গণতন্ত্ৰ পুনৰুদ্ধাৰঃ জম্মু-কাশ্মীৰত তয়াময়া নিৰ্বাচনী যুঁজ

Story by  atv | Posted by  [email protected] • 10 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
  পল্লৱ ভট্টাচাৰ্য্য

চলিত বৰ্ষৰ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া জম্মু-কাশ্মীৰ বিধানসভাৰ আগন্তুক সাধাৰণ নিৰ্বাচনে অঞ্চলটোৰ উত্তাল ৰাজনৈতিক ইতিহাসৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।

২০১৯ চনৰ আগষ্ট মাহত ৩৭০ নং অনুচ্ছেদ বাতিল কৰি চৰকাৰে এই অঞ্চলটোৰ বিশেষ স্বায়ত্তশাসন কাঢ়ি লোৱাৰ পিছৰে পৰা ইয়াৰ ৰাজনৈতিক পৰিৱেশৰ পৰিৱৰ্তন হয় আৰু ই প্ৰত্যাহ্বানৰে ভৰি পৰে। এই নিৰ্বাচনে জনসাধাৰণৰ গণতান্ত্ৰিক সংকল্পৰ পৰীক্ষা কৰাই নহয়, জম্মু-কাশ্মীৰৰ শাসন ব্যৱস্থাৰ ভৱিষ্যতৰ পথো নিৰ্ধাৰণ কৰিব। এই কথা মনত ৰাখি ঐতিহাসিক প্ৰেক্ষাপট, শেহতীয়া ৰাজনৈতিক পৰিঘটনা, নিৰ্বাচনৰ ফলাফলৰ সম্ভাৱ্য প্ৰভাৱৰ বিষয়ে বিস্তৃত পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়।

ঐতিহাসিক পটভূমি আৰু আগতীয়া নিৰ্বাচনঃ

১৯৪৭ চনত ভাৰতত চামিল হোৱাৰ পিছৰে পৰা জম্মু-কাশ্মীৰৰ ৰাজনৈতিক যাত্ৰাত অনন্য গতিশীলতা দেখা গৈছে। নেচনেল কনফাৰেন্স (এন চি)ৰ আধিপত্য থকা ১৯৫১ চনৰ প্ৰাৰম্ভিক নিৰ্বাচনে ভৱিষ্যতৰ ৰাজনৈতিক কৌশলৰ পথ নিৰ্ধাৰণ কৰিছিল। জম্মু-কাশ্মীৰৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোক প্ৰায়ে খেলিমেলি আৰু প্ৰকৃত গণতান্ত্ৰিক পদ্ধতিৰ অভাৱৰ বাবে সমালোচনা কৰা হয়। ৰিগিঙৰ অভিযোগত বিকৃত হোৱা ১৯৮৭ চনৰ নিৰ্বাচন বিশেষভাৱে উল্লেখযোগ্য, কিয়নো ই অঞ্চলটোত বিদ্ৰোহ আৰু অশান্তিৰ ইন্ধন যোগাইছিল। 
 

জম্মু-কাশ্মীৰত ভোটদানৰ বাবে ওলাই আহিছে ৰাইজ (প্ৰতিনিধিত্বমূলক ফটো)
 
ইফালে, ১৯৯৬ চনৰ নিৰ্বাচনে এনচিক পুনৰ ক্ষমতালৈ আনিছিল আৰু বিদ্ৰোহৰ পিছৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আভাস দিছিল। কিন্তু ২০০২ চনৰ নিৰ্বাচনেই প্ৰতিযোগিতামূলক ৰাজনীতিক সঁচা অৰ্থত পুনৰুজ্জীৱিত কৰিছিল আৰু পিপলছ ডেম’ক্ৰেটিক পাৰ্টি (পিডিপি) এক শক্তিশালী দল হিচাপে আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত হোৱা মিত্ৰজোঁটৰ ৰাজনীতিত আঞ্চলিক শক্তিসমূহৰ জটিল আন্তঃক্ৰিয়া আৰু ৰাজনৈতিক স্থিতিশীলতাৰ বাবে চলি থকা সংগ্ৰামৰ ওপৰত আলোকপাত কৰা হৈছিল।

