ড: শৰৎ বৰকটকী
পূজা মানেই আধ্যাত্মিক পৰিবেশত দেৱ -দেৱীক উপাসনা কৰা। পূজাৰ লগত যেতিয়া উৎসৱ উদযাপনৰ কথা আহে তেতিয়া খোৱা বোৱা বিষয় বোৰ এৰাই চলিব নোৱাৰি। দুৰ্গা পূজা মানেই দেৱী মাৰ প্ৰতি ভক্তি প্ৰদৰ্শন কৰা আৰু শাৰদীয় উৎসৱ পালন কৰা। উৎসৱৰ দিনবোৰত অতিমাত্ৰা খোৱা আজিকালি কোনেও প্ৰশংসা নকৰে, যদিও জিলাপী, ৰসগোল্লা, ৰসমলাই আদি বিধে বিধে মিঠাই ঘৰ ভৰি পৰে। খিছিৰী, তেলত ভজা বেঙেনা, পাপৰ, আলুৰ দম আৰু ক'ত ব্যঞ্জন! তথাপি আজিৰ মেদবহুলতাৰ দিনত কিমান মিঠাই খাব পাৰি, তেলত ভজা খাৱ পাৰি চিন্তা কৰিব লগা হৈছে।
খাদ্য সংস্কৃতিয়ে এনে এক সমাজৰ কাঠামোক বুজায় যিয়ে দেহৰ স্বাস্থ্য, নৈতিক গুণ আৰু সৌন্দৰ্য্যক গুৰুত্ব দিয়ে। খাদ্য সংস্কৃতিৰ উৎপত্তি আৰু বিকাশ ঘটিছে শতিকাজুৰি হোৱা সমাজৰ নীতি-নিয়ম আৰু মূল্যবোধৰ পৰা। ঐতিহাসিকভাৱে খাদ্য সংস্কৃতি চিকিৎসা তত্ত্ব, ফেশ্বন ট্ৰেণ্ড, সংবাদ মাধ্যমৰ প্ৰসাৰ আদি বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হৈছে। বিংশ শতিকাৰ আৰম্ভণিতে খাদ্য আৰু ফিটনেছ উদ্যোগৰ উত্থানে এই প্ৰভাৱ শক্তিশালী কৰি তুলিলে আৰু খোৱাৰ ওপৰত নিয়ন্ত্ৰণ আৰু ব্যায়ামৰ জৰিয়তে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰিব লাগে বুলি জনমত জনপ্ৰিয় হল। খাদ্য সংস্কৃতিয়ে এই ধাৰণাটোক স্থায়ী কৰি ৰাখিছে আৰু ওজন হ্ৰাস কৰাটো সহজাতভাৱে ইতিবাচক দিশ হিচাপে চিহ্নিত হৈছে।
পূজাৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰা খিচিৰী
বিকাৰগ্ৰস্ত খাদ্যাভ্যাসে অনিয়মিত খাদ্যাভ্যাসৰ পৰিসৰক সামৰি লয়। এই আচৰণবোৰৰ ভিতৰত প্ৰায়ে দীৰ্ঘদিনীয়া খাদ্যাভ্যাস, বাধ্যতামূলক খাদ্য গ্ৰহণ, আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ ধৰণ আদি অন্তৰ্ভুক্ত। বিশৃংখল খাদ্যাভ্যাস ভয়ংকৰভাৱে শিপাইছে আৰু ইয়াৰ প্ৰভাৱ সকলো বয়সৰ, পুৰুষ, নাৰী সকলোলোকৰ ওপৰত পৰিছে। খাদ্য বিশেষজ্ঞ সকলৰ মতে খাদ্যৰ তিনিটা দৰ্শন আছে। প্রথমটো হল খাদ্য সদায় সতেজ হব লাগিব, বাহি হ'ব নোৱাৰিব,দ্বিতীয়টো সুস্বাদু হ'ব লাগিব, তৃতীয়টো হৈছে আঁহযুক্ত হ'ব লাগিব। কনফুচিয়াছ দৰ্শনে খাদ্য আৰু বন্ধু-বান্ধৱী জীৱনৰ অবিচ্ছেদ্য অংশ বুলি দৃঢ়ভাৱে বিশ্বাস কৰে। খাদ্য আৰু বন্ধু-বান্ধৱী নোহোৱা জীৱনটোক অসম্পূৰ্ণ আৰু অনুচিত বুলি গণ্য কৰে।
চাণক্যৰ মতে যি অশুচি বস্ত্ৰ পিন্ধে, দাঁত লেতেৰা হৈ থাকে, অতিভোজন কৰে আৰু সূৰ্য্য উদয়ৰ পিছতো শুই থাকে, তেনে লোকৰ ব্যক্তিত্ব হানি নহ’ব পাৰে কিন্তু তেওঁ লক্ষ্মীৰ আশীৰ্বাদৰ পৰা বঞ্চিত হ'ব। খাদ্যৰ দৰ্শনে খাদ্যৰ নৈতিক, ৰাজনৈতিক, সামাজিক, কলাত্মক, পৰিচয় নিৰ্ধাৰণকাৰী দিশসমূহ প্ৰতিফলিত কৰে আৰু আমাৰ খাদ্যাভ্যাসৰ ওপৰত অধিক সক্ৰিয়ভাৱে চিন্তা কৰিবলৈ প্ৰেৰণা দিয়ে যাতে আমি কোনটো বেছি প্ৰয়োজনীয় ,তাক অধিক প্ৰামাণিক ভাৱে বুজিব পাৰো। চাণক্যই কৈছিল, ৰাষ্ট্ৰই সকলোৰে বাবে পৰ্যাপ্ত খাদ্য যোগানৰ আশ্বাস দিব লাগিব। তেঁওৰ মতে যেতিয়া এজনক ভালদৰে খাবলৈ দিয়া হয়, তেতিয়া প্ৰতিটো কাম সেইজনৰ পৰা সহজে কৰাব পাৰি। চান্যকৰ ওপৰত বহু কেইখন গ্ৰন্থ লিখা ৰাধাকৃষ্ণন পিল্লাইৰ মতে মানুহক যিমান খিনি খাদ্য লাগে সিমান খিনি খাদ্য পোৱাটো নিশ্চিত কৰাৰ প্ৰয়োজন।
ধৰ্মীয় গ্ৰন্থতো খাদ্য আৰু পানীক মানৱ জাতিৰ বাবে ঐশ্বৰিক উপহাৰ বুলি কোৱা হৈছে। খাদ্য দৰ্শন বুলি আলোচনা কৰিলে কব পাৰি যে, খাদ্য জ্ঞানবিজ্ঞান সাধাৰণ জ্ঞানবিজ্ঞানতকৈ কিছু পৃথক। তাৰ কাৰণ হৈছে আমাৰ খাদ্যৰ অভিজ্ঞতা প্ৰত্যেকৰে বেলেগ। আমি কেৱল ইয়াক অনুভৱ কৰো, জানো আৰু বিচাৰ কৰাই নহয়, আমি ইয়াৰ গোন্ধ আৰু সোৱাদো লওঁ। আমি কেতিয়াবা খাদ্যৰ বাবে হাহাকাৰ কৰো, কেতিয়াবা ইয়াৰ বাবে মানসিক ভাৱে উদ্বিগ্ন হৈ থাকোঁ আৰু কেতিয়াবা ইয়াৰ বাবে অনুশোচনা কৰো। আমি যেতিয়াই খাওঁ বা কিবা এটা খাদ্য হিচাপে চিনাক্ত কৰো তেতিয়াই খাদ্য কি সেই বিষয়ে কিছু ধাৰণা – যিমানেই অস্পষ্ট নহওক কিয় – পূৰ্বধাৰণা কৰোঁ। বিভিন্ন ধাৰণা আমাৰ স্বাস্থ্য, পৰিৱেশ আৰু অৰ্থনীতিৰ লগতো জৰিত হ'ব পাৰে। আমি দৈনিক কিমান পৰিমানে খোৱা উচিত এই কথাটো গুৰুত্ব দিবলগীয়া বিষয়। কথাটো এনেকৈ ক'ব পাৰি যে ৰান্ধনীয়ে দৈনিক কাঁহী খনত দুপৰীয়া বা ৰাতি কিমান খিনি খাবলৈ দিয়া উচিত তাক সঠিকভাৱে নিৰ্নয় কৰাৰ প্ৰয়োজন।
দূৰ্গা পূজাৰ বিশেষ আকৰ্ষণ পনিৰ জিলাপি
অতিভোজন মানে হৈছে জোখতকৈ বেছি খোৱা। ই এক মানুহৰ কুঅভ্যাস। খ্ৰীষ্টানধৰ্মত দীক্ষিতসকলে ভাবিছিল অতিভোজন কৰাটো এটা ডাঙৰ পাপ। যুধিষ্ঠিৰেও ভীমক অতিভোজন বাৰণ কৰিবলৈ কৈছিল। সত্যনাথ বৰাৰ সাৰথি নামৰ সংকলন খনত তাহানিতেই 'ভোজন' নামৰ প্ৰৱন্ধটোত অতিভোজন ৰোগৰ মূল কাৰণ বুলি উল্লেখ কৰিছিল। পেট ওপচাই খালে বহুত পৰলৈকে গেৰেউ - গেথেউ লাগে আৰু গা ছাটি - ফুটি লাগে। সত্যনাথ বৰাই লিখিছে- লুভীয়া মানুহে ভাল বস্তু পালে ঠিহাই খায়, জিভাৰ জুতিত স্বাস্থ্যলৈ একেবাৰে পাহৰে। এই শ্ৰেণীৰ মানুহক খুঁকুৱা বোলে। খুঁকুৱা মানুহৰ স্বাস্থ্য ঘুনীয়া হয়। কিছুমান মানুহে সৰহকৈ খাব পৰাটো পুৰষালি যেন বোধ কৰে আৰু পেটে নধৰিলেও দুগৰাহ হেচুকি খায়।ইহঁতে কেতিয়াবা আন মানুহৰ লগত আৰি মাৰি খাবলৈ বহে আৰু আৰিত জিকিবলৈ অপৰিমিত ৰূপে খয়। এইদৰে অৰিয়া অৰি কৰি খাই পাছত নৰিয়াত পৰা বহুত মানুহক দেখা গৈছে বুলি সত্যনাথ বৰাই লিখিছিল।
অতিভোজন কৰা জনক ইংৰাজীত Glutton বুলি কয়। (The meaning of Glutton is one habitually to greedy and voracious eating and drinking).বেছি খাবলৈ বিচৰা বেমাৰটোৰ নাম হৈছে-পলিফেজিয়া। ই অত্যাধিক ভোক বা ভোকক বুজাবলৈ ব্যৱহাৰ কৰা চিকিৎসা বিজ্ঞানৰ শব্দ। এই বেমাৰ হলে অতিমাত্ৰা খাদ্য খাবলৈ প্ৰবল ইচ্ছা যায়। পলিফেজিয়া ৰোগীয়ে বৃহৎ পৰিমাণৰ খাদ্য খোৱাৰ পিছত ভৰপূৰ অনুভৱ নকৰিবও পাৰে।অতি ভোজন কৰা বিষয়টোৰ ওপৰত সাহিত্যও সৃষ্টি হৈছে।এনে সাহিত্যৰ উদাহৰণ হিচাবে তলত দিয়া 'জন অকমেন'ৰ "দ্য গ্লুটন" কবিতাটোৰ অনুবাদ এনেধৰনৰ -
"এঘন্টা খোৱা নাই, আকৌ খাবই লাগিব;
সেয়েহে মোক পুডিং, পাউৰুটি দিয়া, ক্ৰীম দিয়া,
হাঁহ, বা চৰাইৰ মাংস,যিটো মই হৃদয়ৰ পৰা ভাল পাওঁ!
কিমান মিঠা ছিঙি লোৱাটো.........
খাবলৈ আৰু পান কৰিবলৈ
মোৰ সকলো আনন্দ এতিয়াও বাকী আছে
মোৰ প্ৰৱল ভোক নুমুৱাৰ বাবে উপায় দিয়া
মোৰ শৰীৰটোক ভোজ খুৱাই থকাৰ পিছতো
মনটোক অনাহাৰে ৰখা কিয়
প্ৰাৰ্থনা কৰা
যাতে পিছদিনা প্ৰভুৱে মোক খাদ্য যোগান ধৰে....."
এই কবিতাটোৱে বুজাই দিয়ে যে খাবলৈ দিলেও ভোক নুগুচে। ইংৰাজীত লিখা এটা প্ৰৱন্ধৰ অসমীয়া অনুবাদ এনেধৰনৰ: 'যদিহে আপোনাৰ কোনো অতি বিৰল চিকিৎসাজনিত অৱস্থা নাথাকে, তেন্তে আপুনি শকত হ’লে সংজ্ঞা অনুসৰি আপুনি পেটুৱা, কাৰণ মানুহে অতিৰিক্ত খাদ্য খালেহে শকত হয়। বেছি খাবলৈ বিচাৰাটো আকৌ বহুতে ভাৱে এইটো এটা অধিকাৰ। আপোনাৰ নিজৰ জীৱন, আপুনি নিজৰ ইচ্ছামতে জীয়াই থাকিবলৈ যিমান পাৰে খাব লাগে ৷ অন্যহাতে অতিভোজন কৰাবলৈ আমাৰ দেশত বহুতে আলহীক জোৰ কৈ ধৰে।আলহীক বেছিকৈ খোৱাই আনন্দ লাভ কৰে। এইয়া যেন এক শিষ্টাচাৰ! ঠাই বিশেষে খোৱা বোৱাৰ শিষ্টাচাৰ বেলেগ বেলেগ। আলাহীয়ে খাওক বা নাখাওক কাঁহী খনত দহবিধ ব্যঞ্জন দিবই লাগিব। আলহীযে এৰিলেও বেয়া পায়। আলহী জনেও নিমন্ত্ৰণ কৰাৰ কৃতজ্ঞতাৰ চিন হিচাবে কাঁহীৰ সকলো ব্যঞ্জন খাই যদিও খোৱাৰ শেষত ঘৰলৈ উভতি যাব নোৱাৰা অৱস্থা এটা হয়গৈ।
ৰসমলাই
'প্ৰখ্যাত লেখক হোমেন বৰগোহাঞিয়ে আহাৰৰ পৰিমাণ, শৰীৰৰ প্ৰয়োজন শীৰ্ষক প্ৰৱন্ধত অতিভোজনৰ কাহিনী এটা লিখিছিল।এই কাহিনীটো উল্লেখ কৰিব বিচাৰিছোঁ এই কাৰণে যে এনে ঘটনা বহুতৰ জীৱনত ঘটিব পাৰে বা ঘটিছে।তেখেতে এনেদৰে লিখিছিল - "মোৰ জীৱনৰ কেইটামান অবিস্মৰণীয় অভিজ্ঞতাৰ ভিতৰত এটা আছিল অতিমাত্ৰা খাদ্য খোৱা। কোৱা বাহুল্য যে মই নিজৰ ঘৰত বা নিজাববীয়াকৈ অতিমাত্ৰা খাদ্য খোৱা নাছিলো। কেইবছৰমান আগতে চৰকাৰী কাম কৰি থাকোঁতে গোৱালপাৰাত থাকিব লগা হৈছিল। এটা বঙালী পৰিয়ালে মোক দুপৰীয়াৰ আহাৰ খাবলৈ মাতিলে। তাৰ আগতে মোৰ বঙালী ঘৰত খোৱাৰ অভিজ্ঞতা নাছিল। খাবলৈ বহাৰ লগে লগে এটা বাটি সুগন্ধি ভাত আহিল। বাটিটোৰ কাষতে সৰু বাটি এটাত মাত্ৰ গৰম কৰা গৰুৰ ঘিউ। তাতে কিছু দীঘল লং গুটি ওপঙি আছে। ভাতৰ কাষত শুকান ,মচমচীয়াকৈ ভাজা তিতা কেৰেলা। গৃহিণীয়ে মোক কাষতে বহি খাবলৈ আৰম্ভ কৰিবলৈ আদেশ দিলে। মনতে ভাবিলোঁ, নিমন্ত্ৰিত আলহীসকলৰ বাবে ঘিঁউ আৰু তিতা কেৰেলা ভোজৰ বাহিৰে আন একো নাই নেকি? মোৰ ভোক লাগিছিল। ভাতৰ পৰা গোন্ধ এটা ওলাই আহি নাকত লাগিছিল। গো-গ্ৰাহে ভাত খাই শেষ কৰিলোঁ।
