সমন্বয়ৰ প্ৰতিভূ গণশিল্পী ড॰ ভূপেন হাজৰিকা

Story by  Pulin Deka | Posted by  Munni Begum • 16 d ago
ড॰ ভূপেন হাজৰিকা
ড॰ ভূপেন হাজৰিকা
 
  পুলিন ডেকা
 
'মোৰ আইক ভাল পাওঁ বুলিলে
আনৰ আইক জানো 
ঘিণ কৰাতো বুজাব,
প্ৰতি অসমীয়া আমি ভাল ভাৰতীয়'
– ড॰ ভূপেন হাজৰিকা৷

অসমীয়া সংগীতক বিশ্বমুখী যাত্ৰাৰে এক নতুন মাত্ৰা প্ৰদান কৰি ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাই উত্তৰ পুৰুষৰ বাবে যি বীজ সিঁচি গ’ল, সেয়াই জাতীয় জীৱনত সংযোজিত কৰিছে এক নতুন আয়তন৷ এইগৰাকী গণশিল্পীৰ সৃষ্টি চেতনাত আছিল সাংস্কৃতিক উন্মেষেৰে বিশ্ব মানৱক একতাৰ মহাসিন্ধুত মিলিত কৰি এক জীৱন্ত মানৱ সংস্কৃতিক বিকশাই তোলা৷ তেওঁৰ দৃষ্টিত আছিল এক মানৱীয় স্বপ্ন৷ ভাষা-সাহিত্যৰ অপৰিসীম শক্তিৰে মানুহৰ মনন জগতত যি বৰ্ণিল স্বৰূপ অংকন কৰি গ’ল সেয়া তুলনাবিহীন৷ অসম মাতৃৰ প্ৰতি তেওঁৰ আছিল সশ্ৰদ্ধ ভক্তি৷ এই মাটিৰ গোন্ধেৰে, কৃষ্টি-সংস্কৃতিৰ অন্তৰ্নীল স্বৰূপৰে জাতীয় জীৱনত সিঁচি গ’ল উৰ্বৰ ভূমি৷ 
 
ড॰ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীত তেওঁৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা এক দৃশ্য
 
তেওঁ গভীৰভাৱে বিশ্বাস কৰিছিল মানুহৰ সংস্কৃতি মহামিলনৰ সংস্কৃতি৷ তেনে সংস্কৃতিৰ বৰপীৰাত মিলনৰ ঐক্যতান গঢ়াৰ সুদৃঢ় প্ৰয়াসৰ বাবে তেওঁ বহু কালজয়ী গানৰ সৃষ্টি কৰি গ’ল৷ অসমীয়া জাতিক জাগৰিত কৰাৰ দুৰ্বাৰ আকাংক্ষাই তেওঁৰ মন প্ৰাণক আলোড়িত কৰিছিল যাৰ বাবে ইতিহাস আৰু সাম্প্ৰতিক সময়ৰ মাজত এক সেঁতু নিৰ্মাণ কৰি আত্মপ্ৰত্যয়ৰ স্ৰোত নিগৰাই দিয়ে৷ অসমীয়া জাতিক অসমতে জীয়াই ৰাখিব লাগিব৷ ইয়াকে কৰিবলৈ হ’লে আমাৰ নিজস্ব ভাষা-সংস্কৃতিৰ প্ৰতি মানুহৰ দুৰ্বাৰ আকাংক্ষাৰ সৃষ্টি হ’ব লাগিব৷ এইগৰাকী শিল্পীয়ে বিশ্বপ্ৰেম বিনন্দীয়া বুলি অভিহিত কৰিছে৷ 
 
নিজৰ মাতৃক সৰ্বতোপ্ৰকাৰে শক্তিশালী কৰিব নোৱাৰিলে বিশ্বপ্ৰেমৰ ধাৰণা বৃথা৷ অসমীয়া জাতিক তেওঁ বিশ্বৰ বুকুত জিলিকি উঠাতো বিচাৰিছিল৷ সেইবাবে হ’য়তো তেওঁ কৈছিল যে, অসমীয়াই যদি বিশ্বৰ শৰীৰত পঙ্গু অংগ হিচাপে জীয়াই থাকে মানৱ সমাজে তাক বিহংগম দৃষ্টিৰে গ্ৰহণ নকৰে৷ এই আহ্বান নিতান্তই জাতিটোক প্ৰাণৱন্ত কৰাৰ এক আত্মিক আবেদন৷ তেওঁ বুজি পাইছিল যে, বিশ্বৰ প্ৰতিযোগিতামুখী সমাজখনত অসমীয়া মানুহে দক্ষতাৰে উজ্জ্বলি উঠিব নোৱাৰিলে, আমাৰ ইতিহাসৰ যি গৌৰৱময় অধ্যায় সেয়া মানুহে বুজি নুঠিব৷ পৃথিৱীত জন্মগ্ৰহণ কৰিলে মানুহ স্বপ্নাতুৰ হ’ব লাগিব৷ সেই সপোন হ’ব লাগিব নিজ মাতৃক বিশ্বৰ বুকুত স্থান দিয়াৰ হাবিয়াসৰ বাস্তৱ ৰূপ৷ সেইবাবে হয়তো অসমক নিজৰ মাতৃভূমি হিচাপে আদৰি লোৱা প্ৰতিগৰাকীক আপোন কৰাৰ কথা ব্যক্ত কৰিছিল৷ থলুৱা আৰু নতুন অসমীয়াৰ সমন্বয় অবিহনে জাতিটোৰ প্ৰাণ প্ৰাচুৰ্যতা বিকশাই তোলাটো সম্ভৱ নহ’য়৷ 
 
ড॰ ভূপেন হাজৰিকাৰ সৈতে জুবিন গাৰ্গ আৰু মানস ৰবীন
 
ড॰ ভূপেন হাজৰিকাই কৃষ্টি-সংস্কৃতিৰ আবেদনেৰে সমন্বয়ৰ সেঁতু নিৰ্মাণ কৰিব বিচাৰিছিল৷ বিভেদ হৈছে এক আত্মঘাটি পৰিঘটনা৷ শ্ৰম হৈছে জাতীয় শক্তিৰ বাহক৷ তেওঁ অসমীয়াক আহ্বান জনাইছিল নিজ হাতে শ্ৰম কৰিবলৈ আৰু এই শ্ৰমেৰে অসমীয়া জাতিক উজ্জীৱিত কৰিব বিচাৰিছিল৷ অসমীয়া জাতিৰ এক সমৃদ্ধ ইতিহাস আছে আৰু সেই ইতিহাসেৰে জাতিটোক জাগৰিত কৰাৰ তেওঁৰ সেই হৃদয়স্পৰ্শী আহ্বান আমাৰ জাতীয় জীৱনৰ পৰম সম্পদ হৈ ৰ’ল৷ ব্ৰহ্মপুত্ৰ আছিল তেওঁৰ সপোন আৰু প্ৰাণৰ এক তীব্ৰ অনুভূতি৷ ব্ৰহ্মপুত্ৰই যেন জাতিটোক দিব পাৰে সাহস, প্ৰেৰণা আৰু গৌৰৱময় যাত্ৰাপথৰ এক শক্তি৷ সেইবাবে হয়তো কৈছিল মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ৷ যুগ যুগ ধৰি সমন্বয়ৰ বাৰ্তা বহন কৰিছে লুইতৰ সেই নিৰৱধি যাত্ৰাই৷ 
 
ড॰ ভূপেন হাজৰিকা আছিল এগৰাকী ইতিহাসবিদ৷ ইতিহাসৰ গভীৰ পৰ্যৱেক্ষণে তেওঁৰ মন আৰু চিত্তক আলোড়িত কৰিছিল৷ তেওঁ  গৱেষণালব্ধ দৃষ্টিভংগীৰে ইয়াৰ কলাত্মক স্বৰূপ নিৰ্ণয়ৰ বাবে কৰা প্ৰয়াসে তেওঁৰ সমগ্ৰ সৃষ্টিৰাজিত লুইত এক অনুপ্ৰেৰণাৰ সোঁত হিচাপে পৰিগণিত হৈ পৰে৷ এই লুইতৰ পাৰৰ আকৰ্ষণে অনাবিল সময়ৰ পৰা মানুহৰ হৃদয় স্পৰ্শ কৰিছিল৷ তেনে অনুধাৱন তেওঁৰ চেতনাত প্ৰাণৱন্ত৷ কান্যকুব্জৰে পৰা অহা বাৰভূঞা বংশতে শংকৰদেৱ জন্মিছিল আৰু মহাপুৰুষ গৰাকীয়ে তেওঁৰ সমগ্ৰ সৃষ্টি তথা সাংস্কৃতিক জাগৰণে জাতিটোৰ আত্ম পৰিচয়ক নতুন ৰূপ দিছিল৷ 
 
ৰাষ্ট্ৰপতি পুৰস্কাৰ গ্ৰহণ কৰা মুহূৰ্তত ডঃ ভূপেন হাজৰিকা
 
এই দেশৰ মাটিৰ আহ্বান কেৱল সমন্বয়ৰহে তেনে বোধক অতি নান্দনিক চেতনাৰে প্ৰকাশ কৰি গণশিল্পীগৰাকীয়ে কৈছিল যে মৰুৰ দেশৰ পৰা আজান ফকীৰে আহি মধুৰ জিকিৰ ৰচি অসমীয়া সংগীতক প্ৰাণৱন্ত কৰিছিল৷ দিল্লীৰ দিলোৱাৰে আহি হস্তী-পুথি অংকনেৰে অসমীয়া শিল্পক প্ৰাণময় কৰিছিল৷ পঞ্চনদীৰ টেগ বাহাদুৰে গঢ়ি তুলিছিল ধৰমৰ সেঁতু৷ সমন্বয়ৰ এই ইতিহাসে জাতিটোৰ প্ৰাণক স্পৰ্শ কৰক সেয়া ড॰ ভূপেন হাজৰিকাই মনে-প্ৰাণে কামনা কৰিছিল৷ 
 
জাতিটোক সাহস দিবলৈ লাচিত বৰফুকনৰ বীৰোচিত কাৰ্যকলাপো তেওঁৰ সংগীতত মূৰ্ত হৈ উঠিছিল৷ লুইতে যেন বিচাৰে মিলনৰ বাৰ্তা৷ তাকে ব্যক্ত কৰিবলৈ গৈ গণশিল্পীগৰাকীয়ে ৰবীন্দ্ৰনাথৰ উক্তি উদ্ধৃতি দি লুইতৰ পাৰলৈ আগমন হোৱা নতুন অতিথিক আদৰিবলৈ কৈছে৷ ‘মহাত্মাই হাসি বোলে’ গানটিৰ জৰিয়তে ড॰ ভূপেন হাজৰিকাই মানৱীয় সংস্কৃতিনো কি আৰু এই সংস্কৃতিৰ মাজত সমন্বয় যে এক অক্ষয় বন্তি তাক প্ৰতিফলিত কৰিছিল৷ মহাত্মা গান্ধীক প্ৰতীকি অৰ্থত লৈ সমন্বয়ৰ ছবি এখন আঁকিছে৷ সেই বাবে তেওঁ কৈছে যে – ‘মহাত্মাই হাসি বোলে গীতাকে শুনিম / বান্ধ বেদকে শুনিম / শুনি পিচে কোৰানৰো আয়াতক বুজিম / হায় হায় ৰাম ৰহিম৷’ সংগীতটোৰ তাৎপৰ্য দিশ হৈছে সমাজ জীৱনত হিংসাৰ কোনো স্থান নাই৷ ধৰ্মই মানৱ জীৱনক সুন্দৰ আৰু কলাত্মকবোধৰ সন্ধান কৰিবলৈহে শিকাইছে৷ 
 
মহম্মদ ৰফিৰ সৈতে ডঃ ভূপেন হাজৰিকা
 
তেওঁ ধৰ্মৰ নামত জগতত ৰক্তনদী বিচৰা নাছিল৷ সেয়া যেন আছিল তেওঁৰ প্ৰতিবাদী কণ্ঠৰ দুৰন্ত প্ৰকাশ৷ ড॰ ভূপেন হাজৰিকাই সংগীতৰ মাজত মানৱতাবোধ, ভাতৃত্ববোধ আৰু মহামিলনৰ যি আদৰ্শ দেখুৱাই গৈছে তাৰ জৰিয়তে জাতিটোৱে আগুৱাই যাবলৈ সদায়ে প্ৰেৰণা লাভ কৰি থাকিব৷ বহুমুখী প্ৰতিভাধাৰ যাদুকৰী কণ্ঠৰ অধিকাৰী সমন্বয়ৰ প্ৰতিভূ ড॰ ভূপেন হাজৰিকাৰ গানৰ মাজত থকা মুল্যবোধৰ এই দৰ্শনসমূহৰে এক পৰিশীলিত মানৱজাতি গঢ়াৰ কামত সকলোৱে মনোনিৱেশ কৰিব লাগিব৷
 
(লেখক এজন তথ্য আৰু জনসম্পৰ্ক, অসম, বিভাগৰ উপ সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ জনসম্পৰক্ষী কোষৰ সৈতে সংলগ্ন)