পল্লব ভট্টাচাৰ্য
যোৱা ৯ আগষ্টত কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালত এগৰাকী চিকিৎসকৰ ওপৰত হোৱা দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই সামগ্ৰিকভাৱে ভাৰত আৰু বিশেষকৈ অসমৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশ কলূষিত কৰিছে।
১৩ আগষ্টত অসমৰ শিৱসাগৰত এগৰাকী ১৭ বছৰীয়া কিশোৰীক আক্ৰমণৰ ঘটনা এটা সংঘটিত হয়। ইয়াৰ পিছত চহৰখনত অনা-অসমীয়া ব্যৱসায়ীসকলৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ আৰম্ভ হয়। 'বহিৰাগত'ৰ বিৰুদ্ধে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা (স্বাধীন)ৰ হুংকাৰে এই প্ৰতিবাদক বৃহৎ ৰূপ দিয়ে। ইয়াৰ পিছত ২০ আগষ্টত ৰাজ্যৰ এজন কেবিনেট মন্ত্ৰীৰ উপস্থিতিত মাৰোৱাৰী সম্প্ৰদায়ৰ প্ৰতিনিধিয়ে আঁঠু লৈ সকলোৰে ওচৰত ক্ষমা বিচাৰে।
প্ৰতিনিধিত্বমূলক ছবি
এই ঘটনাৰ উত্তেজনা মাৰ নৌযাওতেই যোৱা ২২ আগষ্টত ধিং চহৰত এগৰাকী নাৱালিকাক এটা বিশেষ সম্প্ৰদায়ৰ লোকে দলবদ্ধ ধৰ্ষণ কৰাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰীয়ে এক মন্তব্য কৰে যে, "লোকসভা নিৰ্বাচনৰ পিছত অসমত ২২টা এনে কাণ্ড সংঘটিত হৈছিল আৰু আজিৰ ঘটনাকে ধৰি এই সংখ্যা ২৩টালৈ বৃদ্ধি পালে। এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তি এই কাৰ্য্যৰ লগত জড়িত হৈ আছে। নিৰ্বাচনৰ পিছত এই লোকসকল অধিক উৎসাহিত হৈছে, সেয়েহে এনে ঘটনাৰ তীব্ৰতা বৃদ্ধি পাইছে। আমি সম্ভৱপৰ কঠিনতম পদক্ষেপ গ্ৰহণ কৰিম। মই অসমৰ ডিজিপি আৰু কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকাক ধিঙৰ পৰিস্থিতি পুনৰীক্ষণ কৰিবলৈ পঠিয়াইছো।"
পৰৱৰ্তী সময়ত নগাঁও আৰক্ষীৰ হাতৰ পৰা পলাবলৈ ধৰোতে পুখুৰীত পৰি প্ৰধান অভিযুক্ত তাফাজ্জুল আলীৰ মৃত্যু হয়। মূলতঃ মুছলমান সম্প্ৰদায়েৰে গঠিত ধিঙৰ বৰভেটি (অভিযুক্তজন এই গাঁৱৰ) গাঁওৰ ৰাইজে অভিযুক্তৰ পৰিয়ালক বহিষ্কাৰ কৰি তেওঁৰ জানাজা বৰ্জন কৰাৰ লগতে তেওঁলোকৰ কৰবস্থান ব্যৱহাৰ কৰিব নিদিয়াৰ ভাবুকি দিয়া বুলি জানিব পৰা গৈছে। ওপৰৰ ঘটনাসমূহে এনে বহুতো গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰিছে, যিবোৰ সাধাৰণতে সমাজ আৰু বিশেষকৈ চৰকাৰে মনোযোগ দিয়া উচিতঃ
(১) দিশা নামৰ এগৰাকী মহিলাক ২০১৯ চনৰ ডিচেম্বৰত দলবদ্ধ ধৰ্ষণৰ পিছত চাইবেৰাবাদত এক শ্বাসৰুদ্ধকৰ পৰিবেশৰ সৃষ্টি হয়। চাইবেৰাবাদৰ সেইসময়ৰ আৰক্ষী আয়ুক্ত আছিল ভি চি সজ্জনাৰ নামৰ এগৰাকী অতি দক্ষ বিষয়া। ঘটনাত জড়িত ৪জন ব্যক্তিক সজ্জনাৰৰ প্ৰত্যক্ষ সহযোগিতাত এনকাউণ্টাৰ কৰি মৰাৰ পিছত সজ্জনাৰৰ লগতে আৰক্ষী বিষয়াৰ ওপৰত জনসাধাৰণে পুষ্পবৃষ্টি কৰিছিল। কিন্তু কিছুদিনৰ পিছত সজ্জনাৰৰ লগতে অভিযুক্ত বিষয়াসকল সৰ্বোচ্চ ন্যায়ালয়ৰ ৰোষত পৰে। এই ঘটনা অসম আৰক্ষীৰ বাবে এক ভয়ানক সোঁৱৰণী হেৱা উচিত।
প্ৰতিনিধিত্বমূলক ছবি
(২) ২০২১ চনৰ নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো (এন চি আৰ বি)ৰ পৰিসংখ্যা অনুসৰি একেৰাহে পঞ্চম বছৰৰ বাবে ভাৰতত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ সৰ্বাধিক হোৱা ৰাজ্য হিচাপে পৰিগণিত হৈছে অসম। ২০২২ চনৰ ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ (এনচিআৰবি) প্ৰতিবেদন অনুসৰি বিগত পাঁচ বছৰত অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা ৫০%তকৈ অধিক হ্ৰাস পাইছে।
ইয়াৰ পৰা স্পষ্টভাৱে বুজা যায় যে আৰক্ষীৰ সক্ৰিয় পদক্ষেপে মহিলাৰ বিৰুদ্ধে হিংসাৰ ঘটনা কেনেকৈ হ্ৰাস কৰিব পাৰে।
(৩) বিভিন্ন ৰূপত চৰকাৰে দিয়া বিনামূলীয়া সুবিধাসমূহে কিছুমান এলেহুৱা যুৱকৰ সৃষ্টি কৰিছে। এলেহুৱা আৰু কৰ্মবিমুখ হোৱাৰ বাবে তেওঁলোকৰ মনত দৃষ্ট আৰু বেয়া চিন্তাসমূহ গা কৰি উঠাৰ আশংকা বৃদ্ধি পাইছে।
(৪) ২০১৫ চনৰ ১ জুলাইত আৰম্ভ হোৱা ডিজিটেল ইণ্ডিয়া মিছনৰ বাবেই প্ৰতিজন যুৱকৰ হাতত মোবাইলৰ সৰ্বব্যাপী হৈ পৰিছে। চাইবাৰ সুৰক্ষাৰ সঠিক ফ্ৰেমৱৰ্ক অবিহণে যুৱ প্ৰজন্মৰ হাতত অনলাইন পৰ্ণগ্ৰাফিক সামগ্ৰীৰ সহজ উপলব্ধ হৈছে আৰু এইবোৰে পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছে।
(৫) নিবনুৱা সমস্যাৰ উত্থান আৰু ৰাজ্যখনত জনগাঁথনিগত বিভাজনক নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰাৰ বাবে সমানুপাতিক পদক্ষেপৰ অনুপস্থিতিয়েও এনে পৰিস্থিতিক উদগণি যোগাইছে।
(৬) এনে জঘন্য অপৰাধ ৰোধ কৰিবলৈ শিক্ষানুষ্ঠান আৰু সাধাৰণতে সমাজক সক্ৰিয়ভাৱে নিয়োজিত নকৰা।
(৭) সাংস্কৃতিক আৰু প্ৰতিষ্ঠানিকভাৱে নিহিত হৈ থকা বৈষম্য, আইন, পৰম্পৰা আৰু নাৰীবিদ্বেষী ভাষাৰ জৰিয়তে গাঁথনিগত হিংসা।
(৮) মাদক/ ৰাগীয়াল দ্ৰব্যৰ অপব্যৱহাৰ।
(৯) সাংস্কৃতিক আৰু সামাজিক নীতি, গভীৰভাৱে শিপাই থকা পিতৃতান্ত্রিক মূল্যবোধে নাৰীক নীচ বা অধীনস্থ বুলি গণ্য কৰে।
প্ৰতিনিধিত্বমূলক ছবি
(১০) শিক্ষাৰ অভাৱঃ সজাগতাৰ অভাৱত মহিলাসকলে নিজৰ অধিকাৰ নাজানে।
(১১) শৈক্ষিক বৈষম্যঃ মহিলাসকলৰ শিক্ষা লাভৰ সুযোগ কম।
(১২) অৰ্থনৈতিক নিৰ্ভৰশীলতা আৰু বিত্তীয় বৈষম্যঃ মহিলাসকল প্ৰায়ে আৰ্থিক স্বাধীনতাৰ অভাৱ, যাৰ ফলত তেওঁলোক শোষণ আৰু নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হয়।
(১৩) আইনী আৰু প্ৰতিষ্ঠানিক ব্যৰ্থতা তথা দুৰ্বল আইন প্ৰয়োগঃ আৰক্ষীৰ অপৰ্যাপ্ত সঁহাৰি আৰু ন্যায়িক পলম।
নাৰীৰ বিৰুদ্ধে অপৰাধ এক বহুমুখী বিষয় আৰু ইয়াৰ সমাধানৰ বাবে অসমৰ দৰে বহুত্ববাদী সমাজত বহুমুখী কৌশলৰ প্ৰয়োজন। ৰাজ্যখনে নিজৰ আইন প্ৰয়োগকাৰী সংস্থা আৰু স্বাস্থ্যসেৱা আৰু আইনী কৰ্মচাৰীৰ প্ৰশিক্ষণ অথবা জনসচেতনতা সৃষ্টিৰে মহিলাৰ বিৰুদ্ধে হিংসা প্ৰতিৰোধ আৰু সমাধান কৰিবলৈ বাধ্য।
সমাজে নিজৰ ফালৰ পৰা লিংগ-সম আচৰণক প্ৰসাৰিত কৰিব লাগে, নাৰীবিদ্বেষী সামগ্ৰী আৰু মনোৰঞ্জনক নিন্দা কৰিব লাগে আৰু সাক্ষী আৰু ভুক্তভোগীৰ বাবে সমৰ্থন আৰু দিহা-পৰামৰ্শ উপলব্ধ কৰিব লাগে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যমে সফল জনসচেতনতা সৃষ্টি, জীৱিতসকলৰ বাবে একত্ৰিত সমৰ্থন আৰু গাঁথনিগত পৰিৱৰ্তনৰ বাবে ৰাজনৈতিক পোষকতা প্ৰচাৰ কৰিব লাগে। জাৰ্মানী, ক’ছ’ভ’ আৰু বছনিয়া আৰু হাৰ্জেগোভিনাৰ সফলতা এনে হস্তক্ষেপৰ (intervention) বাবে এক আৰ্হি হ’ব পাৰে।
এনে জঘন্য অপৰাধৰ সৈতে জড়িত অপৰাধীসকলক গ্ৰেপ্তাৰৰ বাবে অপৰাধীজনৰ নিজৰ সম্প্ৰদায়ৰ লোকসকলে নিৰাপত্তা সংস্থাসমূহক সক্ৰিয়ভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগে, যিটো ধিঙৰ ঘটনাটোত আমি দেখিবলৈ পাইছো। ইফালে, জনসাধাৰণৰ সমৰ্থন লাভ কৰিবলৈ নিজৰ ফালৰ পৰা এল ই এয়ে তদন্ত প্ৰক্ৰিয়া অতি স্বচ্ছ কৰা উচিত।
নেলছন মেণ্ডেলাৰ এই বিখ্যাত উক্তিটো অসমৰ মানুহে উপলব্ধি কৰা উচিতঃ "সুৰক্ষা আৰু নিৰাপত্তা কেৱল সংঘটিত নহয়; সেইবোৰ সামূহিক সহমত আৰু ৰাজহুৱা বিনিয়োগৰ ফল।” (Safety and security don't just happen; they are the result of collective consensus and public investment)
(লেখক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান; অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)