পেটটো প্ৰায় ভৰিলেই। এনেতে আকৌ পাকঘৰৰ পৰা গৃহিণীগৰাকী ওলাই আহিল। তেঁওৰ হাতত এখন কাঁহী। কাঁহীত বিভিন্ন ব্যঞ্জনৰ আঠটা সৰু বাটি। মই প্ৰমাদ গণিবলৈ ধৰিলোঁ। মোৰ পেটটো প্ৰায় ভৰিলেই। তেনেস্থলত ইমানবোৰ ব্যঞ্জন কেনেকৈ খাম? গৃহিনীয়ে ব্যঞ্জনৰ কাঁহী খন মজিয়াত থৈ এহেতা গৰম ভাত মোৰ কাঁহীত ঢালি দি ওচৰতে বহি লৈ মোক খাবলৈ আকৌ হুকুম দিলে। মই খাব নোৱাৰো বুলি যিমানেই আপত্তি কৰিছিলো সিমানেই তেঁওৰ জেদ বাঢ়ি গল। আঠ বাটি আঞ্জা আৰু ভাত শেষ কৰিবলৈ তেওঁ মোক বাধ্য কৰিলে। তেতিয়ালৈকে মাছ-মাংসৰ ব্যঞ্জনএখনো আঞ্জা নহা দেখি মই মনে মনে ভাবিলোঁ যে এওঁলোক নিশ্চয় নিৰামিষভোজী। ভাত আৰু আঞ্জাখিনি খাই শেষ নৌকৰোতেই তেওঁ মোৰ আগত হাজিৰ কৰিলে তিনিবিধ মাছৰ আঞ্জা।
ইতিমধ্যে মোৰ পেটটো ফাটিবৰ উপক্ৰম হৈছিল। কাৰণ মোৰ ক্ষীণ দেহত খোৱাৰ শক্তি অতি কম আছিল। কিন্তু মোৰ কাকুতি -মিনতিলৈ কেৰেপ নকৰি তেওঁ আৰু এহেতা গৰম ভাত তিনিবিধ মাছৰ আঞ্জাৰ সৈতে খাবলৈ মোক বাধ্য কৰিলে। একেবাৰে শেষত আহিল এবাতি পায়স আৰু দৈ - ৰসগোল্লা।.......... "যন্ত্ৰণাত মোৰ কপালত কেঁচা ঘাম বিৰিঙি উঠিল।...." হোমেন বৰগোহাঞিৰ এই অভিজ্ঞতাৰ পৰা গৃহিণীসকলে কিবা শিক্ষা লবনে নলয় নাজানো। এটা কথা আমি সদায় মনত ৰাখিব লাগিব যে, জীয়াই থাকিবলৈ আমি খাব লাগে। খাবলৈ জীয়াই থাকিব নালাগে। এইয়াই ভাৰতীয় দৰ্শন।
এসাজ থলুৱা অসমীয়া খাদ্য
আমি ভাগ্যৱান যে, আমি এনে এখন দেশত আছো, য’ত বিভিন্ন ধৰণৰ খাদ্য উপলব্ধ। বিভিন্ন ফল-মূল, মছলা, শস্য আৰু দালি, মাছ, মাংস প্ৰচুৰ পৰিমাণে পোৱা যায়। লগতে পৰম্পৰাগত ভাৱে প্ৰতিটো পৰিয়াল আৰু সমাজত বহুতো প্ৰথা আছে যিবোৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি থাকে। আইতা, মা, পত্নীৰ ৰন্ধন শৈলীৰৰে প্ৰত্যেকৰ পাকঘৰ হৈ পৰে পৰিয়ালৰ হৃদয়। আমাৰ দেশ আৰু সভ্যতা এক অনন্য খাদ্য সংস্কৃতিৰে চহকী। খাদ্যৰ দৰ্শন, সংস্কাৰ আৰু ৰন্ধন কলাৰ বাবে অতিভোজনৰ পৰা সদায় আঁতৰি থাকিব লাগে যাতে আনে আমাক খুঁকুৱা বুলি হাঁহিব নোৱাৰে। পূজাৰ উৎসৱৰ আনন্দৰ মাজত খাদ্য সংস্কৃতিৰ কথাবোৰ পাহৰি থাকিব পাৰি জানো!