কাশ্মীৰিয়ত, ইনছানিয়াত, জামহুৰিয়াত

Story by  atv | Posted by  [email protected] • 21 h ago
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰি কাশ্মীৰৰ দুগৰাকী যুৱতীৰ প্ৰতিক্ৰিয়া
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰি কাশ্মীৰৰ দুগৰাকী যুৱতীৰ প্ৰতিক্ৰিয়া
 
 পল্লব ভট্টাচাৰ্য্য

২০১৯ চনত জম্মু-কাশ্মীৰ ৰাজ্যখনক জম্মু-কাশ্মীৰ আৰু লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিখণ্ডিত কৰিবলৈ জম্মু-কাশ্মীৰ পুনৰ্গঠন আইন গৃহীত কৰা হৈছিল। ২০২০ চনৰ মাৰ্চ মাহত জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সীমা নিৰ্ধাৰণৰ বাবে ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ অধ্যক্ষতাত তিনিজনীয়া সীমা নিৰ্ধাৰণ আয়োগ (Delimitation Commission  ) গঠন কৰা হয়।

২০২২ চনৰ ৫ মে’ত চূড়ান্ত সীমা নিৰ্ধাৰণ প্ৰতিবেদন প্ৰকাশ কৰা হয় আৰু ইয়াৰ অধীনত জম্মু সংমণ্ডলত অতিৰিক্ত ৬খন আৰু কাশ্মীৰ সংমণ্ডলত ১খন আসন সংযোজন কৰি মুঠ সমষ্টিৰ সংখ্যা ৯০খনলৈ বৃদ্ধি কৰা হয়।

জম্মু-কাশ্মীৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ১৮ ছেপ্টেম্বৰত ২৪টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হয়। ২০১৯ চনৰ ৫ আগষ্টত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছত কেন্দ্ৰীয় শাসিত অঞ্চলত এইটোৱেই আছিল প্ৰথম নিৰ্বাচন। ২৬খন আসন সামৰি লোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। আনহাতে, ৪০খন আসন সামৰি লোৱা তৃতীয় আৰু অন্তিম পৰ্যায় ভোটগ্ৰহণ ৫ অক্টোবৰত অনুষ্ঠিত হ’ব। মন কৰিবলগীয়া যে বিধানসভা সমষ্টি ৯১ৰ পৰা ১১৪লৈ Pak Administered Kashmir হিচাপে ৰখা হৈছে। 

নিৰ্বাচনত জনসাধাৰণৰ অংশগ্ৰহণ আৰু তেওঁলোকৰ আৱেগ বিশ্লেষণ কৰাৰ সময়ত জম্মু-কাশ্মীৰৰ অনাদি কালৰ পৰা বিদ্যমানইতিহাসৰ বিষয়ে জনাটো প্ৰাসংগিক। জম্মু-কাশ্মীৰৰ ইতিহাস সহস্ৰাব্দ ধৰি বিস্তৃত এক কাহিনী, য’ত বিভিন্ন বংশ, সাম্ৰাজ্য, সংস্কৃতি জড়িত হৈ আছে। প্ৰাগঐতিহাসিক যুগৰ কথা ক’বলৈ গ’লে, কাশ্মীৰ উপত্যকাত মানুহৰ বাসস্থান নৱপ্ৰস্তৰ যুগৰ পৰাই আৰম্ভ হৈছিল (প্ৰায় ৩০০০ খ্ৰীষ্টপূৰ্ব)।

শ্ৰীনগৰৰ ওচৰৰ বুৰ্জাহোমৰ দৰে প্ৰত্নতাত্ত্বিক স্থানত মানুহৰ বসতিৰ প্ৰাৰম্ভিক ধৰণ উন্মোচিত হৈছে, য’ত সঁজুলি, মৃৎশিল্প, হাড়ৰ সঁজুলি আদিৰ দৰে তথ্য পোৱা গৈছে। ঋগবেদৰ দৰে প্ৰাচীন ধৰ্মগ্ৰন্থত উপত্যকাটোৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু আধ্যাত্মিক তাৎপৰ্যৰ কথা উল্লেখ আছে।
 

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ এটা মুহূৰ্ত
 
সম্ৰাট অশোকৰ অধীনত মৌৰ্য সাম্ৰাজ্যই (খ্ৰীষ্টপূৰ্ব ৩২২–১৮৫) কাশ্মীৰক নিজৰ ৰাজ্যত অন্তৰ্ভুক্ত কৰে। অঞ্চলটোত বৌদ্ধ ধৰ্ম প্ৰচাৰৰ কৃতিত্ব লাভ কৰে ৰজা অশোকে। খ্ৰীষ্টীয় ১ম শতিকাৰ সময়ছোৱাত কাশ্মীৰৰ ৰজা কনিষ্কৰ অধীনত কুশান সাম্ৰাজ্যইও কাশ্মীৰত শাসন কৰিছিল, যাৰ ফলত ই বৌদ্ধ ধৰ্মৰ এক আগশাৰীৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল। ইয়াত মহায়ান বৌদ্ধ (Mahayana Buddhism)ধৰ্মৰ চতুৰ্থ বৌদ্ধ পৰিষদৰো আয়োজন কৰা হৈছিল।
 
কাৰ্কোটা বংশই (৬২৫-১০০৩ খ্ৰীষ্টাব্দ) কাশ্মীৰক শক্তিশালী আৰু সমৃদ্ধিশালী অঞ্চল হিচাপে উত্থান ঘটায়। ৰজা ললিতাদিত্য মুক্তপিদাই ৰাজ্যখন ব্যাপক ৰূপত সম্প্ৰসাৰণ কৰিছিল। কাৰ্কোটা সাম্ৰাজ্যক অনুসৰণ কৰি উৎপলা বংশই হিন্দু আৰু বৌদ্ধ উভয় ধৰ্মৰ প্ৰসাৰ অব্যাহত ৰাখিছিল। মূলতঃ বুলবুল শ্বাহ আৰু পিছলৈ শ্বেখ নূৰ-উদ্দিন নুৰানী (নুন্দ ঋষি)ৰ দৰে চুফী সন্তসকলৰ জৰিয়তে মধ্যযুগৰ আৰম্ভণিতে কাশ্মীৰত ইছলামৰ প্ৰসাৰ আৰম্ভ হৈছিল।

এই পৰিৱৰ্তনত চুলতান ছামছ-উদ-দিন শ্বাহ মিৰ (কাশ্মীৰৰ প্ৰথম মুছলমান শাসক)ৰ দৰে শাসকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সম্ৰাট আকবৰৰ অধীনত মোগলে ১৫৮৬ চনত কাশ্মীৰ নিজৰ অধীনলৈ আনে। এই সময়ছোৱাত স্থাপত্য, কলা আৰু শিল্পকলাৰ উন্নতি সাধন হৈছিল। মোগল বাগিচা (‘শালিমাৰ বাগ,’ ‘নিশাট বাগ’) তেওঁলোকৰ অৱদানৰ জ্বলন্ত সাক্ষী।

মোগল সাম্ৰাজ্যৰ পতনৰ পিছত আফগানিস্তানৰ দুৰানী সাম্ৰাজ্যই কাশ্মীৰক নিয়ন্ত্ৰণ কৰে। ই এক অত্যাচাৰী সময় হিচাপে চিহ্নিত হয়। মহাৰাজ ৰঞ্জিত সিঙৰ অধীনত শিখ সাম্ৰাজ্যই কাশ্মীৰক নিজৰ অধীনলৈ আনে। এই সময়ছোৱা হিন্দু আৰু শিখৰ আধিপত্য পুনৰ প্ৰতিষ্ঠাৰ বাবে বিখ্যাত যদিও পিছলৈ গধুৰ কৰ আৰোপৰ বাবে সকলো অসন্তুষ্ট হৈ পৰে।
 
কাশ্মীৰৰ শালিমাৰ বাগৰ নৈসৰ্গিক সৌন্দৰ্য
 
অমৃতসৰ সন্ধি (১৮৪৬) অনুসৰি ব্ৰিটিছে কাশ্মীৰক গুলাব সিংহৰ হাতত বিক্ৰী কৰি ডোগ্ৰা বংশ প্ৰতিষ্ঠা কৰে। এই সময়ছোৱাত উল্লেখযোগ্য আধুনিক আন্তঃগাঁথনিগত উন্নয়ন সংঘটিত হৈছিল যদিও সাম্প্ৰদায়িক উত্তেজনাও দেখা গৈছিল। ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত মহাৰাজা হৰি সিঙে ভাৰত বা পাকিস্তানত যোগদান কৰিব, সেয়া সিদ্ধান্ত ল'ব পৰা নাছিল।

পাকিস্তানৰ জনজাতীয় উগ্ৰপন্থীয়ে কাশ্মীৰ আক্ৰমণ কৰাৰ সময়ত হৰি সিঙে ভাৰতৰ সহায় বিচাৰি ১৯৪৭ চনৰ অক্টোবৰ মাহত ভাৰতত যোগদানৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিখনৰ গ্ৰহণযোগ্যতা জনমতৰ অনুমোদনৰ ওপৰতহে আছিল।

ভাৰত-পাক যুদ্ধ, কাশ্মীৰী পণ্ডিতৰ পলায়ন, ৩৭০ অনুচ্ছেদ বাতিল আৰু জম্মু-কাশ্মীৰ ৰাজ্যক জম্মু-কাশ্মীৰ আৰু লাডাখ নামেৰে দুখন কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে পুনৰ্গঠন আদিৰ দৰে পৰৱৰ্তী ঘটনাবোৰে কাশ্মীৰক ভাৰত আৰু পাকিস্তানৰ বিবাদৰ কেন্দ্ৰবিন্দুত পৰিণত কৰিছে। 
 
জম্মু-কাশ্মীৰৰ ইতিহাস চহকী আৰু জটিল, ইয়াত প্ৰাগ-ঐতিহাসিক সংস্কৃতি, প্ৰাচীন হিন্দু আৰু বৌদ্ধ প্ৰভাৱ, বিস্তৃত ইছলামিক ঐতিহ্য, আৰু উল্লেখযোগ্য আধুনিক ৰাজনৈতিক উন্নয়ন আদি সামৰি লোৱা হৈছে। অঞ্চলটোৰ কাহিনীত বিভিন্ন পৰম্পৰাৰ সংগম আৰু ভূ-ৰাজনৈতিক সংঘাতৰ মাজত শান্তি আৰু সুস্থিৰতাৰ অবিৰত সংগ্ৰামৰ প্ৰতিফলন ঘটিছে।
 

ভূস্বৰ্গ কাশ্মীৰৰ মন্ত্ৰমুগ্ধকৰ প্ৰাকৃতিক পৰিৱেশ
 
প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ শাসনকালত (১৯৯৮ চনৰ ১৯ ​​মাৰ্চৰ পৰা ২০০৪ চনৰ ২২ মে’লৈ) শান্তিৰ মলয়া বতাহ বলিছিল। আনকি মৌলবাদী চিন্তাধাৰাৰ লোকসকলকে ধৰি সকলো শ্ৰেণীৰ লোকে তেওঁক নতুন দিল্লীৰ একমাত্ৰ নেতা বুলি গণ্য কৰিছিল, যিয়ে যোৱা বহু দশকত প্ৰথমবাৰৰ বাবে কাশ্মীৰৰ সমস্যসমূহক মানৱতাবাদী দৃষ্টিকোণৰ পৰা চাইছিল।

তেতিয়াৰ হুৰিয়তৰ অধ্যক্ষ মিৰৱাইজ উমৰ ফাৰুক ১৯৯৭ চনত নতুন দিল্লীত বাজপেয়ীৰ সৈতে হোৱা প্ৰথম সাক্ষাৎকাৰৰ কথা মনত পেলাই এইদৰে কয়, “আমাৰ প্ৰথম সাক্ষাৎকাৰত তেওঁৰ কথাবোৰ এতিয়াও মোৰ স্পষ্টকৈ মনত আছে। তেওঁ কৈছিল-‘অগৰ অলগ ভি হোনা হ্যে, ভাইয়ো কি তাৰাহ হংগী।(আমি পৃথক হ’বলগীয়া হ’লেও ভাই-ভনীৰ দৰে হ’ব লাগিব)”।
 
মূলসুঁতিৰ পৰা বিচ্ছিন্নতাবাদী দললৈকে সকলোৱে প্ৰধানমন্ত্ৰী বাজপেয়ীৰ ‘কাশ্মীৰিয়ত, জামহুৰিয়াত, ইনছানিয়াত’ৰ দৰে ধাৰণাক এতিয়াও শ্ৰদ্ধাৰে স্মৰণ কৰে। 
 
এই প্ৰেক্ষাপটত আৰু বৰ্তমানৰ বিধানসভা নিৰ্বাচনৰ পৰিস্থিতিত অনুভৱ কৰা হৈছে যে ভাৰতৰ বাকী অংশ আৰু বিশ্বৰ লোকসকলে জম্মু-কাশ্মীৰৰ লোকসকলে ইমান মৰমেৰে লালন-পালন কৰা কাশ্মীৰিয়তৰ ধাৰণাটো বুজিবলৈ চেষ্টা কৰা উচিত। ইয়াৰ দ্বাৰা কাশ্মীৰ উপত্যকাত শতিকাজুৰি বিকশিত হোৱা এক অনন্য সামাজিক-সাংস্কৃতিক নীতি-নিয়মক বুজোৱা হয়।
 
২০০৪ চনত দিল্লীত বিচ্ছিন্নতাবাদী হুৰিয়তৰ নেতাসকলক সাক্ষাৎ কৰাৰ সময়ত অটল বিহাৰী বাজপেয়ী

ইয়াত অঞ্চলটোত বাস কৰা বিভিন্ন ধৰ্মীয় আৰু জাতিগত সম্প্ৰদায়ৰ মাজত মিলাপ্ৰীতি, সহনশীলতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক সুকীয়া জীৱনশৈলীক সামৰি লোৱা হৈছে। 

এতিয়া আমি কাশ্মীৰিয়তৰ ধাৰণাটো বিতংভাৱে অন্বেষণ কৰোঁ আহক:

ঐতিহাসিক প্ৰসংগ: হিন্দু, বৌদ্ধ, ইছলাম আদি বিভিন্ন সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত কাশ্মীৰৰ ইতিহাস অতি চহকী। সংস্কৃতিৰ এই মিলনে কাশ্মীৰিয়তৰ বিকাশত যথেষ্ট অৰিহণা যোগাইছে। বিভিন্ন সময়ত উপত্যকাটোত বিভিন্ন বংশৰ উত্থান-পতন, বিভিন্ন ধৰ্মৰ আগমন, বৈচিত্ৰময় সাংস্কৃতিক পদ্ধতিৰ একত্ৰীকৰণ আদি দেখা গৈছে।
 
ধৰ্মীয় সংমিশ্ৰণ: কাশ্মীৰিয়তৰ মূলতে আছে ধৰ্মীয় সংমিশ্ৰণ, য’ত বিভিন্ন ধৰ্মৰ অনুগামীসকলে মূলতঃ হিন্দু, মুছলমান আৰু বৌদ্ধসকলে শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰি আহিছে। এই সমন্বয়ৰ কাৰণ প্ৰায়ে চুফী আৰু ঋষিবাদৰ শিক্ষা আৰু প্ৰভাৱ বুলি কোৱা হয়:
 
চুফীবাদঃ প্ৰেম, শান্তি আৰু ঐক্যৰ বাৰ্তা প্ৰচাৰত ইছলামিক ৰহস্যবাদী বা চুফীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নন্দ ঋষি (খ্ৰীষ্টাব্দ ১৩৭৭-১৪৩৮) নামেৰে পৰিচিত শ্বেইখ নূৰ-উদ্দিন নুৰানী আৰু লাল দেদ (এগৰাকী পূজনীয় সন্ত আৰু কবি)ৰ দৰে বিশিষ্ট চুফী সন্তসকলে সহনশীলতা আৰু সাৰ্বজনীন ভাতৃত্ববোধৰ প্ৰচাৰ কৰিছিল।
 
কাশ্মীৰৰ পৰম্পৰাগত ৰগান জোছ খাদ্য সম্ভাৰ
 
ঋষিবাদঃ কাশ্মীৰৰ এই থলুৱা আধ্যাত্মিক আন্দোলনে দয়া-মমতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ই হিন্দু আৰু ইছলামিক উভয় পৰম্পৰাৰ উপাদানসমূহ মিহলাই এক অনন্য আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছিল।
 
