মইনুল ইছলাম মণ্ডল
বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনা আৰু খবৰ নতুন নহয়। আজি বাংলাদেশৰ মুঠ জনসংখ্যা প্রায় ১৭.৩ কৌটি আৰু তাৰ ভিতৰত হিন্দুৰ সংখ্যা ১.৩৮ কৌটি অথ্যাৎ প্রায় ৮ শতাংশ। প্রায় ৯১ শতাংশ ইছলামপন্থী মানুহে নিজৰ সংখ্যা গৰিষ্ঠতাৰ সুযোগ আৰু সুবিধাসমূহৰ দ্বাৰা সংখ্যালঘিষ্ঠ হিন্দু জনসাধাৰণক নিৰ্য্যাতন চলাই আহিছে। হিন্দু-প্রধান ভাৰতে পৃথিৱীৰ অন্যান্য প্রান্তৰ হিন্দুক আকোঁৱালী লৈ নাগৰিকত্ব প্রদান কৰাৰ কথা প্রকাশ কৰিলেও বাংলাদেশৰ নিৰ্য্যাতিত হিন্দুভাইসকল সদলবলে ভাৰতলৈ ধাপলি মেলা নাই। নিপীড়িত হৈয়ো বাংলাদেশতেই থাকি সহনশীলতা আৰু ধৈৰ্য্যৰ প্রমাণ দি আহিছে।
অতি সম্প্রতি বাংলাদেশত মুছলমান মৌলবাদী শক্তিসমূহ জাগ্রত হৈ সাম্প্রদায়িকৰূপ লোৱাৰ সুযোগ পাইছে। ইয়াৰ কাৰণ ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। মানুহে জানিছেই। বহুতো মুছলমান ব্যক্তিয়ে ভারিছে ছলে বলে কৌশলে হিন্দুসকলক বাংলাদেশৰ পৰা বিতাৰিত কৰিলে তেওঁলোকে একছত্রী মুছলমান ৰাষ্ট্ৰ গঠন কৰিব পাৰিব। হিন্দু জনসাধাৰণক নিঃচ্ছিন্ন কৰি হিন্দুমুক্ত বাংলাদেশ গঠন কৰিব বিচৰাৰ কাৰণ হল একান্নবৈ শতাংশ মুছলমানৰ অস্তিত্বৰ ভয়। তেওঁলোকে ভাৱিছে আঠ শতাংশ হিন্দু আৰু ইস্কনৰ আগ্রাসী ধর্মই ইছলামী আদর্শক গ্রাস কৰি পেলাব। কিয়নো চুবুৰীয়া ভাৰতবৰ্ষ এখন হিন্দু-প্রধান সরল-সাহসী দেশ। বিধর্মীসকলক ভয়-ভাবুকিৰে বিতাৰিত কৰিব পাৰিলেহে যেন তেওঁলোক দুনীয়াৰ সুখ ভোগ কৰি পৰকালতো জান্নাতবাণী হ'ব পাৰিব।
বাংলাদেশৰ ছাত্ৰৰ প্ৰতিবাদৰ এক দৃশ্য
ভাৰত-বাংলাদেশৰ দৰে এছিয়াৰ দেশসমূহৰ মাদ্ৰাছা শিক্ষাই মুছলমান ছাত্র-ছাত্রীক ইছলামি শিক্ষা প্রদান কৰি আহিছে ঠিকে। কিন্তু এনে শিক্ষাৰ মাজত কৰবাত "ব্রাদাৰ-ইন ইছলাম" বা ইছলামিক-ভাতৃত্ববোধৰ নামত সাম্প্রদায়িক শিক্ষাও প্রদান কৰা হয় বুলি ধাৰণা হয়। আচলতে ইছলামত জাতিয়তাবাদ, গোষ্ঠীবাদ বা সাম্প্রদায়িকতাৰ স্থান নাই। তাৰ ঠাইত সৎ পন্থীৰ দল বা সম্প্রদায়হে আছে যিসকল এক ঈশ্বৰত বিশ্বাস কৰে আৰু সমাজত ন্যায় ব্যবস্থা প্রতিষ্ঠা কৰিবলৈ যত্ন কৰে। হজৰত মুহাম্মদ (ছঃ)-এ প্রতিষ্ঠা কৰা ইছলামৰ আৰম্ভনীৰ তেইশ বছৰ কাল অধ্যয়ন কৰিলে এই কথা ভালদৰে বুজিব পাৰি। সম্পূৰ্ণ কোৰাআন খন ভালদৰে অধ্যয়ণ কৰিলেও উপলব্ধি কৰিব পাৰি যে ইছলামত তৌহিদ আৰু ন্যায় প্রতিষ্ঠাৰ কথা আছে; সাম্প্রদায়িকতা বা জাতিয়তাবাদৰ কথা নাই। আৰু জানিব পাৰি যে ইছলামত হিংসাৰ কথা নাই "হিলল্ম" বা সহনশীলতাৰ কথাহে আছে। অৱশ্যে ন্যায় প্রতিষ্ঠা কৰিবলৈ যাওঁতে অন্যায়ৰ বিৰুদ্ধে যুঁজাৰ কথাও আছে। এইবোৰ কথা ধর্মান্ধ মানুহে নুবুজে। মুহাম্মদ (ছঃ) -এ ইছলাম প্রতিষ্ঠাৰ্থে সংগ্রাম কৰি থকাৰ সময়ত ইহুদীসকলে দাবী কৰিছিল যে তেওঁলোকৰ লগত ঈশ্বৰৰ বিশেষ সম্পর্ক আছে, যিটো আনৰ লগত নাই আৰু সেইবাবে কেৱল তেওঁলোকেই পৰকালত মুক্তি পোৱাৰ যোগ্য। পিছে ইহুদী সকলৰ এনে ধাৰণাক নস্যাৎ কৰি আল্লাহে কোৰআনত ঘোষণা কৰিছেঃ "নিশ্চিতভাবে জানি লোৱা যে (আৰবী নবীৰ প্রতি), যি সকলে বিশ্বাস স্থাপন কৰিছে আৰু যিসকল ইহুদী, খৃষ্টান আৰু চাবিয়ীনে আল্লাহ আৰু পৰকালত বিশ্বাস ৰাখে আৰু সৎকাম কৰে তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত পুৰস্কাৰ আছে। তেওঁলোকৰ ভয় আৰু চিন্তাৰ কাৰণ নাই।” (অধ্যায় নং ২, আয়াত-৬২)।
পৰিতাপৰ কথা যে বাংলাদেশৰ মুছলমানৰ দৰে আজি পৃথিৱীৰ সৰহসংখ্যক মুছলমানে ভাৱে কেৱল তেওঁলোকৰ লগতে আল্লাহৰ সু-সম্পর্ক আছে আৰু তেওঁলোকেই পৰকালৰ বিচাৰত কৃতকাৰ্য্য হৈ জান্নাত বা স্বৰ্গ লাভ কৰিব। মুছলমানৰ এনে ধাৰণাৰ কাৰণ তেওঁলোকৰ ইছলামিক শিক্ষাৰ অসম্পূর্ণতা বা ত্রুটীপূর্ণ শিক্ষা। আকৌ কিছুমানৰ মতে উক্ত আয়তৰ যোগেদি ঈশ্বৰৰ একত্ব, সার্বভৌমত্ব বা তৌহিদত বিশ্বাসী কেরল 'আহলে কিতাব' বা ইহুদী, খৃষ্টান আৰু চাবেয়ীন সকলৰ স্বৰ্গপ্রাপ্তিৰ কথাহে কোৱা হৈছে। হিন্দু সনাতনী সকলৰ কথা কোৱা নাই।
বাংলাদেশত ইস্কনৰ সন্তসকলে কৰা প্ৰতিবাদ
কিন্তু এক অদ্বিতীয় ঈশ্বৰৰ সাৰ্বভৌমত্ব বা তৌহিদত বিশ্বাসী সকলো সৎপন্থীৰ কাৰণেই যে ঈশ্বৰৰ ওচৰত অফুৰন্ত শুভ প্রতিদান আছে তাক কোৰাআনৰ ৯৫ নং ছুৰাটো অধ্যায়ণ কৰিলে স্পষ্ট হয়ঃ নিশ্চয় আমি মানুহক অতি উৎকৃষ্ট সাঁচত গঢ়িছোঁ। পিছত আমি তাক নিকৃষ্টতম কৰিছোঁ সেই সকলৰ বাহিৰে, যিসকলে ইমান আনে আৰু সৎকৰ্ম্ম কৰি থাকে। তেওঁলোকৰ কাৰণে আছে অফুৰন্ত শুভ প্রতিদান। তথাপি (হে মানব), কিহে তোমাক শেষ বিচাৰৰ দিনটোক অবিশ্বাসী কৰায়? আল্লাহ সকলো বিচাৰতকৈ শ্রেষ্ঠ বিচাৰক নহয়নে? (অধ্যায়-৯৫, আয়াত-৪ পৰা ৮ লৈ)।
