বুদ্ধদেৱৰ দৰ্শনৰ প্ৰাসংগিকতা

Story by  Pulin Deka | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
 পুলিন ডেকা
 
প্রাকৃতিক ঘটনাৱলী, সামাজিক মিলন, ব্যক্তিগত ভক্তিভাৱৰ পৰা নিঃসৃত সত্ত্বাটো হৈছে ধৰ্ম। ব্যক্তি জীৱনৰ নিৰাপত্তা, সুখ-দুখৰ অভিব্যক্তিৰ সৈতে, বিশেষকৈ সামাজিক শৃংখলাবোধৰ এক পৰিৱেশ নিৰ্মাণৰ বাবে মানুহে আধ্যাত্মিক জীৱন শৈলীৰে নিজকে আগুৱাই নিব বিচাৰে। ধৰ্মৰ বিষয়টো সাধাৰণতে মানুহে নিজৰ জীৱন আৰু মৃত্যুৰ পিছত তেওঁলোকৰ ভাগ্যৰ বিষয়ে চূড়ান্ত চিন্তাৰ সৈতে মোকাবিলা কৰা ধাৰণাৰ লগতো সম্পর্কিত কৰিব বিচাৰে। বহু পৰম্পৰাগত এই সম্পৰ্ক আৰু চিন্তাবোৰ দেৱতা বা আত্মাৰ সৈতে মানুহৰ সম্পৰ্ক বা মনোভাৱৰ ভিত্তিত প্ৰকাশ কৰা হয়। ধৰ্মৰ অধিক মানৱতাবাদী বা প্রকৃতিবাদী ৰূপত ইয়াক বহল মানৱ সম্প্রদায় বা প্রাকৃতিক জগতখনৰ সৈতে মানুহৰ সম্পৰ্ক বা মনোভাবৰ ভিত্তিত প্ৰকাশ কৰা হয়। 
 
বহু ধৰ্মত আধ্যাত্মিক গ্রন্থসমূহক ধ্রুপদী মর্যাদা থকা বুলি গণ্য কৰা হয়। মানুহক নৈতিকভাৱে আগুৱাই যোৱাৰ বাবে জ্ঞানৰ পৰিৱেশ নিৰ্মাণ কৰাৰো যুক্তি দিব বিচাৰে। ধৰ্ম বিশ্বাসী আৰু উপাসকসকলে প্রার্থনা, ধ্যান বা বিশেষ অনুষ্ঠানৰ দৰে ভক্তিমূলক বা চিন্তাশীল অনুশীলনত অংশ গ্ৰহণ কৰে। পূজা, নৈতিক আচৰণ, সঠিক বিশ্বাস, ধর্মীয় অনুষ্ঠানত অংশ গ্ৰহণ কৰা আজি ধৰ্মীয় জীৱনৰ গঠনমূলক উপাদানসমূহৰ অন্যতম। 
 
অৰুণাচল প্ৰদেশৰ বৌদ্ধ মন্দিৰৰ ভিতৰৰ এক দৃশ্য
 
ধৰ্ম হৈছে এক সুগভীৰ বিশ্বাস। সেইবাবে ধৰ্ম কেতিয়াৰে পৰা উৎপত্তি হৈছে সেই বিষয়টো থিৰাং কৰাটো সম্ভৱ নহয় যদিও মানুহে সামাজিক জীৱন ধাৰাৰে আগুৱাই যোৱাৰ লগে লগে এই বিষয়টোৱে মুখ্য স্থান লাভ কৰাটো নিশ্চিতভাৱে ক'ব পৰা যায়। সমাজখনত যেতিয়া বিশৃংখল পৰিৱেশৰ সূচনা হয়, নৈতিক মূল্যবোধৰ অৱক্ষয় হয়, হত্যা-হিংসা, স্বার্থপৰতাৰ পৰিৱেশ নিৰ্মাণ হয় আৰু মানৱীয় গুণৰাশিৰ পতন হয়, তেতিয়া একো একোগৰাকী মহাপুৰুষৰ আৰ্বিভাৱ হয়, যিয়ে সমাজখনত নতুন গতি প্ৰদান কৰে। যাক বহুল অৰ্থত ধৰ্মগুৰু হিচাপে আখ্যায়িত কৰা হয় ৷ তেনে এগৰাকী ধৰ্ম প্ৰৱৰ্তক আছিল ভগৱান বৌদ্ধ। গৌতম বুদ্ধৰ দৰ্শনসমূহে মানৱ জাতিক দিছে নতুন প্রতীতি, সমাজখনত আগুৱাই যোৱাৰ বাবে শক্তি।
 
বৌদ্ধ ধৰ্মৰ সমাজ বাস্তৱতা অর্থাৎ মানৱ জীৱন পৰিচালিত কৰাৰ তত্ত্বসমূহে দিকদর্শীৰ ৰূপত মানুহক সদায়ে অনুপ্রাণিত কৰি আহিছে। বুদ্ধই দেখুৱাই দিয়া দৰ্শন অনুসৰি জীৱন দুখেৰে ভৰা। এই দুখৰ কাৰণ আছে। এই দুখ নিৰ্বাপিত কৰাৰ উপাই হিচাপে বুদ্ধেদেৱে আঠটা গুণৰ পোষকতা কৰিছে। সঠিক দৃষ্টিভংগী, সঠিক সংকল্প বা আকাংক্ষা, সঠিক বাক্য, সঠিক কর্ম বা আচৰণ, সঠিক জীৱিকা, সঠিক প্রচেষ্টা, সঠিক মননশীলতা আৰু সঠিক একগ্ৰতাৰ কথা উল্লেখ কৰিছে। 
 
বুদ্ধ মন্দিৰৰ ভিতৰৰ দৃশ্য
 
আধুনিক জীৱনবোধত দুখ অন্যতম কাৰক হৈ পৰিছে। যান্ত্ৰিক জীৱনবোধে মানুহক নিঃসংগ কৰি তুলিছে। বিশেষকৈ অর্থনৈতিক আৰু সামাজিক পৰিঘটনাই দুখৰ পৰিমণ্ডল অধিক ব্যাপ্ত কৰি তুলিছে। দুখ মানুহৰ জীৱনৰ এক নেতিবাচক দিশ। ইয়াক সঠিক দিশেৰে মোকাবিলা কৰিব নোৱাৰিলে মানসিক জগতক প্ৰভাৱিত কৰে। দুখ মানুহৰ জীৱনৰ কিদৰে অন্তৰায় হ'ব পাৰে সেই কথা উপলব্ধি কৰি বুদ্ধদেৱে দি যোৱা মাৰ্গ দৰ্শনেৰে আগুৱাই যোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। 
 
বৌদ্ধ ধৰ্ম আৰু পশ্চিমীয়া মনোবিজ্ঞান তত্ত্ব সম্পৰ্কত নতুন দিশেৰে আলোচনা আৰম্ভ হৈছে। বিগত শতিকাত বৌদ্ধ ধৰ্ম আৰু আধুনিক পশ্চিমীয়া মনোবিজ্ঞানৰ বিভিন্ন শাখা যেনে পৰিঘটনা বিজ্ঞান, মনোবিশ্লেষণমূলক মনোচিকিৎসা, মানৱতাবাদী মনোবিজ্ঞান, জ্ঞানমূলক মনোবিজ্ঞান আৰু অস্তিত্ববাদী মনোবিজ্ঞান আদিৰ মাজত থকা সামঞ্জস্যৰ কথা উল্লেখ কৰিছে। 
 
প্রাচ্যবিদ এলান ৱাটছে লিখিছে যে যদি আমি বৌদ্ধ ধৰ্মৰ দৰে জীৱনশৈলীৰ গভীৰতালৈ চাওঁ, তেন্তে আমি পশ্চিমীয়া দেশত এইবোৰ বুজাৰ দৰে দৰ্শন বা ধৰ্মৰ কোনোটোৱে বিচাৰি নাপাওঁ। প্রাচীন কালৰ সকলো মহান গুৰুৰ দৰে বুদ্ধই কথোপকথনৰ দ্বাৰা শিক্ষা দিয়া আৰু বুদ্ধৰ শিক্ষাৰ বিষয়ে আমাৰ জ্ঞান নিৰ্ভৰ কৰে ত্রিপিটকৰ সঠিক অধ্যয়নৰ জৰিয়তে। এলান ৱাটছে কোৱাৰ দৰে বুদ্ধদেৱে দিয়া দৰ্শন পশ্চিমীয়া দেশৰ দৰ্শনৰ মাজত সঠিক ৰূপত পোৱা নাযায়। বুদ্ধদেৱে জীৱন শিক্ষা, সামাজিক শিক্ষা, নৈতিকতা, প্ৰমূল্যবোধৰ শিক্ষা প্ৰদান কৰি জ্ঞানৰে আলোকেৰে আগুৱাই যোৱাৰ বাবে পথ দেখুৱাই গেছে। সেইবাবে একবিংশ শতিকাত ইয়াৰ প্ৰাসংগিকতা অধিক বৃদ্ধি পাইছে।
 
বৌদ্ধ ভিক্ষুকৰ এটা দল
 
বুদ্ধ এগৰাকী নৈতিক শিক্ষক আৰু সংস্কাৰক আছিল। ব্যৱহাৰিক উপযোগিতাহীন আধ্যাত্মিক দিশটোক কেতিয়াও সমৰ্থন কৰা নাছিল। নৈতিকভাৱে অসাৰ আৰু বৌদ্ধিকভাৱে অনিশ্চিত আধ্যাত্মিক প্ৰশ্নৰ আলোচনাৰ পৰিৱৰ্তে বুদ্ধই সদায় ব্যক্তিৰ দুখৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, ইয়াৰ উৎপত্তি, ইয়াৰ কাৰণ আৰু তাৰ ওপৰত জ্ঞান দিবলৈ চেষ্টা কৰিছিল। তেওঁ পৃথিৱীৰ দুখ কষ্টৰ ৰহস্য উন্মোচন কৰিবলৈ চেষ্টা কৰিছিল। 
 
তেওঁৰ জ্ঞান লাভৰ দিশটোৱে বৌদ্ধ ধৰ্ম আৰু দৰ্শন দুয়োটা দিশকে প্রভাৱিত কৰিছিল। ৰোগ, বার্ধক্য আৰু মৃত্যুৰ দৃশ্যই ডেকা ৰাজকুমাৰক এক সুকীয়া ধাৰণাৰে আপ্লুত কৰিছিল। সেইবাবেই তাৰ সঠিক মাৰ্গ দৰ্শন নিৰূপণ কৰিবলৈ ৰাজধৰ্ম ত্যাগ কৰি প্ৰকৃত সত্যৰ সন্ধান কৰিছিল। বুদ্ধদেৱৰ মাৰ্গ দৰ্শনে আজিও মানুহৰ মনোজগতক প্ৰভাৱিত কৰে। কাৰণ বুদ্ধদেৱে প্ৰকৃত সত্যৰ সন্ধান কৰিবলৈ সক্ষম হৈছিল। বুদ্ধদেৱৰ জ্ঞানতত্ত্ব আছিল মানৱতাৰে পূৰ্ণ। মানুহক ভাল পাবলৈ শিকাটো তেওঁৰ কৰ্মৰাজীৰ মাজেৰে প্ৰকাশিত হৈছিল। আজিৰ পৃথিৱীত মানৱতাবাদৰ যি সংকট, সেই সংকট আঁতৰ কৰিবলৈ হ'লে বুদ্ধদেৱে দি যোৱা আদৰ্শৰে আগুৱাই যাব লাগিব। হিংসা-দ্বেষপূর্ণ পৃথিৱীখনত শান্তিৰ প্ৰৱাহ বোঁৱাবলৈ হ'লেও তেওঁ দি যোৱা দৰ্শনেৰে পৰিচালিত হ'ব লাগিব।
 
(লেখক এজন তথ্য আৰু জনসম্পৰ্ক, অসম, বিভাগৰ উপ সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ জনসম্পৰক্ষী কোষৰ সৈতে সংলগ্ন)