ড০ জাকিৰ নাইকৰ অহংকাৰৰ পতন; পাকিস্তানৰ উদাৰবাদী চিন্তাবিদৰ প্ৰশ্নবানত থকা-সৰকা

Story by  atv | Posted by  Munni Begum • 5 d ago
ড০ জাকিৰ নাইক
ড০ জাকিৰ নাইক
 
শ্বেখ মুতাৱাকিল
 
ইছলাম ধৰ্মৰ সুপৰিচিত বক্তা ড০ জাকিৰ নাইকক দীৰ্ঘদিন ধৰি তুলনামূলক ধৰ্মৰ কৰ্তৃত্বশীল বুলি গণ্য কৰা হৈছিল, আৰু লাখ লাখ লোকে তেওঁক অনুসৰণ কৰে। ধৰ্মশাস্ত্ৰৰ বিপুল জ্ঞানেৰে সমৃদ্ধ জাকিৰ নাইকে প্ৰায়ে বিতৰ্ক অনুষ্ঠান আৰু বক্তৃতা অনুষ্ঠানত অংশ লৈ নিজৰ যুক্তিক শক্তিশালী ৰূপত দাঙি ধৰে। কিন্তু শেহতীয়াকৈ যেতিয়া ড০ নাইক পাকিস্তান ভ্ৰমণলৈ গৈছিল, তেতিয়া তেওঁ তাত এক অকল্পনীয় পৰিস্থিতিৰ সন্মুখীন হয়। পাকিস্তানত তেওঁৰ যথেষ্ট অনুগামী থকাৰ প্ৰতি লক্ষ্য ৰাখি এনে পৰিস্থিতি একপ্ৰকাৰ কল্পনাতীত। 
 
তেওঁ নিজৰ জ্ঞানৰ বাবে, মুখৰ কথা আৰু আচৰণৰ বাবে পাকিস্তানত লাঞ্ছনাৰ সন্মুখীন হৈছে। বিশেষকৈ যুক্তিৰ দ্বাৰা পৰিচালিত যুৱ প্ৰজন্মৰ সমালোচনাৰ সন্মুখীন হোৱাৰ সময়ত ধৈৰ্য্য আৰু আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে এজন মৰ্যাদাসম্পন্ন পণ্ডিতক সমাজে কিদৰে নাকচ কৰিব পাৰে, তাৰ স্পষ্ট উদাহৰণ হৈ পৰিল জাকিৰ নাইকৰ শেহতীয়া ভ্ৰমণ।
 
ইছলাম সেৱাৰ বাবে ড০ জাকিৰ নাইকে চৌদি পুৰস্কাৰ লাভ কৰাৰ এক মূহুৰ্ত
 
সমাজ ব্যৱস্থাত ইছলামিক মৌলবাদ গভীৰভাৱে শিপাই থকা দেশ পাকিস্তান স্বাভাৱিকতে ড০ নাইকৰ দৰে ব্যক্তিৰ বাবে উৰ্বৰ ভূমি যেন লাগে। বহুতে বিশ্বাস কৰিছিল যে তেওঁৰ ধৰ্মীয় বাৰ্তাই দেশখনৰ জনসাধাৰণক গভীৰভাৱে আপ্লুত কৰিব। কিন্তু পাকিস্তানৰ একাংশ উদাৰবাদী চিন্তাবিদ আৰু শিক্ষাবিদে তেওঁক বৌদ্ধিক প্ৰত্যাহ্বানেৰে থকা-সৰকা কৰে। 
 
ড° নাইকে জানিছিল যে তেওঁ পাকিস্তানী উদাৰবাদীসকলৰ পৰা প্ৰশ্নৰ সন্মুখীন হ’ব, যিসকল ব্যক্তিয়ে ইছলামৰ আধুনিক ব্যাখ্যাক সমৰ্থন কৰে, পৰম্পৰাগত জ্ঞানক লৈ প্ৰশ্ন উত্থাপন কৰে, আৰু নাইকৰ দৰে ৰাজহুৱা ব্যক্তিক প্ৰশ্ন কৰিবলৈ ভয় নকৰে। তথাপিও ধৰ্ম প্ৰচাৰকজন আত্মবিশ্বাসী আছিল যে বছৰ বছৰ ধৰি তৰ্ক অনুষ্ঠান আৰু ৰাজহুৱা ভাষণৰ অভিজ্ঞতাই তেওঁক যিকোনো যুক্তিৰ সৱল প্ৰত্যুত্তৰ দিয়াত সহায় কৰিব। তথাপি নিজৰ সকলো দক্ষতাৰ মাজতো নাইকে অনুভৱ কৰা নাছিল যে আত্মবিশ্বাস আৰু অহংকাৰ দুটা পৃথক বিষয়। আৰু এইখিনিতেই ব্যৰ্থ হৈছিল ড০ জাকিৰ নাইক।
 
