পুলিন ডেকা
সংস্কৃতি হৈছে এটা জাতিৰ জীৱন দৃষ্টি। অসমীয়া সংস্কৃতিৰ বর্ণাঢ্য স্বৰূপে আমাৰ স্বকীয়তাক মহীয়ান কৰিছে। এই সংস্কৃতিৰ ৰূপৰেখা নিৰ্ণয়ত বিহুৰ ভূমিকা অনন্য। প্ৰকৃতিৰ মাজেৰে বিকশি উঠা প্রতিটো বিহুৰে সুকীয়া দিশ উদ্ভাষিত হৈ আহিছে। ব'হাগ বিহু, কাতি বিহু আৰু মাঘৰ বিহুৰ মাজত নিগৰি অহা কলাত্মক জীৱনে অসমীয়া জাতিৰ প্ৰাণ প্রাচুর্যতাক প্রকাশি আহিছে। কাতি বিহুৰ সৈতে জড়িত আশা আৰু সম্ভাৱনাই, ইয়াৰ মূল মাদকতা হ'লেও আধ্যাত্মিক জীৱন শৈলীৰ যি ৰূপৰেখা ইয়াৰ মাজেৰে প্রৱাহিত হৈ আহিছে, তাৰ জৰিয়তে আমাৰ সংস্কৃতি আৰু ধৰ্মৰ নিবিড়তাৰ কথা সহজে বোধগম্য কৰিব পাৰি। এই বিহু উদযাপনৰ জৰিয়তে কৃষকে সপোন ৰচে। শষ্যৰে পথাৰ উপচি পৰক। মেটমৰা ধানৰ বোজা কঢ়িয়াই অনাৰ বাবে লক্ষ্মী দেৱীক প্রার্থনা কৰা আৰু ইয়াৰ বাবে এইবোৰ নিয়ম পালন কৰা হয়, সেইবোৰে আমাৰ কৃষ্টিৰ পথাৰ সেউজ কৰি ৰাখিছে।
অসমৰ বিভিন্ন জনগোষ্ঠীসমূহে সুকীয়া ৰূপত বিহু পালন কৰিলেও কাতি বিহুৰ তাৎপৰ্যৰ মাজত প্ৰকৃতিৰ সৈতে থকা নিবিড়তাকে সুচায়। কাতি বিহুৰ সময়ত খেতিয়কৰ ভঁড়াল উদং হৈ পৰে বাবেই এই বিহুক কঙালী বিহু হিচাপে অভিহিত কৰা হয়, যদিও এই বিহু পালনৰ জৰিয়তে প্রকৃতি তথা দেৱ-দেৱীৰ প্ৰতি যিদৰে শ্রদ্ধা নিবেদন কৰা হয়, তাৰ জৰিয়তে ইয়াৰ মাজত থকা মূল আৱেদন সহজে অনুমেয়।
কাতি বিহুৰ দিনা তুলসীৰ তলত চাকি জ্বলোৱাৰ পূৰ্বে তুলসীৰ তল শুদ্ধি কৰি থকা এক দৃশ্য
কাতি বিহুক লখিমী বিহু হিচাপে আদৰা হয়। কাতি বিহুৰ যিবোৰ কৃষ্টি প্রতিফলিত হয় সেইবোৰৰ ভিতৰত অন্যতম হৈছে তুলসীৰ গুৰিত চাকি জলোৱা আৰু আকাশবস্তি প্রজ্বলন কৰা। ব্রহ্মবৈৱর্ত পুৰাণৰ মতে, তুলসী আছিল কৃষ্ণপ্রিয়া ৰাধিকাৰ সহচৰী। তুলসীক লক্ষ্মীদেৱীৰূপে গণ্য কৰি তুলসীক পূজা কৰা নিয়ম সনাতন সংস্কৃতিৰ অন্যতম লক্ষণীয় বিষয়। কাতি বিহুৰ দিনা সন্ধিয়া তুলসীৰ গুৰিত চাকি জ্বলাই খেতিয়কে মনোবাঞ্চা পূৰণৰ বাবে প্রার্থনা জনায়।
তুলা ৰাশিত সূর্য অধিষ্ঠান কৰাৰ সময়ত অনুষ্ঠিত সংক্রান্তীক কার্তিক সংক্রান্তি বা কাতি বিহু বা জলবিষ্ণুৰ সংক্রান্তি বোলে। কাতি বিহুত হোৱা বিবিধ ধর্মীয় কৰ্মৰ ভিতৰত বিষ্ণুপ্রীতি কামনাৰ অৰ্থে পালন কৰা জল সংক্রান্তি ব্রত অন্যতম লক্ষণীয় দিশ। কাতি বিহুৰ পৰা আৰম্ভ কৰি সমগ্র কাতি মাহটোত বিষ্ণুৰ প্রতি ১০৮টা তুলসীৰ পাত আনুষ্ঠানিকভাৱে প্রদান কৰা হয়। জন বিশ্বাস মতে, তুলসীক প্রণাম কৰি সন্তুষ্ট কৰিলে বিষ্ণু সন্তুষ্ট হয়।
তুলসীক লক্ষী স্বৰূপে কামনা কৰা হয়। আনহাতে, কাতি বিহুৰ পৰা আৰম্ভ কৰি গোটেই মাহটোত ৰাতি ৰাতি নামঘৰ, গোঁসাই ঘৰ আদিত নাগাৰা নাম, সংকীর্তন, খুলীয়া ভাৱৰীয়া, পুতলা নাচ, ওজাপালি আদি অনুষ্ঠান অনুষ্ঠিত হয়। এই উৎসৱৰ লগত আধ্যাত্মিকতাৰ ভাব যিদৰে প্রবল, ঠিক একেদৰে কলা-কৃষ্টিৰ বিভিন্ন দিশ প্রতিফলিত হয়। এই বিহুৰ এক লক্ষণীয় দিশ হৈছে তুলসী, চাকি-বন্তি, আকাশ বন্তি, নাম-প্রসংগ, ভক্তিমূলক গীত-পদ আদি পৰিৱেশন। কাতি বিহুৰ দিনা মাটিৰ বেদী সাজি তাৰ কাষত আকাশ বস্তি জ্বলোৱা হয়।
কাতি বিহুৰ দিনা তুলসীৰ তলত চাকি জ্বলোৱা এক দৃশ্য
এই কাতি বিহু অসমৰ অন্যান্য জনগোষ্ঠীসমূহে সুকীয়াভাৱে পালন কৰাটো অন্যতম লক্ষণীয় দিশ। ৰাভাসকলে কাতি বিহুক কাতি দল বা কাতিগাছা বোলে। কাতি মাহৰ আগদিনাৰে পৰা এদিনীয়াকৈ এগছিকৈ চাকি চোতালৰ তুলসীজুপি বা পথাৰৰ ধানগছিক কেন্দ্ৰ কৰি প্রজ্বলন কৰা হয় বাবে এই অনুষ্ঠানটোক কাতিগাছা বোলে। কাতি বিহুত ৰাভাসকলে ঐমোলত কেইবাগছি বন্তি চোতাল, পথাৰ আদিত লগাই গীত পৰিৱেশন কৰে।
আনহাতে, দেউৰী জনগোষ্ঠীত কাতি বিহুৰ বিশেষত্ব হৈছে লখিমীক আদৰি সন্তুষ্ট কৰাৰ অৰ্থে লখিমী পূজা আৰু খেলাবৱীয়াকৈ উদ্যাপন কৰা। পথাৰৰ লখিমী গেঁৰ ধৰাৰ সময়ত কাতি বিহুৰ শুক্ল পক্ষৰ প্ৰথমটো বুধবাৰে এই পূজা পতা হয়। এই পূজাত মহিলাসকলে লখিমী গান পৰিৱেশন কৰাটো লক্ষণীয় দিশ। আনহাতে, সোণোৱাল কছাৰী, দেউৰী, কাৰ্বি, চাহ জনজাতি, বড়ো, মটক, তিৱা, মৰাণ আদিয়ে পালন কৰাৰ লগতে মুছলমান, শিখ, নেপালীসকলেও পৃথক পৰম্পৰাৰে কাতি বিহু পালন কৰে।
অভিভাষী অসমীয়া মুছলমান সকলে কাতি বিহুক গাস্যিৰ দান, গ্যাসি জাগা, কাতি বিহু বুলি কয়। কাছাৰ জিলাত খিলঞ্জীয়া লোকসকলে কাতি মাহৰ শেষৰ দিনা বা সংক্রান্তিৰ দিনা গৰু বিহু পাতে। এই বিহুত তেওঁলোকে গীত পৰিৱেশন কৰে। ধেমাজি জিলাৰ গ্রামাঞ্চলত বিভিন্ন সম্প্রদায়ৰ লোকসকলে কাতি বিহুৰ আগে-পিছে লখিমী সবাহ পাতে। প্রত্যেক লখিমী সবাহৰ বোকা নি নিজৰ ঘৰৰ ভঁৰালত দিয়ে।
কাতি বিহু সুকীয়া ধৰণে বিভিন্ন জনগোষ্ঠীয়ে পালন কৰি অহাৰ বাবেই আমাৰ সাংস্কৃতিক জীৱনধাৰা অধিক বর্ণিল হৈ পৰিছে। ভাৰতীয় সংস্কৃতিৰ তাৎপর্যই হৈছে আধ্যাত্মিকতাক তুলি ধৰা। সংস্কৃতিয়ে এই আধ্যাত্মিকতাক বিশেষ ৰূপদান কৰি আহিছে। কাতি বিহু পালনে মনৰ আশা ৰূপায়ণৰ বাবে মানুহৰ মনত যি আনন্দৰ লহৰ সিচে সেয়াই ইয়াৰ অন্তর্নিহিত আবেদন হৈ আহিছে।
(লেখক এজন তথ্য আৰু জনসম্পৰ্ক, অসম, বিভাগৰ উপ সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ জনসম্পৰক্ষী কোষৰ সৈতে সংলগ্ন)