শ্বব-ই-কদৰ: হাজাৰ মাহতকৈও উত্তম এনিশা

Story by  atv | Posted by  [email protected] • 3 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আমিৰ সুহাইল ৱানী
 
শ্বব-ই-কদৰ, যাক লাইলাত-আল-কদৰ বা আদেশৰ ৰাতি বুলিও কোৱা হয়। শ্বব-ই-কদৰ হৈছে ইছলামৰ অন্যতম পবিত্ৰ ৰাতি। ভক্তি, প্ৰাৰ্থনা আৰু চিন্তা-চৰ্চা কৰা এক অপৰিসীম আধ্যাত্মিক তাৎপৰ্য্যৰ নিশা। এই নিশা ৰমজানৰ শেষৰ দহটা ৰোজাৰ যিকোনো অযুগ্ম ৰাতিট হ'ব পাৰে। উল্লেখযোগ্য যে শ্বব-ই-কদৰৰ দিনটোতে আল্লাহে হজৰত মহম্মদৰ ওচৰত ফিৰিস্তা জিব্ৰায়েলৰ জৰিয়তে কোৰআন অৱতীৰ্ণ কৰিছিল।
 
এই উল্লেখযোগ্য পৰিঘটনাটো ১৪০০ বছৰতকৈও অধিক পূৰ্বে সংঘটিত হৈছিল আৰু ইয়াৰ দ্বাৰা মুছলমানসকলক চিৰদিনৰ বাবে পথ প্ৰদৰ্শন কৰিব পৰাকৈ পবিত্ৰ গ্ৰন্থ কোৰআন প্ৰকাশৰ আৰম্ভণি হৈছিল।
 
মছজিদত নামাজ পঢ়া দৃশ্য
 
সমগ্ৰ কোৰআন আৰু হাদীছত শ্বব-ই-কদৰৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। চুৰা আল-কাদৰ (অধ্যায় ৯৭)ত এই ৰাতিটোক “হাজাৰ মাহতকৈও উত্তম” (কোৰআন ৯৭:৩) বুলি বৰ্ণনা কৰা হৈছে। অৰ্থাৎ এই ৰাতিত কৰা ইবাদত আৰু ভাল কামবোৰক গোটেই জীৱনত কৰা ইবাদততকৈ অধিক মূল্যৱান বুলি গণ্য কৰা হৈছে। চুৰা কদৰত আৰু প্ৰকাশ কৰা হৈছে যে শ্বব-ই-কদৰৰ সময়ত ফিৰিস্তাসকলে পৃথিৱীলৈ নামি আহে, ৰাতিপুৱালৈকে আল্লাহৰ পৰা শান্তি, দয়া আৰু ৰহম আনে (কোৰআন ৯৭:৪-৫)। ইয়াৰ ফলত ৰাতিটো কেৱল আধ্যাত্মিকভাৱে সমৃদ্ধিশালী হোৱাই নহয়, অপৰিসীম পুৰস্কাৰ আৰু ঐশ্বৰিক অনুগ্ৰহ লাভ কৰাৰো সুযোগো হৈ পৰে।
 
বিশেষকৈ ৰমজানৰ শেষৰ দহটা ৰাতিত যিকোনো অযুগ্ম সংখ্যাৰ ৰাতি এই বিশেষ ৰাতিটো বিচৰাৰ ওপৰত হজৰত মহম্মদ (ছাঃ)য়ে গুৰুত্ব আৰোপ কৰিছিল। এটা সুপৰিচিত হাদীছ মতে, “যি কোনোৱে বিশ্বাস আৰু পুৰস্কাৰৰ আশাত লাইলাতুল কদৰৰ সময়ত নামাজত থিয় হ’ব, তেওঁৰ পূৰ্বৰ সম্পূৰ্ণ পাপ ক্ষমা হ’ব” (ছহীহ বুখাৰী, ছহীহ মুছলিম)। ই মুছলমানসকলৰ বাবে আত্ম-সংশোধন আৰু নামাজ, প্ৰাৰ্থনা আৰু ভাল কামৰ জৰিয়তে আল্লাহৰ দয়া বিচৰাৰ বাবে উৎসাহিত কৰে।
 
শ্বব-ই-কদৰৰ নিশা মছজিদত কোৰআন পঢ়া দৃশ্য
 
শ্বব-ই-কদৰ কেৱল ইবাদতৰ নিশা নহয়, আগন্তুক বছৰৰ বাবে ভাগ্য নিৰ্ধাৰণ কৰাৰ নিশা বুলিও বিশ্বাস কৰা হয়। মুছলমানসকলে বিশ্বাস কৰে যে এই নিশাৰ সময়ছোৱাত আল্লাহৰ দয়া কৰে আৰু ক্ষমা কৰি দিয়ে, যাৰ বাবে মানুহে নিজৰ অতীতৰ কু-কৰ্ম সমূহৰ বাবে আল্লাহৰ ওচৰত ক্ষমা বিচাৰিব লাগে আৰু ভাল কাম কৰাৰ বাবে হিদায়ত বিচাৰিব লাগে। এই নিশাটোত আল্লাহৰ ৰহমতৰ ফিৰিস্তাসকলে গোটেই ৰাতি পৃথিৱীলৈ শান্তি আৰু আশীৰ্বাদ কঢ়িয়াই আনে।
 
বিশেষকৈ ভাৰতৰ দৰে দেশত এই নিশাৰ আধ্যাত্মিক তাৎপৰ্য্যই নহয়, গভীৰ সাংস্কৃতিক গুৰুত্বও আছে, য’ত মুছলমানসকলে ইয়াক অতি ভক্তিৰে পালন কৰে। মছজিদবোৰ সুন্দৰকৈ ৰঙ-বিৰঙি লাইটেৰে আলোকিত কৰা হয়, উপাসকসকলে তাৰাবীহ আৰু তাহাজ্জুদৰ দৰে বিশেষ নামাজ কৰিবলৈ সমবেত হয়। বহুতে ৰাতিটো কোৰআন পাঠ কৰে বা পঢ়িব নোৱাৰাসকলে কোৰআন শুনি কটায় আৰু  ইয়াৰ অৰ্থ বুজিবলৈ চেষ্টা কৰে। ইছলামিক পণ্ডিতসকলে প্ৰায়ে মূল আয়াত আৰু শিক্ষাসমূহ ব্যাখ্যা কৰিবলৈ গোট খায়, যাৰ ফলত কোৰআনৰ বাৰ্তাৰ সৈতে গভীৰ সংযোগ গঢ়ি তোলা হয়। এই সময়ছোৱাত দান-বৰঙণি গুৰুত্বপূৰ্ণ, কিয়নো বহু মুছলমানক আৰ্তজনক দান দিবলৈ উৎসাহিত কৰা হয়।  নিশাটোত মমতা আৰু দয়াৰ ওপৰত গুৰুত্ব দিয়াৰ এক প্ৰতিফলন ঘটায়।
 
কিছুমান অঞ্চলত প্ৰাৰ্থনাৰ আগতে বা পিছত সমূহীয়া ভাবে আহাৰ গ্ৰহণ কৰা হয়, য’ত পৰিয়াল আৰু সম্প্ৰদায়ে একেলগে খাদ্য গ্ৰহণ কৰে আৰু আধ্যাত্মিক চিন্তা-চৰ্চাত লিপ্ত হয়। এই সম্প্ৰদায়বোধ শ্বব-ই-কদৰ পালনৰ কেন্দ্ৰীয় বিষয়। কিয়নো ই বন্ধন শক্তিশালী কৰে আৰু ইবাদত আৰু কৃতজ্ঞতাৰ পৰিবেশৰ সৃষ্টি  কৰে। ভক্তসকলেও গোটেই ৰাতিটো উজাগৰে থাকে, প্ৰাৰ্থনা কৰে, নিজৰ আৰু সমগ্র বিশ্বশান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে।
 
