চঞ্চল ফাগুনত ৰঙৰ উৎসৱ

Story by  atv | Posted by  Munni Begum • 7 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ড০ শৰৎ বৰকটকী 
 
ফাগুন মানেই ৰঙৰ উৎসৱ। ফাগুন মাহক কবিয়ে ঝাৰুৱালি ফাগুনী বুলি অভিহিত কৰি ফাগুনক চঞ্চল বুলি কৈছে। গছৰ সেউজীয়া পাত শীতত  সৰি লঠঙা হোৱাৰ পিছত ফাগুনে বসন্ত অহাৰ বাতৰি দিয়ে। গছে বনে কুঁহিপাত ওলায়। বতাহে সকলোকে কোবাই সতেজ কৰে। ফাগুন মাহ কেৱল কেলেণ্ডাৰৰ এটা মাহ নহয়; ফাগুন  মাহ হৈছে উৎসৱৰ মাহ, সাংস্কৃতিক জীৱনৰ স্পন্দন আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ বতৰ যিয়ে  আত্মাক সামৰি লয়।
 
ঋতুৰ ৰজা বসন্তৰ আগমনৰ সূচনা হয় ফাগুনৰ হাতেৰে। ঋতুৰ ৰজাক আদৰিবলৈ প্ৰকৃতি হৈ পৰে ৰঙীন। প্ৰকৃতিয়ে আজি দক্ষিণৰ দুৱাৰখন খুলিছে আৰু সেই দুৱাৰেদি বসন্তৰ বতাহজাকে বলিছে। বসন্তৰ আগমনৰ লগে লগে কুলি জনীয়ে গীত গায়। মৌমাখিয়েও খেলি আছে। পলাশ আৰু শিমুল গছৰ ফুলৰ মেলা দেখি মৌপিয়া চৰাই জাক উবুৰি খাই পৰিছে। ঋতুৰ ৰজা বসন্তই প্ৰকৃতিক নতুন ৰূপত সজাইছে। যৌৱন হৈ পৰে থৌকি বাথৌ। ফাগুনৰ জুইত মানুহৰ  মন আলোকিত হয়। ফাগুন অহা মানে শীতক বিদায় দি বসন্তক আদৰি লোৱাৰ এক উৎসৱ। শীত খালী হাতেৰে যাবগৈ আৰু বসন্ত আহিব ফুলৰ থোপা লৈ। বসন্তৰ ফুলৰ সুগন্ধিয়ে শীতৰ অন্ধকাৰ ধুই পেলাব। ফাগুনত হেনো স্বৰ্গত জন্মগ্ৰহণ কৰা সন্তানৰ গোন্ধ আহি উষ্ণ বতাহত মানুহৰ হৃদয়ত পুনৰ উপচি পৰে। 
 
হোলীৰ আনন্দত মতলীয়া এগৰাকী মহিলা
 
পলাশ, শিমলু, কাঞ্চনৰ গোলাপী-ৰঙা ফুলবোৰলৈ চাই এনে লাগে যেন পখিলাৰ মেলা এখন চলি আছে। কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে ফাগুনৰ বনত ফুলৰ সম্ভাৰ বৰ্ননা কৰিছে। সুভাষ মুখোপাধ্যায় বসন্ত ঋতুতে ফুল ফুলাক লৈ দ্বিধান্বিত। তেওঁ এটা কবিতাত লিখিছে ‘ফুল ফুটুক না ফুটুক আজ বসন্ত...।’ আমাৰ পাৰ্বতী প্ৰসাদ বৰুৱাই লিখিছে: 'আজি ফাগুনৰ পুৱা বেলাত মেঘে উন্দুলাই আনিছে......' জেচমিন, বকুল, মাধৱীলতা, মধুমঞ্জৰী, চম্পা, পাৰিজাত, কৰবী, তগৰ সকলোৰে ফাগুন আহিলে ফুলিবলৈ উকমুকুনি আছে। 
 
