পুলিন ডেকা
ড° ভূপেন হাজৰিকা আছিল স্বপ্রতিভাৰে সমুজ্জ্বল এগৰাকী শিল্পী। আন্তর্জাতিক খ্যাতিসম্পন্ন এইগৰাকী মহান শিল্পীৰ আছিল দিগন্তপ্ৰসাৰী সৃষ্টিমূলক চেতনা। জনগোষ্ঠীয় সমন্বয়, ঐতিহ্যমুখী ধাৰণা, নৱপ্ৰজন্মৰ উত্তৰণ, স্বদেশানুৰাগৰ অনুভৱ আৰু মানুহক এক শৈল্পিক মনৰ গৰাকী কৰি তুলিবলৈ তেওঁ সংগীতৰ মাজেৰে নিৰলস প্রয়াস চলাই গৈছিল।
তেওঁ সংস্কৃতিৰ মাজেৰে সমন্বয়ৰ সেতু নির্মাণ কৰি অসমীয়া জাতি সত্ত্বাক এক নতুন মার্গ দর্শন প্রদান কৰি গৈছে। তেওঁৰ জীৱনাদর্শই আছিল অকৃত্রিম মানৱ প্রেম। সমাজ জীৱনৰ প্রতিটো দিশত সুক্ষ্ম বিশ্লেষণৰ জৰিয়তে শব্দ শক্তিৰে আৰু সুললিত কণ্ঠেৰে যি মহাপ্রবাহ তেখেতে বোৱাই গ'ল, সেয়া ভৱিষ্যতৰ মানৱ সমাজৰ বাবে এক অমূল্য সম্পদ হৈ থাকিব।
মঞ্চত গীত পৰিবেশন কৰি থকা মুহূৰ্তত
ব্রহ্মপুত্র আছিল হাজৰিকাদেৱৰ জীৱন দৰ্শনৰ এক অবিচ্ছেদ্য অংগ। তেখেতে বুজি পাইছিল ব্রহ্মপুত্রৰ শক্তি আৰু সামর্থতা। সেই দিশেৰে অসমীয়া জাতি ধাৱমান হোৱাটো তেখেতে বিচাৰিছিল। ইতিহাসৰ প্রতি আনুগত্যশীল ড° ভূপেন হাজৰিকাই ব্রহ্মপুত্রৰ ইতিহাসেৰে সমৃদ্ধ এটা শক্তিক নৱ মূল্যায়ন কৰি অসমীয়া জাতিক যোগাইছিল আগুৱাই যোৱাৰ সাহস। ব্ৰহ্মপুত্ৰই যেন দিব পাৰে সমন্বয়ৰ গভীৰ অর্থ।
অসমখন যে মিলনৰ পূণ্যভূমি আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ তথা ধৰ্মালম্বী লোকৰ সিক্ত ৰক্তৰে গঠিত এটা জাতি। সেই কথা শিল্পীগৰাকীয়ে মর্মে মর্মে উপলব্ধি কৰিছিল। বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ আগমনে অসমীয়া জাতিক সমৃদ্ধ কৰিছে। সেই কথা শিল্পীগৰাকীৰ গানত মূর্ত হৈ উঠিছে।
ডঃ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ
সুদূৰ কাণ্য ভোগজৰৰ পৰা বাৰভূঞা আহিছিল আৰু সেই বংশতে শংকৰদেৱৰ জন্ম হোৱা, মৰৰ দেশৰ পৰা আজান ফকীৰে আহি জিকিৰ ৰচনা কৰা, দিল্লীৰ দিলবাৰে অষ্টপুথি অংকন কৰা, পঞ্চনদীৰ টেগবাহাদুৰে ধৰমৰ সেতু গঢ়া- এয়া যেন অসমৰ ইতিহাস সমৃদ্ধ কৰা এক ঘটনা। এই ঘটনাৰ আলমত তেখেতে গীত ৰচনা কৰি জাতিটোক প্রাণৱন্ত কৰাটো শিল্পীগৰাকীৰ ব্যক্তিত্বৰ অন্যতম বৈশিষ্ট্য।
