ড° শৰৎ বৰকটকী
আমাৰ ৰাজ্যখনত ক'ভিদ মহামাৰীৰ ঠিক আগৰে পৰা বাতৰিকাকত পঢ়া মানুহৰ সংখ্যা হ্ৰাস পোৱাৰ তথ্য সময়ে সময়ে পোহৰলৈ আহিছিল। ক'ভিদ মহামাৰীৰ পিছত দেখা গল এই সংখ্যা আৰু দ্ৰুত গতিত হ্ৰাস পাইছে। ইয়াৰ কাৰণ কি? কেৱল অসমতহে পাঠক কমিছে, নে ভাৰতত বা বিশ্বত পাঠক কমিছে! যদি এই বিষয়টোৰ ওপৰত আলোকপাত কৰা যায় তেনেহলে দেখা পোৱা যায় যে সমগ্ৰ বিশ্বতেই ছপা মাধ্যমৰ বাতৰি কাকতৰ পাঠকৰ সংখ্যা কমিছে।বাতৰি কাকতৰ প্ৰতি বিশেষকৈ যুৱ চামৰ আকৰ্ষণ কমিব ধৰিছে। অধ্যয়ন অনুসৰি ১৫-২০ বয়সৰ ১৮ শতাংশ, ২০-৩০ বয়সৰ ১২ শতাংশ আৰু ৩০-৪০ বয়সৰ ৮ শতাংশ পাঠকৰ ছপা কৰা বাতৰি কাকত পঢ়াৰ প্ৰতি আগ্ৰহ হ্ৰাস হৈছে। এই পাঠক সকলে বিকল্প হিচাবে অনলাইন বাতৰি কাকত পঢ়িবলৈ বেছি পছন্দ কৰে।
আমি যদি আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ ছবিখন চাওঁ সেইখনো অতি নিৰাশ জনক যেন লাগে।২০০৫ চনৰ পৰা ২০২২ চনলৈকে প্ৰায় ২,২০০ খন আমেৰিকাৰ স্থানীয় ছপা বাতৰি কাকত পাঠকৰ অভাৱত বন্ধ হৈছে। ২০০৮ চনৰ পৰা ২০২০ চনলৈকে আমেৰিকাৰ বাতৰি কাকতৰ সাংবাদিকৰ সংখ্যাও আধাতকৈও অধিক হ্ৰাস পাইছিল। ২০০৯ চনৰ আৰম্ভণিৰ পৰাই আমেৰিকাত পাঠকৰ সংখ্যা বৃদ্ধি নোহোৱাৰ পিছত কেইবাখনো মহানগৰীৰ দৈনিক কাকত বন্ধ বা ছপা কৰা সংখ্যা কম কম কৰা দেখা গৈছিল। কেতবোৰ বাতৰিকাকত প্ৰকাশ কৰা প্ৰতিষ্ঠান বিক্ৰী হৈছে অথবা ডিজিটেল ৰূপলৈ ৰূপান্তৰিত হৈছে। ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহলৈকে দেউলীয়া হোৱা বৃহৎ বাতৰি কাকত প্ৰতিষ্ঠান সমূহৰ ভিতৰত আছে ট্ৰিবিউন কোম্পানী, জাৰ্নেল ৰেজিষ্টাৰ কোম্পানী, মিনিয়াপলিছ ষ্টাৰ ট্ৰিবিউন, ফিলাডেলফিয়া নিউজপেপাৰ্ছ এল এল চি, ছান-টাইমছ মিডিয়া গ্ৰুপ আৰু ফ্ৰিডম কমিউনিকেচন।
প্ৰতিনিধিত্বমূলক ছবি
একেদৰে ইংলেণ্ডৰ পৰিৱেশ বৰ ভাল নহয়। এটা সময়ত ইভেনিং ষ্টেণ্ডাৰ্ড নামৰ কাকতখন পঢ়িবলৈ ইংৰাজ সকল সন্ধ্যা অফিচ ছুটিৰ পিছত পৰম আগ্ৰহেৰে ৰৈ আছিল। আজি অৱস্থা দুখ লগা। এতিয়া মাত্ৰ ২.৭৫ লাখ কপি ছপা হৈ আছে যদিও বহুত কৰ্মচাৰী, সাংবাদিকক চাকৰিৰ পৰা অব্যাহতি দিছে। ইয়াৰ বিকল্প হিচাপে কাকতখন অনলাইন ৰূপত দুই কোটি কপি প্ৰকাশ হৈ আছে। ডেইলী মেইল কাকতখন বিনামূল্যত বজাৰলৈ দিছে কাকতৰ ধনকুবেৰ মালিকে, উদ্দেশ্য হল পাঠকৰ সংখ্যা বৃদ্ধি কৰাৰ। প্ৰেছবেৰন ৰুপাৰ্ট মাৰ্ডকে এবাৰ তেওঁৰ বাতৰি কাকতক ব্যৱসায়ক "সোণৰ নদী" বুলি অভিহিত কৰিছিল, কিন্তু কেইবাবছৰৰ পিছত কৈছিল, "কেতিয়াবা নদীবোৰ শুকাই গৈছে।" যদি কেবল আৰু চেটেলাইট সম্প্ৰচাৰৰ লগতে ইণ্টাৰনেট প্ৰথমে আহিলহেঁতেন, তেন্তে আমি জনা বাতৰি কাকত সম্ভৱতঃ কেতিয়াও নাথাকিলহেঁতেন।
ভাৰতীয় পাঠক সমীক্ষা মতে(Indian Reader ship Survey) ৰ মতেও বাতৰিকাকতৰ পাঠকৰ সংখ্যা ভাৰতটো কমিছে। অৱশ্যে IRS ৰ পাঠক নিৰূপণ কৰা পদ্ধতি সকলোৱে মানি লোৱা নাই। অসমতো ক'ভিদ মহামাৰীৰ সময়ৰ পৰা ছপা মাধ্যমৰ কাকতৰ পাঠকৰ সংখ্যা লাখৰ ঘৰত হ্ৰাস পাইছে এই কথা আৰম্ভণিতে উল্লেখ কৰা হৈছে। এইয়া গভীৰ উদ্বেগৰ বিষয়। বাতৰিকাকতৰ পাঠকৰ সংখ্যা হ্ৰাস পোৱাৰ প্ৰধান কাৰণ হৈছে ইণ্টাৰনেট আৰু ম'বাইল ডিভাইচৰ দৰে ডিজিটেল মাধ্যমৰ উত্থান। মানুহে বাতৰি পাবলৈ অনলাইন নিউজ আউটলেট আৰু ছ’চিয়েল মিডিয়াৰ ফালে মুখ কৰি আহিছে আৰু ছপা কৰা বাতৰিকাকত কিনাৰ অভ্যাস এৰি দিছে। এই ছবিখন আজিৰ নহয়।
প্ৰতিনিধিত্বমূলক ছবি
১৯৫০ চনত টেলিভিচনৰ আগমনৰ লগে লগে বিশ্বৰ কিছুমান দেশত মানুহে দৈনিক বাতৰিৰ উৎস হিচাপে বাতৰি কাকত পঢ়িবলৈ লাহে লাহে এৰি দিবলৈ আৰম্ভ কৰে। নব্বৈৰ দশকত ইণ্টাৰনেটৰ বিস্ফোৰণে পাঠকৰ বাবে উপলব্ধ সংবাদ মাধ্যমৰ পছন্দৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে বাতৰিৰ উৎস হিচাপে বাতৰিকাকতৰ আধিপত্য নাইকীয়া কৰি পেলালে। টেলিভিছন আৰু ইণ্টাৰনেট দুয়োটাই বাতৰিকাকততকৈ পাঠকৰ ওচৰলৈ দ্ৰুত আৰু অধিক দৃশ্যমান শৈলীত লৈ যাব পাৰে, যিবোৰৰ ছপা মাধ্যমৰ কাকতৰ ভৌতিক আৰ্হি আৰু ইয়াৰ ভৌতিক উৎপাদন আৰু বিতৰণৰ বাবে অক্ষম। প্ৰতিযোগী ডিজিটেল প্ৰচাৰ মাধ্যমসমূহে বিজ্ঞাপনদাতাসকলক চলন্ত ছবি আৰু শব্দও প্ৰদান কৰে। বিজ্ঞাপনদাতাসকলো তেওঁলোকৰ বিষয় বস্তু দৰ্শক/পাঠকৰ ওচৰলৈ নিয়াৰ বিকল্প পথ পালে য'ত তেওঁলোকে বিচৰা কথাখিনি সুন্দৰ কৈ প্ৰকাশ হয়, ইয়াৰ ফলত বিজ্ঞাপন দাতাই লাভ কৰিলে এটা অফুৰন্ত সুবিধা।
অন্যহাতে ইণ্টাৰনেটেও বাতৰিকাকতৰ বিজ্ঞাপনৰ আয় হ্ৰাস কৰাত টেলিভিছনতকৈ এখোজ আগুৱাই গৈছে, কিয়নো টেলিভিছনৰ সম্প্ৰচাৰ মাধ্যমৰ দৰে নহয়-- ইন্টাৰনেট মাধ্যমত গোপনীয় বিজ্ঞাপনৰ বাবে এক সুবিধাজনক মাধ্যম বুলি প্ৰমাণিত হৈছে, বিশেষকৈ চাকৰিকে ধৰি ৰিয়েল এষ্টেটৰ দৰে শিতানত। এই মাধ্যমৰ কেতবোৰ বিনামূলীয়া বিজ্ঞাপনৰ সেৱাই বাতৰিকাকতৰ বিজ্ঞাপন বিভাগসমূহক ধ্বংস কৰি পেলাইছে, যিবোৰ বিজ্ঞাপনৰ ৰাজহৰ ৭০% বাতৰিকাকতৰ ক্লাছিফাইড বিভাগৰ ওপৰত নিৰ্ভৰশীল আছিল।
প্ৰতিনিধিত্বমূলক ছবি
গৱেষণাৰ পৰা দেখা গৈছে যে, ২০০০ চনৰ পৰা ২০০৭ চনলৈকে কিছুমান বিজ্ঞাপন দাতাই বাতৰিকাকত উদ্যোগটোৰ বাবে বিলিয়ন, বিলিয়ন ডলাৰ খৰচ কৰিছিল আৰু আজি এই বিজ্ঞাপন দিয়া কোম্পানীবোৰৰ ওচৰত বাতৰিকাকত এলাগী হৈ পৰিছে। বিজ্ঞাপনদাতাসকলে উপলব্ধি কৰিলে যে, ছপা সংবাদমাধ্যমসমূহ এতিয়া সম্ভাৱ্য গ্ৰাহকৰ ওচৰলৈ যোৱাৰ মূল বা আটাইতকৈ ফলপ্ৰসূ উপায় নহয়। বিজ্ঞাপনৰ ৰাজহ হ্ৰাস হোৱাৰ লগে লগে বাতৰিকাকতবোৰ সংকটৰ সন্মুখীন হয়। লাভৰ মূল উৎসবোৰ কাঢ়ি নিয়াৰ বাবে মালিকৰ লগতে সাংবাদিক, কৰ্মচাৰী সকলো ক্ৰমান্বয়ে গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
আজিৰ সাংবাদিকতাৰ নিত্য নতুন পৰিৱেশত সাংবাদিকসকলে অসংখ্য সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে, যাৰ বাবে তেওঁলোকে নতুন নতুন ঢাপৰ মাজেৰে আগুৱাই যাবলৈ বাধ্য হৈছে। ডিজিটেল মাধ্যমৰ উত্থানৰ পৰা আৰম্ভ কৰি বাতৰিৰ ব্যৱহাৰৰ পৰিৱৰ্তিত গতিশীলতালৈকে আধুনিক সাংবাদিকজনে এই বাধাসমূহৰ মুখামুখি হ’ব লাগিব। আন এটা গুৰুত্ব পূৰ্ণ দিশ হৈছে, সাংবাদিকতাৰ সততা বজাই ৰখা, নৈতিকতা বিধি মানি চলা আৰু সঠিকতা, ন্যায়পৰায়ণতাক অগ্ৰাধিকাৰ দিয়া যুঁজখন।
প্ৰতিনিধিত্বমূলক ছবি
প্ৰেছৰ স্বাধীনতা গণতন্ত্ৰৰ মূল শিলাস্তম্ভ যদিও সততা বজাই ৰখা সাংবাদিকসকল ক্ৰমাৎ ভাবুকি আৰু আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছে। দেশে দেশে আপোচ নকৰা সাংবাদিকসকলৰ নিজৰ সুৰক্ষা আৰু স্বাধীনতা বিপন্ন হৈছে। এই প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সংবাদ মাধ্যমৰ স্বাধীনতাৰ পোষকতা কৰা, সাংবাদিকৰ অধিকাৰ সুৰক্ষিত কৰা সংস্থাসমূহক পাঠকে সমৰ্থন কৰা আৰু তেনে সাংবাদিকসকলৰ কামক সুৰক্ষিত কৰিবলৈ আইনী কাঠামো নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়।
সাংবাদিকতাৰ বাবে আন এটা ডাঙৰ ভাবুকি আহিছে, যিটো সাংবাদিকসকলে নিজেই সৃষ্টি কৰা ভাবুকি, সেইটো হৈছে, সংবাদ মাধ্যমৰ প্ৰতি পাঠকৰ আস্থাৰ পতন। এইটো বাতৰি প্ৰতিষ্ঠানসমূহৰ প্ৰতি সৃষ্টি হোৱা সাধাৰণ অনাস্থাৰ সৈতে জড়িত। আজিকালি পাঠকে বা দৰ্শকে কোনটো বাতৰি সঁচা, কোনটো মিছা ভাবি বিমোৰত পৰে। সাংবাদিকসকলে পাঠকৰ মনোযোগ আকৰ্ষণ কৰা গল্পৰ দৰে বাতৰি পৰিবেশন কৰা আৰু নৈতিক মানদণ্ড বজাই ৰখাৰ মাজৰ সুক্ষ্ম ৰেখাডাল বিচাৰি উলিয়াব লাগিব।
নৈতিক মানদণ্ড ৰক্ষা কৰি, সঠিক বাতৰি পৰিবেশনক অগ্ৰাধিকাৰ দি আৰু নতুন প্ৰযুক্তিক আকোৱালি লৈ সাংবাদিকসকলে প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি সমাজত নিজৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব পাৰিব লাগিব। বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ। এই কৃত্ৰিম বুদ্ধিমত্তাই সাংবাদিক সমাজলৈ কি নতুনত্ব আনে, নতুন কি প্ৰত্যাহ্বান সৃষ্টি কৰে সেই বিষয়ে এতিয়াই ক'ব নোৱাৰি যদিও প্ৰমূল্য, নৈতিকতা আদি বিষয়বোৰ কৃত্ৰিম- বুদ্ধিমত্তাই গুৰুত্ব দিব নে সেইয়া লাখটকীয়া প্ৰশ্ন।