দেশে দেশে গ্ৰন্থৰ পাঠক

Story by  atv | Posted by  Munni Begum • 3 d ago
 গ্ৰন্থৰ পাঠক
গ্ৰন্থৰ পাঠক
 
  ড০ শৰৎ বৰকটকী
 
আমেৰিকাৰ লেখক অগ মাণ্ডিনোৰ (Og Mandino) কথাৰে আৰম্ভ কৰিব বিচাৰিছোঁ। তেঁওৰ মাতৃ মাৰ্গাৰেট মাণ্ডিনো আছিল আইৰিছ মৰমিয়াল নাৰী। পুত্ৰৰ বাবে তেঁওৰ এটা বিশেষ সপোন আছিল। সপোনটো আছিল কেতিয়াবা তেঁওৰ সন্তান লেখক হ'ব। কেৱল লেখক নহয়, এজন মহান লেখক! বেছিভাগ ল’ৰা-ছোৱালীয়ে পিতৃ-মাতৃয়ে তেঁওলোকৰ ভৱিষ্যতৰ পৰিকল্পনা কৰাত ক্ষোভিত হয়। 
 
কিন্তু অগ মাণ্ডিনোৰ মাতৃয়ে পুত্ৰক এজন বিখ্যাত সাহিত্যিক হোৱাৰ সপোনটো বাস্তৱ কৰিবলৈ যি চেষ্টা কৰিছিল তাত পুত্ৰই সহাঁৰি জনাইছিল। প্ৰথম শ্ৰেণীত ভৰ্তি হোৱাৰ সময়তেই মাকে লাইব্ৰেৰীৰ পৰা অনা কিতাপ পঢ়িবলৈ দিছিল আৰু সদায় মাকক চুটিগল্প লিখি দেখুৱাই ইংৰাজী আলোচনীলৈ পঠাই দিছিল। তাৰ পিছত ভাগ্যই ঠাই ল'লে। তেঁওলৈ নিউয়ৰ্কৰ এজন প্ৰকাশকৰ পৰা এখন চিঠি আহিল ৷ 
 
যি ধৰণৰ চিঠি সকলো লেখকে লাভ কৰাৰ বাবে অপেক্ষা কৰিও ভাগৰি যোৱা দেখা যায়। চিঠি খনত প্ৰকাশকে লিখিছিল -তেওঁ আলোচনীত লিখা লেখাটো পঢ়ি ভাল পাইছিল আৰু বিশ্বাস কৰিছিল যে, তেঁওৰ বহুত প্ৰতিভা আছে আৰু যদি কেতিয়াবা কিতাপ এখন প্ৰকাশ কৰাৰ সিদ্ধান্ত লয় তেন্তে তেওঁৰ কোম্পানীয়ে প্ৰকাশৰ বাবে বিবেচনা কৰিবলৈ আগ্ৰহী হ’ব। আঠাইশ মাহৰ পিছত আন এখন সৰু কিতাপ প্ৰকাশ কৰিলে যাৰ নাম আছিল 'দ্য গ্ৰেটেষ্ট চেলছমেন ইন দ্য ৱৰ্ল্ড' (বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বিক্ৰেতা)। অৱশ্যে যিহেতু অগ মাণ্ডিনোৰ নাম কোনেও শুনা নাছিল, গতিকে প্ৰথম ছপাৰ সংখ্যা যথেষ্ট কম আছিল, মাত্ৰ ৫ হাজাৰ কপি। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
এই কিতাপ খন প্ৰকাশৰ পিছতেই পুনৰ ভাগ্যই লগ দিলে। এমৱে কৰ্পৰ সহ-প্ৰতিষ্ঠাপক ৰিচডেভ'ছে এম্ৱে কনভেনচনত ভাষণ প্ৰসংগত কৈছিল যে অগ মাণ্ডিনো নামৰ লেখক এজনৰ প্ৰকাশিত এখন নতুন কিতাপ আছে যিয়ে তেওঁলোকৰ সকলোকে সহায় কৰিব বুলি তেওঁৰ বিশ্বাস। তেঁও কৈছিল দ্য গ্ৰেটেষ্ট চেলছমেন ইন দ্য ৱৰ্ল্ড, যি জন মানুহে লিখিছিল তেওঁ এটা ধেমেলীয়া নাম দিছে, সেইটো হৈছে অগ মাণ্ডিনো। ৰিচডিভ’ছৰ প্ৰশংসাপত্ৰই অবিশ্বাস্য সংখ্যক কিতাপ বিক্ৰী আৰু বহু পুনৰ্মুদ্ৰণৰ সূচনা কৰিছিল। যেতিয়া দুবছৰমানৰ ভিতৰতে মুঠ বিক্ৰী ৩ লাখ ৫০ হাজাৰ কপি হয়, তেতিয়া বেণ্টাম বুকছে কিতাপ খনৰ পেপাৰবেক আকাৰত ছপা কৰাৰ স্বত্ব ক্ৰয় কৰে। আচৰিত কথা যে, কিতাপখনৰ বিক্ৰী আজিও কমি যোৱা নাই। 
 
এতিয়াও প্ৰথম প্ৰকাশৰ ত্ৰিশ বছৰৰ পাছতো ই প্ৰতিমাহে পেপাৰবেকত এক লাখতকৈ অধিক কপি বিক্ৰী হৈয়েই আছে! বহু বছৰ ধৰি প্ৰতি সপ্তাহত লেখকে কৃতজ্ঞ পাঠকৰ পৰা প্ৰায় ৮০ৰ পৰা ১২০খন চিঠি পাইছে য'ত দ্য গ্ৰেটেষ্ট চেলছমেন ইন দ্য ৱৰ্ল্ড কিতাপখন লিখাৰ বাবে ধন্যবাদ জনাইছে আৰু কিতাপখনে তেওঁ লোকৰ জীৱন কেনেকৈ সলনি কৰিলে তাৰ উদাহৰণ উল্লেখ কৰিছে। লেখক গৰাকীয়ে কৈছে যে 'মোৰ বাবে আটাইতকৈ আচৰিত কথাটো হ’ল এই চিঠিবোৰৰ ভিতৰত ব্যৱসায়, মনোৰঞ্জন আৰু ক্ৰীড়াৰ জগতখনৰ চেলিব্ৰিটি হিচাপে শ্ৰেণীভুক্ত কৰা ব্যক্তিসকলেও মৰমেৰে পঠিয়াইছে।' 
 
লেখক গৰাকীয়ে নতুন সংস্কৰণৰ পাতনিত লিখিছে এইবুলি -'মই কি যে ভাগ্যৱান মানুহ! মোৰ মৰমৰ মা আজি নাই, মাৰ মৃত্যু হোৱা বহু বছৰ হ’ল। যদি স্বৰ্গত আছে, তেন্তে মই ভাবো যিখিনি সফলতা লাভ কৰিছো তাক লৈ তেওঁ বোধহয় গৌৰৱ অনুভৱ কৰিছে। মই সেয়াই আশা কৰোঁ। 'এজন অখ্যাত লেখক কেনেকৈ বিখ্যাত হৈ পৰিল আৰু লাখ লাখ কপি বছৰে বছৰে বিক্ৰী হৈ আছে , ভাবিলে অবাক হব লাগে। ইয়াৰ মূলতে ধন্যবাদ দিব লাগিব ইংলেণ্ড, আমেৰিকাৰ পাঠক সকলক। আমাৰ দেশত এতিয়া এনে পাঠক আছেনে?
 
প্ৰতিনিধিত্বমূলক ছবি
 
প্ৰাচীন মিচৰীয় সকলে পেপিৰাচ গছৰ বাকলি লিখিবৰ কাৰণে ব্যৱহাৰ কৰাৰ সময়তেই গ্ৰন্থ প্ৰকাশৰ আৰম্ভনি হয় আৰু শতিকা পিছত শতিকা ধৰি গ্ৰন্থ বিভিন্ন আকাৰ, ৰূপত প্ৰকাশ হৈ আহিছে। মানুহৰ বাবে কিতাপৰ দৰে আনুগত্যশীল বন্ধু নাই। মানুহৰ জীৱন অন্বেষণৰ ব্যাপ্তিৰ ধাৰণা কিতাপৰ বাহিৰে জ্ঞান প্ৰসাৰণৰ অন্য মাধ্যমে দিব নোৱাৰে। ৰবাৰ্ট লুই ষ্টিফেন্স নামৰ স্কটিছ উপন্যাসিক, কবি গৰাকীয়ে কৈছিল "মই সদায় দুখন কিতাপ পকেটত ৰাখিছিলো, এখন পঢ়িবলৈ, আন খন আনক দিবলৈ।" এজন পাঠক মৃত্যুৰ পিছত বহু বছৰৰ বাবে জীয়াই থাকে কাৰণ কিতাপ পঢ়ি যি জ্ঞান আহৰণ কৰিলে পৰোক্ষভাৱে হ'লেও সেইয়া বহু যুগৰ বাবে পিছৰ প্ৰজন্মৰ বাবে সঞ্চয় কৰি থৈ যাব পাৰে। কিতাপ পঢ়া মানে জ্ঞানৰ সন্ধান কৰা। 
 
কিতাপৰ প্ৰতি থ দেকা প্ৰেম বা ইয়াৰ বিষয়ে গভীৰ আগ্ৰহে মানুহক গ্ৰন্থপ্ৰেমী কৰি তোলে। গ্ৰন্থপ্ৰেমী শব্দটোৰ প্ৰথম ব্যৱহাৰ ১৮২০ চনত ফ্ৰান্সত হৈছিল আৰু গ্ৰীকভাষাৰ "বিবলিও" অৰ্থাৎ "কিতাপ" আৰু ফিল'ছ মানে "বন্ধু" শব্দৰ পৰাই গ্ৰন্থ-প্ৰেমী শব্দ প্ৰচলিত বুলি ধৰা হয়। যদি এজন মানুহে কিতাপক প্ৰকৃত বন্ধু বুলি গণ্য কৰে তেন্তে তেওঁ নিশ্চিতভাৱে এজন গ্ৰন্থপ্ৰেমী। এটা কথা কব পাৰি যে, গ্ৰন্থপ্ৰেমী বা পাঠকৰ ভূমিকা কেৱল পঢ়াতেই সীমাবদ্ধ নহয়, গ্ৰন্থপ্ৰেমী সকলে ভাষাৰ বিকাশৰ ধাৰাটো ওপৰলৈ তুলি নিয়া কাম কৰে। এই কথাবোৰ জানিও আমাৰ দেশৰ মানুহে কিতাপ পঢ়িবলৈ এৰিছে।
 
সদৌ অসম প্ৰকাশক আৰু গ্ৰন্থ বিক্ৰেতা সন্থাৰ উদ্যোগত গুৱাহাটীত আয়োজিত একবিংশতম উত্তৰ পূৰ্বাঞ্চল গ্ৰন্থমেলা উদ্বোধন কৰি সেই সময়ৰ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুৱে কৈছিল যে আজি কালি বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত কিতাপ পঢ়াৰ অভ্যাস হ্ৰাস পাইছে। প্ৰাক্তন উপৰাষ্ট্ৰপতি গৰাকীয়ে এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি শিক্ষানুষ্ঠান আৰু শিক্ষানুষ্ঠানসমূহক অতি কম বয়সৰ পৰাই পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনাইছিল। তেখেতে কৈছিল- কিতাপে আমাৰ সৃষ্টিশীলতাক আলোড়িত কৰাৰ ক্ষমতা সৃষ্টি কৰে আৰু উদ্ভাৱনীমূলক ধাৰণাক উদ্দীপিত কৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
অসমত গ্রন্থৰ আদৰ কমিছে নেকি এই বিষয়ে সকলোৰে মত একে নহয় যদিও ভাৰতত সামগ্ৰিক ভাৱে আঞ্চলিক ভাষাৰ কিতাপ পঢ়া লোকৰ সংখ্যা কমিছে বুলি ক'ব পাৰি। আমি পৃথিৱীৰ আগশাৰীৰ দেশ সমূহত গ্ৰন্থৰ প্ৰতি আগ্ৰহ কিমান সেই বিষয়ে যদি চাওঁ দেখা পোৱা যাব যে ভাৰতৰ তুলনাত সেই দেশ বোৰত গ্ৰন্থৰ আদৰ বেছি। বিশ্বব্যাপী কিতাপ পঢ়াৰ পৰিসংখ্যা সংগ্ৰহ কৰা এটা আন্তৰ্জাতিক সংস্থাৰ মতে আমেৰিকান আৰু ব্ৰিটিছ সকলৰ মাজত কিতাপ পঢ়া লোকৰ সংখ্যা বহুত বেছি। আমেৰিকাত ৩৯% আৰু ইংলেণ্ডত ৪৪% লোকে বছৰত ২০ খনতকৈও বেছি কিতাপ পঢ়া অভ্যাস গঢ়ি তুলিছে। কানাডিয়ানসকলে কিতাপ পঢ়াৰ প্ৰৱণতা আছিল কিছু কম। কানাডিয়ান সকলৰ ২৩% লোকে বছৰত ২০খনতকৈ অধিক কিতাপ পঢ়াৰ অভ্যাস।
 
মন কৰিবলগীয়া যে, কিছুমান মানুহে অনুভৱ কৰিছিল যে বছৰত ২০ খনতকৈও অধিক কিতাপ পঢ়া অভ্যাস শীৰ্ষ শ্ৰেণীত ৰাখি প্ৰশ্নটোক অত্যাধিক সীমিত কৰি ৰখা হৈছে।কানাডাৰ এজন পাঠকে মন্তব্য কৰিছিল যে তে ১০০খনতকৈও অধিক কিতাপ বছৰত পঢ়ি শেষ কৰিছে। যদি মানুহে ইমানবোৰ কিতাপ পঢ়ি আছে, তেন্তে সেই কিতাপবোৰ বিষয় কি? কানাডাৰ লোকসকলৰ ইতিহাসৰ প্ৰতি বহুত কম আগ্ৰহ আছিল। ইফালে, ব্ৰিটেইনৰ পাঠকসকলৰ ফেণ্টাচিৰ প্ৰতি আগ্ৰহ অধিক। কিছু সংখ্যক পাঠকৰ আগ্ৰহ কল্পনা, কল্পবিজ্ঞান আৰু আত্মসহায়ক বিষয়ৰ কিতাপৰ প্ৰতি।
 
ছপা কিতাপৰ দিন শেষ হল বুলি ভৱিষ্যদ্বাণীবোৰ কৰা সকলৰ ধাৰণা ইতিমধ্যেই ভুল বুলি প্ৰমাণিত হৈছে। ছপা কিতাপবোৰ যদি এদিন ম্লান হ’ব লাগে, তেন্তে সেই দিনটো এতিয়াও বহু দূৰত আছে। দৰাচলতে জৰীপ অনুসৰি ২০২২ চনৰ তুলনাত ২০২৩ চনত মানুহে আৰু অধিক পঢ়াৰ অভ্যাস গঢ়ি তুলিলে। সমীক্ষাত কোৱা হৈছে: শেহতীয়া কিতাপ পঢ়াৰ পৰিসংখ্যা অনুসৰি ২০২২ চনৰ তুলনাত ২০২৩ চনত ৬৪% পাঠকে অধিক কিতাপ পঢ়িছে। এই ফলাফলসমূহ সকলো অঞ্চলতে মোটামুটি একে। দক্ষিণ আফ্ৰিকাৰ এজন পাঠকে সমীক্ষাত প্ৰকাশ কৰিছে যে, কিতাপ পঢ়ি বেলেগ আনন্দ উপভোগ কৰিব পাৰি। চিনেমা এখন চোৱা আৰু কিতাপ পঢ়া দুয়োটাই কিছু বেলেগ বুলি পাঠক জনে মত প্ৰকাশ কৰিছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
শেহতীয়া কিতাপ পঢ়াৰ পৰিসংখ্যা অনুসৰি ইংলেণ্ড আৰু আমেৰিকাত ২৭% লোকে ২০২২ চনতকৈ অৰ্থাৎ ২০২৩ বৰ্ষত ২০খন অধিক কিতাপ পঢ়িছে, আনহাতে ৩২% লোকে এখনৰ পৰা পাঁচখন অধিক কিতাপ পঢ়া বুলি প্ৰকাশ কৰিছে। শেহতীয়া কিতাপ পঢ়াৰ পৰিসংখ্যা অনুসৰি ২০২৩ চনত বিশ্বৰ মানুহে পঢ়াৰ পৰিকল্পনা কৰা তিনিটা শীৰ্ষ ধাৰা হল: ইতিহাস (৩৯%), ৰহস্য (৩৫%), জীৱনী / স্মৃতিগ্ৰন্থ (৩৪%)। আন আন চাহিদা থকা ধাৰাসমূহ আছিল ফেণ্টাচি, কল্পবিজ্ঞান আৰু দুঃসাহসিক অভিযান। কল্পকাহিনীৰ বাহিৰেও অন্যান্য স্বাস্থ্য, খুৱাবোৱা, পশু পালন, ব্যৱসায় পৰিচালনা আদি বিষয়বস্তুৰ কিতাপ বহু পাঠকে বাছি লৈছিল। শতকৰা হিচাবত ক্ৰমে ৩৮%। 
 
সমীক্ষাত কোৱা হৈছে যে: ৫৭% লোকে ছপা কিতাপ বেছিকৈ পঢ়ে, ৪১% লোকে পেপাৰবেক আৰু ১৬% লোকে হাৰ্ড কভাৰ থকা কিতাপ পঢ়ে। ৩২% পাঠকে ই-বুক বাছি লৈছিল ইয়াৰে ২০% কিণ্ডল আৰু ১২% অন্যান্য ই-বুক। আন ৮% লোকে অডিঅ’ কিতাপ শুনিছিল আৰু ৩% লোকে অন্য শাখাৰ কিতাপ যেনে কমিক বুক, ব্ৰেইল বা আন কোনো ধৰনৰ (ফৰ্মেট ) কিতাপ বাছি লৈছিল।
 
কিতাপ পঢ়াৰ পৰিসংখ্যা অনুসৰি ৮৬% পাঠকে তেওঁলোকৰ কিতাপবোৰ ৬০০ পৃষ্ঠাৰ কিতাপ এখন সঠিক দৈৰ্ঘ্যৰ বুলি ভাবে। ১১% লোকে এই কৰ্মময় দিনত ৬০০পৃষ্ঠাৰ কিতাপ তেওঁলোক বহুত দীঘল বুলি ভাবে, কিন্তু ৩% পাঠকে তেওঁলোকৰ কিতাপবোৰ অতি চুটি বুলি ভাবে। ইটালীৰ এজন পাঠকে কৈছিল, “মই সঁচাকৈয়ে দীঘলীয়া কিতাপ পঢ়ি ভাল পাওঁ, যত মই সঁচাকৈয়ে ডুব যাব পাৰো।” কিন্তু এজন আমেৰিকান পাঠকে ইয়াৰ উত্তৰত কৈছিল “৬০০ পৃষ্ঠাৰ ওপৰৰ কিতাপ সঁচাকৈয়ে শেষ কৰিবলৈ বহু সময় লাগে, ই কেতিয়াবা আমনিদায়ক হৈ পৰে।"
 
প্ৰতিনিধিত্বমূলক ছবি
 
যি সকলে ভাবিছিল যে কিতাপ, বিশেষকৈ ছপা কিতাপৰ জনপ্ৰিয়তাৰ কাৰণ হৈছে পুৰণি দিনৰ লোকসকলে নতুন প্ৰযুক্তিৰ সৈতে খাপ খুৱাবলৈ অসুবিধা পোৱাৰ বাবে ছপা কিতাপ পঢ়িবলৈ বাধ্য হৈছে;তেন্তে এই সমীক্ষাই ইয়াৰ বিপৰীত কথা প্ৰকাশ কৰিছে। শেহতীয়া কিতাপ পঢ়াৰ পৰিসংখ্যা অনুসৰি ২৫-৩৪, ৩৫-৪৪, ৪৫-৫৪ আৰু ৫৫-৬৪ বছৰীয়া পাঠকৰ সংখ্যা প্ৰায় সমান। পুৰুষতকৈ অধিক মহিলাই নিজকে পাঠক হিচাপে পঢ়াৰ প্ৰতি আগ্ৰহ দেখুৱায়। সমীক্ষাত কোৱা হৈছে: শেহতীয়া কিতাপ পঢ়াৰ পৰিসংখ্যা অনুসৰি ৫৬% মহিলা, ৪২% পুৰুষ আৰু ১% আন হিচাপে চিনাক্ত কৰা হৈছে। এই বিভাজন আমেৰিকাত আৰু অধিক স্পষ্ট হৈ পৰিছিল, য'ত উত্তৰ দাতা দুই তৃতীয়াংশ মহিলা আছিল।
 
এক কথাত ক'ব পাৰি যে, বিশ্বৰ ছোৱালী আৰু মহিলাসকলে অধিক কিতাপ পঢ়ে। এজন অষ্ট্ৰেলিয়ান মহিলা পাঠকৰ ভাষাত: “মই কেৱল পঢ়ি ভাল পাওঁ, ই মোৰ প্ৰিয় খেলা-ধূলা দৰেই আনন্দদায়ক।” জীৱনক অধিক অৰ্থ পূৰ্ণ, মহত্ত পূৰ্ণ কৰিবলৈ কিতাপ পঢ়া প্ৰয়োজন। ভাৰতত পাঠকৰ ভিত্তি বিচাৰি উলিওৱাৰ বাবে চলোৱা যুৱ পাঠক সমীক্ষা অনুসৰি ভাৰতত ৪৫.৯ কোটি যুৱক আছে, ইয়াৰে ৩৩.৩ কোটি সাক্ষৰ যুৱক, ইয়াৰে ৮ কোটি যুৱকে কিতাপ পঢ়ে অৰ্থাৎ ২৫% সাক্ষৰ লোকে কিতাপ পঢ়ি ভাল পায় ।
 