আকৌ আল্লাহ-তায়লা সকলো বিচাৰকতকৈ শ্রেষ্ঠ বিচাৰক হয়নে নহয় তাক বুজিবলৈ কোৰআনৰ চতুৰ্থ অধ্যায়ৰ ১৩৫ নং শ্লোকটো পঢ়ি চাব পাৰি। সি যি কি নহওঁক মুছলমানসকলৰ দৰে ইস্কন-পন্থী হিন্দুলোকেও ঈশ্বৰৰ একত্বত বিশ্বাস কৰে। তেওঁলোকে শ্রীমদ্ভাগবদ গীতাৰ মতে চলে যিখন পবিত্র পুথিয়ে যুগে যুগে একেশ্বৰবাদৰ কথাকে ঘোষণা কৰি আহিছে। হিন্দু ধর্মই তেত্রিশ কৌটি দেৱী-দেৱতাৰ কথা কলেও ইস্কনপন্থী সকলে শ্রীকৃষ্ণকেই পৰম ভগৱান বুলি প্ৰচাৰ কৰি আহিছে। ইস্কন মানেই হ'ল "ইণ্টাৰনেচনেল ছোচাইটি ফৰ কৃষ্ণ কন্চাছনেছ" আৰু ইয়াৰ প্ৰতিষ্ঠাপক স্বামী প্রভুপাদৰ দ্বাৰা যুগুতোরা "Bhagavad Gita As It Is"-অৰ অনূদিতৰূপ শ্রীমদ্ভভগৱগগীতা যথাযথত পঢ়িবলৈ পাওঁঃ বৈষয়িক কামনা-বাসনাই যিসকলৰ বিচাৰবুদ্ধি অপহৰণ কৰি নিজে তেওঁলোকে দেৱতাসকলৰ ওচৰত শৰণাপন্ন হৈ নিজ নিজ প্ৰকৃতিৰ নিয়ন্ত্ৰণ অনুসাৰে বেলেগ বেলেগ বিধিৰে দেৱতাসলৰ পূজা-অৰ্চনা কৰে।
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা
ধর্মই মানুহক আত্মসংযম, সততা আৰু নিয়মানুবর্তিতাৰ শিক্ষা দিয়ে। ধৈর্য্য আৰু সহনশীলতাও সকলো ধৰ্মৰ আদি পাঠ। এনে অর্থত আজিলৈ ধৰ্মৰ কোনো বিকল্প আৱিষ্কাৰ হোৱা নাই। গতিকে আমাক ধর্ম লাগে। কিন্তু আজিকালি ধৰ্মৰ সাম্প্রদায়িক ৰূপ দেখি দেখি মানুহ ধৰ্ম পৰিত্যাগ কৰি নাস্তিক হবলৈ আৰম্ভ কৰিছে। ইউৰোপত নাস্তিকবাদৰ প্ৰচাৰ আৰু প্ৰসাৰ দ্রুত হৈছে। পিছে বিশ্বখনিকৰ জন কোনো সম্প্রদায়ৰ নহয়। তেওঁ বিচাৰে মানুহৰ সততা আৰু শান্তি। গতিকে ধর্মত সাম্প্রদায়িকতা থাকিব নোৱাৰে। ইস্কনৰ কোনোবা এজন আইন বিৰুদ্ধ কাম কৰিলে আইনে তাৰ ব্যৱস্থা লব পাৰে কিন্তু সাধাৰণ মুছলমান মানুহ ইস্কনপন্থী বা সকলো হিন্দু মানুহৰ বিৰুদ্ধে জ্বলি উঠাটো ধর্মনে সাম্প্রদায়িকতা সকলোৱে বুজা উচিত।
(লেখক এজন আইপিএছ বিষয়া আৰু বৰ্তমান অসম আৰক্ষীৰ মহাপৰিদৰ্শক (CID))