মুছলমান শিক্ষা সংস্কাৰৰ বিড়ম্বনা

Story by   Atir Khan | Posted by  [email protected] • 1 Years ago
মাদ্ৰাছাৰ ছাত্ৰ (প্ৰতিনিধিত্বমূলক ফটো)
মাদ্ৰাছাৰ ছাত্ৰ (প্ৰতিনিধিত্বমূলক ফটো)
 আতিৰ খান
 
মাদ্ৰাছা শিক্ষা ব্যৱস্থাত চৰকাৰী হস্তক্ষেপ এক প্ৰকাৰ নিশ্চিত। আত্মবিশ্লেষণৰ বাবে সম্প্ৰতি হেঁচাত পৰিছে উলেমাসকল। এই সন্ধিক্ষণত চৰকাৰ আৰু উলেমা (ইছলামিক পণ্ডিত) উভয়ে বিদ্যালয় পৰ্যায়ত শিক্ষাৰ উন্নত ব্যৱস্থা নিশ্চিত কৰিবলৈ কিছু সালসলনি ঘটাব লাগিব।
 
 
নেশ্যনেল কমিছন ফৰ প্ৰটেকচন অৱ চাইল্ড ৰাইটছ (এনচিপিচিআৰ)ৰ দৰে সংস্থাৰ প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে কাম কৰিছে। এন চি পি চি আৰৰ তথ্যৰ পৰা অনুমান কৰিব পাৰি যে উন্নত শিক্ষাৰ বাবে মাদ্ৰাছা শিক্ষা ব্যৱস্থাৰ নতুন ৰূপ আৱশ্যক হৈ পৰিছে। উত্তৰ-প্ৰদেশ, অসম, উত্তৰাখণ্ডৰ দৰে ৰাজ্যইও একেধৰণৰ জৰীপ চলাইছে।
 
আমি শিক্ষা ব্যৱস্থাৰ উন্নতিৰ লক্ষ্যৰে এই স্পৰ্শকাতৰ কচৰৎ আৰম্ভ কৰিলেও বিশ্বৰ অন্যান্য প্ৰান্তৰ শিক্ষা সংস্কাৰৰ পদক্ষেপসমূহ অধ্যয়ন কৰাটো প্ৰাসংগিক হ’ব। উনবিংশ শতিকাৰ সংস্কাৰৰ ইতিহাসৰ ওপৰত ভালদৰে চকু ফুৰালে এই কথা দেখা যায় যে উদাৰতা হৈছে শিক্ষা সংস্কাৰৰ মূল চাবিকাঠি। 
 
দাৰুল উলুম মাদ্ৰাছা, দেওবণ্ড, উত্তৰ প্ৰদেশ
 
ভাৰতত মুছলমান শিক্ষা সদায় ৰাজ্যিক শিক্ষা ব্যৱ্স্থাৱলীৰ পৰা স্বতন্ত্ৰ হৈ আহিছে। ছাত্ৰ-ছাত্ৰীৰ ভাল লালন-পালনত উলেমাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰতীয় মাদ্ৰাছা শিক্ষাৰ কেন্দ্ৰবিন্দু হৈছে ছাত্ৰ-ছাত্ৰীক কৰ্মসংস্থাপনযোগ্য কৰি তোলাতকৈ ভাল মানুহ হিচাপে তৈয়াৰ কৰা। কেইটামান ব্যতিক্ৰম বাদ দিলে ইয়াৰ ছাত্ৰ-ছাত্ৰীসকল বহুলাংশে ধৰ্ম প্ৰচাৰৰ ব্যৱস্থাটোৰ সৈতেহে জড়িত হৈ আছে।
 
ভাৰতৰ বেছিভাগ মাদ্ৰাছা পঞ্জীকৃত নহয় আৰু সেয়েহে এক কাৰ্যকৰী শিক্ষা নীতি ৰূপায়ন কৰাটো এক সমস্যা হৈ পৰিছে। বহু সংখ্যক উলেমাই পৰিৱৰ্তনশীল সময়ৰ সৈতে নিজকে খাপ খোৱাৰ খোজা নাই আৰু যিকোনো ডাঙৰ সংস্কাৰ আৰম্ভ কৰিবলৈ সংকোচবোধ কৰিছে।
 
যদি আমি বিশ্বৰ আন আন ঠাইত মুছলমান শিক্ষা সংস্কাৰৰ ইতিহাস চাওঁ তেন্তে আমি কিছুমান আকৰ্ষণীয় আৰু ভাল লগা সমল বিচাৰি পাও। ঊনবিংশ শতিকাত ভাৰতত সংস্কাৰবাদী উলেমাসকলে মোগল সাম্ৰাজ্যৰ পতন আৰু ব্ৰিটিছ সাম্ৰাজ্যৰ উত্থানৰ সময়ছোৱাত বিপদাপন্ন ইছলামিক ঐতিহ্য ৰক্ষা কৰিবলৈ লক্ষ্ণৌত ফিৰংগী মহলৰ দৰে নতুন (মাদ্ৰাছা) বিদ্যালয় স্থাপন কৰে।
 
মাদ্ৰাছা শিক্ষা দৰ্ছ-ই-নিজামীৰ ওপৰত আধাৰিত আছিল। ই এক প্ৰণালীবদ্ধ পাঠ্যক্ৰম যিয়ে আৰৱী ব্যাকৰণ, তৰ্কবিদ্যা, দৰ্শন, গণিত, ফিখ আৰু ধৰ্মতত্ত্ব, আৰু কিছু পৰিমাণে কোৰাণ আৰু হাদিছৰ সংমিশ্ৰণ কৰিছিল।
 
ফিৰংগী মহল মাদ্ৰাছা, উত্তৰ প্ৰদেশ
 
ব্ৰিটিছে ১৮২৫ চনত দিল্লী কলেজৰ দৰে শিক্ষানুষ্ঠানো স্থাপন কৰিছিল, যিয়ে মুছলমান আৰু ব্ৰিটিছ শিক্ষা ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ একত্ৰিত কৰিছিল। ইয়াত উৰ্দু ভাষাত বিজ্ঞান পঢ়োৱা হৈছিল। দেশ স্বাধীন হোৱাৰ পূৰ্বে মাদ্ৰাছা আছিল শিশুৰ শিক্ষাৰ প্ৰধান উৎস। আমোদজনকভাৱে ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ আৰু প্ৰখ্যাত লেখিকা মুনশী প্ৰেম চান্দৰ দৰে সফল ব্যক্তিসকলেও মাদ্ৰাছাত অধ্যয়ন কৰিছিল।
 
মুছলমান শৈক্ষিক সংস্কাৰৰ ওপৰত বিস্তৃত গৱেষণা কৰা টিউনিছিয়াৰ ৰাজনীতি বিজ্ঞানী মালিকা জেঘালে কয় যে ভাৰতীয় মাদ্ৰাছাসমূহে ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত উলেমাসকলৰ ৰাজনীতিমুক্তকৰণ আৰু আভ্যন্তৰীণ সংস্কাৰ তথা শিক্ষা প্ৰকল্পৰ দিশলৈ তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ ওপৰত আলোকপাত কৰে।
 
বিশেষকৈ, ১৮৬৭ চনত দাৰুল-উলুম দেওবন্দ স্থাপনৰ বাবে শাসক বা ৱাকফ ব্যৱস্থাৰ পৰিৱৰ্তে ৰাইজে ধন যোগান ধৰিছিল। ৰাষ্ট্ৰ আৰু ৱাকফ ব্যৱস্থাৰ পৰা স্বতন্ত্ৰ শিক্ষাৰ বাবে গুৰুত্ব প্ৰদান কৰিছিল। তেওঁলোকে ভৱিষ্যত শিক্ষা সংস্কাৰকসকলক প্ৰশিক্ষণ দিয়াৰ বাবে হাদিছৰ ওপৰত বিশেষ গুৰুত্ব দি ডাৰ্ছ-ই-নিজামি পাঠ্যক্ৰম যুগুত কৰি উলিয়াইছিল।
 
আল-আজহাৰ বিশ্ববিদ্যালয়, ইজিপ্ত
 
ভাৰতত এয়া সংঘটিত হোৱাৰ প্ৰায় একে সময়তে অটোমান সাম্ৰাজ্য আৰু ইয়াৰ প্ৰদেশসমূহত এটা বিপৰীত প্ৰক্ৰিয়া সংঘটিত হৈছিল। মোগল সাম্ৰাজ্যৰ পতনৰ পিছত ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতা হেৰুৱাৰ ফলত ভাৰতত শিক্ষাৰ সংস্কাৰৰ সৃষ্টি হৈছিল। ইয়াৰ বিপৰীতে অট্টোমান প্ৰদেশত ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত শিক্ষাৰ সংস্কাৰ হৈছিল, যিয়ে আধুনিক ৰাষ্ট্ৰৰ নতুন নিয়ন্ত্ৰণ ক্ষমতাক প্ৰতিফলিত কৰিছিল আৰু সাধাৰণতে শিক্ষা আৰু ধৰ্মীয় শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ স্বৈৰাচাৰী নীতি ঘোষণা কৰিছিল।
 
আধুনিক বিদ্যালয় স্থাপন কৰা হ’ল, আৰু ৰাজ্যসমূহে নিজৰ প্ৰশাসনক আধুনিকীকৰণ কৰি নতুন ধৰণৰ আমোলাৰ লগতে নিজৰ সেনাবাহিনীৰ বাবে সু-প্ৰশিক্ষিত বিষয়া সৃষ্টিৰ লক্ষ্য লৈছিল। শিক্ষা ব্যৱস্থাক আওকাণ কৰি পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ বাহিৰত সংস্কাৰমূলক পদক্ষেপসমূহ ৰূপায়ণ কৰিছিল, যাৰ ফলত পৰম্পৰাগত আৰু আধুনিক শিক্ষা ব্যৱস্থাৰ মাজত দ্বৈত বিভাজন ঘটিছিল।
 
ইজিপ্ত হৈছে আন এক আকৰ্ষণীয় উদাহৰণ। ইয়াত এজন ডাঙৰ সংস্কাৰক আল-আজহাৰ বিশ্ববিদ্যালয়ৰ স্নাতক আৰু প্ৰাক্তন শিক্ষক মহম্মদ আব্দুহক শাসকসকলে কাইৰোৰ ইছলামিক শিক্ষাদানৰ অন্যতম শ্ৰেষ্ঠ আসন আল-আজহাৰৰ সংস্কাৰৰ দায়িত্ব প্ৰদান কৰিছিল। আব্দুহে দক্ষিণ পূব এছিয়াৰ দেশ যেনে ইণ্ডোনেছিয়া আৰু মালয়েছিয়াতো সংস্কাৰক প্ৰভাৱিত কৰিছিল।
 
মহম্মদ আব্দুহে উলেমাসকলৰ কঠোৰ মনোভাৱ আৰু বিজ্ঞানৰ প্ৰতি তেওঁলোকৰ অনীহাক ধিক্কাৰ দিছিল। তেওঁ আল-আজহাৰৰ শিক্ষণ পদ্ধতি আৰু আধুনিক বিজ্ঞানৰ সৈতে উলেমাসকলে জড়িত হ’বলৈ অস্বীকাৰ কৰা আদি বিষয়ক কঠোৰভাৱে সমালোচনা কৰিছিল। বিজ্ঞান শিক্ষাৰ প্ৰতি অনীহা প্ৰকাশ কৰা উলেমাসকলৰ ৰক্ষণশীলতাই এইটো নুবুজায় যে তেওঁলোক সংস্কাৰবিৰোধী। উলেমাসকলৰ সমস্যা এইটোৱে যে তেওঁলোকে নিজকে ইছলাম ধৰ্মৰ ৰক্ষক হিচাপে ভাবি লয় আৰু আধুনিকীকৰণক নিজৰ শত্ৰু বুলি গণ্য কৰে।
 
টিউনিছিয়াৰ এখন মাদ্ৰাছা
 
তেওঁলোকে অনুভৱ কৰিছিল যে বিজ্ঞানৰ সৈতে জড়িত হোৱাৰ ফলত তেওঁলোক প্ৰচলিত পৰম্পৰাসমূহৰ পৰা আঁতৰি যাব। মৌলবীসকলে অভিযোগ কৰিছিল যে আধুনিক বিষয়ৰ সংযোজনৰ ফলত এনে স্নাতক জন্ম হৈছে যিয়ে ধৰ্মনিৰপেক্ষ বিষয়ৰ লগতে ধৰ্মীয় শিক্ষাতো পিছপৰি থাকে। কিছুমান পণ্ডিতে ধৰ্মীয় আৰু আধুনিক শিক্ষাৰ সংমিশ্ৰণৰ ফলত ৰাজনৈতিক ইছলামৰ বিকাশ ঘটিছিল বুলি মত প্ৰকাশ কৰিছে।
 
মধ্য প্ৰাচ্যত মাদ্ৰাছা শিক্ষাৰ ওপৰত কঠোৰ নিয়ম আৰু নীতি-নিৰ্দেশনা আছিল। পাকিস্তান, ইৰাণ, ইৰাকৰ মাদ্ৰাছাসমূহে চৰকাৰৰ পৰা গুৰুত্বপূৰ্ণ মাত্ৰাৰ স্বতন্ত্ৰতা বজাই ৰাখিছিল।
 
টিউনিচিয়াত এটা আকৰ্ষণীয় ঘটনা দেখা গৈছিল। ইছলামবাদী আন্দোলনৰ সম্প্ৰসাৰণৰ সন্মুখীন হোৱা ৰাষ্ট্ৰপতি বেন আলীৰ আধিপত্যবাদী শাসনে ইছলামধৰ্মী শিক্ষাৰ এক আমূল সংস্কাৰ হাতত লৈছিল।
 
 
ৰাজহুৱা বিদ্যালয়সমূহৰ পাঠ্যপুথিসমূহ সম্পূৰ্ণৰূপে পুনৰ লিখা হৈছিল। ধৰ্মীয় আৰু নাগৰিক শিক্ষাৰ শ্ৰেণীটো দুটা পৃথক শ্ৰেণীত বিভক্ত কৰা হৈছিল। পিছৰটোৱে ইউৰোপীয় জ্ঞানৰ গ্ৰন্থৰ সৈতে, বিশেষকৈ স্বাধীনতা আৰু গণতন্ত্ৰৰ মূল্যবোধ প্ৰেৰণ কৰা ফৰাচী পৰম্পৰাৰ পৰা ইছলামৰ যুক্তিবাদী ব্যাখ্যাৰ ওপৰত জোৰ দিছিল।
 
কিন্তু ২০১১ চনত যেতিয়া বেন আলীৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা হৈছিল, তেতিয়া শিক্ষা সংস্কাৰৰ পৰা সৃষ্টি হোৱা ছাত্ৰ-ছাত্ৰীসকলেই আলীৰ শাসনৰ বিৰুদ্ধে বিপ্লৱৰ ক্ষেত্ৰত আগভাগ লৈছিল। টিউনিছিয়াৰ দৰেই ইজিপ্তেও ৰাজনৈতিক ইছলামৰ বিৰুদ্ধে যুঁজত নৈতিক শিক্ষাৰ ব্যৱহাৰ কৰিছিল।
 
বিগত কিছু বছৰ ধৰি ছপা আৰু নতুন সংবাদ মাধ্যমৰ বিকাশে ইছলামিক জ্ঞানৰ জগতখনক আমূলভাৱে সলনি কৰি পেলাইছে; ধৰ্মীয় জ্ঞান অধিক সহজে প্ৰচলিত হৈছে, ইয়াক বৃহৎ গোটৰ মাজত প্ৰচাৰ কৰিব পৰা হৈছে। বিশেষকৈ, ই ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত চলি থকা ধৰ্মীয় প্ৰতিষ্ঠানসমূহক সহজেই আওকাণ কৰিব পাৰে।
 
মুছলমান ছাত্ৰীসকলে পঢ়ি থকা দৃশ্য
 
৯/১১ত আমেৰিকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ইছলামিক শিক্ষা এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল, কাৰণ ছৌদি আৰব আৰু পাকিস্তানত ইছলাম ধৰ্মৰ উগ্ৰ ৰূপসমূহ মাদ্ৰাছাৰ সৈতে জড়িত হৈ আহিছে। আনকি ছৌদি আৰবে ৱাহাবী ধৰ্মৰ পৰা আঁতৰি আহিবলৈ স্কুলৰ পাঠ্যপুথিও সংশোধন কৰিবলগীয়া হৈছিল। আফগানিস্তানৰ বহু তালিবানে তাৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰাৰ বাবে পাকিস্তানৰ মাদ্ৰাছাসমূহো নিৰীক্ষণৰ আওতালৈ আহিছিল।
 
ভাৰতত মুছলমান শিক্ষানুষ্ঠানসমূহ বহুলাংশে বিতৰ্কহীন হৈ আহিছে। কিন্তু আজি মাদ্ৰাছা শিক্ষা চৰকাৰৰ তদাৰকত আছে, যিয়ে ল’ৰা-ছোৱালীৰ বাবে গুণগত শিক্ষা সুনিশ্চিত কৰিব বিচাৰিছে আৰু তেওঁলোকক ধৰ্মনিৰপেক্ষ শিক্ষাৰ সৈতেও পৰিচিত কৰি শিক্ষা তেওঁলোকৰ বাবে অধিক অৰ্থপূৰ্ণ কৰি তুলিব বিচাৰিছে।
 
এই পদক্ষেপে ভাৰতৰ উলেমাসকলক কিছু অস্বস্তিত পেলাইছে, কিয়নো তেওঁলোকে এতিয়া নিজৰ শিক্ষাৰ পৰম্পৰাগত ধাৰণাৰ সৈতে আপোচ কৰিব লাগিব বুলি শংকিত হৈছে।
 
চৰকাৰে বুজিব লাগিব যে বিশ্বৰ বহু দেশত দেখা পোৱাৰ দৰে কঠোৰ নীতি-নিৰ্দেশনা ফলপ্ৰসু নহ’ব পাৰে। তথাপিও উলেমাসকলে উপলব্ধি কৰিব লাগিব যে কেৱল ছাত্ৰ-ছাত্ৰীসকলক ইছলামিক অধ্যয়ন প্ৰদান কৰিলেই তেওঁলোকে কৰ্মসংস্থাপন লাভ কৰাত সহায় নহ’ব। যদিও কিছুমান মাদ্ৰাছাই আধুনিক বিষয়ৰ প্ৰৱৰ্তন কৰিছে, তথাপিও ইয়াৰে গৰিষ্ঠসংখ্যকে কেৱল ধৰ্মীয় শিক্ষাহে প্ৰদান কৰি আছে।
 
বোৰ্খা পৰিধিত মুছলমান ছাত্ৰীসকল
 
ভাৰতৰ উলেমাসকলৰ এক মহান আৰু কলঙ্কহীন ইতিহাস আছে, কিন্তু তেওঁলোকে নিশ্চিত কৰিব লাগিব যে তেওঁলোকে আজিৰ মৌলবাদৰ পৃথিৱীত উদ্ভৱ হোৱা প্ৰত্যাহ্বান আৰু তথ্য প্ৰযুক্তি, বিশেষকৈ ছ'চিয়েল মিডিয়াৰ ফলত উদ্ভৱ হোৱা নিৰাপত্তা ৰক্ষাৰ উদ্বেগৰ সৈতে সমানে যুঁজ দি আগবাঢ়ি যাব লাগিব। 
 
তেওঁলোকে ইছলামিক আৰু ইছলামিক প্ৰৱণতাৰ মাজত এক লক্ষ্ণণ ৰেখা অংকন কৰিব লাগিব। আৰু সকলো উগ্ৰ ইছলামিক মতামতক একাষৰীয়া কৰিব লাগিব, যাতে ছাত্ৰ-ছাত্ৰীয়ে মৌলবাদী আদৰ্শৰ প্ৰতি আকৃষ্ট নহয়। চৰকাৰ আৰু উলেমা উভয়ৰে বাবে আগবাঢ়ি যোৱাৰ পথটো যেন উদাৰতা। চৰকাৰে মাদ্ৰাছাসমূহক নিজৰ অস্বিস্ত বজাই ৰখাৰ সুযোগ দিব লাগিব আৰু উলেমাসকলেও আধুনিক চিন্তা-চৰ্চাক উদগণি দিব লাগিব। সংস্কাৰ ৰূপায়ন কৰাত নাগৰিক সমাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। এনেকুৱা ধৰণৰ ভূমিকা তেওঁলোকে আগতেও পালন কৰিছে আৰু আৰু পুনৰ কৰিব পাৰিব লাগিব। ছাৰ চৈয়দ আহমেদে কঢ়িয়াই অনা যুগান্তকাৰী সংস্কাৰে মুছলমান সমাজক জ্ঞানৰ পোহৰেৰে আলোকিত কৰি যাব। 
 
সামূহিকভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হিন্দী, উৰ্দু, ইংৰাজী, মেনেজমেণ্ট, আৰু সমসাময়িক বিজ্ঞান অধ্যয়নৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়োজন আছে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰ ঘটোৱাটোৱেই আটাইতকৈ উত্তম উপায় হ’ব, যাতে তেওঁলোকে শেহতীয়া প্ৰযুক্তিৰ পৰা শিকিব পাৰে আৰু ইয়াৰ পৰা এটা ভাল কেৰিয়াৰ গঢ়িব পাৰে।