স্বপ্না দাস
দেশে স্বাধীনতা লাভৰ গৌৰৱৰ মুহূৰ্তক আৰু স্বৰাজ আন্দোলনৰ সেনানীসকলৰ স্বদেশপ্রীতি ত্যাগ আৰু আত্মবলিদানৰ দৰে মহৎ কাৰ্যক সুঁৱৰি দশক দশক ধৰি ব্যতিক্রম পন্থাৰে আমাৰ অসমৰে এঠাইত প্রচলিত হৈ আহিছে এলানি নাওখেলৰ পৰম্পৰা। স্বাধীনতাৰ পূৰ্বৰ পৰা আজিলৈকে চলি অহা সেই পৰম্পৰা ১৯৪৮ চনৰ পৰা দেশৰ স্বাধীনতা আৰু স্বৰাজ আন্দোলনৰ সেনানীক স্মৰণৰ উদ্দেশ্যে আয়োজিত হৈ আহিছে।
বৰপেটা জিলাৰ পূব প্ৰান্তৰ খিলঞ্জীয়া মুছলমান অধ্যুষিত ঐতিহাসিক চেঙাত এইদৰে ব্যতিক্রম পন্থাৰে নাওখেলৰ আয়োজন কৰি দেশৰ স্বাধীনতা দিৱসৰ সোঁৱৰণ কৰি আহিছে। স্বাধীনতা আন্দোলনৰ সেনানীৰ ত্যাগকো সশ্রদ্ধ স্মৰণ কৰি অহা হৈছে ব্যতিক্রম পন্থাৰে আৰু আশাব্যঞ্জকভারে। আদিতে পৃথিৱীৰ জলভাগত যাতায়াতৰ বাবে নাও আছিল একমাত্র যাতায়াত ব্যৱস্থা। সাধাৰণতে নৈপৰীয়া, চৰ-চাপৰি অঞ্চলৰ জনজীৱন আৰু নাৱৰ এক বিশেষ একাত্মতা গঢ়ি উঠে।
তেনে একাত্মতাক কেন্দ্ৰ কৰিয়ে যাতায়াতৰ বাবে ব্যৱহৃত নাওখনক লৈও যেন আনন্দৰ খোৰাক বিচাৰি লয় নৈপৰীয়া আৰু চৰাঞ্চলৰ জনসাধাৰণে। নদীমাতৃক দেশ হোৱা হেতুকে অসমতো অন্যান্য বিভিন্ন খেলৰ লগতে নাওখেলেও এক সুকীয়া স্থান দখল কৰি আহিছে। অসমৰ নৈপৰীয়া প্ৰান্তৰ চৰ-চাপৰি অঞ্চলতো নাওখেল বৰ জনপ্রিয়। চৰবাসী জনসাধাৰণে এই খেলত ভাগ লৈ ইয়াৰ জৰিয়তে দেহ-মনৰ উৎকৰ্ষ সাধন কৰি উৎফুল্লিত হৈ আহিছে অতীজৰে পৰা।
নাওখেলৰ দৃশ্য
আকৃতি-প্রকৃতি আৰু ব্যৱহাৰৰ ভিত্তিত ভিন্ন প্ৰকাৰৰ ভিন্ন নামৰ নাও আছে। তাৰ ভিতৰত 'খেল নাও' বা 'বাইচেৰ নাও' প্রধানকৈ নাওখেলৰ বাবে ব্যৱহৃত হয়। চৰাঞ্চলত বাইচেৰ নাও হিচাপে পৰিচিত নাও দেখিবলৈ পাতল, লাহী, ফুল কটা ৰং- চঙীয়াকৈ সজাই-পৰাই তোলা হয়। প্রায় চল্লিশৰ পৰা নৱৈ ফুটমান দৈৰ্ঘ্যৰ, কিন্তু কম প্রস্থযুক্ত এনে নাৱৰ গোটা জোঙা আকৃতিৰ টিং দুটা ছয়ৰ পৰা দহ ফুটমান দীঘল। এই নাও কেৱল খেলতহে ব্যৱহাৰ হয়।
সুখৰ বিষয় যে ১৯৩৫ চনৰ পৰাই চেঙা নামৰ মুছলমানধর্মী লোকেৰে অধ্যুষিত গাঁওখনত চলি অহা নাওখেল প্রতিযোগিতা ১৯৪৮ চনৰ পৰা আয়োজিত হৈ আছে দেশৰ স্বাধীনতাক সুঁৱৰি স্বৰাজ আন্দোলনৰ সেনানীক সশ্রদ্ধ স্মৰণ কৰাৰ উদ্দেশ্যে। চেঙাৰ লগতে সমগ্ৰ বৰপেটা জিলাৰ ঐতিহ্য বহন কৰি অহা এই নাওখেল প্রতিযোগিতা ২০১৬ চনৰ পৰা চেঙা আঞ্চলিক উদীয়মান যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হৈ আহিছে। ইয়াৰ পূৰ্বে ১৯৩৫ চনৰ পৰা ২০১৫ চনলৈকে চাউলখোৱা নৈত পৰম্পৰাগত প্রতিযোগিমূলক নাওখেলৰ অনুষ্ঠানটো বৰপেটা জিলাৰ চেঙা মুছলমান গাঁও উন্নয়ন সমিতিৰ তত্ত্বাৱধানত অনুষ্ঠিত হৈছিল।