সাংস্কৃতিক পদ্ধতি আৰু উৎসৱঃ অঞ্চলটোৰ সাংস্কৃতিক প্ৰথা আৰু উৎসৱ-পাৰ্বণত কাশ্মীৰিয়ত স্পষ্ট হৈ পৰে। নৱৰোজ ​​(ছিয়া মুছলমান সম্প্ৰদায়ে উদযাপন কৰা নৱবৰ্ষ), ঈদ আৰু হেৰাথ (কাশ্মীৰী পণ্ডিতসকলে পালন কৰা মহা শিৱৰাত্ৰী) আদি উৎসৱসমূহ পাৰস্পৰিক সন্মান আৰু কেতিয়াবা বিভিন্ন ধৰ্মৰ লোকেও ইয়াত অংশগ্ৰহণ কৰে।
 
ভাষা আৰু সাহিত্য: কাশ্মীৰী ভাষা (কোছুৰ) কাশ্মীৰিয়তৰ এক গুৰুত্বপূৰ্ণ বাহক। ই উপত্যকাৰ বিভিন্ন জনগোষ্ঠীক একত্ৰিত কৰা এখন সেতু হিচাপে কাম কৰে, যিয়ে এক উমৈহতীয়া পৰিচয়বোধৰ পোষকতা কৰে। কবিতা, লোককথা, গদ্যক সামৰি লোৱা কাশ্মীৰী সাহিত্যত প্ৰায়ে সহাৱস্থান,প্ৰেম আৰু বৈচিত্ৰময় ধৰ্মীয় পদ্ধতিৰ প্ৰতি সন্মানৰ বিষয়বস্তু প্ৰতিফলিত হয়। লাল ডেড, হাব্বা খাটুন (কাশ্মীৰৰ নাইটিংগেল), শ্বেখ-উল-আলমৰ দৰে ব্যক্তিৰ কবিতা আৰু কাহিনীয়ে কাশ্মীৰিয়তৰ সাৰমৰ্মক স্পষ্ট কৰি দিয়ে।
 
ছিয়া মুছলমানসকলে উদযাপন কৰা নৱবৰ্ষ 'নৱৰোজ​'ৰ এক মুহূৰ্ত
 
সামাজিক পদ্ধতি: আতিথ্যঃ কাশ্মীৰিয়তৰ এটা উল্লেখযোগ্য অংশ হ’ল অতিথিসকলক তেওঁলোকে জাতি-ধৰ্ম নিৰ্বিশেষে উষ্ম আতিথ্য প্ৰদান কৰে। পৰম্পৰাগতভাৱে কাশ্মীৰীসকল তেওঁলোকৰ মৰমিয়াল আৰু আদৰণীয় স্বভাৱৰ বাবে জনাজাত।
 
পৰম্পৰাগত সাজ-পোছাক আৰু ৰন্ধন-প্ৰকৰণঃ ফেৰান (এবিধ দীঘল পোছাক)ৰ দৰে পৰম্পৰাগত সাজ-পোছাক আৰু ৰোগান জোছ, যখনি, হাখৰ দৰে খাদ্যকে ধৰি উমৈহতীয়া ৰন্ধন-প্ৰকৰণৰ ঐতিহ্য ধৰ্মীয় ৰেখাক অতিক্ৰম কৰা কাশ্মীৰী পৰিচয়ৰ প্ৰতীক।
 
ৰাজনৈতিক আৰু সামাজিক উন্নয়নঃ আধুনিক যুগত কাশ্মীৰৰ ৰাজনৈতিক পৰিস্থিতি আৰু সংঘাতে কাশ্মীৰিয়তৰ ধাৰণাক প্ৰত্যাহ্বান জনাইছে। কিন্তু অস্থিৰতাৰ মাজতো বহুতে বিশ্বাস কৰে যে কাশ্মীৰিয়তৰ মনোভাৱ শান্তি, পাৰস্পৰিক সন্মান আৰু ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা এটা আদৰ্শ হিচাপে কাম কৰিয়েই আছে, যিটো কাশ্মীৰীসকলে বজাই ৰাখিবলৈ চেষ্টা কৰে।
 
শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ নিৰ্বাচনত সকলো সম্প্ৰদায়ৰ লোকৰ সমূহীয়া অংশগ্ৰহণ আৰু ইয়াৰ সফলতাই বাজপেয়ী মহোদয়ে জনপ্ৰিয় কৰা "কাশ্মীৰিয়ত, ইনছানিয়ট, জাম্হুৰিয়াত"ৰ ধাৰণাক নতুন গতি প্ৰদান কৰিব। 
 
(লেখক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান; অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)