আৰক্ষী বিষয়া শিলাদিত্য চেতিয়াৰ আত্মহত্যা আৰু সমাজৰ বাবে শিক্ষা

Story by  Pallab Bhattacharyya | Posted by  Munni Begum • 2 Months ago
 শিলাদিত্য চেতিয়া তেওঁৰ পত্নীৰ সৈতে
শিলাদিত্য চেতিয়া তেওঁৰ পত্নীৰ সৈতে
 
  পল্লব ভট্টাচাৰ্য্য
 
'পত্নীৰ মৃত্যুৰ কিছু মিনিট পিছতে আত্মহত্যা কৰিলে গৃহ সচিবে'-এয়া আছিল ২০২৪ চনৰ ১৯ জুনৰ সকলো সংবাদ মাধ্যমৰ প্ৰধান বাতৰি। অসুস্থ পত্নীৰ মৃত্যুৰ দুখ সহিব নোৱাৰি শিলাদিত্য চেতিয়াই আত্মহত্যাৰ পথ বাচি লোৱাৰ ঘটনা অসম আৰক্ষীৰ লগতে সমাজৰ বাবেও  শুভ লক্ষণ নহয়।  
 
অসমৰ বিভিন্ন প্ৰান্তত বহু প্ৰত্যাহ্বানমূলক পদত কাৰ্যনিৰ্বাহ কৰা এজন অভিজ্ঞ আৰু দক্ষ বিষয়াৰ আত্মহননৰ দৰে এই কঠোৰ পদক্ষেপৰ কাৰণসমূহ আমি গভীৰভাৱে বিশ্লেষণ কৰা উচিত। ৰাজ্যৰ গৃহ সচিব হিচাপে তেওঁৰ শেহতীয়া নিযুক্তিয়েও শিলাদিত্য চেতিয়াৰ পেছাদাৰী কেৰিয়াৰৰ উৎকৃষ্টতাক প্ৰমাণ কৰে।
 
তেওঁৰ মৃত্যুৰ পিছত মই মোৰ কলেজীয়া সহপাঠী আৰু আনসকলৰ পৰা তেওঁলোকৰ জীৱন আৰু পেছাদাৰী কেৰিয়াৰক প্ৰভাৱিত কৰা দিশসমূহৰ বিষয়ে কিছু তথ্য লাভ কৰিছো আৰু শিলাদিত্যই সেই সমস্যাসমূহ কেনেদৰে সমাধান কৰিছিল, সেই বিষয়েও জানিব বিচাৰিছিলো। ইয়াৰ পৰা জানিব পাৰিছিলো যে এজন জনসেৱকৰ বাবে প্ৰয়োজনীয় সহানুভূতি আৰু ধৈৰ্য আদিৰ দৰে গুণসমূহ শিলাদিত্যৰ মাজত আছিল।
 
গুৱাহাটীৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ চৌহদত অসম আৰক্ষী দিৱস উদযাপনৰ এক দৃশ্য
 
সহানুভূতি আৰু দয়া দুয়োটা গুৰুত্বপূৰ্ণ গুণ, যিয়ে আমাৰ জীৱনত বহু পৰিমাণে প্ৰভাৱ পেলাব পাৰে, বিশেষকৈ প্ৰত্যাহ্বানমূলক সময়ত। ইয়াৰ মাজত সাদৃশ্য থাকিলেও কিন্তু সুকীয়া অৰ্থ আছে। আৰক্ষী বা অসামৰিক সেৱাৰ দৰে প্ৰত্যাহ্বানমূলক জীৱন যাপন কৰাত এই দুয়োটা গুণ গুৰুত্বপূৰ্ণ। সহানুভূতি আৰু দয়াই আৱেগিক সমৰ্থন প্ৰদান কৰে, ফলপ্ৰসূ যোগাযোগৰ সুবিধা প্ৰদান কৰে, আৰু সুস্থিৰতা তথা মংগলৰ পোষকতা কৰাত সহায় কৰে। সহানুভূতি বা দয়া দেখুৱাই আমি আনৰ বাবে তেওঁলোকৰ আৱেগ প্ৰকাশ কৰিবলৈ এক নিৰাপদ স্থান সৃষ্টি কৰোঁ।
 
কিন্তু ইলেক্ট্ৰনিক, ছপা আৰু সৰ্বশক্তিমান ছ’চিয়েল মিডিয়াৰ দ্বাৰা প্ৰভাৱিত এজন সাধাৰণ নাগৰিকে বিশ্বাস কৰাৰ প্ৰৱণতা থাকে যে জীৱন সংগীৰ প্ৰতি দুৰ্বাৰ প্ৰেম আৰু তেওঁৰ মৃত্যুত আৱেগিক হৈ শিলাদিত্যই জীৱনৰ এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, কাৰণ তেওঁৰ সকলো আৱেগ-অনুভূতি পত্নীৰ সৈতে জড়িত হৈ আছিল। সমাজে তেওঁ গ্ৰহণ কৰা এনে কঠোৰ পদক্ষেপৰ কাৰণসমূহ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা উচিত। তেওঁৰ পৰিয়াল, ঘনিষ্ঠ আত্মীয়, আৰক্ষী বা অসামৰিক সেৱা আৰু বিভিন্ন সময়ত তেওঁৰ পত্নীৰ চিকিৎসা কৰি থকা চিকিৎসকসকলে এই ট্ৰেজেডী ৰোধৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণত ব্যৰ্থ হৈছে নেকি?
 
আত্মহত্যা এটা জটিল বিষয়। ই প্ৰায়ে দূৰ্বল মানসিক স্বাস্থ্য, আশাহীনতাৰ অনুভৱ, আৰু সমৰ্থন বা সম্পদৰ অভাৱৰ পৰা উদ্ভৱ হয়।অসামৰিক সেৱা আৰু আৰক্ষীৰ ভূমিকাৰ কথা ক’বলৈ গ’লে এই কথা একেবাৰে স্পষ্ট যে শিলাদিত্যৰ পত্নীৰ দুৰাৰোগ্য ৰোগ আৰু ইয়াক লৈ সৃষ্টি হোৱা তেওঁৰ মানসিক স্থিতিৰ বিষয়ে আৰক্ষীৰ শীৰ্ষ মহল অথবা শিলাদিত্যৰ সতীৰ্থসকল ভালদৰে অৱগত আছিল।  তেওঁৰ দুখবোৰ দূৰ কৰিবলৈ সংগঠন হিচাপে আৰক্ষীয়ে কিবা প্ৰচেষ্টা চলাইছিল নে? এনে দুৰ্ঘটনা ৰোধ কৰিবলৈ কোনো সাংগঠনিক গাঁথনি স্থাপন কৰা হৈছে নে? যদি নাই, তেন্তে ভৱিষ্যতে এনে ঘটনা ৰোধ কৰিবলৈ অসামৰিক সেৱাৰ দ্বাৰা এনে ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সময় সমাগত।
 
চিকিৎসকৰ ভূমিকাৰ বিষয়ে ক'বলৈ গ'লে মই গোটেই বিষয়টোৰ জৰুৰী প্ৰয়োজনীয়তা প্ৰশমনমূলক যত্নৰ দিশসমূহৰ ওপৰত গুৰুত্ব দিব বিচাৰিছো। প্ৰশমনমূলক যত্ন হৈছে গুৰুতৰ ৰোগৰ সন্মুখীন হোৱা ৰোগীৰ জীৱনৰ মান উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা এক বিশেষ চিকিৎসা সেৱাৰ পদ্ধতি, বিশেষকৈ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা বা মৃত্যুমুখত পৰিব পৰা ৰোগীৰ ক্ষেত্ৰত। ইয়াৰ মূল লক্ষ্য হৈছে শাৰীৰিক যন্ত্ৰণাৰ পৰা সকাহ দিয়াৰ লগতে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক আৱেগিক, মানসিক-সামাজিক আৰু আধ্যাত্মিক সহায় আগবঢ়োৱা।
 

 

গৃহ সচিব শিলাদিত্য চেতিয়াক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

 

 
প্ৰশমনমূলক যত্নৰ মূল নীতিসমূহৰ ভিতৰত আছে:
 
১) সামগ্ৰিক পদ্ধতিঃ প্ৰশমনমূলক যতনে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ শাৰীৰিক, আৱেগিক, সামাজিক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তাক সম্বোধন কৰে। ই স্বীকাৰ কৰে যে অসুস্থতাৰ প্ৰভাৱ শাৰীৰিক লক্ষণৰ বাহিৰলৈও যায়।
 
২) জীৱনৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিয়াঃ প্ৰশমনমূলক যত্নৰ লক্ষ্য হৈছে চিকিৎসাৰ যন্ত্ৰণা, লক্ষণ আৰু পাৰ্শ্বক্ৰিয়া পৰিচালনা কৰি ৰোগীৰ জীৱনৰ মান বৃদ্ধি কৰা। ইয়াৰ উপৰিও ই ৰোগীক স্বাধীনতা বজাই ৰখা আৰু তেওঁলোকক আনন্দ কঢ়িয়াই অনা কামত জড়িত হোৱাত সহায় কৰে।
 
৩) বহুবিষয়ক দলঃ চিকিৎসক, নাৰ্ছ, সমাজকৰ্মী, মনোবিজ্ঞানী, মনোৰন্জনকাৰী বিষয়াকে ধৰি স্বাস্থ্যসেৱা পেছাদাৰীৰ এটা দলে একেলগে কাম কৰি ব্যাপক যত্ন প্ৰদান কৰে। তেওঁলোকে লক্ষণসমূহ পৰিচালনা কৰাত সহযোগিতা কৰে, সমৰ্থন আগবঢ়ায়, আৰু ৰোগীৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে।
 
৪) উন্নত পৰিচৰ্যা পৰিকল্পনাঃ প্ৰশমনমূলক যতনে চিকিৎসাৰ বিকল্প, যত্নৰ লক্ষ্য আৰু জীৱনৰ শেষৰ পছন্দৰ বিষয়ে মুকলি আলোচনাৰ পোষকতা কৰে। ইয়াৰ দ্বাৰা ৰোগী আৰু পৰিয়ালসমূহে জ্ঞাত সিদ্ধান্ত লোৱাত সহায় কৰে আৰু তেওঁলোকৰ মূল্যবোধ আৰু পছন্দক সন্মান কৰাটো নিশ্চিত কৰে।
 
মৃত্যুমুখী ৰোগীৰ ক্ষেত্ৰত চিকিৎসকৰ কৰ্তব্যঃ
 
১) যোগাযোগ: চিকিৎসকে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে ফলপ্ৰসূভাৱে যোগাযোগ কৰিব লাগিব, তেওঁলোকক ৰোগ নিৰ্ণয়, পূৰ্বাভাস আৰু উপলব্ধ চিকিৎসা বিকল্পৰ বিষয়ে স্পষ্ট আৰু সৎ তথ্য প্ৰদান কৰিব লাগিব। তেওঁলোকে উদ্বেগসমূহৰ সমাধান কৰিব লাগে, প্ৰশ্নৰ উত্তৰ দিব লাগে, আৰু সঠিক সিদ্ধান্ত গ্ৰহণ নিশ্চিত কৰিব লাগে।
 
২) যন্ত্ৰণা আৰু লক্ষণ নিয়ন্ত্ৰণঃ গুৰুতৰ ৰোগৰ লগত জড়িত শাৰীৰিক লক্ষণসমূহ পৰিচালনা কৰাত চিকিৎসকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁলোকে ঔষধৰল প্ৰেছক্ৰিপচন প্ৰদান কৰে, চিকিৎসা প্ৰদান কৰে আৰু অন্যান্য স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ সৈতে সহযোগিতা কৰি ৰোগীৰ যন্ত্ৰণা কমায় আৰু দুখজনক লক্ষণসমূহ হ্ৰাস কৰে।

৩) আৱেগিক সহায়ঃ চিকিৎসকে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰত প্ৰান্তিক পৰ্য্যায়ত উপনিত হোৱা ব্যক্তিৰ ডায়েগন’ছিছৰ আৱেগিক প্ৰভাৱ চিনাক্ত কৰিব পাৰিব লাগে। তেওঁলোক সহানুভূতিশীল হ’ব লাগে, আৱেগিক সহায় আগবঢ়াব লাগে আৰু ৰোগীক তেওঁলোকৰ অৱস্থাৰ সৈতে জড়িত মানসিক প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব লাগে।শিলাদিত্যৰ ক্ষেত্ৰত দূখৰ যি পৰিস্থিতিৰ উদ্ভৱ হৈছিল সেয়া প্ৰান্তীয় পৰ্য্যায়ত আছিল আৰু চিকিৎসকসকল এই ক্ষেত্ৰত অধিক সংবেদনশীল হৈ ৰোগীক সহায় কৰাৰ অবকাশ আছিল যি কাৰ্য্যক্ষেত্ৰত প্ৰতিফলিত নহল।
 
যোগসাধনা কৰিছে অসম আৰক্ষীৰ বিষয়াসকলে 
 
৪) পৰিচৰ্যাৰ সমন্বয়ঃ ৰোগীয়ে যাতে উপযুক্ত চিকিৎসা আৰু সহায়ক সেৱাৰ সুবিধা লাভ কৰে, তাৰ বাবে হেল্থকেয়াৰ সেৱাৰ সমন্বয় ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। চিকিৎসকে ৰোগীৰ যত্নৰ সৈতে জড়িত অন্যান্য স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ সৈতে সহযোগিতা কৰিব লাগে, যাতে নিৰৱচ্ছিন্ন পৰিৱৰ্তন আৰু যত্নৰ ধাৰাবাহিকতা নিশ্চিত হয়।
 
এই সকলোবোৰ পদক্ষেপ শিলাদিত্য চেতিয়া আৰু তেওঁৰ পত্নীৰ সৈতে জড়িত চিকিৎসকসকলে গ্ৰহণ কৰিছিল নে? যিহেতু তেওঁৰ পত্নী মৃত্যুমুখত পৰিছিল, সেয়েহে শিলাদিত্যক মানসিকভাৱে পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল নে, যিয়ে এনে হৃদয় বিদাৰক ঘটনা ৰোধ কৰিব পাৰিলেহেঁতেন?
 
এই বিশ্লেষণটো দুৰ্ভাগ্যজনক পৰিঘটনাৰ বাবে দায়ীসকলক বিচাৰি উলিওৱাৰ বাবে নহয়, বৰঞ্চ ভাৰতত সহজ হৈ পৰা আত্মহত্যা প্ৰতিৰোধৰ বাবে সমাজ হিচাপে নিজকে সাজু কৰি তোলাৰ বাবেহে প্ৰস্তুত কৰা হৈছে। ইয়াৰ বাবে অষ্ট্ৰিয়াৰ চিকিৎসক আৰু মনোৰোগ বিশেষজ্ঞ আলফ্ৰেড এডলাৰৰ এষাৰ বিখ্যাত কথা কাৰ্যকৰী কৰা উচিত, সেয়া হৈছে-"সহানুভূতি হ'ল আনৰ চকুৰে দেখা, আনৰ কাণেৰে শুনা আৰু আনৰ হৃদয়েৰে অনুভৱ কৰা।"
 
(লেখক এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান; অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)