স্বপ্না দাস
১৯৪৫ চনৰ ১৮ আগষ্ট। সিদিনাখনেই এটা বিমান দুর্ঘটনাত পতিত হৈ 'আজাদ হিন্দ ফৌজ'ৰ সৰ্বাধিনায়ক সুভাষ চন্দ্ৰ বসুৰ ঘটনাস্থলীতে মৃত্যু হৈছিল। এই খবৰ ১৯৪৫ চনৰে ২২ আগষ্ট তাৰিখে ৰেডিঅ' টকিঅ'যোগে প্ৰথমবাৰৰ বাবে প্ৰচাৰিত হৈছিল। খবৰটো সম্প্ৰচাৰ হোৱাৰ লগে লগে ভাৰতকে ধৰি সমগ্র বিশ্বব্যাপি শোকৰ ছাঁ বিৰাজ কৰিছিল।
সকলোতে এই মৃত্যুৰ খবৰক লৈ বিভিন্ন ধৰণৰ কথাও প্ৰচাৰ হৈছিল। আজাদ হিন্দ ফৌজৰ নেতৃবর্গ, কৰ্মীৰ উপৰি বিভিন্নগৰাকীয়ে নেতাজী বসুৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাছিল। তাৰ পিছত বিভিন্ন সময়ত বিভিন্নজনে সেই খবৰ অসত্য বুলি মতপোষণ কৰিব বিচৰাত নেতাজীৰ মৃত্যু বিষয়টো এতিয়াও ৰহস্যৰ আৱৰ্তত। তাৰ পিছত নেতাজী সুভাষ চন্দ্র বসুৰ মৃত্যু হোৱা বুলি প্ৰচাৰ হোৱাৰ আজিলৈ বহু দশক পাৰ হ'ল। কিন্তু তেওঁৰ পৰলোক খবৰ প্ৰচাৰৰ পাছৰে পৰা বিষয়টো যি ৰহস্যাবৃত হয়, সেই ৰহস্য এতিয়ালৈকে সম্পূৰ্ণকৈ নিৰসন হোৱা নাই। বিষয়টোৱে সময়ে সময়ে নকৈ বিতৰ্কৰ উক দিয়াও পৰিলক্ষিত হয়।
নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিমানেৰে যাত্ৰা কৰা এক দৃশ্য
একেদৰে নেতাজীৰ মৃত্যু ৰহস্যক লৈ বাংলা ভাষাত অজস্র গ্রন্থ প্রকাশ পাইছে। ইংৰাজী ভাষাতো যথেষ্ট গ্রন্থ প্রকাশৰ লগতে অসমীয়া ভাষাতো 'ষড়যন্ত্ৰৰ চিকাৰ নেতাজী', 'নেতাজী: দুর্ঘটনা নহয়, হত্যা', 'নেতাজী বনাম গান্ধী-নেহৰু', 'মহানায়ক' আদি গ্রন্থ প্রকাশ হোৱাৰ বাদেও এই মৃত্যু ৰহস্যক অন্য এক গতি দি গোটাচেৰেক বছৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শতাধিক 'গোপন' (?) ফাইল মুকলি কৰিছিল। প্ৰসংগক্রমে উল্লেখৰ প্ৰয়োজন যে, সেই সমগ্র ফাইল আছিল নেতাজীৰ মৃত্যু ৰহস্য নিৰসনৰ চেষ্টাৰে গঠিত বিভিন্ন তদন্ত কমিটিয়ে দিয়া প্রতিবেদনৰ লগতে সেইবোৰৰ সৈতে সংলগ্ন তথ্যৰ।
কিন্তু নেতাজীৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিবলৈ গঠিত তদন্ত কমিটী বা আয়োগ প্রসংগত পোনতে উচ্চাৰিত হয় ফিগেছ আয়োগৰ প্ৰসংগ। কাৰণ নেতাজীৰ মৃত্যু ৰহস্য সম্পর্কে গঠিত তদন্ত আয়োগবোৰৰ ভিতৰত পোনতে ফিগেছ আয়োগে প্রতিবেদন দাখিল কৰিছিল বুলি জনা যায়। ১৯৪৬ চনৰ এই তদন্তই নিতান্তই নেতাজী সুভাষ চন্দ্র বসুৰ মৃত্যু ৰহস্য নিৰসন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল। সেই প্রতিবেদনখনত কি লিপিবদ্ধ আছিল সেই সন্দৰ্ভত এই লেখাত অতি চমুকৈ আলোচনাৰ প্ৰয়াস কৰা হ'ল।
জাতিৰ পিতা মহাত্মা গান্ধীৰ সৈতে নেতাজী সুভাষ চন্দ্ৰ বসু
জনা যায় যে। নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যুৰ ঘটনাটো লর্ড মাউন্টবেটেনে অতি সহজভাৱ ল'ব পৰা নাছিল। বসুৰ দুৰ্ঘটনাৰ বাতৰি সংবাদ মাধ্যমযোগে প্রকাশ পোৱাৰ পিছত মাউণ্টবেটেনৰ হাতলৈ যিবোৰ তথ্য আহিছিল তাক লৈ তেওঁ সকলোবোৰ জাপানৰ কাৰচাজি বুলিয়েই ধৰি লৈছিল। কিন্তু জাপানে ইমানেই নিখুঁতভাৱে সমগ্র তথ্য ৰাজহুৱা কৰিছিল যে, তাক মিছা বুলি কোৱাটোও সহজসাধ্য নাছিল। গতিকে ধুৱলি-কুঁৱলি হৈ পৰা সেই বিষয়টোৰ প্ৰকৃত তথ্য বিচাৰি মাউণ্টবেটেনৰ অধীনত থকা দক্ষিণ-পূব এছিয়াৰ ছুপ্রিম এলাইড কমাণ্ডে তদন্ত ঘোষণা কৰে। তদন্তৰ দায়িত্ব অর্পণ কৰা হয় কর্নেল জন ফিগেছ নামৰ দক্ষ চোৰাংচোৱা বিষয়াগৰাকীক।