শ্বব-ই-কদৰ উপলক্ষে মছজিদৰ চৌহদ সজাই তোলা হৈছে
 
শ্বব-ই-কদৰৰ সময়ত কৰা ইবাদতসমূহৰ ভিতৰত কেৱল ফৰজ নামাজেই নহয়, স্বেচ্ছামূলক নামাজো পঢ়া হয়, যাক নফল নামেৰে জনা যায়। এই অতিৰিক্ত নামাজবোৰক আধ্যাত্মিক পুৰস্কাৰ সৰ্বাধিক কৰাৰ আৰু আল্লাহৰ প্ৰতি ভক্তি প্ৰদৰ্শনৰ উপায় হিচাপে দেখা যায়। অনুৰোধ (দুয়া)ৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হয়, কিয়নো বিশ্বাসীসকলে নিজৰ, লগতে নিজৰ পৰিয়াল আৰু বিশ্ব সম্প্ৰদায়ৰ বাবে ক্ষমা, পথ প্ৰদৰ্শন আৰু ৰহমত বিচাৰে। কিছুমান মুছলমানে ৰমজানৰ শেষৰ দহ দিনত মছজিদত আধ্যাত্মিক আশ্ৰয়স্থল ইতিকাফত থাকে, নিজকে সম্পূৰ্ণৰূপে ইবাদত আৰু চিন্তা-চৰ্চাৰ বাবে উৎসৰ্গা কৰে।
 
এই সময়ত জাকাত (দানৰ এক প্ৰকাৰ) দিয়া আৰু অন্য দান-বৰঙণিৰ কামবোৰৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হয়। বহু মুছলমানে এই সুযোগ গ্ৰহণ কৰি আৰ্তজনক সহায় কৰে। এই দান বৰঙণিৰ জৰিয়তে উদাৰতা, মমতা, আৰু নিস্বাৰ্থতাৰ মূল্যবোধক অধিক মূৰ্ত কৰি তোলা হয়। এই নিশাই ব্যক্তিগত চিন্তা-চৰ্চাৰ সুযোগো প্ৰদান কৰে, য’ত মুছলমানসকলে বিগত এবছৰৰ কৰ্মৰ কথা চিন্তা কৰে আৰু আত্ম-সংশোধনৰ বাবে সংকল্প লয়, আল্লাহৰ আজ্ঞা অনুসৰি জীয়াই থাকিবলৈ চেষ্টা কৰে।
 
শ্বব-ই-কদৰ উপলক্ষে মছজিদৰ চৌহদ সজাই তোলা হৈছে
 
শ্বব-ই-কদৰৰ সঠিক তাৰিখ লুকুৱাই ৰখা হৈছে, যাৰ ফলত ৰমজানৰ শেষৰ দহ ৰাতি মুছলমানসকলে তেওঁলোকৰ ভক্তি আৰু ইবাদত বৃদ্ধি কৰে। এই অনিশ্চয়তাই সমৰ্পিততা আৰু নম্ৰতাৰ মনোভাৱৰ সৃষ্টি  কৰে, বিশ্বাসীসকলক নিজৰ বিশ্বাসত সজাগ হৈ থাকিবলৈ আৰু কেৱল এৰাতিতে নহয়, শেষৰ দহটা নিশাত ধাৰাবাহিকভাৱে আল্লাহৰ দয়া বিচাৰিবলৈ সোঁৱৰাই দিয়ে। এই পবিত্ৰ ৰমজান মাহে মুছলমানসকলক ধৈৰ্য্য আৰু আশা দুয়োটাকে আকোৱালি ল’বলৈ শিকাইছে।
 
সামৰণিত ক’ব পাৰি যে শ্বব-ই-কদৰ হৈছে এক অতুলনীয় আধ্যাত্মিক তাৎপৰ্য্যৰ নিশা। এই সময়ত মুছলমানসকলে আল্লাহৰ সৈতে থকা সম্পৰ্কৰ ওপৰত চিন্তা-চৰ্চা কৰে, ক্ষমা বিচাৰে, ইবাদত আৰু দয়াৰ কামত লিপ্ত হয়। এই নিশাটোৱে আত্ম-সংশোধন, দয়া আৰু আশীৰ্বাদৰ সুযোগ হিচাপে কাম কৰে, যাৰ ফলত ই ইছলামিক কেলেণ্ডাৰৰ অন্যতম আদৰৰ অনুষ্ঠান। ভাৰতত শ্বব-ই-কদৰ সজীৱ পৰম্পৰাৰ দ্বাৰা উদযাপন কৰা হয়।
 
প্ৰাৰ্থনা, দান আৰু ঐক্যৰ জৰিয়তে শ্বব-ই-কদৰে ব্যক্তিগত বৃদ্ধি আৰু আধ্যাত্মিক সংযোগৰ বাবে এক অমূল্য সুযোগ প্ৰদান কৰে, বিশ্বাসী আৰু তেওঁলোকৰ সৃষ্টিকৰ্তাৰ মাজৰ বন্ধন শক্তিশালী কৰে।