শেহতীয়া ৰাজনৈতিক পৰিঘটনাঃ

৩৭০ অনুচ্ছেদ বাতিল আৰু তাৰ পিছত ২০১৯ চনৰ ৩১ অক্টোবৰত জম্মু-কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত অঞ্চললৈ বিভক্ত কৰা ঘটনাই উপত্যকাটোৰ ৰাজনৈতিক পৰিৱেশলৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনে। ভাৰতৰ বাকী অংশৰ সৈতে অঞ্চলটোক অধিক ঘনিষ্ঠভাৱে একত্ৰিত কৰাৰ উদ্দেশ্যেৰে লোৱা এই পদক্ষেপে স্থানীয় ৰাজনীতি আৰু শাসন ব্যৱস্থাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। 
 

শেহতীয়া নিৰ্বাচনত বিশেষকৈ ২০১৪ চনত তীব্ৰ সাম্প্ৰদায়িক মেৰুকৰণ ঘটিছিল, জম্মু আৰু লাডাখত ভাৰতীয় জনতা পাৰ্টিয়ে উল্লেখযোগ্য স্থান লাভ কৰাৰ বিপৰীতে কাশ্মীৰ উপত্যকাত পিডিপিয়ে আধিপত্য স্থাপন কৰিছিল। ইয়াৰ পিছত গঠন হোৱা মিত্ৰজোঁট চৰকাৰখনে তীব্ৰ মতাদৰ্শগত বিভাজনৰ সন্মুখীন হৈছিল, যাৰ ফলত শাসন ব্যৱস্থা প্ৰত্যাহ্বানজনক হৈ পৰিছিল।

২০১৮ চনত বিজেপিয়ে মিত্ৰজোঁটৰ পৰা আঁতৰি অহাৰ পিছত ৰাজ্যপালৰ শাসন জাপি দিয়াৰ লগতে সঘনাই উগ্ৰপন্থী আক্ৰমণ আৰু নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধিয়ে ৰাজনৈতিক পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিছে। নিৰ্বাচনী প্ৰস্তুতিৰ সৈতে সংযুক্ত উগ্ৰপন্থীৰ হিংসাত্মক কাৰ্য্যৰ বৃদ্ধিৰ বৰ্তমানৰ পটভূমিয়ে এই নিৰ্বাচনসমূহ কেনে অস্থিৰ পৰিৱেশত অনুষ্ঠিত হ’ব, তাৰ আভাস প্ৰদান কৰিছে। 

বৰ্তমানৰ নিৰ্বাচনী পৰিৱেশঃ

২০২৪ চনৰ নিৰ্বাচনৰ কাষ চাপি অহাৰ লগে লগে অঞ্চলটোত পুৰণি আৰু নতুন ৰাজনৈতিক মুখৰ মিশ্ৰণ দেখা গৈছে। এতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাক্তন বিচ্ছিন্নতাবাদী নেতাসকলে নিজৰ ঐতিহাসিক স্থিতিৰ পৰা উল্লেখযোগ্য বিচ্যুতি ঘটায়, যিয়ে এক জটিল অথচ আশাবাদী ৰাজনৈতিক বিৱৰ্তনৰ সংকেত দিয়ে।

উদাহৰণস্বৰূপে, চৈয়দ ছালিম গীলানী আৰু জাভিদ হুব্বিৰ দৰে উল্লেখযোগ্য ব্যক্তিয়ে এতিয়া বিভিন্ন দলীয় বেনাৰত মূলসুঁতিৰ ৰাজনীতিত অংশগ্ৰহণ কৰি গণতান্ত্ৰিক সংযোগৰ দিশত মতাদৰ্শগত পৰিৱৰ্তনৰ সম্ভাৱনীয়তাৰ ইংগিত প্ৰদৰ্শন কৰিছে।
 
ভোটদানৰ বাবে শাৰী পাতিছে একাংশ মুছলমান সম্প্ৰদায়ৰ লোক
 
বিজেপি দলৰ স্থিতি এতিয়াও জটিল হৈয়েই আছে, নিৰ্বাচনত তেওঁলোকৰ জয়-পৰাজয়ে ৰাজ্যখনৰ পূৰ্ণাংগ ৰাজ্যৰূপে মৰ্যাদা পাব নে নাপায় এই কথা নিহিত হৈ আছে বুলি বহু ৰাজনৈতিক পৰ্যবেক্ষকে মত পোষণ কৰিছে। তেওঁলোকৰ মতে বিজেপিৰ জয়ে সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদা পোৱাত বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনীয়তা আছে, কিয়নো ইয়াৰ ফলত অনুকূল শাসন ব্যৱস্থা নিশ্চিত হ’ব। ইয়াৰ বিপৰীতে পুৰণি ৰাজনৈতিক দলৰ উভতি অহাটোৱে হয়তো ৰাষ্ট্ৰ আৰু আত্মশাসনৰ দাবী পুনৰ জগাই তুলিব।

ৰাজ্য আৰু প্ৰশাসনৰ ওপৰত প্ৰভাৱঃ

ৰাজ্যৰ মৰ্যদা পুনৰুদ্ধাৰ এতিয়াও এক বিতৰ্কিত বিষয় হৈয়ে আছে। বিজেপিয়ে যদি সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়, তেন্তে পূৰ্ণাংগ বা আংশিক ৰাজ্যৰ মৰ্যদা পুনৰুদ্ধাৰৰ সম্ভাৱনা নাই যেন অনুভব হয়। গণতান্ত্ৰিক অধিকাৰ বা সাংস্কৃতিক পৰিচয় পুনৰুদ্ধাৰৰ বাবে সক্ৰিয়ভাৱে প্ৰতিবাদ নকৰা কাশ্মীৰী জনসাধাৰণৰ মাজত দেখা পোৱা ৰাজনৈতিক নিষ্ক্ৰিয়তাই বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাটোক আৰু অধিক জটিল কৰি তুলিছে, যাৰ ফলত স্থিতাৱস্থা (status quo) বাহাল থকাৰ সম্ভাৱনা শক্তিশালী হৈ উঠিছে।

এই জটিল ৰাজনৈতিক পৰিস্থিতিৰ মাজত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভূমিকাও অনিশ্চিত। যদিও আইএনচিয়ে ঐতিহাসিকভাৱে ৰাজ্যৰ দাবীৰ বাবে আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতা কৰি আহিছে, ‘বিশেষ মৰ্যাদা’ৰ ক্ষেত্ৰত ইয়াৰ স্থিতি অস্পষ্ট হৈয়েই আছে। আইএনচিৰ সৈতে জড়িত মিত্ৰজোঁটে কাশ্মীৰী জনসাধাৰণৰ মালিকীস্বত্ব আৰু বাসস্থানৰ অধিকাৰ সুৰক্ষিত কৰা আইনী ব্যৱস্থাৰ জৰিয়তে সংগ্ৰাম কৰিব পাৰে।

ইতিহাস আৰু সম্ভাৱ্য ফলাফলৰ পৰা শিক্ষাঃ

ঐতিহাসিকভাৱে জম্মু আৰু কাশ্মীৰে ভাৰতত চামিল হোৱাৰ সময়ত মুছলমান নেতৃত্ব আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত উল্লেখযোগ্য সহযোগিতা জড়িত আছিল, য’ত শ্বেখ মহম্মদ আব্দুল্লাৰ দৰে বিশিষ্ট ব্যক্তিয়ে মূল ভূমিকা পালন কৰিছিল। কিন্তু অৱশেষত শ্বেখ আব্দুল্লাৰ দৰে নেতাই যোগদানৰ পিছত সন্মুখীন হোৱা মোহভংগই ইতিহাসৰ পৰা ইতিবাচক শিক্ষা আহৰণৰ গুৰুত্বক প্ৰতিফলিত কৰি তুলিছে। কাশ্মীৰৰ সাম্প্ৰতিক ৰাজনৈতিক দিশসমূহ সঠিকভাৱে পৰ্যবেক্ষণ কৰাৰ বাবে এই শিক্ষাসমূহ অতি গুৰুত্বপূৰ্ণ।
 
তদুপৰি পূৰ্বতে জম্মু-কাশ্মীৰৰ অংশ হিচাপে নিজে প্ৰশাসন ব্যৱস্থা চলোৱাৰ সুবিধা ভোগ কৰা লাডাখীসকলৰ ৰাজনৈতিক অধিকাৰৰ বিষয়টোক আওকাণ কৰিব নোৱাৰি। লাডাখত নিৰ্বাচিত বিধানসভা সৃষ্টি কৰিবলৈ অস্বীকাৰ কৰাৰ ক্ষেত্ৰত বিজেপিৰ স্থিতি অযুক্তিকৰ হৈয়েই আছে আৰু তেওঁলোকৰ শাসন আৰ্হি (governance model)ৰ সৰ্বাংগীনতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

কৌশলগত পৰামৰ্শ আৰু সিদ্ধান্তঃ
 
জম্মু-কাশ্মীৰ এই গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে কেইবাটাও কৌশলগত আৱশ্যকতা বিবেচনা কৰিব লাগিব। সন্ত্ৰাসবাদী কাৰ্যকলাপে সৃষ্টি কৰা ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ চোৰাংচোৱা নেটৱৰ্ক শক্তিশালী কৰা, স্থানীয় সম্প্ৰদায়ৰ সৈতে সম্পৰ্ক একত্ৰিত কৰা, আৰু শক্তিশালী নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়।

স্বচ্ছ আৰু ন্যায্য নিৰ্বাচনী প্ৰক্ৰিয়াই সক্ৰিয় সন্ত্ৰাসবাদ বিৰোধী কৌশল হিচাবে পৰিগনিত হৈ জনসাধাৰণৰ আস্থা আৰু গণতান্ত্ৰিক স্বাভাৱিকতা পুনৰুদ্ধাৰৰ বাবে অতি প্ৰয়োজনীয় আহিলা হিচাবে চিহ্নিত হোৱা সকলোৰে কাম্য।
 

জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা উভতাই বিচাৰি প্ৰতিবাদ
 
জম্মু-কাশ্মীৰৰ আগন্তুক নিৰ্বাচন কেৱল ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা নহয়; গণতন্ত্ৰৰ প্ৰতি বিশ্বাস পুনৰ ঘূৰাই অনা আৰু অঞ্চলটোত শান্তি আৰু সুস্থিৰতাৰ দিশত পথ খোদিত কৰাৰ এক গভীৰ সুযোগ। এই নিৰ্বাচনৰ ফলাফল জম্মু-কাশ্মীৰৰ সীমাৰ বাহিৰত প্ৰতিধ্বনিত হ’ব, যিয়ে দক্ষিণ এছিয়াৰ বহল ভূ-ৰাজনৈতিক গতিশীলতাক প্ৰভাৱিত কৰিব।

 জম্মু-কাশ্মীৰৰ জনসাধাৰণে এই জটিল সন্ধিক্ষণৰ বাবে সাজু হোৱাৰ সময়তে বিশ্বই তীক্ষ্ণ দৃষ্টিৰে চাই আছে; এই নিৰ্বাচনে গণতান্ত্ৰিক পুনৰুত্থান আৰু মিলনৰ নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।

নিৰ্বাচন সফল আৰু শান্তিপূৰ্ণভাৱে সমাপণ হ’লে যুদ্ধংদেহী গোটবোৰ গণতান্ত্ৰিক প্ৰক্ৰিয়ালৈ আহিব। জলবায়ু পৰিৱৰ্তনৰ প্ৰতি বহনক্ষম সঁহাৰিৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে ব্যৱস্থাটোত সামাজিক উদ্যোগী স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰৰ আৰ্থিক সাহায্যৰে ৰাজ্যখনে সমৃদ্ধিৰ পথত আগুৱাব পাৰে। এই প্ৰক্ৰীয়াৰ জৰিয়তে এটা সমৃদ্ধিশালী অঞ্চল গঢ়ি উঠিলে পি অ’ কে আৰু জম্মু-কাশ্মীৰত নিঃসন্দেহে প্ৰভাৱ পেলাব।

১৮৭৭ আৰু তাৰ পিছত ১৯৯০ চনত জাৰ্মানী আৰু ১৯৭৫ চনত ভিয়েটনামৰ একত্ৰীকৰণ ঐতিহাসিক বাস্তৱ। "ঐক্যবদ্ধ দৃষ্টিভংগী, অংশীদাৰী সমৃদ্ধিঃ আমি একেলগে জম্মু-কাশ্মীৰ আৰু পি অ’ কেৰ বাবে এক উজ্জ্বল ভৱিষ্যত গঢ়ি তুলিছো।"-এয়া হয়তো সংযুক্ত কাশ্মীৰৰ বাবে এক সূক্ষ্ম কিন্তু এক দৃঢ় পদক্ষেপ হিচাবে চিহ্নিত হোৱাতো ধূৰূপ।

(লেখক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান; অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)