নাৰ্গিছ মহম্মদী, 'হোৱাইট টৰ্চাৰ' আৰু নাৰীৰ হকে বিৰামহীন খোজ

Story by  atv | Posted by  Munni Begum • 4 d ago
নাৰ্গিছ মহম্মদী
নাৰ্গিছ মহম্মদী
 
স্বপ্না দাস
 
স্বপ্ন তেওঁৰ--- মূৰ তুলি মুকলি মনেৰে ৰৌদ্ৰোজ্জ্বল কিম্বা জোনগলা আকাশ চোৱাৰ। স্বপ্ন তেওঁৰ--- নীলিম আকাশৰ তলত মুকলি উশাহ তেওঁৰ দৰে সকলো নাৰীয়ে লওক। সেই স্বপ্নত অহৰহ তেওঁ আতুৰ হয়; একেই স্বপ্নত সকলো নাৰীকেই স্বপ্নাচ্ছন্ন কৰোৱাৰো প্ৰয়াস অনবৰতেই কৰিব বিচাৰে। তেওঁ এনে এখন দেশৰ নাগৰিক, যি দেশত তেনে সপোন দেখাই একপ্ৰকাৰৰ অপৰাধ, তেনে প্ৰেক্ষাপটত সেই দেশত এই ধৰণৰ সপোনক বাস্তৱায়িত কৰাৰ প্ৰয়াস কৰাটো কিমান ভয়ংকৰ হ'ব পাৰে ভাবিলেই গাৰ নোম শিয়ৰি উঠে। কিন্তু অলেখ নাৰীয়ে মুকলিকৈ উশাহ ল'ব পৰাকৈ এখন সুবিশাল নীলিম আকাশ মূৰৰ ওপৰত কঢ়িওৱাৰ স্বপ্ন দেখাৰ সমানেই সেই স্বপ্নক দিঠক কৰাৰ যুঁজখনৰ এগৰাকী স্থিতপ্ৰজ্ঞ আৰু নিৰ্ভীক যোদ্ধা তেওঁ-- যাৰ লক্ষ্য যুদ্ধৰ অন্তিম মুহূৰ্তলৈ এন্ধাৰে-পোহৰে যুঁজি থকা।  
 
সঁচাকৈয়ে, প্ৰাপ্তিৰ বাট উজু নহয়। প্ৰতিটো খোজতেই কাঁইটৰ খোচ। প্ৰাপ্তিমুখী স্বপ্নিল প্ৰত্যাশাৰে ভৰা সেই যাত্ৰা যদি হয় অধিকাৰ আজুৰি হ'লেও লোৱাৰ, তেন্তে হাজাৰ প্ৰতিবন্ধকতাৰ হেঙাৰ অতিক্ৰম কৰাৰ বাবে প্ৰতিগৰাকী যুঁজাৰু সাজু থাকিব লাগিব। আনকি তেনে অধিকাৰ প্ৰাপ্তিৰ মূল্য পৰিশোধ কৰিবলৈ আপোন জীৱনকো তুচ্ছ জ্ঞান কৰিবলৈও সময়ত সাজু থকাৰ প্ৰয়োজন! এনেদৰেই বিশ্বাস কৰা তেওঁৰ জন্ম, তেওঁৰ কৰ্ম যেন আপোন জীৱনৰ কথা তিলমানো নাভাবি নিজে বন্ধকুঠৰীত কাৰাৰুদ্ধ অৱস্থাত থাকি অলেখ নাৰীক মুকলিকৈ উশাহ লোৱাৰ, মুকলি মনেৰে নীলিম আকাশ চোৱাৰ অধিকাৰ দিয়াবলৈহে। সেয়েই নিজে কাৰাগাৰৰ অন্ধকাৰচ্ছন্ন কোঠালিত শ্বাসৰুদ্ধ জীৱন কটায়ো তেওঁ অব্যাহত ৰাখিছে অন্য অলেখ নাৰীক পোহৰ দেখুওৱাৰ বাট গঢ়াৰ যাত্ৰা। তেওঁ আন কোনো নহয়, হাজাৰ-বিজাৰ নাৰীৰ বাবে সপোন দেখি নিজৰ জীৱন কণ্টকাকীৰ্ণ হোৱাৰ পিছতো থমকি নোৰোৱা এই মহান নাৰীগৰাকীয়েই হ'ল নাৰ্গিছ মহম্মদী, ইৰানৰ ৫২ বছৰীয়া যিগৰাকী মহিলাৰ বৰ্তমানৰ ঠিকনা ইৰানৰ টেহৰণ জে'ল। 
 
ইৰাণত বন্দী হৈ থকা নৰ্গিছ মহম্মদীৰ সন্তানে তেওঁৰ হৈ শান্তিৰ নোবেল বঁটা গ্ৰহণ কৰাৰ এক দৃশ্য
 
২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদী ইৰানৰ এগৰাকী অক্লান্ত সমাজকৰ্মী। ইৰাণৰ নাগৰিকৰ মানৱাধিকাৰ সুস্থ গণতন্ত্ৰৰ হকে আৰু মৃত্যুদণ্ডৰ বিৰোধিতাৰ বাদেও মূলতঃ নাৰীৰ সম-অধিকাৰৰ দাবীৰে বিদ্যাৰ্থী জীৱনৰ পৰাই তেওঁ মাত মাতি আহিছে। ২০২৩ চনৰ অক্টোবৰ মাহত কাৰাগাৰত কাৰাবন্দী হৈ থকা সময়ত তেওঁক ইৰানৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতা প্ৰসাৰৰ বাবে নাৰ্গিছ মহম্মদীয়ে অব্যাহত ৰখা যুঁজৰ বাবে ২০২৩ চনৰ শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হয়।
 
সাধাৰণ দৃষ্টিত নাৰী এগৰাকীক পুৰুষতকৈ শাৰীৰিক বা মানসিকভাৱে দুৰ্বল বুলি ভবা হয়, যদিও নাৰীয়ে যেতিয়া নিজৰ লগতে দেশৰ সমস্ত নাৰীৰ অধিকাৰৰ আপাহ অন্তৰাত্মাত ধাৰণ কৰে, তেনে প্ৰেক্ষাপটত নাৰী তেতিয়ালৈ ক্ষান্ত হ'ব নোৱাৰে, যেতিয়ালৈ শৰীৰৰ শেষ বিন্দু তেজ থাকে। অন্তিম উশাহলৈকে স্বপ্নৰ পথৰ পৰা পথচ্যুত নোহোৱাকৈ তেনে নাৰীয়ে যুঁজি থাকে। তাৰেই জীৱন্ত উদাহৰণ নাৰ্গিছ মহম্মদী। তেওঁৰ এই যুঁজত কাৰাবন্দী হৈ থকা সময়খিনিতো প্রতিটো পল তেওঁ স্বপ্নক দিঠক কৰাৰ তাগিদাতেই চকু-কাণ সজাগ কৰি ৰাখিছিল। সেইবাবেই তেওঁ জে'লৰ ভিতৰত থকা অৱস্থাতো মহিলা কাৰাবন্দীসকলক একক কোঠালিত বন্দী কৰি তেওঁলোকৰ ওপৰত চলোৱা শাৰীৰিক, মানসিক, যৌন নিৰ্যাতনৰ কথা বিভিন্ন সময়ত বিভিন্ন নাৰীৰ মুখৰেই শুনিছিল; হৃদয়ংগম কৰিছিল তেওঁলোকৰ বুকুৰ অকথিত বেদনা। 
 
নাৰ্গিছ মহম্মদীয়ে অনুভৱ কৰিছিল যে কাৰাবন্দী সেই নাৰীসকলৰ বুকুৰ বেদনাই লাহে লাহে যেন কোনেও নেদেখা এটুকুৰা ঘাঁ হৈ পৰিছিল। অদৃশ্য সেই কেঁচা ঘাঁৰ অসহ্যকৰ বিষত দিনে-ৰাতিয়ে চট-ফটাই থাকে সেই নাৰীসকল! কিমান যন্ত্ৰণাদায়ক হ'ব পাৰে কোনেও নেদেখা ঘাঁ কলিজাত কঢ়িয়াই ফুৰা? কিমান কষ্টকৰ হ'ব পাৰে কাকো ক'ব নোৱাৰা সেই ঘাঁ অহৰহ বুকুত কঢ়িয়াই ফুৰা। যি কাহানিও শুকুৱাৰ আশা নাই? নাৰ্গিছ মহম্মদী ইভিন কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা সময়ৰ কথা। তাত থকা মহিলা কাৰাবন্দীসকলৰ সেই মৰ্ম-বেদনা অনুভৱ কৰিয়েই সেইসকল দুখুনী নাৰীৰ হৃদয়ৰ বেদনা বাহিৰৰ জগতৰ মানুহৰো দৃষ্টি নিক্ষেপ কৰোৱাৰ উদ্দেশ্যে তেওঁ সেই সকলো গাঁথা লিপিবদ্ধ কৰিছিল-- 'White Torture: Interviews with Iranian Women Prisoners' নামৰ কিতাপখনৰ পাতত।
 
নাৰ্গিছ মহম্মদীয়ে ইভিন কাৰাগাৰত ৰচনা কৰা গ্ৰন্থ 'White Torture...'--- শ্বেত নিৰ্যাতন
 
'White Torture...'--- শ্বেত নিৰ্যাতন। নিৰ্যাতনৰ কোনেও নেদেখা ঘাঁক 'শ্বেত নিৰ্যাতন' হিচাপে প্ৰতীকৰূপে অভিহিত কৰা নাৰ্গিছ মহম্মদীৰ জীৱনটো বাৰু শ্বেত নে ৰামধেনুৰ ৰঙৰ সমাহাৰেৰে সাতোৰঙী? নে বৰ্ণিল? এই জিজ্ঞাসাৰ আঁতধৰি তেওঁৰ জীৱন পৰিক্ৰমাত ভুমুকি মাৰি জনামতে ইৰানৰ কুৰ্দিস্তানৰ জাঞ্জান চহৰত ১৯৭২ চনৰ এপ্ৰিল মাহৰ ২১ তাৰিখে নাৰ্গিছ মহম্মদীৰ জন্ম হৈছিল। ইৰানী আজাৰবাইজানী পৰিয়ালত জন্ম লাভ কৰা নাৰ্গিছে ইৰানৰ কোৰ্ৱে, কাৰাজ আৰু অছনাভিয়েহ চহৰত ডাঙৰ-দীঘল হোৱাৰ উপৰি তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে ইমাম খোমেইনী আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা। পিছে পদাৰ্থ বিজ্ঞানত স্নাতক নাৰ্গিছ মহম্মদীয়ে পৰৱৰ্তী সময়ত এগৰাকী অভিযন্তা হিচাপেহে কৰ্মজীৱন আৰম্ভ কৰে। 
 
বুজি পোৱা সময়ৰে পৰা নাৰীক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি একপ্ৰকাৰ শোষণ কৰা কথাটো তেওঁ যেন কোনোপধ্যেই মানি ল'ব পৰা নাছিল। সেইবাবেই মহিলাৰ অধিকাৰৰ সমৰ্থনত নাৰ্গিছ মহম্মদীয়ে প্ৰথমতে প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰিছিল বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তে। প্ৰথমাৱস্থাত শিক্ষানুষ্ঠাৰ আলোচনীত লিখিছিল যদিও পিছলৈ বাতৰি-কাকতত লিখিবলৈ লয়। লিংগ বৈষম্যৰ দিশৰ পৰা পৃথিৱীৰ ১৪৬খন দেশৰ ভিতৰত ১৪৩ সংখ্যক স্থানত থকা ইৰানৰ এইগৰাকী দুঃসাহসী মহিলাই শিক্ষাৰ্থী জীৱনৰ পৰাই নাৰীৰ অধিকাৰৰ ক্ষেত্ৰত কলমেৰেই হওক বা কথাৰেই হওক চৰকাৰৰ বহুতো নীতি-নিৰ্দেশনাৰ বিৰুদ্ধে সদায় মাত মাতি আহিছে। 
 
একেই স্বপ্ন সাকাৰ কৰাত সহায় হ'ব বুলি ভাবি মহম্মদীয়ে কেইবাখনো কাকতত সাংবাদিক হিচাপেও কাৰ্যনিৰ্বাহ কৰে আৰু সেই সময়তে 'The Reforms, the Strategy and the Tactics' নামৰ ৰাজনৈতিক ৰচনাৰ সংকলনেৰে এখন কিতাপ প্ৰকাশ কৰে। ইৰানৰ নাৰীৰ স্বাধীনতা আৰু অধিকাৰৰ হকে মুক্তকণ্ঠে সোচ্চাৰ হৈ অহা নাৰ্গিছ মহম্মদীয়ে নিজৰ সাহসী সংগ্ৰামৰ বাবে ব্যক্তিগতভাৱে যথেষ্ট কষ্ট সহ্য আৰু দুসাধ্য সাধন কৰিবলগীয়া হয়। আনকি নৰক সদৃশ জীৱন বাটৰ পথিক হৈও তেওঁ নিজকে অলেখ নাৰীৰ বাবে সৰগ ৰচনাত ব্যস্ত ৰাখে। ইৰানৰ নাৰীৰ হকে যুঁজা যুঁজখনত চৰকাৰক সমালোচনা কৰাৰ অপৰাধত পোনপ্ৰথমবাৰ ১৯৯৮ চনত নাৰ্গিছ মহম্মদীক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁ সেইবাৰ এবছৰ কাৰাবাসত কটাবলগীয়া হয়। তাৰ পিছতো কিন্তু তেওঁৰ কণ্ঠৰুদ্ধ কৰিব পৰা নাছিল ইৰান চৰকাৰ কিম্বা প্ৰশাসনে। তেতিয়াৰে পৰা নাৰ্গিছ মহম্মদীৰ ঠিকনা প্ৰায়ে সলনি হৈ থাকিল, কেতিয়াবা পুলিচ কাষ্ট'দী, কেতিয়াবা জে'ল; মাজে-সময়েহে আপোন ঘৰখন। প্ৰথম বছৰ কাৰাবাসৰ পৰা মুকলি আকাশলৈ ওলাই আহিয়েই ১৯৯৯ চনত তেওঁ সহযোগী সাংবাদিক তাঘী ৰহমানীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। বৈবাহিক জীৱনত এটি কন্যা আৰু এটি পুত্ৰৰে দুটি যমজ সন্তানেৰে মাতৃত্ব লাভ কৰে। 
 
মহিলাৰ অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰাৰ এক দৃশ্য ইৰানত
 
ইৰানৰ চৰকাৰৰ সমালোচনা কৰা নাইবা চৰকাৰ বিৰোধী মতপোষণ কৰা মানেই যেন কঠোৰ শাস্তি। এই কথা জানিও স্বপ্নৰ কণ্টক পথৰ পৰা আঁতৰি নহা নাৰ্গিছ মহম্মদীৰে বিয়াৰ কিছুমাহ পিছতেই তাঘী ৰহমানীক একেই 'অপৰাধ'ত প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হয় আৰু ১৪ বছৰৰ কাৰাদণ্ড ভুগিবলগীয়া হয়। এনে হেজাৰ সমস্যাৰ সৈতে মোকবিলা কৰি কৰিও ভাগৰি পৰা নাছিল নাৰ্গিছ মহম্মদী। তাৰ পৰিৱৰ্তে যেন তেওঁ পূৰ্বতকৈ শতগুণ উৎসাহ আৰু অদম্য সহসিকতাৰে মানৱ অধিকাৰ আৰু নাৰীৰ সম-অধিকাৰৰ হকে যুঁজা যুঁজখনত যুঁজি থাকিল। তেওঁৰ এই মনোবল হয়তো বেছি দৃঢ় হৈছিল প্ৰথম বছৰ তেহৰানৰ ইভিন কাৰাগাৰত কটোৱা কালছোৱাত। 
 
কাৰাগাৰত মহম্মদীয়ে থকা মহিলা ৱাৰ্ডৰ কোঠাটোত থকা খিৰিকীখনেৰেই সুদূৰত মূৰ তুলি থিয় হৈ থকা আলবৰ্জ পৰ্বতৰ দৃশ্য দেখা গৈছিল। সেই দৃশ্য ইভিন কাৰাগাৰত একক বন্দিত্বত থকা প্রতিটো পুৱাই উপভোগ কৰাটো যেন মহম্মদীৰ এক অভ্যাস হৈ পৰিছিল। আজাৰবাইজানৰ সীমান্তৰ পৰা বিস্তৃত হৈ খোৰাছানৰ উচ্চতাত একত্ৰিত হোৱা সেই পৰ্বতমালাই যুগ যুগ ধৰি তেহৰানৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ধনৰ সমানেই যেন ৰক্ষক হিচাপেও স্থিতপ্ৰজ্ঞৰ দৰে থিয় দি আছিল। বনৰীয়া ফুল আৰু বৰফেৰে আবৃত পাহাৰৰ শৃংগবোৰে নাৰ্গিছ মহম্মদীক ইৰানৰ জনতাক গণতান্ত্ৰিক অধিকাৰৰ বৰণীয়া সপোন দেখিবলৈ আৰু সেই পৰ্বতমালাই দৃঢ়মনা হোৱাৰ পাঠো পঢ়ালে। বৰ ভালদৰেই। সেই পাঠেৰে অধিক সমৃদ্ধ আৰু শক্তিশালী হ'ল নাৰ্গিছ মহম্মদীৰ জীৱন আৰু স্বপ্নিল যাত্ৰা।
 
১৯৭২ চনত মুকলি কৰা ইভিন হ'ল ইৰানৰ এখন অন্যতম কাৰাগাৰ, য’ত দেশখনৰ এক চতুৰ্থাংশ ৰাজনৈতিক বন্দীক ৰখাৰ অনুমান কৰা হৈছে। ইয়াত বন্দীৰ ওপৰত চলা শাৰিৰীক, মানসিক, যৌন নিৰ্যাতন আৰু এককভাৱে কোঠাত আৱদ্ধ কৰি ৰখাৰ ফলত কাৰাবন্দীসকলৰ কঠিন আৰু দৃঢ়মনা মনবোৰকো যেন সেই পৰিৱেশ আৰু পৰিস্থিতিয়ে ভাঙি চুৰ-মাৰ কৰি পেলায়। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম আছিল নাৰ্গিছ মহম্মদী। ইভিন কাৰাগাৰত অতিবাহিত কৰা প্ৰথম বছৰটোৱে তেওঁৰ মনোবল ভঙাৰ বিপৰীতে নাৰ্গিছ মহম্মদীয়ে চলাই অহা মানৱাধিকাৰ যুঁজখনত আন এক নতুন প্ৰতিবাদীকণ্ঠই চৰকাৰ তথা নাগৰিকৰ মাজত তোলপাৰ লগালে। সেয়া আছিল একক বন্দিত্বৰ বিৰুদ্ধে প্ৰতিবাদ। 
 
জে'লৰ বন্ধ কুঠৰীৰ পৰা নতুবা কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলতেই হওক নাৰ্গিছ মহম্মদীৰ এই প্ৰতিবাদো চলি থাকিল। ইয়াৰ মাজতে নাৰ্গিছ মহম্মদীয়ে ২০০৩ চনত নোবেল বঁটা বিজয়ী শ্বিৰিন এবাদীৰ নেতৃত্বত 'ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটছ চেণ্টাৰ' (চমুকৈ 'DHRC')ত যোগদান কৰে। ২০১১ চনৰ জুলাই মাহত মহম্মদীৰ বিৰুদ্ধে পুনৰ গোচৰ চলোৱা হয় আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৰুদ্ধে কাম কৰা, ডি এইচ আৰ চিৰ সদস্যপদ গ্ৰহণ আৰু শাসন ব্যৱস্থাৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অপৰাধৰ দোষী সাব্যস্ত কৰি ছেপ্টেম্বৰ মাহত তেওঁক ১১ বছৰৰ কাৰাদণ্ড বিহা হয় যদিও ২০১২ চনৰ মাৰ্চ মাহত আপীল আদালতৰ ৰায়ে ইয়াক ছয় বছৰলৈ হ্ৰাস কৰা হয়। সেই বছৰৰে ২৬ এপ্ৰিলত পুনৰবাৰ ছয় বছৰৰ বাবে কাৰাগাৰৰ বন্ধ কুঠৰীত আৱদ্ধ কৰা হয় মহম্মদীক। 
 
ইৰানৰ ৰাজপথত মহিলাৰ অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰাৰ এক দৃশ্য
 
ইৰান চৰকাৰৰ এই কাৰ্যক ব্ৰিটিছ বৈদেশিক কাৰ্যালয়ে "ইৰানী কৰ্তৃপক্ষই সাহসী মানৱ অধিকাৰ ৰক্ষাকাৰীসকলৰ মুখ বন্ধ কৰাৰ প্ৰচেষ্টাৰ আন এক দুখজনক উদাহৰণ" বুলি অভিহিত কৰি এই শাস্তিৰ প্ৰতিবাদ কৰিছিল। আনহাতে, 'এম্নেষ্টী ইণ্টাৰনেশ্যনেল'-এ ইৰান চৰকাৰৰ এনে দমনমূলক কাৰ্যক 'বিবেকৰ বন্দী' বুলি ঘোষণা কৰি নাৰ্গিছ মহম্মদীক তৎকালীনভাৱে মুক্তি দিয়াৰ আহ্বান জনায়। সেই বছৰেৰে জুলাই মাহত আন্তঃৰাষ্ট্ৰীয় সাংসদৰ গোটে তেওঁৰ মুক্তিৰ বাবে আহ্বান জনোৱাত ২০১২ চনৰ ৩১ জুলাইত মহম্মদীয়ে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে। আগতেই উল্লেখ কৰা মতে কাৰাগাৰ জীৱনৰ অন্য এক ঠিকনা হৈ পৰা মহম্মদীক ২০১৫ চনৰ ৫ মে' তাৰিখে নতুন অভিযোগৰ ভিত্তিত পুনৰ গ্ৰেপ্তৰ কৰা হয়। এই নতুন অভিযোগ আছিল এনেধৰণৰ যে, বিপ্লৱী আদালতৰ ১৫ নং শাখাই 'লেগাম'ৰ ('লেগাম' মৃত্যুদণ্ডৰ শাস্তি পৰ্যায়ক্ৰমে বিলুপ্তিৰ অভিযান) বিষয়ে উল্লেখ কৰি 'এটা অবৈধ গোট প্ৰতিষ্ঠা কৰা'ৰ 'অপৰাধ'ত দহ বছৰৰ কাৰাদণ্ড আৰু 'ৰাষ্ট্ৰৰ বিৰুদ্ধে সমাৱেশ আৰু গোপন বুজাবুজি'ৰ 'অপৰাধ'ত পাঁচ বছৰৰ কাৰাদণ্ড বিহে। 
 
কাৰাবাসত থকা সময়তে ২০১৯ চনৰ জানুৱাৰী মাহত মহম্মদীয়ে চিকিৎসা সেৱাৰ সুবিধাৰ পৰা বঞ্চিত হোৱাৰ প্ৰতিবাদত ইভিন কাৰাগাৰত বন্দী ব্ৰিটিছ-ইৰানী নাগৰিক নাজানিন জাঘাৰী-ৰেটক্লিফৰ সৈতে অনশন আৰম্ভ কৰে। ২০২০ চনৰ জুলাই মাহত তেওঁৰ দেহত ক'ভিড-১৯ৰ সংক্ৰমণৰ লক্ষণ দেখা গৈছিল আৰু ২০২০ চনৰ ৮ অক্টোবৰত মহম্মদীয়ে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে। তাৰ ঠিক পাঁচ মাহ পিছতেই ২০২১ চনৰ মাৰ্চ মাহত মহম্মদীয়ে ইৰানত মৃত্যুদণ্ড সম্পৰ্কত ইৰান মানৱ অধিকাৰৰ বাৰ্ষিক প্ৰতিবেদনৰ প্ৰস্তাৱনাত চৰকাৰক থকা-সৰকা কৰে। পুনৰ এবাৰ চৰকাৰৰ দৃষ্টিত দোষী সাব্যস্ত হয় নাৰ্গিছ মহম্মদী। পুনৰ ২০২১ চনৰ ১৬ নৱেম্বৰ তাৰিখে গ্ৰেপ্তাৰ কৰি তেওঁক জে'ললৈ প্ৰেৰণ কৰা হয়। তেওঁৰ বন্দিত্বৰ এই সময়ছোৱাতে ২০২২ চনত ইৰানত সৃষ্টি হয় আন এক দেশযোৰা প্ৰতিবাদৰ। ইৰানত মহিলাসকলৰ ক্ষেত্ৰত প্ৰচলিত হিজাবৰ বিৰোধিতাৰে উত্তাল হৈছিল দেশৰ পৰিস্থিতি। 
 
মেহছা আমিনি নামৰ যুৱতী এগৰাকীয়ে নাৰীৰ হিজাব ব্যৱস্থাই নাৰীৰ অধিকাৰ খৰ্ব কৰে বুলি কৈ হিজাব পৰিধান নকৰাকৈ চৰকাৰৰ এই নীতিৰ বিৰোধিতা কৰিছিল। কিন্তু মেহছাৰ এই প্ৰতিবাদৰ বাবে তেওঁক ইৰানৰ মৰেল পুলিচে গ্ৰেপ্তাৰ কৰে আৰু পুলিচৰ জেৰাৰ সময়তে মেহছা আমিনিৰ মৃত্যু হয়। এই ঘটনাত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হৈছিল ইৰানৰ বাহিৰেও আন আন ইছলামিক দেশবোৰতো। এই ঘটনাত নাৰ্গিছ মহম্মদীও দুখী হয় যদিও তেওঁ চৰকাৰৰ বিৰুদ্ধে আৰু এখোজ দৃঢ়তাৰে খোজ আগবঢ়ায়। এই ঘটনাৰ পিছতে ২০২২ চনৰ ডিচেম্বৰ মাহত মাহছা আমিনিৰ প্ৰতিবাদৰ সময়ত আটক কৰা মহিলাসকলৰ যৌন আৰু শাৰীৰিক নিৰ্যাতনৰ বিষয়ে নাৰ্গিছ মহম্মদীয়ে বিষদভাৱে উল্লেখ কৰা বিৱৰণটো বিবিচিয়ে এক প্ৰতিবেদনত প্ৰকাশ কৰে। "মই আৰু এবাৰ ঘোষণা কৰিছো যে একক বন্দিত্ব এক নিষ্ঠুৰ আৰু অমানৱীয় শাস্তি। ইয়াক বিলুপ্ত নোহোৱালৈকে মই জিৰণি নলওঁ।" 
 
নাৰ্গিছ মহম্মদী
 
এইবুলি প্ৰতিজ্ঞাৱদ্ধ হোৱা মহম্মদীয়ে পুনৰ ২০২৩ চনৰ জানুৱাৰী মাহত কাৰাগাৰৰ পৰাই ইভিন কাৰাগাৰৰ মহিলাসকলৰ অৱস্থাৰ বিষদ বিৱৰণ আগবঢ়াইছিল, য'ত ৫৮ গৰাকী কয়দীৰ তালিকা আৰু তেওঁলোকক কৰা জেৰা প্ৰক্ৰিয়া আৰু নিৰ্যাতনৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছিল। ইয়াৰে ৫৭ গৰাকী মহিলাই মুঠ ৮৩৫০ দিন একক বন্দিত্বৰ জীৱন কটাবলগীয়া হোৱাৰ উপৰি ইয়াৰে ৫৬গৰাকী মহিলাক মুঠ ৩৩০০ মাহৰ কাৰাদণ্ড বিহা হৈছিল।
 
ইৰান চৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰা, ইৰান চৰকাৰে বাৰম্বাৰ অপৰাধী ঘোষণা কৰা নাৰ্গিছ মহম্মদীৰ এই সাহসী যাত্ৰাক পিছে বিশ্বৰ বিভিন্ন প্ৰান্তই তথা বিভিন্ন সংস্থা, অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰশংসাৰে ওপচাই পেলাইছে। ইয়াৰ উদাহৰণ তেওঁ লাভ কৰা বিভিন্ন সন্মান। হয়, মানৱ অধিকাৰৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁ বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। নাৰ্গিছ মহম্মদীয়ে ২০০৯ চনত শান্তিকৰ্মী আলেকজেণ্ডাৰ লেংগাৰৰ নামেৰে নামকৰণ কৰা আলেকজেণ্ডাৰ লেংগাৰ বঁটা, ২০১১ চনত ছুইডেন চৰকাৰে মানৱ অধিকাৰৰ বাবে আগবঢ়োৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পাৰ এংগাৰ প্ৰাইজ, ২০১৬ চনত ৱাইমাৰ মানৱ অধিকাৰ বঁটা, ২০১৮ চনত আমেৰিকান ফিজিকেল ছ'চাইটিৰ পৰা আন্দ্ৰেই ছাখাৰভ বঁটা, ২০২৩ চনত ছুইডিছ অলফ পালমে ফাউণ্ডেচনৰ পৰা মাৰ্টা চুমালো আৰু ইৰেন কেস্কিনৰ সৈতে যৌথভাৱে অলফ পালমে বঁটা, ২০২৩ চনতেই পেন-বাৰ্বে ফ্ৰিডম টু ৰাইট বঁটা,একেটা বছৰতে ইলাহেহ মহম্মদী আৰু নিলুফাৰ হামেদিৰ সৈতে যৌথভাৱে ইউনেস্কোৰ গুইলাৰমো কেন' বিশ্ব সংবাদ স্বাধীনতা বঁটা লাভ কৰে।
 
ইয়াৰোপৰি ২০২২ চনত বিবিচিৰ ১০০গৰাকী প্ৰেৰণাদায়ক আৰু প্ৰভাৱশালী মহিলাৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতিও লাভ কৰিছিল। ২০১০ চনত শান্তিৰ নোবেল বিজয়ী শ্বিৰিন এবাদীয়ে ফেলিক্স এৰমাকোৰা মানৱ অধিকাৰ বঁটা লাভ কৰোঁতে তেওঁ সেই বঁটা নাৰ্গিছ মহম্মদীৰ নামত উৎসৰ্গা কৰিছিল। এই অনন্য পন্থা লৈ এবাদীয়ে নাৰ্গিছ মহম্মদী সম্পৰ্কত কৈছিল, "এই সাহসী মহিলাগৰাকী মোতকৈ অধিক এই বঁটাৰ যোগ্য।"
 
নাৰীয়ে নীলিম আকাশৰ তলত মুকলিকৈ উশাহ লব নোৱৰালৈ যেন ক্ষান্ত নহয় নাৰ্গিছ মহম্মদী। তেওঁৰ জীৱন যাত্ৰাই ইয়াৰ ইংগিত দিয়াৰ উপৰি তেওঁ আমৃত্যু সেই যুজঁৰ যুঁজাৰু হৈ ৰ'ব বুলিও একপ্ৰকাৰ স্পষ্ট কৰে। অদমনীয় সাহসেৰে মানুহৰ হকে যুঁজ দিয়া নাৰ্গিছ মহম্মদীক ইৰাণ চৰকাৰে বৰ্তমানলৈ মুঠ ১৩বাৰ গ্ৰেপ্তাৰ কৰে আৰু পাঁচবাৰ দোষী সাব্যস্ত কৰি সৰ্বমুঠ ৩১বছৰ কাৰাদণ্ড বিহাৰ উপৰি তেওঁৰ শৰীৰত ১৫৪টা চাবুকৰ কোবৰ এক অমানৱীয় শাস্তিৰ ৰায় দান দিয়ে। আনকি ন বছৰ ধৰি তেওঁক লগ কৰিবলৈ দিয়া নাই বৰ্তমান ফ্ৰান্সৰ বাসিন্দা মহম্মদীৰ পৰিয়ালৰ লোকৰ সৈতেও। ন বছৰে দেখা নাই তেওঁ পুত্ৰ-কন্যাৰ মুখ। মহম্মদীৰ বাবে ইৰাণৰ মাটিত বাস কৰা হিজাবৰ আঁৰত লুকাই থকা মহিলাৰ অন্তৰত প্ৰবাহিত শাসনৰ নামত শোষণেৰে জাপি দিয়া বেদনাবোৰ ধুই-পখালি সঁচা অৰ্থতেই নাৰীৰ হৃদয়ত আনন্দৰ জোঁৱাৰ তুলিব পৰাটোহে যেন তেওঁৰ জীৱনৰ লক্ষ্য, উদ্দেশ্য তথা স্বপ্ন। নাৰ্গিছ মহম্মদী অলৰ-অচৰ তেওঁৰ স্বপ্নত--- সকলোৱে একেলগে মিলি মূৰ তুলি মুকলি মনেৰে ৰৌদ্ৰোজ্জ্বল কিম্বা জোনগলা আকাশ চাওক, নীলিম আকাশৰ তলত মুকলি উশাহ লওক সকলো নাৰীয়ে।
 
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখিকা। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে এই প্ৰতিবেদনটি প্ৰকাশ কৰা হৈছে)