ড০ শৰৎ বৰকটকী
কেলেণ্ডাৰৰ পিঠিত উঠি আহিল এটা নতুন বছৰ। ২০২৪ চনৰ ৩১ ডিচেম্বৰ দিনটোৰ সূৰ্য্যটোৰ লগত ২০২৫ চনৰ ১ জানুৱাৰীৰ সূৰ্য্যটোৰ বিশেষ পাৰ্থক্য নাই। নতুন বছৰত পুৰণি বছৰৰ দৰে একেই আকাশ, একেই বতাহ। সলনি মাত্ৰ তাৰিখ, দিন আৰু সময়ৰ জোখ মাপ। আমাৰ গ্ৰহটোৱে সূৰ্য্যৰ চাৰিওফালে আন এটা সফল চক্ৰ সম্পূৰ্ণ কৰিছে বুলিয়েই তাৰ অৰ্থ এইটো নহয় যে, পুৰণি হোৱা বিদায়ী বছৰৰ শেষ দিনটো অৰ্থাৎ আগদিনাতকৈ নতুন বছৰটো সম্পূৰ্ণ বেলেগ।
তথাপি এই সলনিৰ বাবেই নতুন বছৰৰ গুৰুত্ব আছে। নতুন বছৰত সংকল্প লোৱা হয় ,পৰিকল্পনা কৰা হয়, জীৱনটো আগবঢ়াই নিবলৈ প্ৰস্তুতি চলোৱা হয়। এই পৰিকল্পনা কেতিয়াবা ব্যক্তিগত জীৱনৰ বাবে, কেতিয়াবা সমাজৰ বাবে। ২০২৪ চনত অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যদা লাভ কৰা বাবে আমি আনন্দ অনুভৱ কৰিছোঁ যদিও অসমীয়া ভাষাৰ গ্ৰন্থৰ পাঠক বৃদ্ধি হোৱা নাই।
ৰাছিয়া-উক্ৰেইনৰ মাজৰ যুদ্ধৰ ছবি
অসমীয়া মানুহে নিজৰ ভাষাৰ কিতাপ কিমান পঢ়ে বুলি সুধিলে তাৰ পৰিসংখ্যা উদ্বেগজনক। সকলো ধৰণৰ কিতাপ পাঠকে বিচৰাৰ দৰে নহ'ব পাৰে, তথাপি কল্পকাহিনী হওঁক, গদ্য বা স্মৃতিগ্ৰন্থ হওঁক, কবিতা হওঁক, যিয়েই নহওঁক কিয় পঢ়িবলৈ আগ্ৰহ কমি গৈছে। অন্যহাতে, অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ছাত্ৰৰ সংখ্যা দিনে দিনে কমি গৈছে। ইয়াৰ প্ৰকৃত কাৰণ সম্বন্ধে ভালদৰে বিদ্যায়তনিক অধ্যয়ন হোৱা নাই বা সমাধানৰ উপায় কি সেই বিষয়ে সঠিকভাৱে নীতি নিৰ্দেশনা নিৰ্ণয় হোৱা নাই। চিৰ চেনেহী ভাষা জননীৰ কাৰণে কেৱল আৱেগেৰে সকলো কাম নহ'ব।
অন্যহাতে, বিজ্ঞান-প্ৰযুক্তি সাম্প্ৰতিক সাহিত্যৰ মাজত সোমাই পৰিছে। সাহিত্য তত্বৰ দিশবোৰতো কৃত্ৰিম বুদ্ধিমত্তাই যেন আধিপত্য চলাব ধৰিছে। কৃত্ৰিম বুদ্ধিমত্তাই কবিতা লিখিব পাৰে, গল্প লিখিব পাৰে, ভাষণ লিখিব পাৰে। মানুহৰ আৱেগ কৃত্ৰিম বুদ্ধিমত্তাৰ কবলত সোমাই পৰিব নেকি এই বিষয়ে চিন্তা হৈছে। প্ৰেম, ভালপোৱা যদি কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে হয়, তেনেহলে মানৱতা ভগনীয়া হ'ব নেকি-এনেকুৱা চিন্তাবোৰ নতুন বছৰৰ আৰম্ভণিত মনলৈ আহিছে।
নতুন বছৰত আমি যুদ্ধবিহীন এখন পৃথিৱী বিচাৰোঁ। দেশে, দেশে চলি থকা তেজৰ ঢল বন্ধ হওঁক। ৰাছিয়া আৰু ইউক্রেইনৰ মাজৰ যুদ্ধ, ইজৰাইল আৰু পেলেষ্টাইন মাজৰ যুদ্ধ বন্ধ হওঁক, ধৰ্মৰ নামত হত্যা বন্ধ হওঁক, বন্ধ হওঁক শিশুৰ মৃত্যুৰ কৰুণ ছবিবোৰ, বন্ধ হওঁক ইতিহাস জড়িত উচ্চ অট্টালিকা ধ্বংস কৰা বোমা বৰ্ষণ।
কিতাপ প্ৰেমী (প্ৰতিনিধিত্বমূলক)
সেয়ে, এজন দৰ্জী বিচাৰি আছোঁ, যুদ্ধ বিচৰা দেশবোৰৰ বন্দুকৰ মুখবোৰ চিলাই দিবলৈ। এখন দেশে আন দেশৰ মানুহক ভাল পাওঁক। আমি এখন শান্তিৰ পৃথিৱী বিচাৰোঁ, প্ৰদূষণ মুক্ত পৃথিৱী বিচাৰোঁ, এখন বিশ্বাসৰ পৃথিৱী বিচাৰোঁ।
বিগত বছৰবোৰত মানুহৰ মাজত চলনা, ঠগ, লোভ, প্ৰতাৰক, অহংকাৰীৰ প্ৰতাপ দেখিলোঁ। মাজে মাজে অনুভৱ কৰিছোঁ সন্মান আৰু মৰ্যদা যেন মানুহৰ মাজৰ পৰা পলাই গ'ল, বিবেক ভগনীয়া হ'ল। নতুন বছৰক মহান আশাৰে অভিবাদন বুলি মাইকেল হৰ্নাৰে কৈছে যে, "মই সদায় বছৰৰ শেষৰ মাজনিশাৰ ঠিক আগতে দৌৰ মাৰি এবছৰ বিদায় বুলি কওঁ আৰু তাৰ পিছত মাজনিশাৰ ঠিক পিছত দৌৰ মাৰো, মাজনিশা মোৰ চিৰদিনৰ প্ৰেমিকাক চুমা খাই যদি মই তেওঁক জগাই তুলিব বিচাৰোঁ।"
দ্ৰৌপদী ভাষা হিচাপে স্বীকৃতি পোৱা 'অসমীয়া' ভাষা
শ্বাৰলক অস্মিটতে লিখিছে, "The journey to find what you seek begins with understanding who is doing the seeking."
কবিৰ ভাষাত ক'ব পাৰিঃ
নতুন বছৰ, নতুন আনন্দ, নতুন উৰণৰ সপোন।
প্ৰতিদিনে নতুন পোহৰে কঢ়িয়াই আনক, অভিনন্দন।
যোৱা বছৰৰ বেয়া লগা স্মৃতিবোৰ পাহৰি যোৱা, নতুন বছৰত সকলোকে আঁকোৱালি লোৱা।
নতুন পথত যাত্ৰা, বছৰৰ প্ৰতিটো দিন উৎসৱমুখৰ হওঁক।
নতুন বছৰ পোহৰ হৈ আঁহক, প্ৰতিটো সময় কেৱল মিঠা সুগন্ধি বিয়পি পৰক।
নতুন বছৰৰ ঘণ্টা ধ্বনি শুনিছোঁ, আকাশত উৰি থকা ডাৱৰ, হিমশীতল পোহৰ বছৰটো শেষৰ ৰাতি;
পুৰণি বাঁহীত সুৰ বাজি আছে, নতুন সুৰ এটা বজাই দিয়া, মানুহক ভাল পোৱা সুৰ এটা বিচাৰি আছোঁ।
বাজি উঠক, বাজি উঠক আনন্দৰ ঘণ্টাবোৰ, নিয়ৰৰ সিপাৰে, বছৰটো গৈ আছে, তেওঁক যাবলৈ দিয়া;
আমি সকলোৱে মানৱজাতিৰ প্ৰতিকাৰৰ বাবে প্ৰাৰ্থনা কৰোঁ।
নতুন বছৰৰ সূৰ্যটো হওঁক যেন সত্য আৰু সঠিক প্ৰেমৰ আঙঠি।
নতুন বছৰত সত্য, বিবেকৰ কণ্ঠ শক্তিশালী হোৱাৰ কামনা কৰোঁ। কুৰি শতিকাৰ ইংৰাজ কবি এডিথ লাভজয় পিয়ৰ্চে কৈছিল,
"নতুন বছৰৰ কিতাপখন আমিয়েই উন্মোচন কৰিম, ভিতৰৰ খালী হৈ থকা পৃষ্ঠাবোৰত আমিয়েই লিখিম, গ্ৰন্থখনৰ নাম দিম সুযোগ। ইয়াৰ প্ৰথম অধ্যায়টো হ'ব নৱবৰ্ষ দিৱস।"
কবিয়ে কোৱাৰ দৰে আশা আৰু বিশ্বাসৰ নতুন বছৰৰ পৃষ্ঠাবোৰ মানুহেই উন্মোচন কৰিব লাগিব।
(লেখক নগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ)