ভাৰতৰ স্বাধীনতা সংগ্ৰামত মুছলমানৰ গৌৰৱময় ভূমিকা

Story by  Saquib Salim | Posted by  [email protected] • 4 Months ago
ভাৰতৰ স্বাধীনতা সংগ্ৰামত মুছলমানৰ গৌৰৱময় ভূমিকা
ভাৰতৰ স্বাধীনতা সংগ্ৰামত মুছলমানৰ গৌৰৱময় ভূমিকা
 
চাকিব চেলিম
 
"ভাৰতৰ মুছলমানসকল ভাৰতৰ ব্ৰিটিছ শক্তিৰ বাবে বহু বছৰ ধৰি দীৰ্ঘদিনীয়া বিপদৰ উৎস হৈ আছে।"- ভাৰতত নিয়োজিত এজন ইংৰাজ বিষয়া ডব্লিউ ডব্লিউ হাণ্টাৰে ১৮৭১ চনত প্ৰকাশিত তেওঁৰ বিখ্যাত গ্ৰন্থ ‘দ্য ইণ্ডিয়ান মুছলমানছ’ত এই উক্তিটো উল্লেখ কৰিছিল।
 
১৯৪৭ চনৰ পিছত ভাৰতীয় পণ্ডিতসকলে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এক 'জাতীয়তাবাদী' ইতিহাস ৰচনা কৰিছিল আৰু অজ্ঞাত কাৰণত তেওঁলোকে মুছলমানসকলক বাদ দিছিল। যোৱা সাতটা দশক ধৰি আমি ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাস পঢ়ি আহিছো। য’ত মুছলমানসকলৰ অৱদানক বহুলাংশে উপেক্ষা কৰা দেখা গৈছে। এই আখ্যানৰ ওপৰত ডাঙৰ দীঘল হোৱা প্ৰজন্মই বিশ্বাস কৰে যে, হয় ভাৰতীয় মুছলমানসকল ব্ৰিটিছ সমৰ্থক আছিল, নহয় তেওঁলোকে স্বাধীনতা সংগ্ৰামৰ পৰা আঁতৰত আছিল।
 
সামাজিক মাধ্যমৰ এই যুগত আমি স্বাধীনতা সংগ্ৰামৰ এই মিছা বুজাবুজিৰ ওপৰত ভিত্তি কৰি ভাৰতীয় মুছলমানসকলৰ দেশপ্ৰেমৰ  লৈ প্ৰশ্ন উত্থাপন কৰাও দেখা পাওঁ। দৰাচলতে ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা 'ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকলৰ অভিধান (১৮৫৭-১৯৪৭)'ত উল্লেখ কৰা মুঠ শ্বহীদৰ প্ৰায় ৩০% লোকে হৈছে মুছলমান লোক। আমি মন কৰিব লাগিব যে, অভিধানখনত ১৮৫৭ চনৰ আগৰ শ্বহীদসকলৰ হিচাপ দিয়া হোৱা নাই, যিসকলো বৃহৎ সংখ্যক আছিল।
 
মৌলানা আবুল কালাম আজাদ
 
ইতিহাসৰ নামত প্ৰচাৰিত এনে মিছা কথাবোৰক আমি প্ৰত্যাহ্বান জনোৱা উচিত। ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদক ভাৰতীয়সকলে আৰম্ভণিৰ পৰাই প্ৰতিহত কৰিছিল আৰু মুছলমানসকলে এই প্ৰতিৰোধৰ পতাকা বাহক আছিল। প্লেচিৰ যুদ্ধ (১৭৫৭) আৰু বাক্সাৰ যুদ্ধ (১৭৬৪)ত ৰাজকীয় সৈন্যবাহিনীক পৰাস্ত কৰি ব্ৰিটিছে প্ৰশাসনিক আৰু অৰ্থনৈতিকভাৱে বংগ দখল কৰিছিল। বংগৰ নৱাবৰ বিৰুদ্ধে জয়লাভ কৰাৰ লগে লগে ব্ৰিটিছে বংগ প্ৰদেশৰ ভাৰতীয়সকলক অভূতপূৰ্ব ধৰণে শোষণ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকৰ নিৰ্মম লুণ্ঠনৰ ফলত ১৭৭০ চনত দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল, যাৰ ফলত বংগৰ মুঠ জনসংখ্যাৰ এক-তৃতীয়াংশ লোকৰ মৃত্যু হৈছিল।
 
কোনো আচৰিত নহয় যে, বিদেশী ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে প্ৰথম জনপ্ৰিয় ৰাষ্ট্ৰীয় প্ৰতিৰোধ বংগত উদ্ভৱ হৈছিল। হিন্দু সন্ন্যাসী আৰু মুছলমান ফকীৰৰ এক ঐক্যবদ্ধ গোটে ব্ৰিটিছৰ বিৰুদ্ধে অস্ত্ৰ হাতত তুলি লৈছিল। এই যুদ্ধৰ নেতৃত্ব দিয়া ব্যক্তিজন আছিল কানপুৰ (উত্তৰ প্ৰদেশ)ৰ এজন মুছলমান চুফী মজনু শ্বাহ। মজনু কানপুৰৰ শ্বাহ মাদাৰৰ ভক্ত আছিল আৰু আন এজন চুফী সন্ত হামিদুদ্দিনৰ পৰামৰ্শ অনুসৰি দৰিদ্ৰ কৃষকসকলৰ কাম হাতত লৈছিল। প্ৰায় ২০০০ ফকীৰ আৰু সন্ন্যাসীয়ে তেওঁৰ অধীনত দৰিদ্ৰ শোষিত জনসাধাৰণৰ মাজত ধন আৰু খাদ্য বিতৰণ কৰিবলৈ ব্ৰিটিছ আৰু ব্ৰিটিছ সমৰ্থিত জমিদাৰসকলৰ পৰা সম্পদ লুট কৰিছিল। ১৭৬৩ চনৰ পৰা ১৭৮৬ চনত মৃত্যুৰ সময়লৈকে মজনু ভাৰতৰ ব্ৰিটিছ সাম্ৰাজ্যৰ বাবে আটাইতকৈ বিপদজনক ভাবুকি হৈ আছিল। ফকীৰ আৰু সন্ন্যাসী বাহিনীয়ে গেৰিলা যুদ্ধত ব্ৰিটিছৰ কেইবাজনো বিষয়া আৰু সৈনিকক হত্যা কৰিছিল। তেওঁৰ মৃত্যুৰ পিছত মুছা শ্বাহে আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰিছিল।  ভৱানী পাঠকৰ দৰে হিন্দু সন্ন্যাসী নেতাসকলো ইয়াৰ সৈতে জৰিত হৈ আছিল আৰু একেলগে  যুদ্ধ কৰিছিল। কিন্তু ঔপনিৱেশিক ৰেকৰ্ডবোৰে মজনুক আটাইতকৈ ভাবুকিপূৰ্ণ নেতা হিচাপে গণ্য কৰিছিল, কাৰণ তেওঁৰ অধীনত হিন্দু আৰু মুছলমানসকলে ঐক্যবদ্ধভাৱে যুদ্ধ কৰিছিল। মজনুৰ মৃত্যুৰ কেইবছৰমান পিছত নিৰ্মম ব্ৰিটিছে এই আন্দোলন দমন কৰিছিল, যদিও জাতীয়তাবাদৰ মনোভাৱক নোহোৱা কৰিব পৰা নাছিল।
 
চাৰ চৈয়দ আহমেদ
 
বংগত ফকীৰৰ নেতৃত্বত আন্দোলন দমন কৰাৰ অৰ্থ এইটো নহয় যে, তেওঁলোকে পৰাজয় স্বীকাৰ কৰিছিল। ফকীৰসকলে তেওঁলোকৰ ৰণনীতি সলনি কৰিছিল আৰু ১৮ শতিকাৰ আৰম্ভণিতে মাৰাথা আৰু অন্যান্য ব্ৰিটিছ বিৰোধী শক্তিৰ সৈতে যোগদান কৰিছিল। ১৮০৬ চনত ভেলোৰত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰ্মীৰ ভাৰতীয় চিপাহীসকলৰ দ্বাৰা প্ৰথম বৃহৎ বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল, যাক ১৮৫৭ চনৰ পিছৰ অনুপ্ৰেৰণা বুলি কোৱা হয়। ফকীৰৰ সহায়ত টিপু চুলতানৰ পুত্ৰ আৰু হায়দৰাবাদৰ নিজামৰ ভাতৃ হোলকাৰসকলে এই পৰিকল্পনা কৰিছিল। দক্ষিণ ভাৰতৰ প্ৰতিটো সেনা নিবাসত ফকীৰসকলে ধৰ্মীয় উপদেশ, গান আৰু পুতলা অনুষ্ঠানৰ জৰিয়তে জাতীয়তাবাদৰ বাৰ্তা প্ৰচাৰ কৰিছিল। যেতিয়া  ভেলোৰকে ধৰি কেইবাটাও ঠাইত বিদ্ৰোহ আৰম্ভ হৈছিল, তেতিয়া ভাৰতীয় বিপ্লৱীসকলক শ্বেখ আদম, পীৰজাদা, আব্দুল্লাখান, নবী শ্বাহ আৰু ৰুস্তম আলী আদি ফকীৰসকলে নেতৃত্ব দিছিল। পণ্ডিত পেৰুমল চিন্নিয়ানে লিখিছে, "দক্ষিণৰ ষড়যন্ত্ৰক ফকীৰ আৰু অন্যান্য ধৰ্মীয় সন্ন্যাসীসকলে সমৰ্থন কৰিছিল। এই ষড়যন্ত্ৰ তেওঁলোকে সকলো সেনা কেন্দ্ৰত প্ৰতিষ্ঠা কৰিছিল।"
 
কেইবছৰমানৰ ভিতৰতে ক্ৰমে চৈয়দ আহমদ বাৰেলভী, হাজী শ্বৰিয়াতুল্লাহ আৰু টিতু মীৰৰ নেতৃত্বত তিনিটা পৃথক আন্দোলনৰ ৰূপত ব্ৰিটিছে আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল।
 
উত্তৰ প্ৰদেশত জন্মগ্ৰহণ কৰা চৈয়দ আহমেদে দেশৰ এক বৃহৎ অংশ ভ্ৰমণ  কৰিছিল আৰু বিহাৰ, বংগ আৰু মহাৰাষ্ট্ৰত তেওঁ তেওঁৰ অনুগামী লাভ কৰিছিল। আফগানিস্তানৰ কাষৰীয়া অঞ্চলত তেওঁৰ অনুগামীসকলে ব্ৰিটিছ আৰু ইয়াৰ মিত্ৰশক্তিৰ বিৰুদ্ধে অস্ত্ৰ হাতত তুলি লৈছিল। এই আন্দোলনে দশক দশক ধৰি ব্ৰিটিছৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। ব্ৰিটিছে এই আন্দোলনক ধৰ্মীয় গোঁড়ামিৰ কাম হিচাপে চিত্ৰিত কৰিছিল। আনহাতে, বাস্তৱত চৈয়দ আহমেদে বিদেশী শাসকৰ বিৰুদ্ধে মাৰাঠাসকলৰ সৈতে মিত্ৰতা গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। ১৮৩১ চনত তেওঁৰ মৃত্যুৰ পিছত পাটনাৰ পৰা অহা এনায়ট আলী আৰু ৱিলায়াত আলীয়ে আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰিছিল। সীমান্ত অঞ্চলত তেওঁলোকে নেতৃত্ব দিয়া যুদ্ধৰ ফলত ব্ৰিটিছ সেনাৰ হাজাৰ হাজাৰ সৈনিকৰ মৃত্যু হৈছিল।
 
মৌলানা ওবাইদুল্লাহ সিন্ধী
 
হাজী শ্বৰীয়তুল্লাহ আৰু তেওঁৰ পুত্ৰ দুদু মিয়ানে ধনী জমিদাৰসকলৰ অত্যাচাৰ প্ৰতিৰোধ কৰিবলৈ বংগত অস্ত্ৰ হাতত তুলি লৈছিল। তেওঁলোকে কৃষকসকলক নীলা খেতিয়ক আৰু অন্যান্য ব্ৰিটিছ এজেণ্টৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ নেতৃত্ব দিছিল। তেওঁলোকে নেতৃত্ব দিয়া এই আন্দোলনক ফাৰাইজি আন্দোলন বুলিও জনা যায়।
 
টিটু মীৰে ব্ৰিটিছ সমৰ্থিত জমিদাৰসকলৰ বিৰুদ্ধে দৰিদ্ৰ জনতাৰ আন্দোলনৰো নেতৃত্ব দিছিল। তেওঁ তেওঁৰ সৈন্য বাহিনী গঠন কৰিছিল আৰু এটা জনপ্ৰিয় প্ৰশাসন স্থাপন কৰিছিল। ১৮৩১ চনত ব্ৰিটিছৰ সৈতে যুদ্ধৰ সময়ত টিটু নিহত হৈছিল। ইয়াৰ পিছত তেওঁৰ শ শ সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ফাঁচী দিয়া হৈছিল, যাৰ ভিতৰত তেওঁৰ ডেপুটি গোলাম মচুমো আছিল।
 
ইফালে চৈয়দ আহমদে আৰম্ভ কৰা আন্দোলন ভাৰতত ব্ৰিটিছ শাসনৰ বাবে এক  ভয়াৱহ বিপদ হৈ আছিল। এনায়াত আলী, ৱিলায়াত আলী, কৰমত আলী, জয়নুদ্দিন, ফাৰহাত হুছেইন আৰু অন্যান্যসকলে ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামৰ নেতৃত্ব দিছিল। পাটনাত ১৮৫৭ চনৰ বিদ্ৰোহৰ বাতৰি পোৱাৰ লগে লগে সকলো বিশিষ্ট নেতাক তেওঁলোকে কাম কৰাৰ আগতে গ্ৰেপ্তাৰ কৰা হৈছিল। তথাপিও পীৰ আলীয়ে পাটনাত বিদ্ৰোহ আৰম্ভ কৰিছিল। যদিও ই বৃহত্তৰ আন্দোলনৰ এটা অংশ নহয়, তথাপিও ব্ৰিটিছে বিশ্বাস কৰিছিল যে, তেওঁলোকৰ সমৰ্থন আছে। ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত বিহাৰত পীৰ আলী, ৱাৰিছ আলী আৰু অন্যান্য মুছলমান বিপ্লৱীসকলক মৃত্যুদণ্ড দিয়া হৈছিল।
 
১৮৫৭ চনৰ ৰাষ্ট্ৰীয় স্বাধীনতাৰ প্ৰথম যুদ্ধৰ আঁৰত পৰিকল্পনাৰ এক দীঘলীয়া ইতিহাস আছিল। ১৮৩৮ চনত ইংৰাজ চৰকাৰে বিদেশী শাসনৰ বিৰুদ্ধে দেশজুৰি বিদ্ৰোহৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ বাবে মুবাৰিজ উদ-দৌলাক গ্ৰেপ্তাৰ কৰিছিল। তদন্তত প্ৰকাশ পাইছিল যে, ৰাজা ৰঞ্জিত সিং, গাইকৱাৰ, সাতাৰা, যোধপুৰ, ভূপাল, পাটিয়ালা, ৰোহিল্লা পাঠান আৰু কেইবাজনো নৱাব, ৰজা আৰু জমিদাৰে এই পৰিকল্পনাত সন্মতি প্ৰদান কৰিছিল। ৰাজা ৰঞ্জিত সিঙে প্ৰকৃততে মুবাৰিজক সহায় কৰিবলৈ তেওঁৰ সৈন্য প্ৰেৰণ কৰিছিল আৰু সহায়ৰ বাবে পাৰ্চী আৰু ফৰাচী শক্তিৰ সৈতে যোগাযোগ কৰিছিল। এই পৰিকল্পনাত জৰিত কেইজনমান বিশ্বাসঘাতকৰ বাবে মুবাৰিজক বন্দী কৰা হৈছিল, য'ত তেওঁ ১৮৫৪ চনত মৃত্যুবৰণ কৰিছিল আৰু তেওঁৰ মৃত্যুৰ দুটা দশকৰ পিছত বিদ্ৰোহ সংঘটিত হৈছিল।
 
মজনু শ্বাহ
 
১৮৪৫ চনত পুনৰ দেশজোৰা স্বাধীনতা যুদ্ধৰ পৰিকল্পনা ইংৰাজে আৱিষ্কাৰ কৰিছিল। বিহাৰৰ খোৱাজা হাছান আলী খান, মালিক কদম আলী, ছেইফ আলী আৰু কুঁৱৰ সিঙে বাহাদুৰ শ্বাহ জাফৰ, সিন্ধিয়াছ, নেপাল নৰেশৰ দৰে কেইবাজনো ৰাজকীয় লোকৰ সহায়ত এক বৃহৎ সেনাবাহিনী গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। আকৌ দুই এজন ভাৰতীয়ই নিজকে বিদেশী শাসকৰ ওচৰত বিক্ৰী হৈ ইংৰাজক তেওঁলোকক উৎখাত কৰিবলৈ এই বিশাল নক্সাৰ বিষয়ে অৱগত কৰিছিল।
 
১৮৫৭ চনত স্বাধীনতা সংগ্ৰামত মুছলমানসকলৰ ভূমিকা কোনো গোপনীয় কথা নহয়। ১৮৫৭ চনত হিন্দু আৰু মুছলমানসকলৰ একতাই ব্ৰিটিছসকলক আগৰ দৰে ভাবুকি প্ৰদান কৰিছিল আৰু তাৰ পিছত তেওঁলোকে বিভাজন আৰু শাসনৰ নীতিৰ আশ্ৰয় লৈছিল।  ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱাৰ প্ৰয়োজনীয়তাৰ প্ৰচাৰত ফৈজাবাদৰ মৌলৱী আহমদুল্লা শ্বাহ, খাইৰাবাদৰ ফজল-ই-হক, মুজাফ্ফনগৰৰ ইমদাদুল্লাহ মুহাজিৰ মক্কি আৰু নানা চাহেবৰ সহযোগী আজিমুল্লাহ খান বিশিষ্ট ব্যক্তি আছিল। ১৮৫৭ চনৰ আগৰ বছৰবোৰত তেওঁলোকে চিপাহীসকলৰ লগতে অসামৰিক লোকসকলৰ মাজত এই ধাৰণাবোৰ প্ৰচাৰ কৰি আছিল।
 
১৮৫৭ চনৰ ১০ মে'ত মিৰাটৰ চিপাহীসকলে তেওঁলোকৰ ব্ৰিটিছ মালিকসকলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। এই চিপাহীসকলৰ নেতাসকল আছিল শ্বেখ পীৰ আলী, আমিৰ কুদ্ৰাত আলী, শ্বেখ হাছান উদ-দীন আৰু শ্বেখ নুৰ মহম্মদ। আৰম্ভণিতে বিদ্ৰোহ কৰা  ৮৫ জন চিপাহীৰ আধাতকৈও অধিক মুছলমান আছিল। অতি সোনকালেই চিপাহীসকলৰ লগত সাধাৰণ নাগৰিকেও যোগদান কৰিছিল। আৰু বিপ্লৱীসকলে দিল্লীলৈ যাত্ৰা কৰিছিল আৰু বাহাদুৰ শ্বাহ জাফৰক ভাৰতৰ সম্ৰাট হিচাপে ঘোষণা কৰিছিল। দিল্লী মুক্ত হৈছিল। লক্ষ্ণৌত, বেগম হজৰত মহলে ব্ৰিটিছৰ বিৰুদ্ধে অস্ত্ৰ হাতত তুলি লৈছিল আৰু বিদ্ৰোহৰ সময়ত আটাইতকৈ দীঘলীয়া প্ৰতিৰোধ আন্দোলনৰ নেতৃত্ব দিছিল। মৌলৱী আহমেদুল্লাহও তেওঁৰ বাহিনীৰ সৈতে ব্ৰিটিছৰ সৈতে যুঁজ দিছিল আৰু যুদ্ধৰ সময়ত শ্বহীদ হৈছিল। বিদ্ৰোহৰ ওপৰত লিখা বীৰ সাৱাৰকাৰে আহমেদুল্লাহৰ বীৰত্ব আৰু শ্বহীদ হোৱাৰ বাবে তেওঁৰ কিতাপখনৰ কেইবাটাও পৃষ্ঠা উৎসৰ্গা কৰিছিল।
 
মুখতাৰ আহমেদ আনচাৰী
 
মুজাফ্ফৰনগৰত, ইমদাদুল্লাই কাছিম নানাউতৱী, ৰছিদ গাংগোহী আৰু অন্যান্যৰ সহায়ত এক জনপ্ৰিয় জনবিদ্ৰোহৰ নেতৃত্ব দি চামলি আৰু থানা ভৱনক মুক্ত কৰিছিল। ইয়াৰ পিছত এখন ৰাষ্ট্ৰীয় চৰকাৰ স্থাপন কৰা হৈছিল। ব্ৰিটিছে অঞ্চলটো পুনৰ দখল কৰাৰ লগে লগে এই বিপ্লৱীসকল পিছলৈ পৰাজিত হৈছিল। ঝাজ্জৰৰ নৱাব, আব্দুৰ ৰেহমানকো ব্ৰিটিছে তেওঁৰ মাতৃভূমিৰ বাবে যুঁজ দিয়াৰ বাবে ফাঁচী দিছিল।  তালিকাখন অন্তহীন। ব্ৰিটিছ ৰেকৰ্ডত কেইবাজনো মুছলমানৰ কথা উল্লেখ কৰা হৈছে, যিয়ে ১৮৫৭ চনত তেওঁলোকৰ সৈতে যুঁজ দিছিল। উদাহৰণস্বৰূপে এগৰাকী বেনামী বোৰ্খা পিন্ধা মুছলমান মহিলাই গ্ৰেপ্তাৰ হোৱাৰ আগতে দিল্লীত কেইবাজনো ইংৰাজ সৈনিকক হত্যা কৰিছিল।
 
বিহাৰত কুঁৱৰ সিঙে ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব দি আছিল। জুলফিকাৰ তেওঁৰ আটাইতকৈ বিশ্বাসী সহকৰ্মীসকলৰ মাজৰ এজন আছিল, যাৰ সৈতে কুঁৱৰে প্ৰতিটো পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিছিল। আৰাহক মুক্ত কৰাৰ পিছত কুঁৱৰে স্থাপন কৰা অসামৰিক চৰকাৰখনৰ তেওঁৰ আটাইতকৈ বিশ্বাসযোগ্য মিত্ৰ আছিল আৰু তাত কেইবাজনো মুছলমান ব্যক্তি জৰিত আছিল। চৰকাৰৰ দণ্ডাধীশ হিচাপে আছিল শ্বেখ গোলাম ইয়াহিয়া। আৰাহ চহৰৰ আকাশগঙ্গা টোলাৰ বাসিন্দা শ্বেইখ মহম্মদ আজিমুদ্দিনক পূব থানাৰ জামাদাৰ (কোষাধ্যক্ষ) হিচাপে নিযুক্তি দিয়া হৈছিল আৰু দেৱান শ্বেখ আফজলৰ পুত্ৰ তুৰাব আলী আৰু খাদিম আলীক কোতৱাল (এখন চহৰৰ দায়িত্বত থকা আৰক্ষী বিষয়া) হিচাপে নিযুক্তি দিয়া হৈছিল।
 
এই বিদ্ৰোহ সফল নহ'ল। বাহাদুৰ শ্বাহক বাৰ্মালৈ নিৰ্বাসিত কৰা হৈছিল আৰু কেইবাজনক ফাঁচী দিয়া হৈছিল আৰু বহুতকে আজীৱন আন্দামানলৈ লৈ যোৱা হৈছিল যদিও, স্বাধীনতাৰ প্ৰতি থকা উৎসাহক মাৰ পেলাব পৰা নাছিল।
 
১৮৬৩ চনত উত্তৰ পশ্চিম সীমান্ত প্ৰদেশৰ জনজাতীয় লোকসকলে ব্ৰিটিছ ভূখণ্ডত ধুমুহাৰ সৃষ্টি কৰি যুদ্ধত লিপ্ত হৈছিল। ব্ৰিটিছসকলে যদিও বিজয় সাব্যস্ত কৰিছিল, তথাপিও এক অতি কঠিন সামৰিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল। তেওঁলোকে ইয়াত হাজাৰৰো অধিক ইংৰাজ সৈনিক হেৰুৱাইছিল। চোৰাংচোৱা প্ৰতিবেদনসমূহে আম্বালাৰ এজন ফাইনেন্সাৰৰ ফালে আঙুলিয়াই দিছিল। মানুহজন আছিল জাফৰ থানেছৰী। অভিযানৰ সময়ত আৰক্ষীয়ে কেইবাখনো পত্ৰ লাভ কৰিছিল, যিবোৰে তেওঁক এনডব্লিউএফপিৰ যুদ্ধৰ মুখ্য বিত্তদাতা হিচাপে প্ৰতিষ্ঠা কৰিছিল। তেওঁ দেশৰ যুদ্ধলৈ ধন প্ৰেৰণ কৰিছিল।
 
হুছেইন আহমেদ মাদানী
 
আম্বালা, পাটনা, মালদা আৰু ৰাজমহলত লোকসকলক গ্ৰেপ্তাৰ কৰা হৈছিল। আহমেদুল্লাহ, ইয়াহিয়া আলী, জাফৰ, ইব্ৰাহিম মণ্ডল, ৰফিক মণ্ডল আৰু অন্যান্যসকলক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আন্দামানলৈ লৈ যোৱা হৈছিল। এই বিপ্লৱীসকলে জীৱনত শ্বহীদ হোৱাটো বিচাৰিছিল, সেয়েহে ব্ৰিটিছে তেওঁলোকক ফাঁচী নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু তেওঁলোকক আন্দামানলৈ পঠিওৱাৰ সিদ্ধান্ত লৈছিল। ১৮৬৯ চনত আমিৰ খান আৰু হাছমত খানক কলকাতাত গ্ৰেপ্তাৰ কৰা হৈছিল। মুখ্য ন্যায়াধীশ নৰমানে তেওঁলোকক আন্দামানৰ শাস্তি প্ৰদান কৰিছিল।  ১৮৭১ চনত নৰমানক হত্যা কৰি আব্দুল্লাই এই শাস্তিৰ প্ৰতিশোধ লয় আৰু কেইমাহমানৰ পিছত শ্বেৰ আলীয়ে আন্দামানত ভাইচৰয় লৰ্ড মায়োক হত্যা কৰে।
 
বিপিন চন্দ্ৰ পালে তেওঁৰ আত্মজীৱনীত এই বিচাৰ আৰু হত্যাকাণ্ডক তেওঁৰ ৰাজনৈতিক জীৱনত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ হিচাপে কৃতিত্ব দিছিল। আন এজন বিখ্যাত বিপ্লৱী ত্ৰৈলোক্য চক্ৰৱৰ্তীয়ে উল্লেখ কৰিছিল যে, "মুছলমান বিপ্লৱী ভাইসকলে আমাক অনবদ্য সাহস আৰু  অনমনীয় ইচ্ছাশক্তিৰ ব্যৱহাৰিক শিক্ষা দিছিল আৰু লগতে তেওঁলোকৰ ভুলৰ পৰা শিকিবলৈ পৰামৰ্শ দিছিল।"
 
মহাৰাষ্ট্ৰত ৰোহিল্লাৰ নেতা ইব্ৰাহিম খান আৰু বলৱন্ত ফাড়কে ব্ৰিটিছৰ বিৰুদ্ধে গেৰিলা যুদ্ধ আৰম্ভ কৰিছিল। তেওঁলোকে ১৮৬০ আৰু ৭০ ৰ দশকত কঠিন প্ৰতিৰোধৰ সৃষ্টি কৰিছিল আৰু দক্ষিণ ভাৰতত ব্ৰিটিছসকলক ভাবুকি প্ৰদান কৰিছিল। ইফালে, ১৮৮৫ চনত উদীয়মান শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ আশংকা ব্যক্ত কৰিবলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ (আইএনচি) গঠন কৰা হৈছিল৷ বদৰুদ্দিন তৈয়বজী আৰু ৰহমতুল্লাহ চিয়ানি কংগ্ৰেছৰ প্ৰাৰম্ভিক সদস্য আৰু সভাপতিসকলৰ মাজৰ দুজন অন্যতম আছিল৷ পিছত এম.এ. আনছাৰী, হাকীম আজমল খান, হাছৰত মোহনী, আবুল কালাম আজাদ আৰু অন্যান্যসকল ভাৰতৰ সৰ্ববৃহৎ ৰাজনৈতিক সংগঠনৰ সৈতে জড়িত হৈ পৰে।
 
১৯০৭ চনত পঞ্জাৱৰ কৃষকসকলে খাল উপনিবেশৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল। লালা লাজপত ৰায় আৰু চৰ্দাৰ অজিত সিঙৰ সৈতে চয়দ হাইদৰ ৰাজা ইয়াৰ অন্যতম বিশিষ্ট নেতা আছিল। আন্দোলনটোক পৰৱৰ্তী ঘদাৰ আন্দোলনৰ পূৰ্বসূৰী হিচাপে দেখা যায়।
 
আব্দুল গফ্ফাৰ খান
 
প্ৰথম বিশ্বযুদ্ধৰ সময়ত (১৯১৪ -১৮) ৰেচমৰ কাপোৰত লিখা তিনিখন চিঠি ব্ৰিটিছৰ হাতত ধৰা পৰিছিল। এই পত্ৰসমূহ মৌলানা উবাইদুল্লাহ সিন্ধিয়ে মৌলানা মাহমুদ হাছানলৈ লিখিছিল আৰু ইয়াত ভাৰতত ব্ৰিটিছ শাসন উৎখাত কৰাৰ এক বিশ্বব্যাপী পৰিকল্পনাৰ ফালে আঙুলিয়াই দিছিল। ৰ'লেট কমিটিৰ প্ৰতিবেদনত উবাইদুল্লাহক ব্ৰিটিছসকলৰ বাবে আটাইতকৈ বিপজ্জনক ভাৰতীয়ৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰা হৈছে। তেওঁ সশস্ত্ৰ গোট গঠন কৰিছিল আৰু ব্ৰিটিছ বিৰোধী ধাৰণা প্ৰচাৰ কৰিছিল আৰু কাবুলত অস্থায়ী চৰকাৰ গঠন কৰিছিল। চৰকাৰৰ প্ৰধানমন্ত্ৰী আছিল মৌলানা বৰকাতুল্লাহ। কিন্তু, ৰেচমৰ পত্ৰবোৰ লিক হোৱা আৰু বিশ্বযুদ্ধৰ সমাপ্তিৰ বাবে পৰিকল্পনাটো বিফল হৈছিল।  পৰিকল্পনাটোক চিল্ক লেটাৰ মুভমেণ্ট বুলি কোৱা হৈছিল আৰু  সাম্ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ বাবে ৫৯ জন স্বাধীনতা সংগ্ৰামীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছিল, যত বেছিভাগেই মুছলমান ব্যক্তি আছিল। মৌলানা আবুল কালাম আজাদ, আব্দুল বাৰী ফিৰংগী মাহলী, উবাইদুল্লাহ সিন্ধি, মৌলানা মাহমুদ, হুছেইন আহমেদ মাদনী আৰু এম.এ. আনছাৰী তেওঁলোকৰ ভিতৰত কেইজনমান আছিল।  মৌলানা মাহমুদ আৰু মাদনীক মক্কাত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু মাল্টাত বন্দী কৰি ৰখা হৈছিল।
 
মৌলানা আবুল কালাম আজাদ যাক প্ৰায়ে হিন্দু অধ্যুষিত কংগ্ৰেছত এজন মুছলমান হিচাপে দেখা যায়, তেওঁ এজন স্বাধীনতা সংগ্ৰামী আছিল  আৰু তেওঁক ব্ৰিটিছে ভয় কৰিছিল। সশস্ত্ৰ বিপ্লৱৰ পৰিকল্পনাৰ বাবে চিআইডিৰ বিভিন্ন প্ৰতিবেদনত তেওঁৰ নাম উল্লেখ কৰা হৈছিল। আজাদৰ দ্বাৰা গঠিত বিপ্লৱী সংগঠন হিজবুল্লাহৰ সদস্য হিচাপে কমেও ১৭০০ স্বাধীনতা সংগ্ৰামীয়ে স্বাধীনতাৰ কাৰণে মৃত্যুৰ শপত গ্ৰহণ কৰিছিল। তেওঁৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত এখন কাকত আল-হিলালক বিপ্লৱী জাতীয়তাবাদী ধাৰণা প্ৰচাৰৰ বাবে নিষিদ্ধ কৰা হৈছিল। আজাদে ঔপনিৱেশিক বিৰোধী ধাৰণাবোৰ জনপ্ৰিয় কৰিবলৈ দাৰুল ইৰছাদ নামৰ এক মাদ্ৰাছা প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ সংগঠন হিজবুল্লাহৰ বাবে, জালালুদ্দিন আৰু আব্দুৰ ৰজ্জাক বিশিষ্ট নিয়োগকৰ্তা আছিল, যিয়ে বংগৰ হিন্দু আৰু মুছলমান বিপ্লৱীসকলকো একত্ৰিত কৰিছিল। আজাদক বহুবাৰ কাৰাগাৰলৈ নিয়া হৈছিল আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হোৱাৰ সময়ত তেওঁ আইএনচিৰ সভাপতি আছিল।
 
বিশ্বযুদ্ধৰ সময়ত ৰেচম পত্ৰ আন্দোলন একমাত্ৰ প্ৰতিৰোধ আন্দোলন নাছিল৷ ঘদৰ আন্দোলন আছিল আন এক আন্দোলন, য'ত কেইবাজনো মুছলমানে অংশগ্ৰহণ কৰিছিল আৰু শ্বহীদ হৈছিল৷ সৈনিকসকলৰ মাজত বিদ্ৰোহ উচটনি দিয়াৰ চেষ্টা কৰাৰ বাবে ৰেহমত আলীক লাহোৰত ফাঁচী দিয়া হৈছিল। ১৯১৫ চনৰ ফেব্ৰুৱাৰী মাহত পঞ্জাৱৰ বেছিভাগ মুছলমানক লৈ গঠিত ৫ম লাইট ইনফেণ্ট্ৰীয়ে বিদ্ৰোহ কৰাৰ সময়ত ছিংগাপুৰত এই প্ৰচেষ্টা ফলপ্ৰসূ হৈছিল। সৈন্যসকলে কেইদিনমানৰ বাবে ছিংগাপুৰ দখল কৰিছিল। বিপ্লৱীসকলক পিছত পৰাজিত কৰি বন্দী কৰা হৈছিল আৰু গুলীয়াই হত্যা কৰা হৈছিল।
 
ভাৰতীয়সকলৰ মাজত প্ৰচলিত আন এটা ভুল ধাৰণা হ'ল যে, বাঙালী বিপ্লৱীসকল হিন্দু আছিল। উল্লেখযোগ্য যে, যুগন্তৰ আৰু অনুশীলনৰ দৰে হিন্দু ধৰ্মীয় বিপ্লৱী সংগঠনবোৰৰ বহু সক্ৰিয় মুছলমান সদস্য আছিল। চিৰাজুল হক, হামিদুল হক, আব্দুল মমিন, মাকছুদ্দিন আহমেদ, মৌলৱী ঘয়াছুদ্দিন, নাছিৰুদ্দিন, ৰাজিয়া খাতুন, আব্দুল কাদেৰ, ৱালি নাৱাজ, ইছমাইল, জাহিৰুদ্দিন, চান্দ মিয়ান, আলতাফ আলী, আলিমুদ্দিন আৰু ফজলুল কাদেৰ চৌধুৰী হিন্দুসকলৰ সৈতে অস্ত্ৰ হাতত লোৱা কেইজনমান ব্যক্তি আছিল। তেওঁলোকৰ বহুতক আন্দামানলৈ পঠোৱা হৈছিল, নহ'লে হত্যা কৰা হৈছিল।
 
বিশ্বযুদ্ধৰ পিছত ব্ৰিটিছে এক কঠোৰ ৰ’লেট আইন প্ৰৱৰ্তন কৰিছিল। প্ৰতিবাদ কৰা ভাৰতীয়সকলক গ্ৰেপ্তাৰ কৰা হৈছিল। জালিয়ানৱালা বাগত চৈফুদ্দিন কিচ্চলিউক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা সময়ত লোকসকলক হত্যা কৰা হৈছিল। জালিয়ানৱালাত নিহত মুছলমানসকলৰ অনুপাত যথেষ্ট বেছি আছিল। ১৯১৯ চনৰ এই সময়ছোৱাত আব্দুল বাৰী ফিৰঙ্গি মাহলী, মাজহাৰুল হক, জাকিৰ হুছেইন, মহম্মদ আলী আৰু শ্বৌকত আলী গণ নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল। বি আম্মা, আমজাদি বেগম আৰু নিশাত আল-নিছাৰ দৰে মহিলাসকলেও স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল।
 
তামিলনাডুত আব্দুল ৰহিমে ১৯৩০ চনৰ সময়ছোৱাত অত্যাচাৰী ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে শ্ৰমিকসকলক সংগঠিত কৰিছিল। ভি এম আব্দুল্লাহ, শ্বৰীফ ব্ৰাদাৰ্ছ, আৰু আব্দুল ছাত্তাৰ আছিল দক্ষিণ ভাৰতৰ আন বিশিষ্ট মুছলমান নেতা, যিয়ে জাতীয়তাবাদী আন্দোলনৰ নেতৃত্ব দিছিল আৰু সাহসেৰে নিৰ্যাতন আৰু কাৰাবাসৰ সন্মুখীন হৈছিল।
 