এদিনীয়াকৈ ৰাজ্যিক ভিত্তিত আয়োজিত নাওখেলৰ প্ৰতিযোগিতা চাবলৈ অহা বিভিন্ন জাতি, উপ-জাতি, বিভিন্ন সম্প্ৰদায়ৰ হেজাৰ হেজাৰ লোকেৰে লোকাৰণ্য হৈ পৰে চেঙাৰ চাউলখোৱাপাৰ। সমন্বয়ৰ বাহক ৰূপে পৰিগণিত চেঙা মুছলমান গাঁৱৰ এই নাওখেলে সম্প্রীতিৰ মিলনভূতিত পৰিণত কৰে চাউলখোৱা নৈৰ দুয়োপাৰ।
নাওখেলত অংশগ্ৰহণ কৰা খেলুৱৈসকল
ডাঙৰ আৰু সৰু দুটা শাখাত অনুষ্ঠিত এই নাওখেল প্রতিযোগিতাৰ ডাঙৰ নাওবোৰ ৬০ ৰ পৰা ৭০ হাত দীঘল হয়, য'ত ৫৫ ৰ পৰা ৬০ গৰাকীলৈ 'বাইচা' থাকে। আনহাতে ত্রিশৰ পৰা ৪৫ হাত দৈৰ্ঘ্যৰ সৰু নাওবোৰত ২২ৰ পৰা ২৭ গৰাকীলৈ 'বাইচা' থাকে।
স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি চেঙা মুছলমান গাঁৱত আয়োজিত হৈ অহা নাওখেল প্রতিযোগিতা অনুষ্ঠিত হয় দুটা শাখাত- সৰু আৰু ডাঙৰ নাৱৰ দুটা পৃথক শাখাত। দুয়োটা শাখাতে প্রথম আৰু দ্বিতীয় বিজয়ী দলক নগদ ধনৰ লগতে একোটাকৈ ট্রফীৰেও পুৰস্কৃত কৰা হয়। এই নাওখেল প্রতিযোগিতাৰ প্ৰতিযোগীসকলক অধিক কর্মোদ্যমেৰে লক্ষ্যপ্রাপ্তি কৰাৰ উদ্দেশ্যে উৎসাহিত কৰিবলৈ বিভিন্ন নাওখেলৰ গীত গোৱা হয়।
চেঙা মুছলমান গাঁৱত স্বাধীনতা দিৱস উপলক্ষে ব্যতিক্রম পন্থাৰে আয়োজিত নাওখেল চাবলৈ ৬০-৮০ হেজাৰৰো অধিক লোকৰ বছৰি সমাগম হয়। পূর্বে প্রতিযোগিতাখন ১৬ আগষ্টত অনুষ্ঠিত হৈছিল। কিন্তু সম্প্রতি ১৫ আগষ্টৰ আগেয়ে অনুষ্ঠিত হয় যদিও প্রতিযোগিতাখন আয়োজিত হৈ আহিছে স্বাধীনতা লাভৰ গৌৰৱৰ মুহূৰ্তক আৰু স্বৰাজ আন্দোলনৰ সেনানীসকলৰ স্বদেশপ্রীতি, ত্যাগ আৰু আত্মবলিদানৰ দৰে মহৎ কাৰ্যক সুঁৱৰি। স্থানীয় আফতাৰ আলী প্রভৃতিৰ চিন্তাৰ ফলত ১৯৩৫ চনৰ পৰা চেঙা মুছলমান গাঁৱত চলি অহা নাওখেল প্রতিযোগিতা নিশ্চয়কৈ স্বাধীনতা দিৱস উপলক্ষে এক ব্যতিক্রমী পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰ'ব।
ৰাজ্যৰ বিভিন্ন প্রান্তত নাওখেলৰ প্রচলন পৰিলক্ষিত হয় যদিও চেঙাৰ দৰে ধৰ্মীয় সংঘ্যালঘু অধ্যুষিত গাঁৱত ভাৰতৰ স্বাধীনতা আৰু স্বৰাজ আন্দোলনৰ সেনানীক স্মৰণৰ উদ্দেশ্যে নাওখেলৰ আয়োজন কেৱল এক ব্যতিক্রমী পদক্ষেপেই নহয়, এয়া দেশপ্রীতিৰো অনন্য নিদর্শন।