নীলছন বুকৰ এক সমীক্ষা অনুসৰি ভাৰতীয় প্ৰাপ্তবয়স্কৰ ২৫% লোকে দৈনিক আৰু ২০% লোকে সপ্তাহত কেইবাখনো কিতাপ পঢ়ে। যুৱ পাঠক সমীক্ষাতো দেখা গৈছে যে, ২৫% সাক্ষৰ ভাৰতীয় যুৱকৰ ভিতৰত কিতাপ পঢ়া ৪৭% পাঠক চহৰৰ আৰু ৫৩% গ্ৰাম্য অঞ্চলৰ। সমীক্ষাটোৰ মতে, ৪৬% পাঠকে জ্ঞান বৃদ্ধিৰ বাবে পঢ়ে, আনহাতে ১৯-২০% পাঠকে আনন্দৰ বাবে পঢ়ে। কেতবোৰে কেৰিয়াৰ গঢ়া বিষয়ৰ কিতাপ পঢ়ি ভাল পায়। বিজনেছ টুডেৰ সৈতে হোৱা এক মত বিনিময় অনুষ্ঠানত প্ৰখ্যাত প্ৰকাশক মিলী অশ্বৰ্যই কৈছিল এ যে, প্ৰকাশন উদ্যোগটো প্ৰযুক্তি আৰু তাৰ পিছত মহামাৰীৰ বাবেই আটাইতকৈ বেছি বিঘ্নিত হৈছিল যদিও শেহতীয়া বছৰবোৰত বহু লোকে কিতাপ পঢ়া অভ্যাসটোলৈ ঘূৰি আহিছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ভাৰতীয় মধ্যবিত্ত শ্ৰেণীটোৱে ব্যক্তিগত বিকাশ আৰু আত্মসহায়ক গ্ৰন্থৰ প্ৰতি আগ্ৰহী। সাধাৰণতে দেখা যায় যে, অৰ্থনীতিৰ বিকাশৰ লগে লগে আৰু মানুহে খৰচ কৰাৰ ক্ষমতা লাভ কৰাৰ লগে লগে তেওঁলোকে ব্যক্তিগত বিকাশৰ দিশে ধাৱমান হয়। এই কাৰণেই কিতাপৰ দোকানত আত্মসহায়ক যেনে প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বিষয়ৰ, স্বাস্থ্য বিষয়ৰ, মানসিক শান্তি, ব্যৱসায় পৰিচালনা বিষয়ৰ কিতাপ বিচৰা পাঠকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। কিতাপে নিজৰ ৰূপ সলনি কৰিছে, এতিয়া ই কাগজৰ কিতাপ, ই-বুক, আৰু অডিঅ’ বুকৰ চাহিদা বৃদ্ধি পাইছে । 
 
আমি যদি চুবুৰীয়া ৰাজ্য পশ্চিম বংগ লৈ চাওঁ দেখিবলৈ পাও যে, অসমৰ তুলনাত কিতাপ পঢ়া পাঠকৰ সংখ্যা বহুত বেছি। কলিকতা 'বই মেলা' আৰম্ভ হোৱা মানে চাহ দোকানৰ বেঞ্চিত বহি কিতাপৰ বিষয়ে আড্ডা আৰম্ভ হয়, ৰিক্সাৱালাৰ ৰিক্সাৰ পিছফালে কিতাপৰ বেটুপাতৰ ছবি থকা পষ্টাৰে প্ৰচাৰ কৰে কিতাপৰ খবৰ। মুঠতে মহানগৰৰ চাৰিওফালে এক প্ৰকাৰ কিতাপৰ জ্বৰ আৰম্ভ হয়। অসমত কিতাপ কিনি পঢ়াৰ ছবি ধূসৰ। অসমৰ সাধাৰণ মানুহৰ মাজত কিতাপ পঢ়া অভ্যাস এতিয়াও জনপ্ৰিয় হোৱা নাই। ১০% মানুহে কিতাপ ভালদৰে পঢ়ে। কিছু সংখ্যক শিক্ষিত লোকে টি ভি পৰ্দাত প্ৰাইম ভিদিঅ , নেটফ্লিস্ক আদিত চিনেমা, মোবাইলত ৰীল চাই সময় কটায়। 
 