পৰৱৰ্তী সময়ত জন ফিগেছক ছাৰ সন্মানেৰে সন্মানিত কৰা হৈছিল। ১৯৪৬ চনৰ ২৫ জুলাইত জন ফিগেছে তেওঁৰ তদন্তৰ প্রতিবেদন জমা দিয়ে। অৱশ্যে এই প্রতিবেদনৰ তথ্য সৰ্বসাধাৰণৰ বাবে মুকলি কৰি দিয়া হোৱা নাছিল। উল্লেখ্য যে, সেই সময়ৰ আংশিকভাৱে গোপনীয় চোৰাংচোৱা সংস্থা ইণ্ডিয়ান পলিটিকেল ইন্টেলিজেন্সৰ অধীনত এই তদন্ত সম্পন্ন কৰা হৈছিল।
আজাদ হিন্দ ফৌজৰ সেনানী সকলৰ সৈতে নেতাজী সুভাষ চন্দ্ৰ বসু
১৯৮০ চনত ইতিহাসবিদ লিঅ'নার্ড এ গর্ডনে লোৱা এটা সাক্ষাৎকাৰত এই তদন্তৰ বিষয়ে জন ফিগেছে প্রকাশ কৰিছিল। ১৯৯৭ চনত ব্রিটিছ চৰকাৰে ব্ৰিটিছ লাইব্ৰেৰীত সাধাৰণ জনতাৰ উপলব্ধ হোৱাকৈ ইণ্ডিয়ান অফিচ ৰেকৰ্ডছত ইণ্ডিয়ান পলিটিকেল ইণ্টেলিজেন্সৰ প্ৰায় সকলোবোৰ তথ্য ৰাজহুৱা কৰিছিল। কিন্তু তাৰ মাজত জন ফিগেছৰ প্রতিবেদনখন নাছিল। ইয়াৰ কিছুদিন পিছতে ব্রিটিছ লাইব্ৰেৰীত কোনো অজ্ঞাত ব্যক্তিয়ে ফিগেছৰ প্ৰতিবেদনৰ এটা ফটোকপি জমা দিয়ে।
ইতিহাসবিদ লিঅ'নার্ড গর্ডনে প্রকাশ কৰা মতে, সেই অজ্ঞাত ব্যক্তিজন আন কোনো নাছিল; জন ফিগেছে নিজেই জমা দিছিল তেওঁৰ নিজৰ তদন্তৰ প্রতিবেদন। পৰৱৰ্তী সময়ত নেতাজী সম্পর্কে লিখা এখন কিতাপত জন ফিগেছৰ প্ৰতিবেদনৰ তথ্য প্রকাশ পায়। সেই কিতাপখনৰ নাম হ'ল "The Springing Tiger: A Study of the Indian National Army and of Netaji Subhas Chandra Bose", যিখন কিতাপ ইউ ট্য'য়ে নামৰ লেখকগৰাকীয়ে লিখিছিল। হিউ ট্য'য়ে আছিল যুদ্ধকালত ভাৰতত কাৰ্যনিৰ্বাহ কৰা এগৰাকী চোৰাংচোৱা বিষয়া। কিতাপখনত জন ফিগেছৰ প্ৰতিবেদনৰ পৰা এইদৰে উদ্ধৃতি দিয়া হৈছিল--- "As a result of a series of interrogations of individuals named in the following paragraphs it is confirmed as certain that S.C. Bose died in a Taihoku Military Hospital (Nammon Ward) sometime between 1700 hours and 2000 hours local time on the August 18, 1945. The cause of death was heart failure resulting from multiple burns and shock. All the persons named below were interrogated at different times but the several accounts of the event agree both in substance and detail at all points where the knowledge of the subjects could have been deemed to be based on common experience. The possibility of a pre-arranged fabrication must be excluded since most of the individuals concerned had no opportunity of contact with one another prior to interrogation."
ইউ ট্য'য়েৰ গ্ৰন্থ "The Springing Tiger: A Study of the Indian National Army and of Netaji Subhas Chandra Bose" ৰ বেটুপাত
ফিগেছৰ প্রতিবেদন মতে তদন্তকালত জন ফিগেছ নিশ্চিত হৈছিল যে, নেতাজী সুভাষ চন্দ্র বসুৰ দুৰ্ঘটনাৰ খবৰ সত্য আছিল। দুর্ঘটনাটোক লৈ জাপানে কাৰচাজি চলোৱা বুলি যি ধাৰণা কৰা হৈছিল সেই ধাৰণাক জন ফিগেছে পেনছাটেই প্রত্যাখ্যান কৰিছিল। ফিগেছে তেওঁৰ তদন্তৰ সময়ত যিসকল ব্যক্তিৰ সাক্ষ্যগ্রহণ কৰিছিল, তাৰ ভিতৰত দুর্ঘটনাত প্ৰাণৰক্ষা পৰা লেফটেনেন্ট কর্ণেল নন'গাকী আৰু ছাকায়ো আছিল। লগতে টাইক' মিলিটেৰী হাস্পতালত নেতাজীৰ পৰিচৰ্যা কৰা চিকিৎসক ডাঃ য়'শ্বিমিৰো সাক্ষ্যগ্রহণ ফিগেছৰ দ্বাৰা কৰা হৈছিল। ফিগেছৰ প্ৰতিবেদন সম্পর্কে বহু জ্ঞাত-অজ্ঞাত তথ্যৰ লগতে যথেষ্ট অন্য বিশ্লেষণো উপলব্ধ 'নেতাজী: দুর্ঘটনা নহয়, হত্যা' গ্ৰন্থতো আছে। অন্যহাতে, তদন্তৰ পিছত ফিগেছে তেওঁৰ প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰিছিল যে, ১৯৪৫ চনৰ ১৮ আগষ্টত টাইক' বিমান বন্দৰত নেতাজীৰ বিমান দুর্ঘটনাত পতিত হোৱা খবৰটো সত্য। সেইদিনাই সমীপৱৰ্তী সামৰিক চিকিৎসালয়ত নেতাজীৰ মৃত্যু ঘটে। পৰৱৰ্তী সময়ত টাইক'ত অন্তিম সংস্কাৰ কৰা হয় আৰু তেওঁৰ চিতাভস্ম টকিঅ'লৈ প্ৰেৰণ কৰা হয়।
কিন্তু ফিগেছৰ প্ৰতিবেদনত মাউণ্টবেটেন সন্তুষ্ট হোৱা নাছিল। সেইকাৰণে তৎকালীনভাৱে তেওঁ আন কেইবাখনো তদন্ত আয়োগ গঠন কৰিছিল। তেনে বহুকেইখন আয়োগে ফিগেছৰ সম্পূৰ্ণ ওলোটা তথ্যৰে প্রতিবেদন দাখিল কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত ক্ৰমাৎ অধিক ৰহস্যঘন হৈ পৰে নেতাজী মৃত্যু ৰহস্য প্রসংগ। এতিয়ালৈকে সেই ৰহস্যৰ ভেদ ভঙা নাই। সেইফালৰ পৰা চাবলৈ গ'লে নেতাজী মৃত্যু ৰহস্য কেতিয়ালৈ সম্পূৰ্ণকৈ নিৰসন হ'ব নাইবা হ'বনে অনুমান কৰিব পৰা নাযায়।
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখিক। আজি নেতাজী সুভাষ চন্দ্র বসুৰ জন্মদিনৰ সৈতে সংগতি ৰাখি এই প্ৰতিবেদনটি প্ৰকাশ কৰা হৈছে।)