পুলিন ডেকা
"When I read the 'Bhagavad-Gita', I ask myself how God created the 'Universe'. Everything else appears to be superfluous"-- Albert Einstein.
গীতাত ভগৱান শ্রীকৃষ্ণৰ বাণীসমূহে যুগে যুগে মানুহক জীৱন চৰ্চাৰ সমল যোগায় আহিছে। এই গীতাত সত্য, প্রেম, অহিংসা, দয়া, ক্ষমা, ধৈর্য্য, পৰোপকাৰ, মানৱ-প্রেম, জীৱ-প্রেম, সমভাৱ, সহিষ্ণুতা, সাম্য-মৈত্রী, নিঃস্বার্থতা, সাধুতা, উদাৰতা, লোভ-অহঙ্কাৰ-হিংসা-দ্বেষৰ ত্যাগ, বিনম্রতা, বিশ্বভাতৃত্ব, বিশ্বাত্মাবোধ, আধ্যাত্মিক উৎকৰ্ষতা, নীত-সদাচাৰ ইত্যাদি বিষয়সমূহ অতি মনোজ্ঞভাৱে ভগৱান শ্রীকৃষ্ণৰ মুখেৰে নিৰ্গত হৈছে।
মানুহৰ দোদুল্যমান মানসিক অৱস্থাৰ সমাধানকল্পে মনস্তাত্বিক বিশ্লেষণ কৰি অধিবিজ্ঞানৰ আলম লৈ গীতাত অজস্র জাগতিক সমস্যাৰ বিষয়ে আলোচনা কৰা হৈছে। এক পৰম বা সর্বশক্তিমান 'বিশ্বাসযোগ্য' শক্তিৰ ওপৰত ভৰসা কৰি মনৰ সন্দেহ অথবা অনির্ণেয় অৱস্থা শেষ কৰিবলৈ বিচৰা হৈছে। গীতাত জগতৰ কল্যাণৰ বাবে কৰ্মত প্রবৃত্ত হৈ সকলোকে সমদৃষ্টিৰে চাই জীৱন পথত আগুৱাবলৈ বাৰম্বাৰ উপদেশ দিয়া হৈছে। কোৱা হৈছে যে, কৰ্মতহে জীৱৰ অধিকাৰ থাকে। সেই কৰ্মৰ ফলাফলত জীৱৰ অধিকাৰ নাথাকে। গতিকে অতি আন্তৰিকতাৰে নিজৰ সৰ্ব্বোচ্চ দক্ষতাৰে কৰ্ম কৰাৰ পিছতো ফলৰ আকাংক্ষা নকৰিবলৈ গীতাত বাৰম্বাৰ কোৱা হৈছে।
হিন্দু-মুছলমানৰ মাজত ভাতৃত্ববোধ
ভাগৱত শাস্ত্ৰত কৃষ্ণই একমাত্র আত্ম-পৰমাত্মা, তেৱেঁই আনন্দ স্বৰূপ, ৰস স্বৰূপ। কৃষ্ণ সংস্কৃতি মানৱ জীৱনৰ পোহৰ আৰু সৌন্দৰ্য্য। কৃষ্ণ নামৰ ঠাইত সংস্কৃতিৰ নাম বিচাৰি পোৱা যায় বুলি উল্লেখ কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল - "শ্রীমন্ত শঙ্কৰে দিয়া সংস্কৃতিৰ নাম হৈছে 'কৃষ্ণ'। 'কৃষ্ণ' শব্দৰ বৈয়াকৰণিক অর্থ হৈছে 'সংস্কৃতি'। আজি আমি ভাৰতীয়ই, ইউৰোপীয়ই, মঙ্গোলীয়ই, গণতান্ত্রিকে, জনতান্ত্রিকে যাক সংস্কৃতি বুলি কওঁ - পুৰণি ভাৰতত থকা হিন্দু সংস্কৃতি গঢ়া আৰু সেইমতে চলা ভাৰতৰ মানুহখিনিয়ে সংস্কৃতিক কৃষ্ণ বুলি নাম দিছিল আৰু কৃষ্ণ বুলি উপাসনা পূজা আৰু কৃষ্ণই দেখুওৱা আদর্শ মতে মানৱ জীৱনত আগবাঢ়িছিল। ভাৰতত সত্য, ত্রেতা যুগ পাৰ হৈ দ্বাপৰত আহি ভাৰতীয় সংস্কৃতিয়ে যি ৰূপ ধৰিলে সেই ৰূপটোৱেই হৈছে কৃষ্ণ।"
সনাতন তত্ত্ব জ্ঞানৰ আধাৰ গীতা হৈছে ভাৰতীয় জ্ঞান পৰম্পৰাৰ বাহক। শ্রীকৃষ্ণ হৈছে বিশ্ববন্দিত শ্রেষ্ঠ গুৰু। ধর্ম, অর্থ, কাম, মোক্ষৰ চিৰপ্ৰৱাহমান ভাৰতীয় চেতনাস্রোত শ্ৰীকৃষ্ণৰ দৰ্শনৰ মাজেৰে প্ৰতিফলিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তিবাদৰ প্ৰকাশ আছিল শ্রীকৃষ্ণ
সেৱা, শ্রীকৃষ্ণ চিন্তা।
ইছলাম ধৰ্মৰ মূল আধাৰ গ্ৰন্থ কোৰাণৰ মাজেৰে আল্লা বিশ্বাসৰ ওপৰত যিদৰে গুৰুত্ব দিয়া হৈছে ঠিক একেদৰে নৈতিক জীৱন-যাপন, শৃংখলাবদ্ধ সামাজিক জীৱনধাৰা আৰু শক্তিশালী আধ্যাত্মিক জীৱন-যাপনৰো বিধান দিয়া হৈছে। দয়া-মমতা, উদাৰতাৰ বাণীৰে সমৃদ্ধ কোৰাণত আল্লাৰ বাণীৰূপে হজৰত মহম্মদৰ মুখেৰে নিঃসৃত কথাবোৰে মানুহক মানৱতাৰ আধাৰত আগুৱাই যোৱাৰ বাবে সাহস আৰু প্ৰেৰণা যোগাইছে। কোৰাণত কোৱা হৈছে যে, পৃথিৱীৰ সকলো মানুহ একে জাতিভুক্ত। কোৰাণত আল্লাৰ উল্লেখৰে কোৱা হৈছে যে মানৱ সমাজক বিভিন্ন জাতি আৰু সম্প্রদায়ক বিভক্ত কৰা হৈছে যাতে পৰস্পৰে পৰস্পৰক জনাৰ সুযোগ লাভ কৰে।
প্ৰতিনিধিত্বমূলক ছবি
বিশিষ্ট সাহিত্যিক ইছমাইল হোছেইনে ইছলাম ধৰ্মত মানৱতাবাদী চিন্তা শীর্ষক এক নিবন্ধত কোৰাণৰ ১০৯ নং ছুৰা (অধ্যায়ত) প্রসংগ আলোচনা কৰি কৈছে-"কোৱা অবিশ্বাসীসকলক, আমি তোমালোকৰ পদ্ধতি মতে উপাসনা নকৰোঁ; তোমালোকেও আমাৰ পদ্ধতিত উপাসনা নকৰা। আমি তোমালোকৰ উপাস্যৰ উপাসনা নকৰোঁ; তোমালোকেও আমাৰ উপাস্যৰ উপাসনা নকৰা। তোমাৰ বাবে তোমাৰ ধৰ্ম; মোৰ বাবে মোৰ ধৰ্ম। এই ছুৰাটোৰ মাজেৰে নিশ্চিতভাৱে পৰধৰ্মৰ প্ৰতি শ্ৰদ্ধা আৰু সহনশীলতা প্রকাশ পাইছে। ধৰ্মৰ নামত হিংসা-দ্বেষৰ বিপৰীতে ছুৰা কাফেৰুনে ধর্মীয় স্বাধীনতাক স্বীকাৰ কৰিছে। আনকি ধৰ্মত অবিশ্বাসী বা নাস্তিক সকলৰ প্ৰতিও সদ্ব্যৱহাৰ কৰিবলৈ হজৰত মহম্মদে নির্দেশ দিছে।"
তেওঁ পুনৰ আলোচনা কৰি কৈছে- "কোৰাণৰ ৪নং ছুৰা 'আন-নিছা'ৰ ৩ আৰু ৭৫ নং আয়াততো যুদ্ধ আৰু শান্তিৰ কথা ক'বলৈ গৈ মানৱীয় দিশটোত গুৰুত্ব প্ৰদান কৰা হৈছে। ৩নং আয়াতত কোনো ব্যক্তিৰ যুদ্ধত মৃত্যু হ'লে তেওঁলোকৰ সন্তান সকলৰ স্বাৰ্থত বিধৱা পত্নীক স্ত্ৰীৰূপে গ্ৰহণ কৰাৰ কথা কোৱা হৈছে। তেনে স্ত্ৰীৰ সংখ্যা তেতিয়াৰ দিনত অর্থাৎ সপ্তম শতিকাৰ আৰৱত চাৰিগৰাকী বান্ধি দিয়া হৈছিল। ইছলামৰ যুদ্ধ নীতিৰ উদ্দেশ্যই আছিল শান্তি, ধর্মনিষ্ঠা আৰু আল্লাৰ বিধি-নিয়ম প্রতিষ্ঠাৰ হকে সংগ্ৰাম কৰা। সেয়ে বিধর্মী বা অবিশ্বাসী সকলৰ সৈতে সপ্তম শতিকাৰ আৰৱৰ ইছলামধৰ্মী সকলে যুদ্ধ কৰাটো আত্মৰক্ষাৰ এটা উপায় আছিল। যুদ্ধত প্রাণহানি হ'লেও তাক আল্লাৰ নামত উৎসর্গিত জীৱন বুলি বিশ্বাস কৰা হৈছিল। আনহাতে শত্রুপক্ষ নিধন হ'লে তাক প্ৰতিৰক্ষাৰ বাবে আল্লাৰ নিৰ্দেশ পালন কৰা বুলি ধৰা হৈছিল।"
হিন্দু-মুছলমানৰ মাজত ভাতৃত্ববোধ
কোৰাণত এই কথাও ব্যক্ত কৰিছে যে মানুহক পৃথিৱীৰ খলিফা হিচাবে নিযুক্ত কৰাৰ সময়ত আল্লাহতাআলাই স্পষ্টভাৱে জনাই দিছে যে, সমগ্র বিশ্ব-ব্রহ্মাণ্ডৰ মালিক, উপাস্য আৰু বিধানদাতা ময়েই। মোৰ এই ৰাজ্যত তোমালোক স্বাধীন আৰু স্বেচ্ছাচাৰী হ'ব নোৱাৰা আৰু তোমালোকে কাৰো দাসত্ব, ইবাদত, বন্দেগী কৰিব নোৱাৰা আৰু আনৰ পৰাও দাসত্ব, ইবাদত, বন্দেগী পোৱাৰ অধিকাৰী হ'ব নোৱাৰা। তোমালোকৰ এই পাৰ্থিৱ জীৱন সীমাৱদ্ধ স্বাধীনতা আৰু ক্ষমতা-সম্বলিত জীৱন; প্ৰকৃততে তোমালোকৰ এই জীৱন পৰীক্ষাধীন মাত্ৰ। জীৱনৰ অন্তত তোমালোকে মোৰ পিনে প্ৰত্যাৱৰ্তন কৰিব লাগিব। অৱশেষত মই তোমালোকৰ পাৰ্থিৱ জীৱনৰ সকলো কৃতকৰ্মৰ বিচাৰ কৰি কোন সফল আৰু কোন বিফল হ'বা তাৰ চূড়ান্ত ফয়চলা শুনাই দিম। তোমালোকৰ বাবে নির্ভুল আৰু সঠিক চিন্তাধাৰা আৰু কৰ্ম পদ্ধতি এয়ে যে, তোমালোকে মোকেই একমাত্র মা'বুদ (উপাস্য) আৰু বিধানদাতা হিচাবে স্বীকাৰ কৰি ল'বা আৰু মোৰ বিধান অনুযায়ী সকলো কাম সম্পন্ন কৰিবা আৰু পৃথিৱীখনক তোমালোকৰ বাবে পৰীক্ষা ক্ষেত্ৰ বুলি ধৰি ল'বা আৰু বিচাৰৰ দিনা যেন তোমালোকে সগৌৰৱে উত্তীৰ্ণ হ'ব পাৰা, এই লক্ষ আৰু উদ্দেশ্য লৈয়ে তোমালোকে দুনিয়াত জীৱন যাপন কৰিবা। ইয়াৰ বাহিৰে অন্যান্য সকলো আচৰণেই তোমালোকৰ পক্ষে মাৰাত্মক ভুল আৰু ক্ষতিকৰ। মই নিৰ্ধাৰণ কৰি দিয়া পন্থা অৱলম্বন কৰি চলিলে তোমালোকে দুনিয়াতো সুফল পাবা আৰু পৰকালতো কৃতকাৰ্য হৈ চিৰ সুখময় জান্নাতত প্ৰৱেশ কবিব পাৰিবা। যদি তোমালোকে অন্য কোনো বিধান অৱলম্বন কৰা, তেনেহ'লে তোমালোক দুনিয়াতো বিফল হ'বা আৰু পৰকালতো জাহান্নামৰ চিৰ দুখময় গহবৰত নিপতিত হ'বা।
পৃথিৱীৰ প্ৰতিটো ধৰ্মই শান্তিপূর্ণ জীৱন-যাপন আৰু মানৱতাৰ বাণী বিলাই গৈছে। এই বাণীসমুহে আজিও মানুহক নৈতিকতা আৰু প্ৰমূল্যবোধেৰে আগুৱাই যোৱাৰ বাবে সাহস আৰু প্ৰেৰণা যোগায়। গীতাত ভগৱান শ্রীকৃষ্ণই যিদৰে মানৱ কল্যাণৰ অমুল্যবাণী প্রদান কৰি গৈছে ঠিক একেদৰে কোৰাণত সেই একে মানৱতাৰ প্ৰতিধ্বনি নিগৰি আহে। আমি এনে মানৱতাৰ বাণীৰে জীৱন পৰিচালিত কৰা উচিত।
(লেখক এজন তথ্য আৰু জনসম্পৰ্ক, অসম, বিভাগৰ উপ সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ জনসম্পৰক্ষী কোষৰ সৈতে সংসংলগ্ন।)