সংঘাতৰ মুহূৰ্তটো তেতিয়া আহিছিল যেতিয়া ড° নাইকক ইছলামাবাদৰ এখন বৌদ্ধিক মঞ্চত পাকিস্তানী উদাৰবাদীৰ এটা দলৰ সৈতে মতবিনিময় কৰিবলৈ কোৱা হৈছিল। এইসকল যথেষ্ট শিক্ষিত ব্যক্তি আছিল, আৰু তেওঁলোকে নাৰীৰ অধিকাৰ, স্বাধীন ইচ্ছা, ধৰ্মনিৰপেক্ষতা আৰু ইছলামৰ আধুনিক শাসনৰ সংযোগৰ বিষয়ে ড০ নাইকৰ মতামত সম্পৰ্কে সমালোচনাত্মক প্ৰশ্ন উত্থাপন কৰিছিল। পাকিস্তানৰ উদাৰবাদীসকলে দীৰ্ঘদিন ধৰি এই বিষয়সমূহৰ ওপৰত মাত মাতি আছিল। তেওঁলোকে সংস্কাৰ বিচাৰিছিল আৰু ধৰ্মীয় পৰম্পৰা তথা আধুনিক মূল্যবোধৰ মাজত ভাৰসাম্য ৰক্ষাৰ পোষকতা কৰিছিল।
 
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ সৈতে ডাঃ জাকিৰ নাইক
 
বিতৰ্কত ড° নাইকে সাধাৰণে অৱলম্বন কৰা এটা কৌশল আছিল আত্মবিশ্বাসী আৰু কেতিয়াবা সংঘাতপূৰ্ণ শৈলী। তেওঁৰ কৰ্তৃত্বক বহুলাংশে প্ৰশ্নবিহীনভাৱে মানি লোৱা পৰিৱেশত এনে কৌশলে কাম কৰিছিল। কিন্তু এইবাৰ কথাটো যথেষ্ট পৃথক আছিল। তেওঁ প্ৰথম প্ৰতিক্ৰিয়া যদিও ইছলামিক আৰু শাস্ত্ৰৰ উদ্ধৃতিৰে দিছিল, তথাপিও তেওঁ অধিক অনুসন্ধানমূলক প্ৰশ্নৰ সন্মুখীন হৈছিল। উদাৰবাদীসকলে সহজ উত্তৰৰ প্ৰতি আগ্ৰহী নাছিল; তেওঁলোকে এক চিন্তাশীল আলোচনা বিচাৰিছিল।
 
আলোচনা চলি থকাৰ লগে লগে প্ৰশ্নবোৰ অধিক সূক্ষ্ম হৈ পৰিল। উদাৰবাদীসকলে ইছলামক আধুনিক, প্ৰগতিশীল ধাৰণাবোৰৰ সৈতে সংমিশ্ৰিত ব্যাখ্যা বিচাৰিলে। ইয়াৰ পৰাই ড০ জাকিৰ নাইকৰ দূৰ্বলতা উন্মোচিত হ'বলৈ ধৰে। পৰম্পৰাক আধুনিক মূল্যবোধৰ সৈতে একত্ৰিত কৰা সন্তোষজনক উত্তৰ দিব নোৱাৰি ড০ নাইকৰ স্থিৰতা পিছলিবলৈ ধৰিলে। শান্ত-সমাহিত আৰু বৌদ্ধিক ভাৱ বিনিময়েৰে সমৃদ্ধ হ'বলগীয়া অনুষ্ঠানটো ক্ৰমাত উত্তেজনাপূৰ্ণ হৈ উঠিছিল আৰু ড০ জাকিৰ নাইকৰ মুখমণ্ডলত হতাশাৰ চাপ স্পষ্ট ৰূপত দেখা গৈছিল।
 
উত্তেজনাত তেওঁ কণ্ঠস্বৰ বাঢ়ি গৈছিল। তেওঁ নিজৰ যুক্তিক সমৰ্থন কৰিবলৈ প্ৰশ্নকাৰীসকলক ইছলামৰ বিষয়ে অজ্ঞাত বা ইচ্ছাকৃতভাৱে বিৰোধিতা কৰা বুলি চিত্ৰিত কৰিলে। মতানৈক্যৰ সন্মুখত নিজৰ ধৈৰ্য আৰু সংযম ধৰি ৰাখিব নোৱাৰি ড০ নাইক ভিতৰৰ পৰা জিকাৰ খাই উঠিছিল। জীৱনত হয়তো তেওঁ প্ৰথমবাৰৰ বাবে এনে পৰিস্থিতিৰ সন্মুখীন হৈছিল। তেওঁৰ প্ৰতিক্ৰিয়াবোৰ অধিক আৱেগিক হৈ পৰিছিল আৰু দৰ্শকৰ সন্মুখত তেওঁৰ ভাৱমূৰ্তি ক্ৰমাত ম্লান হৈ পৰে। 
 
ড° জাকিৰ নাইক
 
ঘটনাৰ টাৰ্নিং পইণ্ট তেতিয়া আহিছিল যেতিয়া এগৰাকী যুৱতীয়ে ইছলামত নাৰীৰ অধিকাৰ সন্দৰ্ভত ড০ নাইকৰ স্থিতিৰ বিষয়ে সুধিলে। যুৱতীগৰাকীয়ে ইছলামিক সমাজত বহুলভাৱে প্ৰচলিত ড্ৰাগছ আৰু ধৰ্ষণৰ দৰে সামাজিক ব্যাধিৰ বিষয়েও ইছলামিক বুদ্ধিজীৱিগৰাকীক চোকা প্ৰশ্ন সুধিছিল।
 
বিষয়টোৰ জটিলতাক স্বীকাৰ কৰি এক সুষম উত্তৰ দিয়াৰ পৰিৱৰ্তে ড০ নাইকে যুৱতীগৰাকীৰ প্ৰশ্নবোৰক ইছলামৰ ওপৰত এক আক্ৰমণ বুলি উল্লেখ কৰাত উপস্থিত দৰ্শকসকলো বিৰক্ত হৈ পৰা দেখা যায়। তেওঁৰ উত্তৰত বিদ্বত দৰ্শকসকল স্তম্ভিত হৈ পৰে। ড০ নাইকে ধৈৰ্য, সংযম আৰু প্ৰজ্ঞাৰে দৰ্শকৰ মন জয় কৰাৰ পৰিৱৰ্তে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা যেন লাগিল। খং আৰু বিৰক্তিৰে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, যিটো এগৰাকী বিশিষ্ট পণ্ডিত আৰু প্ৰচাৰকৰ ক্ষেত্ৰত শোভা নাপায়।
 
পাকিস্তানত ড০ জাকিৰ নাইকৰ লজ্জাজনক ব্যৰ্থতা জ্ঞানৰ অভাৱৰ ফল নহয়, ই তেওঁৰ অহংকাৰী স্বভাৱৰ ফল। নাইকৰ দৰে ইছলামৰ এজন প্ৰচাৰক আৰু বিশিষ্ট ব্যক্তিয়ে ধৈৰ্য্য, নম্ৰতা আৰু সহনশীলতাৰ মূল গুণসমূহক জীৱন-যাপনৰ অংশ কৰি লোৱাটো সকলোৱে আশা কৰে। এই গুণবোৰে কেৱল এজন পণ্ডিতৰ ভূমিকাক অধিক সৱল কৰাই নহয়, এইবোৰ অতি প্ৰয়োজনীয়ও।
 
ইছলামিক পৰম্পৰাই ধৈৰ্য্য আৰু সংযমক আন ধৰ্মৰ দৰেই উচ্চ আসনত ৰাখে। ব্যক্তিগত আক্ৰমণ আৰু বিৰোধিতাৰ সন্মুখীন হ’লেও হজৰত মহম্মদক তেওঁৰ অদম্য ধৈৰ্য্যৰ বাবে প্ৰায়ে স্মৰণ কৰা হয়। এজন পণ্ডিত হিচাপে ড০ নাইকে এই ধৈৰ্য্য অনুসৰণ কৰাটো আশা কৰা হৈছিল, বিশেষকৈ তেওঁক প্ৰত্যাহ্বান জনোৱাসকলৰ সৈতে আলোচনা কৰাৰ সময়ত তেওঁ এইখিনি অনুশাসন মানি চলিব লাগিছিল। ধৈৰ্য্য হেৰুৱাই ড° নাইকে তৰ্ক অনুষ্ঠানটোত পৰাস্ত হোৱাতকৈও তেওঁ নিজৰ উচ্চ ভাৱমূৰ্তি হেৰুৱালে। যুক্তিৰ খাতিৰত তেওঁৰ এই আৱেগৰ বিস্ফোৰণে ড০ নাইকৰ পণ্ডিতৰ মৰ্যাদা আৰু সন্মানকো মোক্ষম আঘাত হানিব।
 
এক অনুষ্ঠানত ড০ জাকিৰ নাইকে ভাষণ প্ৰদান কৰাৰ এক মূহুৰ্ত
 
প্ৰখ্যাত পণ্ডিতগৰাকীয়ে প্ৰদৰ্শন কৰা খং আৰু আৱেগে এই কথা প্ৰমাণ কৰিছে যে বিশাল জ্ঞান থকাৰ পিছতো তেওঁ বৌদ্ধিক প্ৰতিৰোধৰ সৈতে মোকাবিলা কৰিবলৈ অপ্ৰস্তুত। প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁৰ অক্ষমতাই তেওঁৰ বৌদ্ধিক দুৰ্বলতাকো উদঙাই দিলে। এজন প্ৰকৃত পণ্ডিতে কেতিয়াও ধৰ্মীয় বিশ্বাস নিৰ্বিশেষে কঠিন প্ৰশ্নৰ পৰা আঁতৰি নাহে বা প্ৰত্যাহ্বানৰ সন্মুখীন হ’লে হতাশাৰে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে।
 
সেই অৰ্থত ড০ নাইকৰ পাকিস্তান ভ্ৰমণ বিফল হৈছে উদাৰবাদীসকলৰ তীক্ষ্ণ প্ৰশ্নবানৰ বাবেই নহয়, এজন পণ্ডিতৰ পৰা আশা কৰা ধৈৰ্য্য আৰু সংযমেৰে উত্তৰ দিব নোৱাৰাৰ বাবেহে। ইয়াৰ ফলত তেওঁৰ শিৰত জিলিক থকা পণ্ডিতৰ মৰ্যাদাক লৈ প্ৰশ্ন উত্থাপন হৈছে। জনসাধাৰণৰ দৃষ্টিত প্ৰচাৰকসকলে কেৱল নিজৰ ব্যক্তিগত ধৰ্মীয় বিশ্বাসকে নহয়, তেওঁলোকে প্ৰচাৰ কৰা ধৰ্মৰ বহল ভাবমূৰ্তিকো প্ৰতিনিধিত্ব কৰাৰ গধুৰ বোজা বহন কৰে। যিকোনো প্ৰচাৰকৰ বাবে ধৈৰ্য্যই আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য, বিশেষকৈ সমালোচকৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ সময়ত এই গুণ অতি জৰুৰী। এজন ধৰ্মীয় প্ৰচাৰকৰ প্ৰধান ভূমিকা হ’ল মানুহক সঠিক পথ প্ৰদৰ্শন কৰা, সংঘৰ্ষৰ সূত্ৰপাত ঘটোৱা নহয়। 
 
ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদে নিজেই বহুত বেছি কঠোৰ সমালোচনা আৰু বিৰোধিতাৰ সন্মুখীন হৈছিল। তথাপিও তেওঁ ধৈৰ্য্য, সংযম আৰু নম্ৰতা বজাই ৰাখিছিল, আনকি তেওঁৰ ক্ষতি কামনা কৰাসকলৰ প্ৰতিও দয়াৰে সঁহাৰি জনাইছিল। তেওঁ সকলো পণ্ডিত আৰু প্ৰচাৰকসকলৰ বাবে এক আদৰ্শ দাঙি ধৰিছিল যে কেৱল জ্ঞানেই যথেষ্ট নহয়। তেওঁলোকে প্ৰচাৰ কৰা ধৰ্মীয় বিশ্বাসৰ গুণবোৰক মূৰ্ত কৰি তুলিব লাগিব আৰু ধৈৰ্য্য সকলো পাৰস্পৰিক ক্ৰিয়াৰ মূল শিলাস্তম্ভ হ’ব লাগিব।
 
(লেখক দিল্লীস্থিত এগৰাকী সাহিত্যিক)


শেহতীয়া খবৰ