পল্লব ভট্টাচাৰ্য
বৃটীছ সাম্ৰাজ্যত অসমৰ অন্তৰ্ভূক্তি ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে হয়। ইয়াৰ পিছত পৰ্যায়ক্ৰমে ১৮৮৬ত নগা হিল জিলা, ১৮৭৫ত ল’থা নগা অঞ্চল, ১৮৮৯ত আাও অঞ্চল, ১৯০৪ চনতচেমা নগা অঞ্চল আৰু ১৯১০ত কনিয়াক নগা অঞ্চল বৃটীছে নিজৰ কব্জালৈ আনে। ১৯১২ চনত নগা হিল জিলা অসমৰ অন্তৰ্ভূক্ত হয়।ঠিক সেইদৰে ১৯৩৫ চনত মেঘালয়, ১৮৭১ আৰু ১৮৮৯ত লুচাই হিল আৰু ১৯১২-১৩ চনত NEFAক অসমৰ অধীনলৈ অনা হয়। এই সমগ্ৰ ভূখন্দক শাষণৰ সূবিধাৰ্থে আৰু অৰ্থনৈতিক কাৰণত বৃটীছে অসমৰ অন্তৰ্ভূক্ত কৰিছিল।
ভাৰতৰ প্ৰায় সকলো মানুহেই এই সমগ্ৰ ভূখন্দক এক সমমাত্ৰিক অঞ্চল বুলি এটি ভুল ধাৰণাৰ অতীজৰে পৰা কৰি আহিছে আৰু এই ভাবধাৰাৰ প্ৰচলনে অসম বা পূৰ্বাঞ্চলক ভাৰতৰ অন্য প্ৰান্তৰ মানুহে সূক্ষ্মভাবে বুজাত অহেতুক অসুবিধাৰ সৃষ্টি হৈছে। এই অঞ্চল বিভিন্ন ভাষা, জাতি-জনগোষ্ঠীৰ এক অভুতপূৰ্ব সংমিশ্ৰণ। Edward Gait এ A History of Assam (১৯০৫)ত এইদৰে লিখিছিল: “Assam is in many ways a country of exceptional interest… In Assam…. , although in the plains large section of the population…,are of mixed origin, there are also numerous tribes who are almost pure Mongolians, and the examination of their affinities, in respect of physique, language, religion and social customs, with other branches of the same family forms one of the most interesting lines of enquiry open to Ethnologists.”। উক্ত মন্তব্যই এই বৃহৎ ভূমিখন্দৰ বিচিত্ৰতাৰ কথা প্ৰতিপন্ন কৰে।খৃষ্ট পূৰ্ব ২৫০০ বছৰৰ পূৰ্বত উদ্দীপ্ত হোৱা থাই সভ্যতাৰ বংশজাত আহোমসকল স্বৰ্গদেউ চাওলোং চুকাফাৰ সময়ত ১২২৮ খৃষ্টাব্দত অসমত ভৰি দিয়াৰ পিছৰে পৰা সুদীৰ্ঘ ৬০০ বছৰ ৰাজত্ব কৰি অসমৰ সকলো গোষ্ঠীক একাকাৰ কৰা যি ইতিহাস সেয়া অনৈক্যৰ মাজত ঐক্যৰ এক জ্বলন্ত্ব নিদৰ্শন।আহোমসকলে সাতোখনকৈ দেশীয় ৰাজ্যক একগোট কৰি যি একতাৰ বীজ সিঁচিলে তাৰ দৃষ্টান্ত ভাৰতৰ লগতে বিশ্ব বুৰন্জীত বিৰল। এই কৃতিত্বক “সাত ৰাজ মাৰি এক ৰাজ” কৰা বুলি অসমীয়া সাহিত্যত বিখ্যাতভাবে কোৱা হয়। আহোমসকলৰ এই সাফল্যৰ অন্তৰালত ওপৰোক্ত গুণসমূহৰ বাহিৰেও তেওঁলোকৰ বদান্যতা, ধৰ্মনিৰপেক্ষতা আৰু সাংস্কৃতিক সহিঞ্চুতাই উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।
বিশিষ্ট সাহিত্যিক ড: নগেন শইকীয়া মহোদয়ে অসমীয়া জাতি গঠনত আহোম-শাসনৰ অৱদানত লিখিছেঃ “.. ত্ৰয়োদশ শতিকাত অহা আহোমসকলৰ স্বৰ্গদেওসকলে ক্ৰমাত ৰাজ্য বঢ়াই নি কোঁচ, কছাৰী, চুটীয়া ৰাজ্যকো সামৰি সৰু-সৰু ৰজা-পোৱালিসকলকো আহোম শাসনৰ ভিতৰুৱা কৰি সপ্তদশ শতিকাৰ শেহলৈ প্ৰায় সমগ্ৰ ব্ৰহ্মপূত্ৰ উপত্যকা নিজৰ অধীনলৈ আনিলে। তদুপৰি চুবুৰীয়া ৰাজ্যৰ লগত মিত্ৰতা স্থাপন কৰিলে, কাৰো কাৰো ৰাজ্য অধিকাৰ কৰিও তেনে ৰাজ্যৰ শাসনকৰ্তাকে সেই ৰাজ্য শাসনৰ ভাৰ দি “স্থাপিত -সঞ্চিত’ কৰি ৰাখিলে। কটকী পঠাই চুবুৰীয়া ৰাজ্যৰ লগত সম্পৰ্ক ৰক্ষা কৰি থাকিল।কোঁচ-কছাৰী ৰজাসকলৰ লগত যিদৰে যুদ্ধ-বিগ্ৰহ লাগি আছিল তেনেদৰে কূটনৈতিক সম্পৰ্কও ৰক্ষা কৰি আছিল। এতেকে ৰাজনৈতিক পৰিপক্কতাৰে নিজৰ শাসনৰ সীমা কৰতোৱা গঙ্গালৈকে বঢ়াই লোৱা আহোম ৰজাৰ শাসনে অসমীয়া মানুহৰ ইতিহাস ৰচনাত বৰ্মন বংশৰ পাছতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি গৈছে।কেৱল ৰাজনৈতিক ভাবেই নহয়, আৰ্থ-সামাজিক আৰু বস্তুগত সাংস্কৃতিক দিশৰপৰাও আহোম ৰাজত্বই অসমক আৰু প্ৰজ্ঞাসকলৰ জীৱনক এটা নতুন মাত্ৰা দিলে। পূৰ্বে কৈ অহা হৈছে ‘অসম’ আৰু ‘অসমীয়া’-এই শব্দ দুটাও আহোমসকলৰ দান।”
ওপৰোক্ত ঐতিহাসিক সমলে কৃতকাৰ্যতাৰ বাবে ‘অনৈক্যৰ মাজত ঐক্য’ নীতিয়েই যে শ্ৰেষ্ঠ তাক প্ৰতিপন্ন কৰে।আহোমসকলে নিজৰ ভাষা আৰু সংস্কৃতিৰ থাইদেশৰ প্ৰচলিত সংস্কৃতিৰ এক অপূৰ্ব সংমিশ্ৰণেৰে এক সংক্ৰামক (Syncretic) আৰু অন্তৰ্ভূক্তিমুলক (Inclusiveness) পৰম্পৰাৰ সৃষ্টি কৰিলে যিয়ে তেওঁলোকৰ কৃতকাৰ্য্যতাৰ প্ৰধান কাৰক।
জুন বিল মেলাত বিনিময় পৰম্পৰা
বৃটিছ সাম্ৰাজ্যৰ সময়ত অসমত বিভিন্ন জনজাতিৰ বিনিময় মেলা সমূহৰ জৰিয়তে হোৱা বেপাৰে জাতি-জনগোস্থীৰ মাজত মানুহে মানুহৰ বাবে ভাবধাৰাক প্ৰকট কৰি সম্প্ৰিতীৰ এনাজৰী কটকটীয়া কৰিছিল আৰু সেয়েহে সেই সময়ত অৰ্থনৈতিকভাবে অসম স্বচ্ছল আছিল। অসমৰ বিভিন্ন জনগোস্থীৰ এই ঐতিহ্যগত প্ৰজ্ঞাৰ বাবেই মৰিগাওঁৰ জোনবিল মেলা যʼত তীৱা, খাছী, জয়ন্তীযা, কাৰ্বি আৰু ৰাভা গোষ্ঠীৰ মানুহৰ এক অপূৰ্ব ৰামধেনুৰ বাৰ্ষিকভাবে সৃষ্টি হয় আৰু এনেধৰণৰ অনুষ্ঠানসমূহৰ প্ৰভাব এতিয়াও বিদ্যমান। স্বৰ্গদেও প্ৰতাপ সিংহৰ (১৬০৩-৪১) নগাপ্ৰধানসমূহক দিয়া খাট্ আৰু তাত হোৱা বেপাৰে এই অঞ্চলৰ উন্নতিৰ লগতে মানুহ-মানুহৰ যোগাযোগে অনৈক্যৰ মাজত ঐক্য স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
বৃটীছ অসমৰপৰা সৃষ্টি হোৱা আটাইকেইখন ৰাজ্য- নাগালেন্ড, মেঘালয়, অৰুনাচল আৰু মিজোৰামৰ অসমৰ সৈতে সীমান্ত সমস্যা বিদ্যমান। এইবছৰৰ ২৬ জুলাইত হোৱা অসম-মিজোৰাম সীমান্ত সংঘাতত আৰক্ষীকে ঘৰি ৬ জন ব্যক্তিৰ মৃত্যু হৈছিল। Rights and Risk Analysis Group (RRAG) নামৰ এক সংস্থাৰ সমীক্ষামতে ১৯৭৯ৰ পৰা ২০২১ চনৰ ভিতৰত অসমৰ লগত থকা সীমান্তবৰ্তী ৰাজ্যসমূহৰ সংঘাতত ১৫৭জন ব্যক্তিৰ মৃত্যু হৈছিল, প্ৰায় ৩৬১ জন আঘাটপ্ৰাপ্ত হোৱাৰ লগতে ৬৫৭২৯ জনতকৈও অধিক ব্যক্তি গৃহহীন হৈ অপসাৰিত হৈছে। এই সমস্যাৰ আশু সমাধান সকলোৰে কাম্য। ভাৰতৰ সংবিধানৰ ২ আৰু ৩ নং ধাৰা অনুযায়ী এখন ৰাজ্যৰ সৃষ্টি বা সীমা নিৰ্ধাৰণ ভাৰতৰ সংসদে কৰে। অৰ্থাৎ বৃটীছ অসম বিভিন্ন ৰাজ্য হিচাবে খন্দিত হওঁতে ৰাজ্য কেইখনৰ সীমা নিৰ্ধাৰণ নোহোৱাৰ বাবে এনে দূৰ্ভাগ্যজনক ঘটনাৰ পুনৰাবৃত্তি ঘটি আহিছে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্টপতি ৰনাল্দ ৰীগানে বীৰদৰ্পে এবাৰ ব্যক্ত কৰিছিল : “A nation that cannot control its borders is not a nation”। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই ৰীগানৰ এই উক্তিৰ অনুকৰণ কৰি এক যুদ্ধংদেহী মনোবৃত্তি স্বাধীনতাৰ পিছৰ সাত দশকৰো অধিক কাল বাস্তবায়ন কৰি আহিছে, কিন্তু তাৰ কোনো সূফল আজিকোপতি হোৱা নাই আৰু অদূৰ ভবিষ্যতেও উক্ত নীতিৰ জৰিয়তে এই সমস্যা সমাধান হোৱাৰ আশা ক্ষীণ।বৰ্তমান এই যুদ্ধংদেহি মনোবৃত্তি এৰি শান্তিকসূযোগ দিয়াতো প্ৰয়োজনীয় হৈ পৰিছে। তাৰ বাবে অসমৰ সীমামূৰীয়া ৰাজ্যসমূহৰ লগত যি “বিবাদমান অঞ্চল “ আছে তাক চিনাক্ত কৰা আৰু তাত থকা ব্যক্তিসকলৰ ঘৰৰ GPS প্ৰযুক্তিৰে স্থান নিৰ্ধাৰণ কৰা ( যাতে আন মানুহে এই অঞ্চলত প্ৰবেশ কৰিব নোৱাৰে) প্ৰথম পদক্ষেপ হব পাৰে। দ্বিতীয়তে এই মাটিত কিকৃষি বা উদ্যোগ স্থাপন কৰিব পাৰি তাৰ জৰীপ DONERৰ দৰে সংস্থাই কৰিব পাৰে। তৃতীয়তে, এই কৃষি আৰু উদ্যোগৰ পৰা হোৱা লাভা-লাভ সেই অঞ্চলৰ দুয়ো প্ৰদেশৰ মানুহৰ মাজত বিলাই আৰু অধিক উৎপাদনশীল প্ৰকল্প ভবিষ্যতে লব পাৰি। যিহেতো দুখন ৰাজ্যৰ সীমাসমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰ মুলতঃদায়বদ্ধ, প্ৰকল্পসমূহৰ অৰ্থ চৰকাৰে বহন কৰিব লাগে।
অসম-মিজোৰাম সীমান্তত সংঘৰ্ষ
উপৰোক্ত আঁচনিৰসফল ৰূপায়ণৰ বাবে People to people যোগাযোগ প্ৰয়োজনীয়। অসমৰ ক্ষেত্ৰত এনে কিছু সংগঠণ আছে যিয়ে উৎপাদন আৰু মানুহ-মানুহ যোগাযোগৰ ক্ষেত্ৰত উল্লেখনীয় কাম কৰি আহিছে যেনে AAAPTA (All Assam Agarwood Planters and Traders Association) আৰু NEPPFA (North East Progressive Pig Farmers Association) । বিভিন্ন ভূক্তভোগী প্ৰদেশসমূহে এনে সংস্থা চিনাক্ত কৰি DONER Ministryৰ জৰিয়তে সেইবোৰৰ হাত ধৰি (Hand Holding) এই প্ৰকল্প সমূহ জনসাঘাৰণৰ মাজলৈ নি তেওঁলোকক Responsible Stakeholder হিচাবে গঢ়িব পাৰে। ভাৰত চৰকাৰৰ Act East নীতিয়ে এইক্ষেত্ৰত এক দীক্-নিৰ্ণায়ক ভূমিকা লব পাৰে।
আহোমসকল “অনৈক্যৰ মাজত ঐক্য”নীতিৰে সফল হৈছিল। উত্তৰ-পূৰ্বাঞ্চলে এই শান্তিপূৰ্ণ সহাৱস্থান নীতিক অনুসৰণ কৰাটো সময়ৰ আহ্বান। তাকে কৰিলে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বৰাক অ’বামাৰ বিখ্যাত উক্তি “We are defined not by our borders but by our bonds” উত্তৰ-পূবৰ উন্নতিৰ ক্ষেত্ৰত প্ৰযোয্য হʼব।
(লেখকএজন অসম আৰক্ষীৰ প্ৰাক্তন বিশেষ আৰক্ষী সঞ্চালক প্ৰধান আৰু অসম লোক সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ)