অসমত হিন্দু-মুছলমানৰ সহাৱস্থানত ধৰ্মগুৰুসকলৰ ভূমিকা

Story by  atv | Posted by  Munni Begum • 1 Years ago
মনিকূট উৎসৱ উপলক্ষে উলিওৱা সমন্বয় শোভাযাত্ৰা
মনিকূট উৎসৱ উপলক্ষে উলিওৱা সমন্বয় শোভাযাত্ৰা
 
  মৌলানা নুৰুল আমিন কাছিমী 
 
অসমৰ সভ্যতা আৰু সংস্কৃতি মূলতঃ সম্প্ৰীতিৰ গৰিমাৰে মহিমামণ্ডিত। অসমৰ সাধাৰণ মানুহৰ মাজত সাম্প্ৰদায়িকতাই কোনো দিনেই স্থান পোৱা নাই। আমি আশা ৰাখিম যে ভৱিষ্যতেও অসমৰ ৰাইজে সাম্প্ৰদায়িকতাক যেন প্ৰশ্ৰয় নিদিয়ে।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোককে সামৰি এটা বৃহৎ জাতি গঠনৰ স্বাৰ্থত কৈছিল-কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। ইয়াত গুৰুজনাই কোনো জাতি ধৰ্মৰ লোকক ভাগ কৰা নাছিল। সকলোকে সমান দৃষ্টিৰে চাবলৈ পৰামৰ্শ প্ৰদান কৰি থৈ গৈছে।
 
এতিয়া আহোঁ মূল কথালৈ। অসমত বিভিন্ন জাতি জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকে বসবাস কৰে। গতিকে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি তথা ঐক্য সংহতি ৰক্ষা কৰাৰ ক্ষেত্ৰত সকলোৰে সমান দায়িত্ব আৰু কৰ্তব্য আছে।
অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীবোৰৰ ভিতৰত এটা বৃহৎ জনগোষ্ঠী হল মুছলমান। গতিকে অসমৰ সমাজ জীৱনত স্বাভাবিকতেই এই জনগোষ্ঠীৰ লোকসকলৰ অৱদানো অনস্বীকাৰ্য।
 
জিকিৰ পৰিৱেশনৰ এক মুহূৰ্ত
 
মুছলমানসকল অসমত সংখ্যালঘু হোৱাৰ বাবে প্ৰায়েই তেওঁলোক সামাজিক আৰু ৰাজনৈতিক ভাৱে অন্যায়ৰ বলি হৈ অহা বুলি অভিযোগ উত্থাপন হোৱা দেখা যায়। ঐতিহাসিক দৃষ্টিকোণৰ পৰা চালে এই অভিযোগ পোনচাটেই নাকচ কৰিব পৰা বিধৰ নহয় যদিও ভাৰতৰ সংবিধানে মুছলমানকে ধৰি অন্যান্য সংখ্যালঘু সকলকো সমান অধিকাৰ প্ৰদানৰ পোষকতা কৰিছে। তথাপিও মাজে সময়ে মুছলমান সম্প্ৰদায়ৰ লোকসকল বিভিন্ন ক্ষেত্ৰত সামাজিকভাৱে অৱহেলাৰ বলি হৈ অহাটো মিছা নহয়।
 
ইয়াৰ কিছুমান কাৰণ আছে। ৰাজনৈতিক কাৰণ সমূহক বাদ দি যদি আমি চাবলৈ যাওঁ তেন্তে দেশৰ বিশেষকৈ অসমৰ মুছলমান সকলৰ এটা বৃহৎ অংশই যেন অন্যান্য জাতি- জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকৰ লগত সহাৱস্থান কৰিব জনা নাই বা জানিলেও কৰবাত নহয় কৰবাত এই সহাৱস্থানৰ ক্ষেত্ৰত কিবা কেৰুণ লাগিছে! তেনেহ'লে ক'ত লাগিছে এই কেৰুণ? ধৰ্ম এই সহাৱস্থানৰ ক্ষেত্ৰত হেঙাৰ হৈছে নেকি? আমি সূক্ষ্ম ভাৱে চিন্তা কৰাৰ প্ৰয়োজন আছে।
 
মুছলমানসকলৰ ৯৫% লোকে ধৰ্মীয় নীতি নিয়মত নিষ্ঠাৰে বিশ্বাস কৰে। গতিকে ইছলাম ধৰ্মই এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে নেকি? বহুতৰ মনত এই সন্দৰ্ভত প্ৰশ্ন জাগিব পাৰে। এজন ইছলাম ধৰ্ম দৰ্শনৰ ছাত্ৰ হিচাপে স্পষ্ট কৰোঁ যে ইছলাম ধৰ্মই কেতিয়াও আন ধৰ্মৰ সৈতে সহাৱস্থানৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা নাই।  ইছলাম ধৰ্ম গ্ৰন্থ কুৰআনৰ ছুৰা হুজুৰাতৰ আয়াত নং ১৩ ত আল্লাহে কৈছে... یٰۤاَیُّهَا النَّاسُ اِنَّا خَلَقْنٰكُمْ مِّنْ ذَكَرٍ وَّ اُنْثٰى وَ جَعَلْنٰكُمْ شُعُوْبًا وَّ قَبَآىٕلَ لِتَعَارَفُوْاؕ-اِنَّ اَكْرَمَكُمْ عِنْدَ اللّٰهِ اَتْقٰىكُمْؕ-اِنَّ اللّٰهَ عَلِیْمٌ خَبِیْر
 
অৰ্থাৎ, '' হে মানৱ জাতি! মই তোমালোকক এজন পুৰুষ আৰু এগৰাকী নাৰীৰ দ্বাৰা সৃষ্টি কৰিছো। তাৰ পাছত তোমালোকক বিভিন্ন দল আৰু গোত্ৰত বিভক্ত কৰিছো। তোমালোকৰ ভিতৰত সেইজনেই শ্ৰেষ্ঠ যিজনে সৃষ্টিকৰ্তাক অধিক ভয় কৰে। নিশ্চয় আল্লাহে সকলো জানে আৰু খবৰ ৰাখে।"
 
হজৰত আজান পীৰৰ দৰগাহ
 
কোৰআনৰ আন এঠাইত কৈছে --- إِنَّ هَٰذِهِ أُمَّتُكُمْ أُمَّةً وَاحِدَةً وَأَنَا رَبُّكُمْ فَاعْبُدُونِ 
 
"তোমালোক সকলো এক জাতি, আৰু মই তোমালোকৰ প্ৰতিপালক গতিকে মোৰ উপাসনা কৰা। '' (চুৰা আম্বিয়া ৯২) 
 
 
এনেধৰণে মহানবী ছ: এও নিজৰ হাদীছ সমূহত সমগ্ৰ মানৱ জাতি ভাই ককাই হিচাপে বসবাস কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। বুজা গল সহাৱস্থানৰ ক্ষেত্ৰত ধৰ্ম হেঙাৰ হৈ থিয় দিয়া নাই। বিশেষকৈ ইছলাম ধৰ্মই শান্তিপূর্ণ সহাৱস্থানত বিশ্বাস কৰে। তেনেহলে হেঙাৰ কত? আমাৰ বোধেৰে হেঙাৰ হৈছে ইয়াত মানুহৰ ধৰ্মৰ বিষয়ে স্বল্প জ্ঞান আৰু সংকীর্ণতা।
 
ধৰ্মই সদায় শিকায় সকলো লোকৰ বাবে হিত চিন্তা কৰা। হিত কামনা কৰা। কিন্তু আমি তথা আমাৰ একাংশ ধৰ্মগুৰুৰ কিছু কাম কাজে আমাৰ  মাজত ভুল ধাৰণাৰ সৃষ্টি কৰে। সেয়া অপ্ৰিয় হলেও সত্য। যেনে বহু সময়ত দেখা যায় ইছলাম ধৰ্মাৱলম্বী সকলৰ ঈদ বা জুম্মাৰ দিনা সমূহীয়া দোৱাৰ সময়ত একাংশ ধৰ্মগুৰুৱে কেৱল নিজ ধৰ্মাৱলম্বী সকলৰ বাবেহে কল্যাণৰ দোৱা কৰে। যেতিয়া এনে ধৰণৰ দোৱা ঈদগাহৰ বাহিৰত বা মছজিদৰ বাহিৰত দোৱা শুনিবলৈ ৰৈ থকা অমুছলিম ব্যক্তি জনে শুনে তেতিয়া স্বাভাবিকতেই ভুল ধাৰণা তথা ভুল বুজাবুজিৰ সৃষ্টি হোৱাটো নিতান্তই স্বাভাৱিক। ওচৰৰ অমুছলমান ব্যক্তি জনৰ ঘৰলৈ  যাবলৈ মই যেতিয়া দ্বিধা বোধ কৰিম তেতিয়াই সৃষ্টি হয় ভুল ধাৰণাৰ, মনৰ দূৰত্বৰ। অথচ কোনো ধৰ্মই বিশেষকৈ ইছলাম ধৰ্মই এই ক্ষেত্ৰত কোনো কালেই বাধা আৰোপ কৰা নাই।
 
হাজোৰ পোৱা মক্কা
 
গতিকে আমি আত্মবিশ্লেষণ কৰা দৰকাৰ। এফালৰ পৰা আৰম্ভ কৰিব লাগিব। প্ৰথমে মছজিদৰ ইমাম সকলৰ পৰা আৰম্ভ হওঁক। আমাৰ সন্মানীয় ইমাম সকলৰ এই ক্ষেত্ৰত যথেষ্ট কৰণীয় আছে। ইমাম সকলক আমি কব বিচাৰোঁ, আমি ইচ্ছা কৰিলে সমাজক সঠিক পথ প্ৰদৰ্শন কৰিব পাৰো।  মৌলানা হিচাপে এই অভিজ্ঞতা মোৰ হৈছে। এজন হিন্দু পুৰোহিত বা খ্ৰীষ্টান পাদ্ৰীয়ে কেতিয়াও কোনো বিশেষ শ্ৰেণীৰ হিতৰ বাবে প্ৰাৰ্থনা নকৰে। সমস্ত মানৱ জাতিৰ কাৰণে প্ৰাৰ্থনা কৰাটো আমি বাৰম্বাৰ শুনিছো, তেনেস্থলত আমি মুছলমান সকলে কিয় সকলোৰে  বাবে দোৱা কৰিব নোৱাৰোঁ? 
 
সকলোৰে পাৰ্থিৱ কল্যাণৰ বাবে দোৱা কৰাত বাধা কত? মহান আল্লাহ তা'আলাই তো পাৰ্থিৱ নিয়ামত বিতৰণ কৰাৰ ক্ষেত্ৰত কোনো পাৰ্থক্য কৰা নাই!আহক আমি সমাজৰ পৰিৱৰ্তন আনো। শান্তিপূৰ্ণ সহাৱস্থানৰ ক্ষেত্ৰত এখোজ আগুৱাই যাওঁ।
 
(লেখক তেজপুৰস্থিত Islamic Study & Research Academy Assamৰ সভাপতি)