ভাৰতৰ স্বাৰ্থ কোনো নেতা বা ৰাজনৈতিক দলৰ প্ৰতি নহয়, দেশৰ প্ৰতিহেঃ ইউনুছক ক'লে মোদীয়ে

Story by  atv | Posted by  [email protected] • 7 d ago
আলোচনাৰ সময়ত অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
আলোচনাৰ সময়ত অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
ছালিম ছামাদ

৪ এপ্ৰিলত থাইলেণ্ডৰ বেংককত অনুষ্ঠিত বিমষ্টেক শীৰ্ষ সন্মিলনৰ মাজতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক দশকৰ মূৰত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে বৈঠকত মিলিত হোৱাৰ খবৰে দেশ দুখনৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে।

এই বৈঠকত চুবুৰীয়া দুখন দেশ বাংলাদেশ আৰু ভাৰতৰ সম্পৰ্কক লৈ শেহতীয়াকৈ চলি থকা সকলো প্ৰশ্ন আৰু জল্পনা-কল্পনাই স্থান পায়। বাংলাদেশত ৰাজপথৰ ৰক্তাক্ত প্ৰতিবাদ, শ্বেখ হাছিনাক ক্ষমতাৰ পৰা উৎখাত আৰু তাৰ পিছত মূৰব্বী সলনি হোৱাৰ আঠ মাহৰ মূৰত তেওঁলোকে এইদৰে এখন বৈঠকত মিলিত হয়।

দক্ষিণ এছিয়াৰ এই দুখন প্ৰধান দেশৰ নেতাদ্বয়ে ইজনে সিজনক পাৰস্পৰিক সন্মান প্ৰদৰ্শন কৰি মুকলিভাৱে বৈঠকত বহে। তেওঁলোকৰ ৪০ মিনিটৰ আদান-প্ৰদান স্পষ্ট আৰু গঠনমূলক আছিল বুলি ভাৰতৰ চৰকাৰী মুখপাত্ৰগৰাকীয়ে জনায়।

নৰেন্দ্ৰ মোদীয়ে এক্সত কয়, “বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছক মই লগ পাইছিলো। বাংলাদেশৰ সৈতে গঠনমূলক আৰু জনকেন্দ্ৰিক সম্পৰ্কৰ প্ৰতি ভাৰত দায়বদ্ধ হৈ আছে। বাংলাদেশত শান্তি, সুস্থিৰতা, সৰ্বাংগীনতা আৰু গণতন্ত্ৰৰ বাবে ভাৰতৰ সমৰ্থন পুনৰবাৰ উল্লেখ কৰিলোঁ। আমি অবৈধ সীমান্ত পাৰ হোৱা ঘটনাৰ বিষয়ে আলোচনা কৰি হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ সুৰক্ষা আৰু মংগলৰ বাবে আমাৰ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰো।”
 

বিমষ্টেক সন্মিলনৰ মাজত নৰেন্দ্ৰ মোদী আৰু মহম্মদ ইউনুছৰ গুৰুত্বপূৰ্ণ বৈঠক
 
এই বৈঠকখনৰ উদ্যোক্তা আছিল বাংলাদেশস্থিত ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় কুমাৰ ভাৰ্মা। অধ্যাপক ইউনুছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰত্যাৰ্পণৰ বাবে কৰা আনুষ্ঠানিক অনুৰোধৰ শেহতীয়া স্থিতিৰ বিষয়ে জানিব বিচাৰে, যিটো ভাৰত চৰকাৰৰ ওচৰত সম্প্ৰতি বিচাৰাধীন হৈ আছে। ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সাংবাদিকসকলক জনোৱা হৈছিল যে বাংলাদেশে হাছিনাৰ সম্ভাৱ্য প্ৰত্যাৰ্পণৰ পৰিকল্পনা পুনৰবাৰ উল্লেখ কৰিছে।

বাংলাদেশে অভিযোগ কৰে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনাই বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত বিভিন্ন উত্তেজিত মন্তব্য আৰু অভিযোগ উত্থাপন কৰি বাংলাদেশৰ পৰিস্থিতি অস্থিৰ কৰাৰ চেষ্টা চলাই আছে। 

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে শ্বেখ হাছিনাৰ এই মন্তব্যক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাৰ বাবে ছ’চিয়েল মিডিয়াক জগৰীয়া কৰে। কিন্তু হাছিনাৰ বিষয়টোৰ উত্তৰত মোদীয়ে কয়, “পৰিৱেশক বিকৃত কৰা মন্তব্য” এৰাই চলাটোৱেই উত্তম। বৈঠকত তেওঁ কোৱা এটা উল্লেখনীয় বিষয় হ’ল যে শ্বেখ হাছিনাৰ সৈতে ভাৰতৰ ভাল সম্পৰ্ক থাকিলেও ভাৰতে মহম্মদ ইউনুছক প্ৰাপ্য সন্মান দি আছে। 

তেওঁ স্পষ্ট কৰি দিয়ে যে ভাৰতৰ মোহ কোনো ব্যক্তি বা ৰাজনৈতিক সংগঠনৰ সৈতে নহয়, কোনো দেশৰ সৈতেহে৷ ইউনুছক মোদীয়ে কয়, ‘আমাৰ সম্পৰ্ক মানুহৰ লগত।" এই মন্তব্যৰে তেওঁ বুজাব বিচাৰিছিল যে ভাৰতে কেৱল আৱামী লীগৰ প্ৰতি আনুগত্যৰ প্ৰতিশ্ৰুতি দিয়া নাই।

ভাৰতে ইচ্ছাকৃতভাৱে বিগত বৰ্ষৰ জুলাই-আগষ্টৰ আন্দোলনৰ কথা উল্লেখ কৰাৰ পৰা বিৰত থাকে। এই ঘটনাত ১৪০০ ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিবাদকাৰীক আৰক্ষী বাহিনী আৰু অস্ত্ৰধাৰী আৱামি লীগৰ ভিজিলেণ্টে হত্যা কৰিছিল। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে প্ৰধানমন্ত্ৰীয়ে নিজেই নিৰাপত্তা বাহিনীক প্ৰতিবাদকাৰীক হত্যা কৰিবলৈ আৰু তেওঁলোকৰ মৃতদেহ লুকুৱাবলৈ নিৰ্দেশ দিছিল।

বিৰোধী, সমালোচক, সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বিৰুদ্ধে হাছিনাৰ এক স্বভাৱগত ঘৃণা আছিল। সাংবাদিক, সমালোচক, মানৱ অধিকাৰ কৰ্মী আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালীসকলৰ বিৰুদ্ধে দমনমূলক চাইবাৰ অপৰাধ আইনৰ অধীনত জামিনবিহীন অভিযোগত গোচৰ ৰুজু কৰা হৈছিল। হাছিনাৰ দমনমূলক শাসন ব্যৱস্থাৰ প্ৰতি ভাৰত বা ভাৰতীয় সংবাদ মাধ্যমে প্ৰায়েই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। তেওঁ কঠোৰ হাতেৰে দেশ শাসন কৰিছিল।

ভাৰতে হাছিনাক আশ্ৰয় প্ৰদানৰ সিদ্ধান্তক লৈ বাংলাদেশৰ জনসাধাৰণে বিৰোধিতা কৰিছে। আনহাতে ঢাকাৰ আদালতে জুলাই-আগষ্টৰ ৰাজপথৰ প্ৰতিবাদৰ সময়ত মানৱতাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ অভিযোগত তেওঁক কাঠগড়াত থিয় কৰাবলৈ অপেক্ষা কৰি আছে।
 

দুৰ্বৃত্তই ধ্বংস কৰা শ্বেখ হাছিনাৰ বাসগৃহৰ অৱস্থা
 
বিক্ৰম মিশ্ৰীৰ আনুষ্ঠানিক বক্তব্যৰ সন্দৰ্ভত যুক্তি দিয়া হৈছে যে ভাৰতত সাত দশক ধৰি কাৰ্যক্ষম গণতন্ত্ৰ থকাৰ পিছতো দিল্লীয়ে ২০১৪, ২০১৮ আৰু ২০২৪ চনত সৰ্বাংগীন নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ হাছিনাক কেতিয়াও পৰামৰ্শ দিয়া নাছিল। বৰঞ্চ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে হাছিনাক পুনৰ ক্ষমতালৈ নিৰ্বাচিত হোৱাৰ বাবে তাৎক্ষণিকভাৱে অভিনন্দন জনায়।

এই তিনিওটা নিৰ্বাচনতে ব্যাপক ত্ৰুটি আছিল। নিৰ্বাচন শেষ নোহোৱালৈকে প্ৰশাসনে লাখ লাখ লোকক কাৰাগাৰত বন্ধ কৰি ৰাখিছিল বুলি নিৰ্বাচন পৰ্যবেক্ষক আৰু মানৱ অধিকাৰ সংগঠনসমূহে প্ৰকাশ কৰিছে। বিগত বৰ্ষৰ আগষ্ট মাহত ভাৰতে ক্ষমতাচ্যুত শ্বেখ হাছিনাক ৰাজনৈতিক আশ্ৰয় দিয়াৰ সিদ্ধান্ত লোৱাৰ পিছতে দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কত ফাট মেলে।

‘প্ৰধানমন্ত্ৰী মোদীয়ে গণতান্ত্ৰিক, সুস্থিৰ, শান্তিপূৰ্ণ, প্ৰগতিশীল আৰু সৰ্বাংগীন বাংলাদেশৰ প্ৰতি ভাৰতৰ সমৰ্থন পুনৰবাৰ উল্লেখ কৰে। তেওঁ বাংলাদেশৰ সৈতে ইতিবাচক আৰু গঠনমূলক সম্পৰ্ক গঢ়ি তোলাৰ ভাৰতৰ ইচ্ছাক আলোকপাত কৰে। পৰিৱেশ বিনষ্ট কৰা যিকোনো বাক্যবাণ এৰাই চলাটোৱেই উত্তম বুলিও প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়।’-মিশ্ৰীয়ে কয়।

বাংলাদেশৰ হিন্দুকে ধৰি সংখ্যালঘুসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতৰ উদ্বেগক আলোকপাত কৰি মোদীয়ে তেওঁলোকৰ বিৰুদ্ধে সংঘটিত অত্যাচাৰৰ গোচৰৰ পুংখানুপুংখ তদন্তকে ধৰি বাংলাদেশ চৰকাৰে তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰিব বুলি আশা প্ৰকাশ কৰে। বাংলাদেশৰ সংখ্যালঘুৰ অৱস্থাক লৈ মোদীৰ উদ্বেগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্য উপদেষ্টা ইউনুছে কয় যে সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণৰ বাতৰি ভুলভাৱে প্ৰচাৰ কৰা হৈছে আৰু ইয়াৰ অধিকাংশই ভুৱা বাতৰি।

ইউনুছে কয় যে তেওঁ দেশৰ ধৰ্মীয় আৰু লিংগ হিংসাৰ প্ৰতিটো কাণ্ডৰ নিৰীক্ষণৰ বাবে এক ফলপ্ৰসূ ব্যৱস্থা স্থাপন কৰিছে, আৰু তেওঁৰ চৰকাৰে এনেধৰণৰ যিকোনো পৰিঘটনা বন্ধ কৰাৰ বাবে গুৰুতৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইউনুছে সীমান্তত হত্যাৰ বিষয়টোও উত্থাপন কৰি মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ বাবে একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতীয় সীমান্ত সৈন্যই কেৱল আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিছিল আৰু ভাৰতীয় ভূখণ্ডত এই প্ৰাণহানি সংঘটিত হৈছিল। আইনৰ কঠোৰ বলবৎকৰণ আৰু অবৈধ ক্ৰছিং ৰোধে আস্থা আৰু আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰিব আৰু ভাৰত আৰু বাংলাদেশৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাত সহায় কৰিব বুলি নেতাদ্বয়ে একমত প্ৰকাশ কৰে। উল্লখ্য যে, সীমান্তত সংঘটিত হত্যাকাণ্ডৰ ক্ষেত্ৰত ভাৰতৰ অসামঞ্জস্যপূৰ্ণ স্থিতিয়ে বাংলাদেশত ভাৰত বিৰোধী আৱেগ বৃদ্ধিত অৰিহণা যোগাইছে।

বাংলাদেশৰ মুখ্য উপদেষ্টাৰ কাৰ্যালয়ে প্ৰধানমন্ত্ৰী মোদীক এখন ফটো দাখিল কৰাৰ সময়ত ভাৰত আৰু ভাৰতীয়ক এক শক্তিশালী কূটনৈতিক বাৰ্তা প্ৰদান কৰে। ফটোখনত ২০১৫ চনৰ ৩ জানুৱাৰীত মুম্বাইত অনুষ্ঠিত হোৱা ১০২ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছত নৰেন্দ্ৰ মোদীয়ে নোবেল বিজয়ী অধ্যাপক ইউনুছক সোণৰ পদক প্ৰদান কৰাৰ দৃশ্য আছে। লাখ লাখ বঞ্চিত মহিলাক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰা সামাজিক ব্যৱসায় আৰু ক্ষুদ্ৰ ঋণৰ উদ্ভাৱকক মোদীয়ে পূৰ্বৰে পৰা ভালকৈ জানিছিল বুলি ভাৰতে কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে।

দুয়োখন দেশৰ মাজৰ সম্পৰ্কই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰি ইউনুছে কয়, “আমি আপোনালোকৰ সৈতে একেলগে কাম কৰি আমাৰ উভয় দেশৰ জনসাধাৰণৰ সুবিধাৰ বাবে সম্পৰ্কক সঠিক দিশত আগবঢ়াব বিচাৰিছো। বাংলাদেশে ভাৰতৰ সৈতে থকা সম্পৰ্কক গভীৰভাৱে মূল্য দিয়ে। আমাৰ দুয়োখন দেশৰ মাজত গভীৰভাৱে শিপাই থকা বন্ধুত্ব প্ৰতিষ্ঠা হৈছে আন্তঃসংলগ্ন ইতিহাস, ভৌগোলিক সান্নিধ্য, আৰু সাংস্কৃতিক আত্মীয়তাৰ ওপৰত। ১৯৭১ চনত [বাংলাদেশৰ জন্ম] আমাৰ আটাইতকৈ প্ৰত্যাহ্বানমূলক সময়ত ভাৰত চৰকাৰ আৰু জনসাধাৰণৰ অটল সমৰ্থনৰ বাবে আমি এতিয়াও কৃতজ্ঞ হৈ আছো।”

বাংলাদেশৰ সৰ্বাধিক প্ৰচাৰিত কাকত 'প্ৰথম আলো' (Prothom Alo)ৱে এটা সম্পাদকীয়ত লিখিছে- “যদিও পলম হৈছে, বাংলাদেশ আৰু ভাৰতৰ মাজত হোৱা উচ্চ পৰ্যায়ৰ বৈঠকক আমি আদৰণি জনাইছো। একে সময়তে আমি বিশ্বাস কৰোঁ যে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কত চলি থকা উত্তেজনা সমাধানৰ বাবে কেৱল এখন বা দুখন বৈঠকেই যথেষ্ট নহয়। সকলো স্তৰতে আলোচনা স্থায়ী হ’ব লাগিব। বাংলাদেশে দীৰ্ঘদিন ধৰি চৰকাৰৰ দুই মুৰব্বীৰ মাজত এনে বৈঠকৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।"
 

ইস্কনৰ উদ্যোগত বাংলাদেশত আয়োজিত এক শান্তি সমদল
 
কাকতখনে পুনৰ কয়, ‘যোৱা বছৰৰ ৫ আগষ্টত আৱামী লীগ চৰকাৰৰ পতন আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতত আশ্ৰয় লোৱাৰ পিছৰে পৰা বাংলাদেশ-ভাৰতৰ সম্পৰ্কত কিছুমান বিশেষ প্ৰত্যাহ্বান দেখা গৈছে। যদিও বাংলাদেশৰ ৰাজনৈতিক পৰিৱৰ্তন সম্পূৰ্ণৰূপে আভ্যন্তৰীণ বিষয়, তথাপি দিল্লীৰ নীতি নিৰ্ধাৰকসকলে এই বাস্তৱতাক মানি ল’বলৈ অসুবিধা পাইছে।”

প্ৰথম আলোৱে উভয় দেশৰ মাজত সুস্থ দ্বিপাক্ষিক সম্পৰ্ক, যোগাযোগ আৰু আন্দোলনৰ বাবে আহ্বান জনায়। লেখক তথা গৱেষক মহিউদ্দিন আহমেদে দুখ প্ৰকাশ কৰিছে যে ভাৰতে যোৱা বছৰৰ আগষ্ট মাহৰ পৰা বাংলাদেশী নাগৰিকক ভিছা প্ৰদানৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ভিছা প্ৰদান নকৰাৰ ফলত তিনিখন প্ৰত্যক্ষ ৰেল আৰু বাছ সেৱা বন্ধ হৈ পৰে। দুয়োখন দেশৰ মাজত বিমান সেৱাও যথেষ্ট হ্ৰাস পাইছে। অৱশ্যে, বাংলাদেশে ভাৰতৰ কঠোৰ ভিছা নীতিৰ কোনো প্ৰত্যুত্তৰ দিয়া নাই আৰু ইয়াৰ পৰিৱৰ্তে সকলো বিভাগক ভাৰতীয় নাগৰিকক বিশেষকৈ সাংবাদিকসকলক ক্ষিপ্ৰতাৰে ভিছা প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

আন এটা বিতৰ্কৰ বিষয় আছিল পানীৰ ভাগ-বতৰা। বাংলাদেশ আৰু ভাৰতৰ প্ৰায় চাৰি হাজাৰ কিলোমিটাৰ স্থল সীমাৰেখাই নহয়, ৫৪খন উমৈহতীয়া নদীও আছে। মোদী চৰকাৰৰ কাৰ্যকালত ভূমি সীমাৰ বিষয়টো সমাধান হোৱাৰ বিপৰীতে উমৈহতীয়া নদীৰ পৰা পানী বিভাজনৰ বিষয়টো অস্থিৰ হৈ আছে। ২০২৬ চনত গংগাৰ পানী ভাগ-বতৰা চুক্তি (Ganges water-sharing treaty)ৰ ম্যাদ উকলি যাব।

ভাৰতীয় থিংক টেংক অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যন (Observer Research Foundation)ৰ বৈদেশিক নীতিৰ মুৰব্বী হৰ্ছ পণ্টে আশা প্ৰকাশ কৰে যে মোদী আৰু ইউনুছৰ মাজত হোৱা বৈঠকে ঐতিহাসিকভাৱে ঘনিষ্ঠ ৰাষ্ট্ৰ দুখনৰ মাজত কিছুমান সংযোগ পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। সীমান্তৰ দুয়োপাৰৰ কেইবাটাও থিংক টেংকে বৈঠক অনুষ্ঠিত হোৱাৰ পিছত উল্লেখ কৰে যে ভাৰতে বাংলাদেশৰ সৈতে সম্পৰ্কৰ নতুন পথ নিৰ্ধাৰণ কৰিব বিচৰাটো স্পষ্ট। 

(লেখকজন Reporter without Border (RSF) নামৰ সংবাদ গোষ্ঠীৰ ৰিপ’ৰ্টাৰ। এই লেখাটো ২০২৫ চনৰ ৭ এপ্ৰিলত পাকিস্তানৰ ইছলামাবাদৰ ষ্ট্ৰেথিয়া পলিচি জাৰ্নেল (Stratheia Policy Journal)ত প্ৰকাশ পাইছিল)


শেহতীয়া খবৰ