বিখ্যাত অসমীয়া লেখক এগৰাকীৰ কিতাপ ১০০০ কপিতকৈ বেছি ছপা কৰিবলৈ প্ৰকাশকে চিন্তা কৰিব লগা হয়। বিখ্যাত নোহোৱা বহুতো লেখকে নিজৰ ধনেৰে কিতাপ ছপা কৰি কেতবোৰ প্ৰকাশৰ নাম দিয়ে। ভাষা গ'ল বুলি আৱেগ সৃষ্টি কৰা সকলেও অসমীয়া ভাল কিতাপবোৰৰ বিষয়ে নকয়। তদুপৰি লেখকৰ মাজতে দল, উপদল আছে। প্ৰতিভাৱান নতুন লেখক এজনক প্ৰতিষ্ঠা লাভ কৰিবলৈ কোনেও পথ নেদেখুৱায়। ফলত নতুন সাহিত্যিক, পাঠক দিশহাৰা হৈ থাকে। সাহিত্যৰ সমালোচক বুদ্ধিমান, গুণগ্ৰাহী আৰু নিৰপেক্ষ হব লাগে বুলি তাহানিতেই বিৰিঞ্চি কুমাৰ বৰুৱাই লিখি থৈ গৈছে। অসমত নিৰপেক্ষ সমালোচকৰ অভাৱ পৰিলক্ষিত হয় । 
 
প্ৰতিনিধিত্বমূলক ছবি
 
বেছিভাগ সমালোচকে বিদেশী লেখকৰ উদাহৰণ দি আচল কথালৈ নগৈ অসমীয়া তৰুণ লেখকক নিৰুৎসাহ কৰে বুলি অভিযোগ কৰা দেখা যায়। তদুপৰি অসমীয়া ভাষাৰ গ্ৰন্থৰ বিষয় বিচিত্ৰতা সীমিত। নতুন নতুন বিষয়ৰ ওপৰত গ্রন্থ প্ৰকাশ হোৱা নাই। ফলত বিষয় বিচিত্ৰতা বিচাৰি অসমীয়া পাঠকে অন্য ভাষাত প্ৰকাশ হোৱা গ্ৰন্থ বিচাৰি লৈছে। শক্তিশালী আৰু বৈচিত্ৰময় পঠন সংস্কৃতি লাগিব, য’ত ডেকা-বুঢ়া উভয়ে বিভিন্ন ধৰণৰ ধাৰা উপভোগ কৰিব পাৰে। বয়সৰ গোটৰ মাজত ৰুচিৰ মাজত কেনে পাৰ্থক্য আছে সেইয়া বিশ্লেষণ কৰি চাব লাগে। নতুন চাম পাঠকক নতুন বিষয় বস্তুৰ গ্ৰন্থ লাগিব। অন্যহাতে নতুন লেখকৰ মাজত ধৈৰ্যৰ অভাৱ পৰিলক্ষিত হৈছে।
 
যি কাৰণে স্ব-প্ৰকাশন সাধাৰণ হৈ পৰিছে; এইটো এটা যেন সহজ সমাধান। ভাল কিতাপ এখন লিখিবলৈ সময় লাগে আৰু লেখকৰ ধৈৰ্য্য থাকিব লাগে। নতুন লেখকৰ বহুতে আত্ম প্ৰকাশনৰ পথ লৈছে যদিও যথেষ্ট সাধনা কৰা প্ৰয়োজন। বিদেশত কিতাপৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ চিনেমাটো প্ৰচাৰ চলোৱা বুলি প্ৰকাশ। ইংলেণ্ডৰ বিষ্ট্ৰল বিশ্ববিদ্যালয়ত অধ্যাপনা আৰু গৱেষণা তত্ববধায়ক হিচাপে কৰ্মৰত ড: জগন্নাথ বিশ্বকৰ্মাই অসমীয়া কিতাপৰ পাঠক বৃদ্ধি কৰা প্ৰসংগত কৈছে যে, চিনেমাই পঢ়াৰ অভ্যাসক কেনেদৰে প্ৰভাৱিত কৰিব পাৰে সেই বিষয়ে অন্বেষণ কৰাৰ ক্ষেত্ৰত “নটিং হিল” ছবিখনত প্ৰদৰ্শিত আইকনিক কিতাপৰ দোকানখনে এক সুন্দৰ উদাহৰণ। 
 
পৰ্দাত অমৰ কৰি ৰখা লন্ডনৰ এই কিতাপৰ দোকানখন চলচ্চিত্ৰ অনুৰাগী আৰু পাঠকৰ বাবে এক তীৰ্থস্থানত পৰিণত হৈছে। চিনেমাখনত এই মনোমোহা দোকানখনৰ চিত্ৰায়ণে ইয়াৰ বিচিত্ৰ পৰিৱেশটোক উজ্জ্বল কৰি তোলাতকৈও অধিক কাম কৰে; ই দৰ্শকৰ মাজত কৌতুহল আৰু প্ৰেৰণা জগাই তোলে যিসকলে ইয়াৰ চিত্ৰায়ণত মোহিত হৈ ব্যক্তিগতভাৱে ইয়াক ভ্ৰমণ আৰু অন্বেষণ কৰিবলৈ অনুপ্ৰাণিত হয়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
চিনেমা আৰু সাহিত্যৰ এই সংযোগ আৰু সাংস্কৃতিক উল্লেখে পাঠকৰ আচৰণত কিদৰে গভীৰ প্ৰভাৱ পেলাইছে আমি আজিও কল্পনা কৰিব নোৱাৰোঁ। চিনেমাৰ প্ৰেক্ষাপটত কিতাপ আৰু পঢ়াৰ স্থান উপস্থাপন কৰি চিনেমাই নিজৰ আকৰ্ষণ বৃদ্ধি কৰিব পাৰে আৰু সাহিত্যৰ প্ৰতি আগ্ৰহ জগাই তুলিব পাৰে। নটিং হিলৰ কিতাপৰ দোকানখনে ছবিয়ে কেনেকৈ কিতাপ বিক্ৰী স্থানলৈ মানুহৰ সমাগম বৃদ্ধি কৰিলে তাৰ ই এক উদাহৰণ, যিয়ে মানুহক কিতাপৰ সৈতে অধিক গভীৰভাৱে জড়িত হ’বলৈ উৎসাহিত কৰে। আমি এতিয়াও অসমীয়া চিনেমাত এনে সাংস্কৃতিক আন্তঃসংযোগ দেখিবলৈ অপেক্ষা কৰি আছো, যিয়ে আশাকৰোঁ অসমত পাঠকক শক্তিশালী কৰিব আৰু পাঠকৰ সংখ্যা বৃদ্ধি কৰিব পাৰিব।
 
অসম প্ৰকাশন পৰিষদৰ এগৰাকী শীৰ্ষ বিষয়াৰ মতে অসমৰ পাঠক বিশেষভাৱে ইতিহাসভিত্তিক আৰু বিজ্ঞান বিষয়বস্তুৰ কিতাপৰ প্ৰতি আকৰ্ষিত যদিও কল্পকাহিনী পাঠকৰ সংখ্যাও বৃদ্ধি পাইছে। এটা কথা কব পাৰি যে, ৰামধেনু যুগৰ পিচত অসমীয়া সাহিত্যৰ কেইবাগৰাকী শক্তিশালী লেখকৰ বিশ্বমানৰ সাহিত্য সৃষ্টিয়ে অসমীয়া সাহিত্য চহকী কৰিছে, কিন্তু কেৱল সাহিত্য-বিষয়ৰ লগতে বিচিত্ৰ বিষয় অবহেলা কৰিলে সাহিত্যিকৰ ভৱিষ্যত উজ্বল নহব, অসমীয়া পাঠক বৃদ্ধি নহব।  
 
কিতাপৰ ভবিষ্যতৰ লগত লেখকৰ ভৱিষ্যত নিহিত হৈ আছে। হীৰেন দত্তই 'কিতাপৰ ভৱিষ্যত 'সম্পৰ্কে কৈছিল -'ক' ৰ চুক কেইটা, সেই কথাটোকে নজনা একো একোজন মানুহেও যে, কেতিয়াবা বিদ্যাবাগীশ এজনতকৈও বেছি মহৎ হ'ব পাৰে সেই কথাটো আমি নিৰন্তনে মনত থাপি ৰাখিলেহে কিতাপৰ কল্যাণময় ভৱিষ্যত সুনিশ্চিত কৰিব পাৰিম।'' আধুনিক জীৱনত দেখা পোৱা হিংসা, অশ্লীলতা, অনৈতিক ছবি আঁতৰাই পেলাবলৈ, এখন সুস্থ সমাজৰ বাবে ভাল কিতাপ এখনে ঔষধৰ দৰেই কাম কৰে এই কথা মনত ৰখা বৰ প্ৰযোজন হৈ পৰিছে। 
 
(লেখক নগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ)