আতিৰ খান
যিহেতু গৰিষ্ঠ সংখ্যক ভাৰতীয় মুছলমানে তেওঁলোকৰ ধৰ্মৰ প্ৰতি এক আচাৰ-ব্যৱহাৰমূলক দৃষ্টিভংগী অৱলম্বন কৰি আহিছে আৰু ইছলামৰ প্ৰকৃত আদৰ্শৰ পৰা আঁতৰি আহিছে। সেয়েহে ইছলামিক পণ্ডিতসকলে সম্প্ৰদায়টোৰ ভিতৰত এক গুৰুতৰ আত্মনিৰীক্ষণৰ সময় হোৱা বুলি আহ্বান জনাইছে।
মুছলমানসকলৰ বাবে ইছলাম ধৰ্মৰ ধাৰণাটো মুখ্যতঃ ৰীতি-নীতিত সীমাবদ্ধ হৈ পৰিছে। উদাহৰণস্বৰূপে দৈনিক পাঁচবাৰকৈ নামাজ পঢ়া, ৰমজানৰ সময়ত ৰোজা ৰখা আৰু হজ যাত্ৰা কৰা। যদিও এই প্ৰথাবোৰ বাধ্যতামূলক, তথাপিও ইছলামৰ যি মূল আদৰ্শ -আল্লা আৰু তেওঁৰ বাৰ্তাবাহক হজৰত মহম্মদৰ ওপৰত বিশ্বাস ৰখাটো বৰ্তমান এক আনুষ্ঠানিকতালৈ পৰিণত হৈছে। এই আনুষ্ঠানিকতাত ইছলাম ধৰ্মৰ গভীৰ আদৰ্শৰ আৰু মূল্যবোধ বিচাৰি পোৱা নাযায়।
প্ৰতিনিধিত্বমূলক ছবি
এই পৰিৱৰ্তনৰ ফলত চৰিত্ৰ গঠন, ধৰ্মীয় সহনশীলতা, জ্ঞানৰ অন্বেষণৰ দৰে আদি মৌলিক ইছলামিক মূল্যবোধৰৰ অৱনতি ঘটিছে। আজি ইছলাম কেনেকৈ চলি আছে সেই কথা প্ৰত্যক্ষ কৰিলে হজৰত মহম্মদেও হতাশ হোৱাৰ সম্ভাৱনা আছে। মুছলমান সম্প্ৰদায়টোৱে মিজানৰ জ্ঞান হেৰুৱাই পেলাইছে- যি ইছলামৰ এক অন্তৰ্নিহিত ধাৰণা, যাৰ অৰ্থ হৈছে ভাৰসাম্য, ন্যায়, পৰিমাপ, আৰু সম্প্ৰীতি। এই জ্ঞানৰ মাত্ৰাৰ গুৰুত্ব কোৰাণৰ ৫৫ নং চুৰাত উল্লেখ কৰা হৈছে।
মুছলমানসকলে আধ্যাত্মিক, মানৱীয় আৰু বস্তুগত ভাৰসাম্যৰ অন্তৰ্নিহিত ত্ৰিধাৰাকো আওকাণ কৰিছে। এই ধাৰাটোৰ এটা চিন্তনীয় ফলাফল হ’ল বহু অমুছলমান সম্প্ৰদায়ে মুছলমানসকলক সহজভাৱে হিংসাত্মক বুলি ধৰি লয় আৰু তেওঁলোকৰ উত্থানে সমাজৰ সম্প্ৰীতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলিও বিশ্বাস কৰে। এই ধাৰণাটোক প্ৰায়ে ইছলামিক গোটসমূহে শক্তিশালী কৰি আহিছে, যিয়ে ইছলামক আক্ৰমণাত্মকতা আৰু একচেটিয়াতা দৃষ্টিভংগীৰে ব্যাখ্যা কৰে; তেওঁলোকৰ মাজত নিজৰ কাৰ্য্যক ন্যায্যতা প্ৰদান কৰিবলৈ কোৰাণ আৰু হাদীছৰ শিক্ষাক বিকৃত কৰাৰ প্ৰৱণতা থাকে। কিন্তু আমি সদায়ে এইটো কথা মনত ৰাখিব লাগিব যে, ভূল সদায়ে ভূল আৰু শুদ্ধ সদায়ে শুদ্ধ হৈ থাকিব।
এনে উগ্ৰবাদী ব্যাখ্যাই ধৰ্মীয় আধিপত্যক হিংসাৰ সৈতে তুলনা কৰে, যাৰ ফলত মুছলমান সম্প্ৰদায়ে তেওঁলোকৰ মতাদৰ্শক সমৰ্থন কৰে বুলি ভুল ধাৰণা গঢ়ি উঠিছে। ইয়াৰ ফলত বিশ্বজুৰি নিৰীহ মুছলমানসকলক দুখ-কষ্ট আৰু ভুক্তভোগীৰ চক্ৰত আবদ্ধ কৰি ৰাখিছে। বাস্তৱত গৰিষ্ঠ সংখ্যক মুছলমানেই উগ্ৰপন্থী নহয়; তেওঁলোকে এই ক্ষতিকাৰক আখ্যানবোৰ নাকচ কৰি আহিছে। ইছলামক প্ৰতিনিধিত্ব কৰা বুলি মিছাকৈ দাবী কৰাসকলে সংঘটিত কৰা সন্ত্ৰাসবাদৰ পৰিণতিৰ সৈতে মুছলমান সম্প্ৰদায়ে সদায় যুঁজি আহিছে। তদুপৰি কিছুমান উগ্ৰপন্থীয়ে তেওঁলোকৰ মতামতৰ বিৰোধিতাক মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ হিচাপে ৰুপায়ণ কৰিছে, তেওঁলোকে এইটো স্বীকাৰ কৰাত ব্যৰ্থ যে, আজিৰ আন্তঃসংযোগী বিশ্বত তথ্য দ্ৰুত আৰু স্বচ্ছভাৱে বিয়পি পৰে, আৰু যিকোনো ষড়যন্ত্ৰ বেছি দিনলৈ গোপন হৈ নাথাকে।
প্ৰতিনিধিত্বমূলক ছবি
ফলস্বৰূপে, এই গোটবোৰে প্ৰচাৰ কৰা প্ৰতিক্ৰিয়াশীল বক্তৃতাই বহুতো অ-মুছলমানক বিশ্বাস কৰিবলৈ বাধ্য কৰাইছে যে মুছলমানসকলক তেওঁলোকৰ 'আক্ৰমণাত্মক' বিশ্বাসৰ পৰা আঁতৰাই ৰাখিলে মানৱজাতিক আৰু অধিক ভালদৰে সেৱা আগবঢ়াব পাৰিব। এই অনুভূতি আন্তৰ্জাতিক আলোচনাত ক্ৰমান্বয়ে প্ৰতিধ্বনিত হৈ আহিছে আৰু যাক উপেক্ষা কৰিব নোৱাৰি।
ভৱিষ্যদ্বাণীমূলকভাৱে হজৰত মহম্মদে এনে এটা পৰিস্থিতিৰ বিষয়ে সকলোকে সতৰ্ক কৰি দিছিল, যেতিয়া মুছলমানসকল "সাগৰৰ সাধাৰনৰ ফেন-ফুটুকাৰ"ৰ দৰে হ'ব, যিয়ে তেওঁলোকৰ মূল্য আৰু প্ৰভাৱ হেৰুৱাৰ ইংগিত দিব। এই অৱনতি তেতিয়া ঘটিব, যেতিয়া ব্যক্তিসকলে লৌকিক সম্পত্তিৰ প্ৰতি অত্যধিক আকৰ্ষিত হয় আৰু নিজৰ পাপৰ পৰিণতিৰ বাবে মৃত্যুৰ বাবে ভয় কৰে। আজি সমাজে প্ৰায়ে উচ্চ নৈতিক চৰিত্ৰৰ ব্যক্তিক তুচ্ছ জ্ঞান কৰে। পূৰ্বৰ যুগৰ দৰে, য’ত এনে ব্যক্তিক তেওঁলোকৰ বস্তুগত মৰ্যাদা নিৰ্বিশেষে শ্ৰদ্ধা কৰা হৈছিল। বৰ্তমান চৰিত্ৰত প্ৰায়ে ধন-সম্পত্তি আৰু প্ৰভাৱৰ ছাঁ পৰে। চোহবাট (ভাল সংগৰ)ৰ ধাৰণাটো অপ্ৰয়োজনীয় হৈ পৰিছে।
যদি মুছলমানসকলে "সাগৰৰ সাধাৰন ফেন-ফুটুকা"ত পৰিণত হোৱাৰ পৰা আঁতৰি আহিব বিচাৰে, তেন্তে তেওঁলোকে গভীৰ আত্মনিৰীক্ষণত লিপ্ত হ'ব লাগিব আৰু অৰ্থপূৰ্ণ সংস্কাৰ বিচাৰিব লাগিব, যিয়ে মক্কাত হজৰত মহম্মদৰ পৰিৱৰ্তনশীল নেতৃত্বৰ কথা মনত পেলায়। আন্তৰিক মুছলমানসকলে বৰ্তমান এক অসহায় অনুভূতিৰ সন্মুখীন হৈছে, কিয়নো তেওঁলোকৰ কণ্ঠ প্ৰায়ে নুশুনা হৈ গৈছে। কিন্তু বিশ্বব্যাপী মুছলমান সম্প্ৰদায়ৰ ভিতৰত এক উপলব্ধি বাঢ়ি আহিছে যে, ইছলামৰ প্ৰকৃত বিশ্বাসৰ সৈতে মিলি যাবলৈ সংস্কাৰৰ প্ৰয়োজন।
প্ৰতিনিধিত্বমূলক ছবি
মহম্মদ আল ইছা, জাভেদ আহমদ গামদী, শ্বেইখ হামজা ইউছুফ, শ্বেইখ আব্দাল হাকিম মুৰাদ, ছেইয়দ হোছেইন নাছৰ, আহমেদ পল কিলাৰৰ দৰে বিশিষ্ট পণ্ডিতসকলে তেওঁলোকৰ বক্তৃতাৰ জৰিয়তে মুছলমানসকলে অনুসৰণ কৰিব পৰাকৈ এক উপযুক্ত আখ্যান সৃষ্টি কৰিছে, যিটো সত্যৰ সৈতে মিলে আৰু ইছলামৰ সাৰমৰ্ম আৰু সমসাময়িক বিশ্বত ই আটাইতকৈ উপযুক্ত। ভাৰতীয় পণ্ডিত চৈয়দ আমিৰ আলীয়ে এখন যথেষ্ট আলোকিত গ্ৰন্থ 'The Spirit of Islam' লিখিছিল। দুৰ্ভাগ্যজনকভাৱে বৰ্তমান এনে পণ্ডিতৰ অভাৱ ঘটিছে। আজি ভাৰতীয় ইছলামিক পণ্ডিতসকলৰ মাজত হয় ৰাজনৈতিক বা নহয় আচাৰ-ব্যৱহাৰৰ প্ৰৱণতা দেখা যায়, ভাৰতীয় মুছলমানসকলক অৰ্থপূৰ্ণ বক্তৃতাৰ দিশত পথ প্ৰদৰ্শন কৰাত তেওঁলোক ব্যৰ্থ।
ইয়াৰ সমাধানৰ বাবে শিক্ষা ব্যৱস্থাৰ পৰা পৰিৱৰ্তন আৰম্ভ হ’ব লাগিব। সমসাময়িক প্ৰয়োজন পূৰণ আৰু সমালোচনাত্মক চিন্তাধাৰাক প্ৰসাৰিত কৰিব পৰাকৈ ইয়াক প্ৰস্তুত কৰিব লাগিব। ভাৰতত বেছিভাগ মুছলমান শিক্ষানুষ্ঠানসমূহে হয় বিশুদ্ধ ধৰ্মীয় পাঠ্যক্ৰম অনুসৰণ কৰে নহয় অত্যাধিক আওপুৰণি পশ্চিমীয়া আৰ্হিৰ ওপৰত নিৰ্ভৰশীল, তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক চাকৰিৰ বাবে প্ৰস্তুত নকৰে। উদাহৰণস্বৰূপে, যদি আপুনি মাদ্ৰাছাৰ এজন ছাত্ৰক সুধে যে তেওঁ তাত কিয় পঢ়ি আছে, তেন্তে তেওঁৰ সম্ভাৱ্য উত্তৰ হ’ব যে, তেওঁ আল্লাহক সন্তুষ্ট কৰিবলৈ ইয়াত পঢ়ি আছে। যদি আপুনি অধিক অনুসন্ধান কৰে, তেন্তে তেওঁলোকে ইছলামিক শিক্ষাৰ বিষয়ে তেওঁলোকৰ বুজাবুজিক স্পষ্ট কৰিবলৈ সংগ্ৰাম কৰিব।
ইয়াৰ বিপৰীতে পশ্চিমীয়া শৈলীৰ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে প্ৰায়ে উন্নত জীৱনৰ আকাংক্ষাৰ দ্বাৰা প্ৰেৰিত হয়, তথাপিও পুৰণি পাঠ্যক্ৰমৰ বাবে তেওঁলোকৰ নিয়োগযোগ্যতাৰ বাবে প্ৰয়োজনীয় দক্ষতাৰ অভাৱ হ’ব পাৰে। অৰ্থপূৰ্ণ পৰিৱৰ্তনৰ বাবে ভাৰতীয় মুছলমানসকলে তেওঁলোকৰ বিশ্বাসৰ পৰা ক্ৰমাৎ বিচ্ছিন্নতাক স্বীকাৰ কৰিব লাগিব। তেওঁলোকে আন্তৰিকতাৰে উপাসনাত লিপ্ত হ’ব লাগে, যেনে- দুই ৰাকাত নমাজ পঢ়া আৰু আল্লাহৰ ওচৰত ক্ষমা বিচৰা। কিন্তু পাহৰি যোৱা উচিত নহয় যে, কেৱল আচাৰ-ব্যৱহাৰৰ প্ৰথা পৰ্যাপ্ত নহয়; ইছলামৰ প্ৰকৃত আনুগত্যৰ বাবে আত্মতুষ্টিৰ বাহিৰলৈ যোৱা আৰু চৰিত্ৰ বিকাশৰ প্ৰতি দায়বদ্ধ হোৱাটোও অতিকে প্ৰয়োজন, গুণগত শিক্ষাই ইয়াৰ মূল হিচাপে কাম কৰে।
প্ৰতিনিধিত্বমূলক ছবি
বৰ্তমান ভাৰতীয় মুছলমান সম্প্ৰদায়ে এক দোমোজাত উপনীত হৈছে। তেওঁলোকৰ বিশ্বাস আৰু সমাজৰ অৱস্থানক পুনৰুজ্জীৱিত কৰিবলৈ তেওঁলোকে আত্মনিৰীক্ষণ কৰিবই লাগিব, সমালোচনাত্মক চিন্তাধাৰাক পুষ্ট কৰা শিক্ষা গ্ৰহণ কৰিব লাগিব আৰু ইছলামৰ নীতিসমূহক তেওঁলোকৰ দৈনন্দিন জীৱনত মূৰ্ত কৰি তুলিবলৈ চেষ্টা কৰিব লাগিব। এই সচেতন প্ৰচেষ্টাৰ জৰিয়তেহে তেওঁলোকে নিজৰ আখ্যান সলনি কৰি নিজৰ চৌদিশৰ জগতখনলৈ ইতিবাচক অৰিহণা যোগোৱাৰ আশা কৰিব পাৰে।