খান আব্দুল  গফ্ফৰ খানৰ নেতৃত্বত পাঠানসকলে ব্ৰিটিছসকলৰ বাবে এক অহিংস প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। ১৯৩০ চনত ব্ৰিটিছে কিছা খোৱানী বজাৰ পেছাৱাৰত গফ্ফৰ খানক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা জনতাৰ ওপৰত গুলী চালনা কৰিছিল। শ শ পাঠানে মাতৃভূমিৰ সেৱাৰ বাবে  প্ৰাণ আহুতি দিছিল।
 
ইপিৰ ফকীৰ, মিৰ্জা আলী খান আৰু পাগাৰোৰ পীৰ ছিবগাতুল্লাই ১৯৩০ চনত ক্ৰমে ৱাজিৰস্তান আৰু সিন্ধত বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছৰ সৈতে যুঁজিবলৈ সেনাবাহিনী গঠন কৰিছিল। বৃহত্তৰ আঁচনি এখনত সুভাষ চন্দ্ৰ বসু আৰু অক্ষ শক্তিসমূহে ভাৰতক মুক্ত কৰাৰ স্বাৰ্থত নিজৰ সেনাৰ সৈতে মিত্ৰতা কৰিছিল।
 
১৯৪১ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৱে গৃহবন্দীত্বৰ পৰা পলায়ন কৰিছিল। পলায়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ব্যক্তিজন আছিল মিয়ান আকবৰ শ্বাহ। নেতাজীয়ে বাৰ্লিনত উপস্থিত হৈছিল আৰু এখন ফ্ৰী ইণ্ডিয়া লিজিয়ন গঠন কৰিছিল। আবিদ হাছান ইয়াত তেওঁৰ বিশ্বাসী আছিল আৰু সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আবিদ তেওঁৰ একমাত্ৰ সহযোগী আছিল, যিয়ে তেওঁৰ সৈতে জাৰ্মানীৰ পৰা জাপানলৈ এটা বিখ্যাত চাবমেৰিন যাত্ৰাত গৈছিল। ১৯৪৩ চনত নেতাজীয়ে আজাদ হিন্দ চৰকাৰ আৰু আজাদ হিন্দ ফৌজ গঠন কৰিছিল। ইয়াত লেফটেনেণ্ট কৰ্ণেল আজিজ আহমেদ, লেফটেনেণ্ট কৰ্ণেল এম কে কিয়ানি, লেফটেনেণ্ট কৰ্ণেল এহছান কাদিৰ, লেফটেনেণ্ট কৰ্ণেল শ্বাহ নাৱাজ, কৰিম ঘানি আৰু ডি.এম. খানৰ দৰে কেইবাজনো মুছলমান গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হৈছিল। আজাদ হিন্দ ফৌজে যুদ্ধত বিপৰীত পৰিস্থিতিৰ সন্মুখীন হৈছিল আৰু ইয়াৰ সৈনিকসকলক ব্ৰিটিছে বন্দী কৰি লৈছিল। ৰছিদ আলীৰ কাৰাবাস হিন্দু মুছলমান ঐক্যৰ প্ৰতীক হৈ পৰিছিল, যেতিয়া ৰাজনৈতিক সম্পৰ্কৰ হিন্দু আৰু মুছলমানসকলে ১৯৪৬ চনত তেওঁৰ আৰু আন আজাদ হিন্দ ফৌজ সৈন্যক মুক্তি দিয়াৰ দাবীত কলকাতা পথত ওলাই আহিছিল। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত গুলী চালনা কৰি সহস্ৰাধিক ভাৰতীয়ক হত্যা কৰিছিল। মুম্বাই আৰু কৰাচীৰ আন ঠাইত ৰয়েল নেভিয়ে আজাদ হিন্দ ফৌজৰ সমৰ্থনত বিদ্ৰোহ কৰিছিল। আনৱাৰ হুছেইন এই বিদ্ৰোহৰ অন্যতম বিশিষ্ট শ্বহীদ আছিল, কিয়নো কৰ্ণেল খানে মুম্বাই বন্দৰত সৈনিকসকলক বিদ্ৰোহত নেতৃত্ব দিছিল।
 
১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিছিল। এয়া আছিল এক ব্যয়বহুল বিষয়। ব্যয়টো আছিল ভাৰতীয় জীৱন। আমি দিয়া জীৱনবোৰ হিন্দু নাছিল, মুছলমানও নাছিল। জীৱনবোৰ ভাৰতীয়ৰেই আছিল। প্ৰাণ আহুতি দিয়াসকল প্ৰথমে ভাৰতীয় আৰু পিছত হিন্দু বা মুছলমান। ইয়াত আকৌ আল্লাহ বাক্স ছমৰু, কে এ হামিদ, ইপিৰ ফকীৰ, আব্দুল কাইয়ুম আনছাৰী, আবুল কালাম আজাদ আদি মুছলমান নেতাসকলে বিভাজন বন্ধ কৰিবলৈ মুছলিম লীগৰ বিভাজনকাৰী সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে যুঁজ দিছিল। দুখৰ বিষয় যে, সাত দশকৰো অধিক সময়ৰ পাছত মানুহে আমাৰ স্বাধীনতা সংগ্ৰামৰ এই গুৰুত্বপূৰ্ণ দিশটো পাহৰি গৈছে আৰু এই মহান সংগ্ৰামখনক ক্ষুদ্ৰ ক্ষুদ্ৰ সাম্প্ৰদায়িক ৰেখাৰে বিভাজিত কৰিবলৈ চেষ্টা কৰিছে।