ড° ভূপেন হাজৰিকাই কৈছিল যে পিছে, আধুনিক যুগৰ সঁচা গীতি-কবিয়ে অকল জীৱনৰ বাটৰ দাঁতিত থিয় হৈ চিৰপ্ৰৱহমান সামুহিক কিম্বা ব্যক্তিগত মানৱ গতিক নিৰীক্ষণ কৰি, তাকে গীতি-কবিতাৰে প্রকাশ কৰিলেই নহ'ব মাজে মাজে জীৱনৰ বাটৰুৱাৰ সৈতে লৱৰি-ঢাপৰি 'ঢাৱমান কথিকা' কৰি আগবাঢ়ি যাব লাগিব। সঁচা গীতি-কবিয়ে মানৱতাক বিশ্বাস কৰে আৰু জনজীৱনৰ প্রতীকেৰে মানৱাত্মাক স্পর্শ কৰিবলৈ প্রয়াস কৰে।
ডঃ ভূপেন হাজাৰিকাই গীত বাণীবদ্ধ কৰি থকা মুহূৰ্তত
পুৰাতন আৰু আধুনিক কলা সাধনেৰে সংগীত জগতক এক স্বৰূপেৰে উদ্ভাসিত কৰি ভাৰতীয় সংগীতক এক নতুন মাত্রা সংযোজন কৰা ভাৰতৰত্ন ড° ভূপেন হাজৰিকা বহুমুখী প্রতিভাৰ এক জীবন্ত শোভাযাত্রা। অসমীয়া কলা-কৃষ্টিৰ বহু বিস্তৃত আৰু বৈচিত্র্যময় সমলৰ আধাৰত ভাৰতীয় সংগীতক অধিক প্রাণৱন্ত কৰি ড° হাজৰিকা জনমানসত পৰিচিত হৈ পৰিছিল এক জীৱন্ত কিংবদন্তিৰূপে।
সংস্কৃতিৰ এইগৰাকী সাধকে জীৱনজোৰা সাধনা আৰু সাংস্কৃতিক পৰিক্ৰমাৰে সংগীতৰ ক্ষেত্ৰখনত মানৱতাৰ বলিষ্ঠ কণ্ঠ উজ্জীৱিত কৰিছিল। এগৰাকী গীতিকাৰ, সুৰকাৰ, গায়ক, আবৃত্তিকাৰ, নিবেদক-পৰিৱেশক, চলচ্চিত্র-নির্মাতা, মঞ্চ নাট্যকাৰ, চিত্রনাট্যকাৰ, মঞ্চ পৰিচালক, চিত্ৰ পৰিচালক, সংগীত পৰিচালক, শিক্ষাব্রতী, সাহিত্যিক, সাংবাদিক, সম্পাদক, চিত্রশিল্পী তথা ৰাজনীতিক হিচাপে তেখেতে অসমৰ ইতিহাসক যিদৰে স্পন্দিত কৰি গ'ল সেয়া অসমীয়া জাতিৰ বাবে পৰম সম্পদ।
মহম্মদ ৰফিৰ সৈতে ডঃ ভূপেন হাজৰিকা
অসমীয়া জাতিৰ প্ৰতি হাজৰিকৰ আনুগত্যশীলতা সঁচাকৈয়ে চমকপ্রদ দিশ। অসমীয়া জাতিক সগৌৰৱে জীয়াই থকাটো শিল্পীগৰাকীয়ে বিচাৰিছিল। অসমীয়া জাতিয়ে এই ভূ-খণ্ডতেই নিজস্ব সত্ত্বাৰে জীয়াই থাকিব লাগিব।তেখেতৰ জাতীয়তাবাদ ধাৰণাটো আছিল এক সুকীয়া চিন্তা-চৰ্চাৰ প্রকাশ। নিজৰ মাতৃভূমিক ভালপোৱাটোৱে আনৰ মাতৃভূমিক ঘৃণা কৰা নুবুজায়।
এয়া যেন এক হাজৰিকাৰ মৰ্ম স্পৰ্শী বাণী। ভাল অসমীয়া হৈ ভাল ভাৰতীয় হোৱাৰ সপোন দেখিছিল শিল্পীগৰাকীয়ে। আনকি অসমীয়া ভাষাক মাতৃভাষা হিচাপে আদৰি লোৱা সকলকো তেখেতে নতুন অসমীয়াৰ ৰূপেৰে গণ্য কৰিছিল। তেনেকৈ তেখেতে অসমীয়া জাতিক জীয়াই থকাটো বিচাৰিছিল।
ৰাষ্ট্ৰপতি পুৰস্কাৰ গ্ৰহণ কৰা মুহূৰ্তত ডঃ ভূপেন হাজৰিকা
