বিত্তীয় জালিয়াতিৰ উন্মোচন: অসমত বিনিয়োগৰ অন্ধকাৰ দিশ

Story by  Pallab Bhattacharyya | Posted by  [email protected] • 9 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
 পল্লব ভট্টাচাৰ্য্য
 
শেহতীয়া বছৰবোৰত অসম অনলাইন/অফলাইন বিনিয়োগ কেলেংকাৰিৰ ৰম্যভূমি হৈ পৰিছে। সৰ্বসাধাৰণ লোকৰ জীৱনৰ সমস্ত সঞ্চয়ৰ ধন লুণ্ঠন কৰা এনে প্ৰৱঞ্চনামূলক কাম-কাজবোৰ ৰাজ্যত আচৰিত ধৰণে উত্থান ঘটিছে। শেহতীয়াকৈ এনে এটা প্ৰৱঞ্চনাৰ ঘটনাত আনুমানিক ২,২০০ কোটি টকা লুণ্ঠন কৰা হৈছে।
 
প্ৰশাসনৰ ব্যাপক সজাগতামূলক অভিযানৰ অব্যাহত থকাৰ পিছতো প্ৰৱঞ্চনামূলক স্কীমসমূহে অলৌকিকভাৱে ৰিটাৰ্ণ দিয়াৰ প্ৰতিশ্ৰুতিৰে সাধাৰণ জনসাধাৰণক আকৰ্ষিত কৰি আহিছে, যাৰ ফলত প্ৰায়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। শেহতীয়া ঘটনাটো সংঘটিত হৈছে অনলাইন ট্ৰেডিং জগতৰ দুজন মূল ব্যক্তিক কেন্দ্ৰ কৰি। তেওঁলোক হৈছেঃ বিশাল ফুকন আৰু স্বপ্ননীল দাস। ডিব্ৰুগড়ৰ ২২ বছৰীয়া যুৱক বিশাল ফুকনৰ প্ৰতাৰণাৰ জাল আৰক্ষীয়ে উন্মোচন কৰাৰ পূৰ্বেই তেওঁ এজন উল্লেখযোগ্য অনলাইন ট্ৰেডাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল।
 
একেদৰে, এই কেলেংকাৰীৰ সৈতে জড়িত স্বপ্ননীল দাসক গুৱাহাটীৰ বেলতলাত আটক কৰা হয়। এই ঘটনাসমূহে অসমৰ বিনিয়োগ কেলেংকাৰীৰ জটিল আৰু বিপদজনক পৰিৱেশৰ আভাস দিয়ে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
এনে প্ৰৱঞ্চনামূলক স্কিমসমূহে সাধাৰণতে গ্ৰাহকক লোভনীয় ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁলোকে প্ৰায়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ সহায় লৈ বিনিয়োগকাৰীৰ কাষ চাপে। ফুকনৰ দৰে প্ৰৱঞ্চকে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিৰ্দিষ্ট ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দিয়া নটাৰীকৃত চুক্তিকে ধৰি আপাত দৃষ্টিত বৈধ কৌশল ব্যৱহাৰ কৰে।
 
কিন্তু এই চুক্তিসমূহত প্ৰায়ে ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড (SEBI)ৰ নিয়মসমূহ মানি চলা নহয়, যাৰ ফলত বিনিয়োগকাৰীসকল যথেষ্ট বিপদৰ সন্মুখীন হ’বলগীয়া হয়। এই চুক্তিসমূহ ভাৰতীয় চুক্তি আইন, ১৮৭২(The Indian Contract Act, 1872)অনুসৰি সম্পাদন কৰা নহয়, কাৰণ ইয়াত ৬০ দিনৰ ভিতৰত ৩০% ৰিটাৰ্ণৰ দৰে অসম্ভৱ প্ৰতিশ্ৰুতি দি ছেবিৰ আইনী নিৰ্দেশনা স্পষ্টভাৱে উলংঘা কৰা হৈছে। ২০১৫ চনৰ ১ জুলাইত “জেম” ত্ৰিতত্বৰ অভূতপূৰ্ব প্ৰভাৱ অৰ্থাৎ জন ধন যোজনা, আধাৰ আৰু ম’বাইলৰ সৈতে বিপুল গতিৰে ব্যাপকভাৱে উদ্বোধন কৰা ‘ডিজিটেল ইণ্ডিয়া মিছনে’ সমানুপাতিকভাবে চাইবাৰ সুৰক্ষা ব্যৱস্থা নোলোৱাৰ বাবে সাধাৰণ জনসাধাৰণৰ চাইবাৰ অপৰাধীৰ বলি হোৱাৰ পৰিৱেশৰ সৃষ্টি হʼল।
 
প্ৰৱঞ্চকসকলে দ্ৰুত আৰ্থিক লাভ বিচাৰি থকা এচাম লোকৰ দূৰ্বলতাক সুযোগ হিচাপে গ্ৰহণ কৰে আৰু তেওঁলোকৰ বিশ্বাসৰ সৈতে হেতালি খেলে। উদাহৰণস্বৰূপে, প্ৰৱঞ্চক ডি বি ষ্টক ব্ৰকিঙৰ বাবে কুখ্যাত দিপাংকৰ বৰ্মনে ২৩ হাজাৰতকৈ অধিক গ্ৰাহকৰ পৰা ৭,০০০ কোটি টকাতকৈ অধিক ধন প্ৰতাৰণা কৰিছিল। তেওঁ মানুহক বছৰি ১২০% পৰ্যন্ত অবাস্তৱিক ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দিছিল আৰু বিনিয়োগকাৰীৰ কষ্টোপাৰ্জিত ধন ব্যক্তিগত বিলাসীতাৰ বাবে ব্যৱহাৰ কৰাৰ লগতে সমাজত এজন দানী পুৰুষ হিচাপে নিজকে উপস্থাপন কৰিছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
এনে কেলেংকাৰীৰ পৰিণতি আৰ্থিক লোকচানৰ বাহিৰলৈকে বিস্তৃত হৈ পৰে। ভুক্তভোগীয়ে প্ৰায়ে আৱেগিক দুখৰ সন্মুখীন হয়। তেওঁলোকে প্ৰতাৰিত হোৱাৰ লাজ আৰু আঘাতৰ সৈতে গোটেই জীৱন যুঁজিবলগীয়া হয়। হেৰুওৱা ধনসমূহ উদ্ধাৰ কৰাটো এটা কঠিন কাম। গতিকে মানুহৰ মাজত সজাগতা আৰু শিক্ষাৰ জৰিয়তে এনে ধৰণৰ প্ৰতাৰণা প্ৰতিৰোধ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।
 
এই কেলেংকাৰীৰ ক্ৰমাৎ বৃদ্ধি পোৱা ঘটনাৰ প্ৰতি সঁহাৰি জনাই ছেবি (SEBI)য়ে বিনিয়োগকাৰীক সুৰক্ষা দিয়াৰ প্ৰচেষ্টা বৃদ্ধি কৰিছে। নিয়ন্ত্ৰণ সংস্থাটোৰ বহুমুখী পদ্ধতিৰ ভিতৰত আছে: 
 
নিয়ন্ত্ৰণ আৰু তত্বাৱধানঃ বজাৰৰ স্বচ্ছতা নিশ্চিত আৰু প্ৰৱঞ্চনামূলক কাৰ্যকলাপ লাঘৱ কৰিবলৈ ছেবিয়ে কঠোৰ নিয়ম আৰু নিৰ্দেশনা প্ৰণয়ন কৰে।
 
বিনিয়োগকাৰী সুৰক্ষা:
 
সজাগতা অভিযান আৰু অভিযোগ নিষ্পত্তি ব্যৱস্থাৰ জৰিয়তে ছেবিয়ে জনসাধাৰণক বেআইনী বিনিয়োগ আঁচনিৰ বিপদৰ বিষয়ে জ্ঞান দিয়ে। ইয়াৰ উপৰিও প্ৰৱঞ্চক দালালৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিবলৈ বিনিয়োগ সুৰক্ষা পুঁজি স্থাপন কৰা হৈছে।
 
বজাৰ চোৱাচিতাঃ
 
বাস্তৱ সময়ৰ নিৰীক্ষণ আৰু তথ্য বিশ্লেষণ ব্যৱহাৰ কৰি ছেবিয়ে সন্দেহজনক ব্যৱসায়িক কাৰ্য্যকলাপ চিনাক্ত কৰে, যাৰ ফলত সম্ভাৱ্য জালিয়াতি ৰোধ কৰিব পৰা যায়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
বলবৎকাৰী ব্যৱস্থাঃ
 
ছেবিয়ে জৰিমনা আৰু বজাৰ নিষেধাজ্ঞা আৰোপ কৰাকে ধৰি প্ৰৱঞ্চকৰ বিৰুদ্ধে পুংখানুপুংখ তদন্ত আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰে।
 
সহযোগিতামূলক ব্যৱস্থাঃ
 
সীমান্ত অতিক্ৰম কৰি হোৱা জালিয়াতিৰ মোকাবিলা আৰু ব্যাপক তদাৰকী নিশ্চিত কৰিবলৈ অন্যান্য নিয়ন্ত্ৰণকাৰী সংস্থা আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ সৈতে সমন্বয় স্থাপন কৰা।
 
প্ৰতিৰোধমূলক ব্যৱস্থাঃ বিনিয়োগকাৰীক সৱল কৰাঃ
 
এনে স্কিমৰ বলি হোৱাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সম্ভাৱ্য বিনিয়োগকাৰীসকলে তলৰ কথাখিনি মন কৰা উচিতঃ
 
১) নিজকে শিক্ষিত কৰক: ৰিটাৰ্ণ আৰু বিনিয়োগৰ দৰে মূল বিষয়মসূহ বুজি পালে সন্দেহজনক প্ৰস্তাৱ চিনাক্ত কৰাত সহায়ক হ’ব পাৰে। ভাৰত চৰকাৰৰ চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেলত উল্লেখ কৰা ধৰণে চাইবাৰ স্বেচ্ছাসেৱক (Cyber Volunteers) নিয়োজিত হোৱাটো সময়ৰ আহ্বান।
জনসাধাৰণে এই পৰ্টেলত থকা বিভিন্ন বহুমূলীয়া তথ্যসমূহ বিশদভাবে অধ্যয়ণ আৰু প্ৰচাৰ কৰা অতি জৰূৰী হৈ পৰিছে।
 
২) বৈধতা পৰীক্ষা কৰক: ছেবি আৰু আৰ বি আইৰ দৰে নিয়ন্ত্ৰণকাৰী সংস্থা থকা যিকোনো কোম্পানীৰ পঞ্জীয়ন আৰু প্ৰমাণপত্ৰ সদায় পৰীক্ষা কৰক।
 
৩) উচ্চ ৰিটাৰ্ণৰ ওপৰত সন্দেহ: কম ৰিস্কৰ সৈতে উচ্চ ৰিটাৰ্ণ সাধাৰণতে এক সন্দেহৰ বিষয়। প্ৰকৃত বিনিয়োগৰ সুযোগে কম সময়ৰ ভিতৰত অধিক লাভৰ সুবিধা প্ৰদান কৰাটো খুব কমেইহে দেখা যায়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
৪) পেছাদাৰী লোকৰ পৰামৰ্শ লওকঃ চাৰ্টিফাইড বিত্তীয় উপদেষ্টাৰ পৰামৰ্শ গ্ৰহণ কৰিলে ভল সিদ্ধান্ত লোৱাৰ পৰা বাচিব পাৰে।
 
৫. সন্দেহজনক স্কিমক চিনাক্ত কৰা:
 
হেঁচা দিয়াৰ কৌশল, অস্পষ্ট তথ্য, আৰু অধিক লাভৰ নিশ্চয়তাৰ পৰা সাৱধান হওক।
 
বিস্তৃত প্ৰভাৱঃ সমাজ আৰু সাংস্কৃতিক কাৰকসমূহ:
 
এই কেলেংকাৰীবোৰ কেৱল আৰ্থিক বিষয়ে নহয়; ইয়াৰ দ্বাৰা বিস্তৃত সমাজ আৰু সাংস্কৃতিক প্ৰত্যাহ্বানসমূহ প্ৰতিফলিত হয়:
 
১) বিত্তীয় সাক্ষৰতাৰ অভাৱঃ গ্ৰাম্য আৰু অৰ্ধনগৰ অঞ্চলত অপৰ্যাপ্ত বিত্তীয় শিক্ষাই ব্যক্তিক কেলেংকাৰীৰ সন্মুখীন হ’বলগীয়া কৰি তোলে।
 
২) সামূহিক বিনিয়োগ স্কিমৰ ওপৰত মানুহৰ আস্থাঃ কিছুমান বিশেষ অঞ্চলত কিছুমান সমূদায়ৰ দ্বাৰা পৰিচালিত বিনিয়োগক বিশ্বাস কৰাৰ সাংস্কৃতিক প্ৰৱণতাক প্ৰৱঞ্চকে সুযোগ হিচাপে গ্ৰহণ কৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
৩) অপৰ্যাপ্ত নিয়ন্ত্ৰণমূলক তদাৰকীঃ দ্ৰুত প্ৰযুক্তিগত উন্নতিয়ে প্ৰায়ে নিয়ন্ত্ৰণমূলক ব্যৱস্থাক গ্ৰাস কৰে, যিয়ে প্ৰৱঞ্চকসকলৰ পথ মুকলি কৰে। 
 
চৰকাৰ আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ ভূমিকা:
 
এই কেলেংকাৰীসমূহৰ বিৰুদ্ধে যুঁজিবলৈ একাধিক অংশীদাৰৰ একত্ৰিত প্ৰচেষ্টাৰ প্ৰয়োজন। যেনেঃ-
চৰকাৰী পদক্ষেপসমূহ: আইনী কাঠামো শক্তিশালী কৰা, সজাগতা অভিযান আৰম্ভ কৰা, আৰু বিত্তীয় নিয়ন্ত্ৰণ সংস্থাসমূহৰ সৈতে ঘনিষ্ঠ সহযোগিতা আগবঢ়োৱা।
 
শিক্ষানুষ্ঠানঃ পাঠ্যক্ৰমত বিত্তীয় সাক্ষৰতাক একত্ৰিত কৰা আৰু নাগৰিকসকলক নিৰাপদ বিনিয়োগৰ পদ্ধতিৰ বিষয়ে অৱগত কৰিবলৈ সমূহীয়া কৰ্মশালা অনুষ্ঠিত কৰা।
 
SEBI আৰু RBIৰ দৰে সংস্থাঃ নিৰন্তৰ নিৰীক্ষণ, সন্দেহজনক স্কিমৰ বিষয়ে ৰাজহুৱা সতৰ্কবাণী, আৰু সুৰুঙা তথা দূৰ্বলতা বন্ধ কৰিবলৈ সক্ৰিয় নিয়ন্ত্ৰণমূলক আপডেট।
 
প্ৰতিনিধিত্বমূলক ছবি
 
আগুৱাই যোৱাৰ পথ: এটা শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলা:
 
অসমৰ হাজাৰ হাজাৰ লোকে এই বিত্তীয় কেলেংকাৰিৰ ভয়বাহতাৰ সন্মুখীন হোৱাৰ সময়তে  অধিক ক্ষতি ৰোধৰ বাবে এক সামূহিক প্ৰচেষ্টা অতি প্ৰয়োজনীয় হৈ পৰিছে। বিত্তীয় সাক্ষৰতা বৃদ্ধি আৰু নিয়মসমূহ কঠোৰভাৱে বলবৎ কৰাটো নিশ্চিত কৰিলে বিনিয়োগৰ এক সুৰক্ষিত পৰিৱেশৰ সৃষ্টি হ’ব পাৰে। বিত্তীয় দিশবোৰ অৱগত হৈ থাকিলে বা সজাগ হৈ থাকিলে বিনিয়োগকাৰীসকলে এইধৰণৰ প্ৰৱঞ্চনামূলক শক্তিসমূহক পুলিতে মোহাৰি পেলোৱাত অৰিহণা যোগাব পাৰে।
 
অসমত বিনিয়োগ কেলেংকাৰীয়ে সজাগতা বৃদ্ধি আৰু কঠোৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। প্ৰৱঞ্চকসকলে ক্ৰমান্বয়ে অত্যাধুনিক কৌশল ব্যৱহাৰ কৰাৰ লগে লগে ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহে একত্ৰিত হৈ নাগৰিকৰ আৰ্থিক সুৰক্ষা নিশ্চিত কৰিব লাগিব। কেলেংকাৰীমুক্ত ভৱিষ্যতৰ যাত্ৰাত সতৰ্কতা, শিক্ষা আৰু নিয়ন্ত্ৰণমূলক সততাৰ প্ৰতি অটল প্ৰতিশ্ৰুতি জড়িত হৈ থাকে।
 
(লেখক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান; অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)