইনী প্ৰতিক্ৰিয়াৰ সন্মুখীন হোৱাৰ ভয় বহু ক্ষেত্ৰত সাধাৰণ জ্ঞানক অতিক্ৰম কৰিব পৰাকৈ শক্তিশালী হৈ পৰে।
প্ৰতিনিধিত্বমূলক ছবি
উদাহৰণস্বৰূপে, প্ৰৱঞ্চকসকলে ফোন কৰি ভুক্তভোগীক জনাই দিব পাৰে যে কৰ নিদিয়া বা আদালতত হাজিৰ নোহোৱাৰ বাবে তেওঁলোকক গ্ৰেপ্তাৰৰ বাবে ৱাৰেণ্ট জাৰি কৰা হৈছে। তেওঁলোকে দাবী কৰিব যে ,অহা ৩০ মিনিটৰ ভিতৰত ধন পৰিশোধ নকৰিলে আৰক্ষী বিষয়াই তেওঁলোকক জিম্মাত ল’বলৈ ভুক্তভোগীৰ ঘৰত উপস্থিত হ’ব। আতংকিত হৈ পৰা ভুক্তভোগীয়ে হয়তো অনুভৱ কৰিব যে তেওঁলোকৰ ফোনত অহা নিদ্দেশ মানি চলাৰ বাহিৰে আন উপায় নাই। এই উচ্চ আৱেগিক অৱস্থাত তেওঁলোকে আহ্বানৰ বৈধতা পৰীক্ষা কৰিবলৈ সময় উলিওৱাৰ সম্ভাৱনা কম, যাৰ ফলত তেওঁলোক প্ৰতাৰণৰ সন্মুখীন হ’বলগীয়া হয়।
থলুৱা ভাষাৰ সলনি ইংৰাজী ভাষাত ফোন আহে। কিয়নো তেওঁলোক স্থানীয় আইনসমূহৰ সৈতে অচিনাকি হ’ব পাৰে। প্ৰৱঞ্চকসকলে প্ৰায়ে ভাষা বুজাৰ অসুবিধা আৰু চৰকাৰী সংস্থাৰ সৈতে মোকাবিলা কৰাৰ ভয় ব্যৱহাৰ কৰি এই ভুক্তভোগী ব্যক্তিসকলক মানি চলিবলৈ বাধ্য কৰে।
Digital Arrest Scams: Understanding, Identifying, and Avoiding Virtual Fraud নামৰ এখন গ্ৰন্থত জাহিদ আমীৰ নামৰ লেখক গৰাকীয়ে লিখিছে জীৱনৰ মানসিক চাপৰ সময়ছোৱাত এজন ব্যক্তিয়ে—হয়তো আৰ্থিক সমস্যা, পৰিয়ালৰ সমস্যা বা স্বাস্থ্যজনিত চিন্তাৰ সৈতে মোকাবিলা কৰা—ভাবুকীপূৰ্ণ ফোন কল বা ইমেইলৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ সম্ভাৱনা কম হ’ব পাৰে।
ইয়াৰ ফলত ভুক্তভোগীয়ে তেওঁলোকক প্ৰতাৰণা কৰা হৈছে বুলি গম পোৱাৰ আগতেই যথেষ্ট পৰিমাণৰ ধন হেৰুৱাব পাৰে। সন্মোহনী হৈ, ভয়ত ব্যক্তি গৰাকীয়ে এক প্ৰবৃত্তিগত সঁহাৰি যিয়ে অনুভূত বিপদৰ সন্মুখীন হৈ তাৎক্ষণিক পদক্ষেপ ল’বলৈ প্ৰেৰণা দিয়ে। প্ৰৱঞ্চকসকলে বিশেষ পৰিবেশ সৃষ্টি কৰি ভয়ংকৰ আৰু বাস্তৱসন্মত পৰিস্থিতি গঢ়ি তোলে য’ত ভুক্তভোগীয়ে বিশ্বাস কৰে যে তেওঁলোকে লগে লগে কাম নকৰিলে তেওঁলোকে গুৰুতৰ আইনী পৰিণতিৰ সন্মুখীন হ’ব লাগিব। বহু লোকৰ বাবে গ্ৰেপ্তাৰ হোৱাৰ চিন্তাই গভীৰভাৱে অস্থিৰ কৰি তোলে। ৰাজহুৱা অপমানৰ ভয়ে—সেয়া চুবুৰীয়া, সহকৰ্মী বা পৰিয়ালৰ সদস্যৰ সন্মুখতেই হওক—প্ৰৱঞ্চককাৰীৰ দাবী মানি চলিবলৈ বাধ্য কৰিব পাৰে।
এই কথা ঠিক যে, ডিজিটেল জগত খনত ছ’চিয়েল মিডিয়াই নিঃসন্দেহে এখন বৃহত্তৰ পৃথিৱীৰ জন্ম দিছে। ‘ভাল’ৰ আঁৰত ‘অশুভ’ৰ ক’লা ছাঁটো যেনেকৈ বহু ক্ষেত্ৰত সংগী হৈ থাকে, ছ’চিয়েল মিডিয়াতো একেই ঘটনা সংঘটিত হৈছে৷ এই মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰি বহু লোকক প্ৰতাৰণা, হাৰাশাস্তি আৰু চৰম বিপদত পেলোৱা হৈছে। চুবুৰীয়া ৰাজ্য পশ্চিম বংগত শেহতীয়াকৈ এগৰাকী ৩০ বছৰীয়া মহিলাই দীপাৱলীৰ সময়ত ছ’চিয়েল মিডিয়াত বন্ধুক লগ পোৱাৰ সময়তে দলীয় ধৰ্ষণৰ অভিযোগ আৰক্ষীক দিছিল বুলি আনন্দ বাজাৰ প্ৰত্ৰিকাত সম্পাদকীয়ত উদ্বেগ প্ৰকাশ কৰিছে।। ফেচবুকৰ বন্ধু অভিযুক্তই মহিলা গৰাকীক এপাৰ্টমেণ্টলৈ লৈ গৈ ড্ৰাগছ খুৱাই অচেতন অৱস্থাত দলবদ্ধ ধৰ্ষণ কৰে। তাৰ পিছত মহিলা গৰাকীক এৰি থৈ যায়। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে।
ইতিমধ্যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে ডিজিটেল এৰেষ্ট সম্পৰ্কে ৰাইজক সচেতন কৰিছে। এতিয়া জনসাধাৰণক এই বিষয়ে সচেতন কৰাৰ লগতে পুলিচ প্ৰশাসনে চাইবাৰ অপৰাধ শাখাক অধিক কাৰ্যক্ষম কৰি তুলিব লাগিব।প্ৰশাসনে অনলাইন প্ৰৱঞ্চকক ক্ষিপ্ৰতাৰে বিচাৰি উলিওৱা, গ্ৰেপ্তাৰ আৰু শাস্তি দিয়াৰ উপায়ো চিন্তা কৰিব লাগিব। নহলে ডিজিটেল এৰেষ্টৰ গভীৰ শিপাই বহুতক কষ্ট উপৰ্জিত ধন অতি সহজে লুট কৰি, সৰ্বশান্ত কৰি নিৰাপদে থাকিব।
(লেখক নগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ)