ছামিৰা হুছেইন / ঢাকা
বাংলাদেশৰ অন্তৱৰ্তীকালীন মূৰব্বী মহম্মদ ইউনুছে যোৱা বছৰ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ পিছত দেশখনৰ মূৰব্বীৰ দায়িত্ব ল’বলৈ কোৱাৰ সময়ত কিছু অস্বস্তি অনুভৱ কৰিছিল। বিবিচিৰ সৈতে হোৱা শেহতীয়া এক সাক্ষাৎকাৰত নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদগৰাকীয়ে কয় যে কোনোবাদিনা চৰকাৰৰ নেতৃত্ব দিব লাগিব বুলি তেওঁৰ কোনো পূৰ্ব ধাৰণা নাছিল।
"মই আগতে কেতিয়াও চৰকাৰী প্ৰশাসন যন্ত্ৰ চলোৱা নাছিলোঁ আৰু বহু দিশ মই সঠিক কৰি ল'ব লগা হৈছিল। আইন-শৃংখলা পুনৰুদ্ধাৰ কৰা আৰু অৰ্থনীতি সঠিক কৰাটো দেশখনৰ বাবে এতিয়া প্ৰধান অগ্ৰাধিকাৰ।"-মহম্মদ ইউনুছে কয়।
উল্লেখ্য যে, ভাৰতলৈ পলায়ন কৰা শ্বেখ হাছিনা আৰু তেওঁৰ দলে চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত অংশগ্ৰহণ কৰিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঢাকাত থকা নিজৰ চৰকাৰী বাসগৃহত বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইউনুছে কয় যে আৱামি লীগে নিজে সিদ্ধান্ত ল’ব লাগিব যে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰে নে নাই, মই তেওঁলোকৰ হৈ সিদ্ধান্ত ল’ব নোৱাৰো। নিৰ্বাচনত কোনে অংশগ্ৰহণ কৰিব সেইটো নিৰ্বাচন আয়োগে সিদ্ধান্ত লয়।"
চৰকাৰী চাকৰি সংৰক্ষণ ব্যৱস্থাৰ বিৰুধীতাত বাংলাদেশৰ শিক্ষাৰ্থীয়ে কৰা প্ৰতিবাদ
তেওঁ পুনৰ কয়, "শান্তি-শৃংখলা আৰু দেশৰ অৰ্থনীতি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আমাৰ অৰ্থনীতি একপ্ৰকাৰ ভগ্ন অৰ্থনীতি, ধ্বংসপ্ৰাপ্ত অৰ্থনীতি। ১৬ বছৰ ধৰি যেন ইয়াত এক ভয়ংকৰ ধুমুহা (terrible tornado) বলিছিল আৰু আমি এতিয়া ধ্বংসপ্ৰাপ্ত অৰ্থনীতিৰ টুকুৰাবোৰ তুলি ল’বলৈ চেষ্টা কৰিছো।"
২০০৯ চনত প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱা শ্বেখ হাছিনাই কঠোৰ হাতেৰে বাংলাদেশত শাসন চলাইছিল। তেওঁৰ আৱামি লীগ চৰকাৰৰ সদস্যসকলে নিৰ্দয়ভাৱে মতানৈক্যক দমন কৰিছিল। প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে মানৱ অধিকাৰ উলংঘা আৰু ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক হত্যা কৰি জেলত ভৰোৱাৰ অভিযোগ উত্থাপন হৈছিল।
বিগত বৰ্ষৰ আগষ্ট মাহত ছাত্ৰ সংগঠনৰ নেতৃত্বত আৰম্ভ হোৱা ভয়ংকৰ বিদ্ৰোহে প্ৰধানমন্ত্ৰী হাছিনাক কাৰ্যভাৰ এৰিবলৈ বাধ্য কৰাইছিল। প্ৰতিবাদকাৰীৰ নিৰ্দেশত মহম্মদ ইউনুছে পুনৰ বাংলাদেশলৈ আহি নতুন অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিয়ে। এই সন্দৰ্ভত বাংলাদেশৰ অন্তৱৰ্তীকালীন মূৰব্বীগৰাকীয়ে কয় যে তেওঁ ২০২৫ চনৰ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব, সেয়া নিৰ্ভৰ কৰিব তেওঁৰ চৰকাৰে মুক্ত আৰু নিকা নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় বুলি ভবা সংস্কাৰ কিমান ক্ষীপ্ৰতাৰে আৰম্ভ কৰিব পাৰে, তাৰ ওপৰত।
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশ এৰি পলায়ন কৰাৰ এক মূহুৰ্ত
"যদি আমি ইচ্ছা কৰা অনুসৰি সোনকালে সংস্কাৰ কৰিব পাৰো, তেন্তে ডিচেম্বৰ মাহত আমি নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিম। যদি আমাক সংস্কাৰৰ বাবে অধিক সময়ৰ প্ৰয়োজন হয়, তেন্তে নিৰ্বাচনৰ বাবে আমাক আৰু কেইমাহমানৰ প্ৰয়োজন হ'ব পাৰে।"-মহম্মদ ইউনুছে কয়।
যোৱা গ্ৰীষ্মকালত বাংলাদেশক আগুৰি ধৰা হিংসাত্মক প্ৰতিবাদৰ কথা উল্লেখ কৰি মহম্মদ ইউনুছে কয় যে, "আমি সম্পূৰ্ণ বিশৃংখলতাৰ পৰা আহিছো। মানুহক গুলীয়াই হত্যা কৰা হৈছে। কিন্তু প্ৰায় সাত মাহৰ পাছত ঢাকাৰ মানুহে কয় যে এতিয়াও আইন-শৃংখলা পুনৰুদ্ধাৰ হোৱা নাই, আৰু কথাবোৰ ভাল হোৱা নাই। তুলনামূলকভাৱে উন্নত হোৱা বুলি কোৱাটো এটা আপেক্ষিক শব্দ। যদি আপুনি ইয়াক উদাহৰণস্বৰূপে যোৱা বছৰৰ সৈতে একে সময়তে তুলনা কৰিছে, তেন্তে ইয়াক ঠিকেই দেখা যায়। এতিয়া যি হৈ আছে, সেয়া আন যিকোনো সময়ৰ তুলনাত বেলেগ নহয়।"
ইফালে, ইউনুছে বাংলাদেশৰ বৰ্তমানৰ বহু দুৰ্দশাৰ বাবে পূৰ্বৰ চৰকাৰখনক দোষাৰোপ কৰে। "এইবোৰ হ'ব লাগে বুলি মই সমৰ্থন কৰা নাই। মই কৈছোঁ যে, আপুনি বিবেচনা কৰিব লাগিব, আমি হঠাতে বনোৱা আদৰ্শ দেশ বা আদৰ্শ চহৰ নহয়। আমি উত্তৰাধিকাৰী সূত্ৰে পোৱা দেশখনৰ এটা ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছো। আমি এনে এখন দেশ, যি বহু বহু বছৰ ধৰি এইদৰে চলি আছে।"-ইউনুছে কয়।
নোবেল বিজয়ী ডঃ মহম্মদ ইউনুছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব লোৱাৰ এক মূহুৰ্ত
উল্লেখ্য যে, শ্বেখ হাছিনাৰ বৰ্বৰ শাসনৰ বলি হোৱা লোকসকল ক্ষুব্ধ হৈয়েই আছে। ছাত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত চলোৱা মাৰাত্মক দমনৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ চলোৱাৰ দাবী জনাই যোৱা কেইমাহমানত হাজাৰ হাজাৰ বিক্ষোভকাৰীয়ে ৰাজপথলৈ ওলাই আহিছে। বাংলাদেশৰ আদালতে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ ৱাৰেণ্ট জাৰি কৰিছে যদিও ভাৰতে এতিয়াও কোনো সঁহাৰি দিয়া নাই। এতিয়া ইউনুছৰ নেতৃত্বত শ্বেখ হাছিনাৰ ৰাজনৈতিক দলৰ সদস্য আৰু সমৰ্থকসকলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
ফেব্ৰুৱাৰী মাহত বাংলাদেশৰ প্ৰতিষ্ঠাপক আৰু হাছিনাৰ প্ৰয়াত পিতৃ শ্বেখ মুজিবুৰ ৰহমানৰ ঘৰকে ধৰি আৱামি লীগৰ সদস্যসকলৰ কেইবাটাও ঘৰ ভাঙি জুই লগাই দিয়া হৈছিল। আৱামি লীগৰ সদস্যসকলে বাংলাদেশ তেওঁলোকৰ বাবে সুৰক্ষিত নহয় বুলি কৰা দাবীৰ বিষয়ে বিবিচিয়ে সোধাত ইউনুছে নিজৰ চৰকাৰক সমৰ্থন কৰি কয়, "আদালত আছে, আইন আছে, থানা আছে, তেওঁলোকে গৈ অভিযোগ কৰিব পাৰে, অভিযোগ পঞ্জীয়ন কৰিব পাৰে। আপুনি কেৱল বিবিচিৰ কোনো সংবাদদাতাৰ ওচৰলৈ অভিযোগ কৰিবলৈ যাব নোৱাৰে, আপুনি থানালৈ গৈ অভিযোগ কৰক আৰু আইনে নিজৰ স্থিতি গ্ৰহণ কৰিছে নে নাই, সেয়া লক্ষ্য কৰক।"
ট্ৰাম্প প্ৰশাসনে বিদেশী সাহায্য কৰ্তন কৰি আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থাৰ পুঁজিৰে প্ৰায় সকলো কাৰ্যসূচী কাৰ্যকৰীভাৱে সমাপ্ত কৰাৰ সিদ্ধান্তই বাংলাদেশৰ দৰে দেশত প্ৰভাৱ পেলাব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ইউনুছে কয় যে এয়া তেওঁলোকৰ সিদ্ধান্ত। এইটোৱে সহায় কৰিছে। কাৰণ তেওঁলোকে এনেকুৱা কাম কৰি আছে যিবোৰ আমি কৰিব বিচাৰিছিলো, যেনে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া আৰু তেনেকুৱা কাম, যিবোৰ আমি লগে লগে কৰিব পৰা নাছিলো।"
উল্লেখ্য যে, আমেৰিকা হৈছে বাংলাদেশক চৰকাৰী উন্নয়ন সাহায্য আগবঢ়োৱা তৃতীয় বৃহত্তম যোগানকাৰী দেশ। যোৱা বছৰ আমেৰিকাই ৪৫০ মিলিয়ন ডলাৰৰ বিদেশী সাহায্যৰ প্ৰতিশ্ৰুতি দিছিল। ই কেনেকৈ বাংলাদেশৰ অভাৱ পূৰণ কৰিব বুলি সোধাত ইউনুছে কয় যে "যেতিয়া এনেকুৱা হ'ব, আমি অভাৱসমূহ পূৰণ কৰিম।"
(আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান বিবিচিৰ শেহতীয়া এক সাক্ষাৎকাৰৰ এয়া অসমীয়া অনুবাদ)