অসমৰ সাংস্কৃতিক জগতখনত ফাগুন মাহৰ এক বিশেষ তাৎপৰ্য আছে। অসমীয়া ফাগুন মাহ ইংৰাজী কেলেণ্ডাৰৰ ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰা মাৰ্চ মাহৰ মাজভাগৰ ভিতৰত পৰে। প্ৰকৃতিয়ে ফাগুন মাহক সঁচা অৰ্থত এক বিশেষ আৰু অবিস্মৰণীয় কৰি তোলে। ফাগুনত দৌল উৎসৱ বা হোলী অৰ্থাৎ ৰঙৰ উৎসৱ হয়। ফাগুনৰ শেষৰ ফালে উদযাপন কৰা দৌল উৎসৱ হৈছে এক উৎসৱ যিয়ে মানুহক ৰং-বিৰঙৰ মাজত প্ৰেম আৰু ভাতৃত্বৰ বান্ধোন কটকটীয়া কৰে। কলাত্মক আৰু সৃষ্টিশীল মনোভাৱক উজ্জ্বল কৰি তোলে। ফাগুন মাহৰ ভিতৰত মহাশিৱৰাত্ৰি আৰু ৰঙৰ উৎসৱ ফাকুৱা উৎসৱ পালন কৰা হয়। ৰঙৰ উৎসৱ ফাকুৱাই কঢ়িয়াই আনে উচাহৰ জোৱাৰ। ঐক্য-সংহতি আৰু সমন্বয়ৰ ক্ষেত্ৰত এই ৰঙৰ উৎসৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। 
 
ফাকুৱা সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয়। বৈষ্ণৱ কেলেণ্ডাৰৰ মতে ফাগুন মাহটো ভগবানৰ দ্বাৰা পৰিচালিত হয়। ভাৰতৰ কোনো কোনো প্ৰান্তৰ লোকে এই মাহত গৌড় পূৰ্ণিমা উদযাপন কৰে। গোৱাৰ লোকসকলে এই মাহত শিগমো উৎসৱ পালন কৰে। এটা কাহিনীত আছে এবাৰ অৰ্জুন শ্ৰী কৃষ্ণৰ সৈতে গিৰনাৰ পৰ্বতলৈ গৈছিল। শ্ৰী কৃষ্ণই যাদৱসকলক ঐশ্বৰিক লীলাৰে সন্তুষ্ট কৰিছিল। অন্যহাতে, তেওঁলোকক সন্তুষ্ট কৰিবলৈ আনন্দময় যাদৱসকলে সতেজ ফুলৰ দোলন এটা কৰিলে। তাৰ পিছত শ্ৰীকৃষ্ণ আৰু অৰ্জুনক হিন্দোলো (দোল)ত বহিবলৈ দিলে। তাৰ পিছত দুয়োজনে নৰ-নাৰায়ণ নামেৰে খ্যাতি লাভ কৰে আৰু পুষ্পদোলোৎসৱৰ সৃষ্টি হয়।  
 
প্ৰতিনিধিত্বমূলক ছবি
 
অসমত দৌল উৎসৱৰ আৰম্ভ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। ২১ বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল। দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই ১৫১৮ শকত। পৰম্পৰাগত ভাৱে জাকজমকতাৰে, বৰদোৱা থান, বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে। বৰপেটাত স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। 
 
ফাকুৱা উৎসৱৰ বাবে মহাপুৰুষ মাধৱদেৱ লিখা গীত এফাঁকি এনেধৰণৰ:
 
‘গোপ গোপী সমে খেলা হুয়া আনন্দিতৰৰ 
আউৰে আউৰে ফাগু মাৰে অঞ্জলি ভৰিয়া৷
ফাগু ৰসে নাচে হাসে কীৰ্ত্তন কৰিয়াৰৰ
ফাগুৰে চৌভিতি দেখি অৰুণ বৰণ৷
প্ৰভাতকালৰ যেন ৰবিৰ কিৰণ৷৷’ 
 
প্ৰায় ৫৫০ বছৰৰো অধিক প্ৰাচীন পৰম্পৰা অক্ষুণ্ণ ৰাখি উদযাপন কৰি অহা বৰদোৱাৰ ফাকুৱা উৎসৱক লৈ ব্যাপক উছাহ কেইবামাহৰ আগৰে পৰা আৰম্ভ হয়। আবিৰৰ ৰঙেৰে ৰঙীয়াল বৰদোৱাত  লোকে লোকাৰণ্য হয়৷ ফাকুৱা উদযাপনৰ ক্ষেত্ৰত সদায়ে ব্যতিক্ৰম বৰদোৱা থান৷ কিয়নো ইয়াত প্ৰাণ পাই উঠে ৰঙ আৰু আধ্যাত্মিক গীত৷ এইবাৰো আবিৰ আৰু ফাকুৱা গীতৰ অমীয়া সুৰৰ মূৰ্ছনাত মুখৰিত হৈ পৰিব বৰদোৱাৰ আকাশ-বতাহ। সকলোকে দুখ-বেজাৰ পাহৰি কেৱল কৃষ্ণভক্তি আৰু ৰঙেৰে ৰঙীয়াল হৈ পৰা দেখা পোৱা যায়। পূৰ্বৰ পৰাই মহা আড়ম্বৰপূৰ্ণভাৱে পালন কৰি অহা এই দৌল উৎসৱ কেৱল অসমতেই নহয় ভাৰতবৰ্ষতো বিখ্যাত। 
 
ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুউৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱে কীৰ্ত্তন পুথিৰ উৰেষা-বৰ্ণনাত আছে: 

'ৰঙ্গে ফাল্গো খেলে চৈতন্য বনমালী।
দুয়ো হাতে ফাল্গো গুণ্ডা সিঞ্চন্ত মুৰাৰি।।...' 
 
ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিৰসৰ লগতে শ্ৰীকৃষ্ণৰ প্ৰেম আৰু প্ৰকৃতিৰ বৰ্ণনা কৰিছে। গুৰুজনাই কীৰ্ত্তন পুথিত লিখিছে: 

18'ফাল্গুনীত গোৱিন্দক তুলিয়া দৌলত।
দৌল-যাত্ৰা কৰে মহোৎসৱ সিবেলাত।।
তাত গোবিন্দ যত্নে দেখে যিটোজনে।
গোবিন্দৰ পুৰে সিও বঞ্চে ৰংগমনে।।...'
 
এই দৌল উৎসৱৰ মাজেৰে গুৰুজনাই জাতীয় জীৱনৰ উত্তৰণৰ চিন্তা কৰিছিল আৰু দৌল মহোৎসৱৰ জৰিয়তে আধ্যাত্মিক সংস্কৃতিক অধিক মহিমামণ্ডিত কৰিবলৈ চেষ্টা কৰিছিল। ঘুনুচা কীৰ্ত্তনত আছে:
 
'কৃষ্ণৰ কীৰ্ত্তন কৰিয়া উৎসুকে 
ফাকু-গুড়ি সিঞ্চৰাই।।...'
 
কৃষ্ণ ভগৱান নিজ দৌলৰ পৰা আন এগৰাকী পত্নী ঘুনুচাৰ ঘৰত সাত দিন আছিল। তেতিয়া প্ৰজাসকলে ভগৱান কৃষ্ণক দেখি আনন্দত মতলীয়া হৈ ফাকু খেলি আনন্দ কৰিছিল। দৌল উৎসৱতো দেৱী ঘুনুচাৰ লগত কৃষ্ণৰ বিবাহ সম্পন্ন কৰা পৰ্ব আছে। দৌললৈ অনা প্ৰথা হ’ল ঘুনুচাৰ পিতৃ গৃহলৈ অহা।
 
'অসংখ্যাত লোকে শকত আঝোড়ে
শ্বেত ছত্ৰ ধৰি যাই।।'.....
 
চৰিত পুথিৰ পাতত আছে:

'তামৰ পাত্ৰত কৰি শ্ৰীমন্তশংকৰদেৱে 
এক পাচি মৃত্তিকা দিলন্ত।
সেহি মৃত্তিকাক  থাপি কৃষ্ণৰ মূৰ্তিক পূজি 
দৌলযাত্ৰা ৰংগে কৰিলন্ত।।'
 
হৰিহৰ দেৱ আৰু দামোদৰদেৱে  জগৎ গুৰু শ্ৰীমন্তশংকৰদেৱৰ ওচৰলৈ আহি কেনেকৈ দৌলোৎসৱ পালন কৰিছিল এই বিষয়ে চৰিত পুথিত  এনেদৰে আছে:

'বৰচুলং হস্তে দেৱ শংকৰ আসিলা। 
তাকে সাৱতিলা প্রভু হৃদয়ে ধৰিলা।।
আসিলা নলচা হস্তে দেব দামোদৰ। 
হৰিদেব তাহাক কৈলা প্রীতি সমাদৰ।
ফাল্গুন মাসত আত দৌলোৎসৱ হৈলা।
তিনি শুৰু মিলি আত ৰংগ কেলি কৈলা।।
গুৰুক তিলক দিলা দের দামোদৰ। 
পিন্ধাইলা পুষ্পমাল্য কায়স্থ শংকৰ।।
আগ্রহ কৰিয়া তাংক মানক ধৰিলা।
দিবা ৰাত্রি বিষ্ণুনাম কীৰ্ত্তন কৰিলা।।
 
ভাৰতৰ পৌৰাণিক এক  আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল। হোলিকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গ'ল। হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। প্ৰহ্লাদে বৰ দিলে যে, মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলিকাক স্মৰণ কৰিব। এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলিব পাৰি। সেয়ে বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা অপশক্তি হোলিকাক দাহ কৰা হয়। ফাকুৱাৰ প্ৰথম দিনা 'হলিকা দহন' বা 'সৰুহোলি' আৰু দ্বিতীয় দিনা 'ৰঙৰ ফাকুৱা' বুলি কোৱা হয়। 
 
বৰপেটা সত্ৰত হোলীৰ আনন্দ-উল্লাহ
 
ভাৰতৰ বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা ৰাতি এটা মেজি সাজি তাৰ চাৰিওফালে নৃত্য-গীত গাই আনন্দ কৰে। উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত এই উৎসৱ এসপ্তাহৰ বাবে পালন কৰে। ঠাই বিশেষে মানুহে ঘৰবোৰ ৰং কৰে, ঘৰৰ পদূলি, দুৱাৰমুখ আদিত ফাঁকুগুৰি আৰু ফুলেৰে সজাই তোলে। ফাকুৱা বা দৌল উৎসৱৰ বাবে ৰং আগতে প্ৰকৃতিৰ পৰাই প্ৰস্তুত কৰা হৈছিল। 'বৰদোৱাৰ দৌলযাত্ৰা' শীৰ্ষক প্ৰৱন্ধত অধ্যাপক, গৱেষক ড০ নৰেন কলিতাই লিখিছে যে, 'বৰদোৱাত প্ৰথম দৌলযাত্ৰা পাতোতে ফাকু আনিবৰ কাৰণে শংকৰদেৱে বলৰাম নামৰ এজনক পইচা কড়ি দি মৰুৱাপুৰলৈ পঠোৱা কথা ৰামচৰণ ঠাকুৰে উল্লেখ কৰিছে। খহুৱা গছৰ খহুলাবোৰ কাটি ৰঙা আলুৰ লগত সিজাই শুকুৱাই পিঠাগুৰিৰ নিচিনা কৰি হৰথৰ গুটিৰে ৰং দিয়া হৈছিল।'
 
সেই সময়ত প্ৰাকৃতিক ৰং প্ৰস্তুত কৰিবলৈ প্ৰকৃতিৰ বুকুত থকা ফুল, গছৰ বাকলি,পাত আদিয়েই যথেষ্ট আছিল। ৰঙা জবা অথবা ৰঙা গোলাপৰ পাহি, বিট আৰু গাজৰ ভালদৰে সিজাই ৰঙা ৰং প্ৰস্তুত কৰিছিল। সেইদৰে বিলাহী আৰু গাজৰৰ ৰস, ডালিমৰ ৰঙা বাকলি, পুৰৈ শাকৰ গুটি, সেন্দুৰী গছৰ গুটি, ৰঙা চন্দন গুৰি কৰিও ৰঙা ৰং প্ৰস্তুত হয়। নাৰ্জি ফুলৰ পাহিবোৰ সিজোৱাৰ পাছত হালধীয়া ৰং উৎপন্ন হয়। সেইদৰে হালধি গুৰিৰ সৈতে  পিঠাগুড়ি মিহলি কৰি হালধীয়া ৰং প্ৰস্তুত কৰিব পাৰি। নীলা অপৰাজিতা  ফুলৰ পাহিবোৰ ভালদৰে সিজাই লোৱাৰ ফলত প্ৰস্তুত হোৱা পানীখিনি ফাকুৱাত নীলা ৰঙৰ ফাকু হিচাবে ব্যৱহাৰ কৰিব পাৰি। গুলপীয়া ৰঙৰ ফাকু প্ৰস্তুত কৰিবলৈ গোলাপ, গধূলি গোপাল, নয়নতৰা ফুলৰ উপৰিও বিট  কাটি  পানীত সিজাই সুন্দৰ গুলপীয়া ৰং পাব পাৰি। পিঁয়াজৰ বাকলি পানীত উতলাইও গুলপীয়া ৰং প্ৰস্তুত কৰিব  পাৰি। পালেং, লাই, ভালদৰে সিজাই লৈ সেউজীয়া ৰং তৈয়াৰ কৰিব পাৰি।
 
ফাকুৰ বাবে পলাশ ফুল, জেতুকা, আমলখি, শিলিখা, জামু আদিও প্ৰাকৃতিক ৰং হিচাবে ব্যৱহাৰ কৰিব পাৰি। শেহতীয়াকৈ বজাৰত উপলব্ধ সকলো ধৰণৰ কৃত্ৰিম ৰাসায়নিক ৰঙৰ পৰা শৰীৰত পৰা বেয়া প্ৰভাৱৰ বাবে সকলো সচেতন হোৱা দৰকাৰ। ছালৰ বাবে উপকাৰী প্ৰাকৃতিক ৰঙেৰে নিৰাপদভাৱে ফাকুৱা উৎসৱ উদযাপনৰ বাবে সকলো সজাগ হব লাগে। বৰদোৱাৰ ফাকুৱা উৎসৱৰ 'গন্ধ উৎসৱ ', 'গোঁসাই মূৰত ফাকু দিয়া ', 'গোঁসাই ফুৰোৱা উৎসৱ ', 'দুৱাৰ ধৰা অনুষ্ঠান ', ৰঙৰ মেলা আদিত যোগদান কৰি ভক্তসকলে ঐশ্বৰিক আনন্দ লাভ কৰাৰ লগতে সাক্ষাতে  হৰিক লাভ কৰিব পাৰে। 'ফাগু খেলে কাৰুনাময় এ নন্দ কুমাৰ দেৱৰ দুৰ্লভ কেলি ফাগুৰ বিহাৰ।'
 
ফাঁকুৱাৰ আগদিনা ৰাতি মেজি জ্বলোৱা এক দৃশ্য
 
মহাপুৰুষ জনাই শিকাই থৈ যোৱা  প্ৰতিটো উৎসৱতে মানুহৰ সহযোগিতা, অংশগ্রহণে উৎসৱৰ সৌন্দৰ্যক অধিক মহীয়ান কৰি তুলিছে। মহাপুৰুষীয়া আধ্যাত্মিক সংস্কৃতিয়ে মানৱতাৰ এনে এক ক্ষেত্ৰ নিৰ্মাণ কৰে য'ত মানুহে উপলব্ধি কৰিব পাৰে সংস্কৃতিৰ বিশালতা আৰু নান্দনিকতা। মহাপুৰুষৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ পদৰেনুৰে ৰঞ্জিত বৰদোৱা এই দৌল উৎসৱত প্ৰকাশ হৈছে স্বকীয় পৰম্পৰা আৰু সামাজিক মৰ্য্যাদা। ফাকুৱা উৎসৱৰ উছাহৰ মাজত জাতীয় জীৱন চহকী কৰাৰ লগতে ফাকুৱা হৈছে ভক্তি, সংস্কৃতি, উৎসৱৰ সুন্দৰ মিশ্ৰণ। ফাগুনৰ ফাকুৱাই আধ্যাত্মিক ঐতিহ্য আৰু সজীৱ সামূহিক জীৱনক প্ৰতিফলিত কৰে। এই লাবণ্যময় পৰিৱেশত বিমুগ্ধ হৈ পৰে সকলো। সৌন্দর্যেৰ হোমসত্বা প্রজ্বলিত হয় চৌদিশে।
 
 
(লেখক নগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ)


শেহতীয়া খবৰ