অসমীয়াই যদি সমন্বয়ৰৰ ধাৰাৰে আগুৱাই যোৱাৰ শক্তি আহৰণ কৰিব নোৱাৰে বিশ্বৰ বুকুত জাতিটো উজ্জ্বলিত হ'ব নোৱাৰে। এনে প্রেৰণামূলক বাণী আজিৰ যুগত অধিক প্রাসংগিক হৈ পৰিছে। যুগজয়ী শিল্পী ড° ভূপেন হাজৰিকাৰ সংগীতৰ পৰিধি আছিল এক সাগৰ সদৃশ। অসমীয়া সংস্কৃতিৰ বহ্নিমান গতিক নৱদিশলৈ ধাৱমান কৰাৰ তেখেতৰ ঐকান্তিক প্রয়াসে বিশ্বদৰবাৰত অসমীয়া জাতিৰ স্বাভিমানক এখোজ আগলৈ লৈ গৈছিল। তেওঁৰ সৃষ্টিত আছিল অসমীয়া বর্ণাঢ্য লোকজীৱনৰ সাৰবত্তা আৰু নৱপ্ৰজন্মৰ বিশালতাক সংযোজিত কৰিব পৰা মহান বার্তা। হাজৰিকাদেৱৰ সপোনক সার্থক কৰাৰ বাবে সর্বাত্মক প্রয়াস চলোৱাটোৱেই হ'ব তেখেতৰ প্রতি আমাৰ সর্বোচ্চ শ্রদ্ধাঞ্জলি।
ড° ভূপেন হাজৰিকা এনে এগৰাকী শিল্পী, যিগৰাকী শিল্পীয়ে নিজৰ দেশৰ পৰিসীমা অতিক্ৰমী বিশ্বৰ ভিন্ন প্রান্তত নিপীড়িত মানুহৰ কণ্ঠ হিচাপে থিয় দিছিল। বাংলাদেশৰ মুক্তি সংগ্ৰামৰ প্রতি আনুগত্য প্রকাশ কৰি লিখা গীতে আজিও সহৃদয়তাৰ এক মধুৰ সম্পৰ্ককে সূচিত কৰিছে। সমাজখনৰ ভগ্নপ্রায় অৱস্থাই শিল্পীগৰাকীৰ মনৰ মাজত অনুৰণনৰ সৃষ্টি কৰিছিল। সমাজ গঢ়িব লাগিব যুৱ শক্তিৰ প্ৰয়োজন। সমাজখনৰ পৰা হতাশা আঁতৰ কৰি আশাৰ সংগীত শুনাবলৈ হ'লে উত্তৰ পুৰুষে ল'ব লাগিব দায়িত্ব। তেনে এক বিশ্বাসকে সাৰোগত কৰি সকীয়াই দিছিল ইতিহাসৰ সেই কালজয়ী ব্যক্তিসকলে কিদৰে সমাজ নির্মাণ কৰি গ'ল।
লতা মংগেস্কাৰৰ সৈতে ডঃ ভূপেন হাজৰিকা
যুৱ সমাজৰ প্রতি তেওঁৰ আছিল গভীৰ আস্থা। সেইবাবে সমাজ ৰূপান্তৰৰ খনিকৰ হিচাপে যুৱচামৰ প্রতি আকর্ষণ অনুভৱ কৰিছিল। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, মাধৱদেৱৰ প্রতি এইগৰাকী শিল্পীৰ আছিল গভীৰ আনুগত্য। তেৰাৰ আদৰ্শৰে সমাজ জীৱনত শান্তি, সম্প্রীতি আৰু ভাতৃত্ববোধ অক্ষুণ্ণ ৰখাৰ বাবে হাজৰিকাই যি প্রয়াস চলাইছিল, সেয়া আছিল অসমৰ ইতিহাসৰ এক সোণালী অধ্যায়। অসমৰ ভাষা-সংস্কৃতি, জাতীয় চেতনাৰ প্রতি, অসম তথা অসমীয়াৰ অস্তিত্বৰ প্রতি তেখেতৰ যি সহৃদয়তা সেয়া আজিৰ প্রেক্ষাপটত গভীৰ দৃষ্টিৰ আলোচনা কৰাৰো প্রয়োজনীয়তা আহিছে।
(লেখক এজন তথ্য আৰু জনসম্পৰ্ক, অসম, বিভাগৰ উপ সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ জনসম্পৰক্ষী কোষৰ সৈতে সংসংলগ্ন।)