নীলিম আকাশ কাশ্যপ
সুদীর্ঘ বছৰধৰি গণতন্ত্ৰ দিৱস ভাৰতবৰ্ষৰ কেইটামান চুকতে সীমাৱদ্ধ হৈ আছে। যুৱচামে গণতন্ত্র দিৱসটো বন্ধ হিচাপে পালন কৰে কিয়? সমাজত গা কৰি উঠা বিশৃংখলাবোৰে এজন প্ৰকৃত ভাৰতীয়ৰ সৃষ্টি কৰিব পাৰিবনে? গণতন্ত্ৰ দিৱসে যুৱচামৰ মাজত স্বদেশপ্ৰেমৰ বীজ অংকুৰণ কৰেনে? এই ক্ষেত্ৰত অসমৰ এগৰাকী যুৱ-প্ৰজন্মৰ প্ৰতিনিধি স্বপ্নীল কাশ্যপে কৈছে যে গণতন্ত্র দিৱস বুলিলে তেওঁৰ মনত দিল্লীৰ গণতন্ত্ৰ দিৱসৰ সমাৰোহৰ কথা মনলৈ আহে। গণতন্ত্র দিৱসে আমাৰ দেশৰ বৈচিত্র্য বা সোণালী ইতিহাসকে সোঁৱৰাই নিদিয়ে, আমাৰ দেশ যে উন্নতিৰ দিশত ধাৱমান আছিল তাৰেই নিদর্শন বহন কৰে। সেই সমাৰোহে দেশৰ প্রতি প্রেমভাৱ জগায়।
এক কথাত ক'বলৈ হ'লে জাতীয়তাবাদৰ ভাৱধাৰা এৰাতিৰ ভিতৰতে সৃষ্টি হ'ব পাৰে। পাৰিপাৰ্শ্বিক দিশত হোৱা অসংখ্য কাৰ্যৰপৰাও শৈশৱকালত ইয়াৰ সঞ্চাৰণ ঘটে। বর্তমান সময়ত যুৱপ্ৰজন্ম এই চিন্তাধাৰাৰ পৰা একেবাৰে মুক্ত, সম্ভৱতঃ সমাজত সৃষ্টি হোৱা বিশৃংখলতাৰ বাবেই। উঠি অহা চাম কেৱল স্কুলীয়া শিক্ষা আৰু সমাজত প্রচলিত ৰীতি-নীতিতে সীমাৱদ্ধ। আমি যেন সমাজৰ প্ৰতি থকা দায়বদ্ধতা পাহৰি গৈছোঁ আৰু ইয়ে জাতিৰ প্ৰতি থকা সহানুভূতিৰ ভাৱ বিলুপ্ত কৰিছে। অতি সম্প্রতি বিভিন্ন সংগঠনে আহ্বান দিয়া বন্ধ, ধৰ্মঘট আদিৰে সাধাৰণ মানুহক গণতন্ত্র দিৱস উদ্যাপনৰ পৰা বিৰত থাকিবলৈ বাধ্য কৰিছে।
আনকি ৰাজহুৱা প্রতিষ্ঠানসমূহতো এই দিৱস উদ্যাপন কৰাটো নিষেধ কৰিছে। ইতিহাসত লিপিৱদ্ধ ঘটনাবোৰৰ ভিতৰত গণতন্ত্র বা স্বাধীনতা দিৱসেও বৰ্তমানৰ যুৱচামৰ মাজত স্বদেশপ্ৰেমৰ ভাৱ জাগ্রত কৰিব পাৰে। তদুপৰি আমি উপলব্ধি কৰোঁ যে এইক্ষেত্ৰত নতুনকৈ চিন্তা কৰাৰ সময় হ'ল। বন্ধ, ধর্মঘট নেওচি স্বাধীনতা, গণতন্ত্র আদি দিৱস স্বতঃস্ফূর্তভাৱে উদ্যাপন কৰিবলৈ আগবাঢ়ি আহিলে আমাৰ নিজৰ অধিকাৰ সাব্যস্ত হ'ব। সমাজত এনে দৃষ্টান্তৰ অভাৱ নাই।
বিদ্যালয়ত গণৰাজ্য দিৱস উদযাপন কৰা দৃশ্য
যুৱচাম স্বদেশপ্রেমী হোৱাৰ পূৰ্বে নিজৰ আসোঁৱাহবোৰ আঁতৰাৱৰ প্ৰয়াস কৰিব লাগিব। আমি উপলব্ধি কৰিব লাগিব যে আমি এই দিশত পৰিপুষ্ট হওঁ নে নহওঁ। সংস্কৃতৰ স্নাতকোত্তৰ বনশ্রী চৌধুৰীয়ে এই আটাইবোৰ প্ৰশ্নক সজীৱতা প্রদান কৰিছে। উল্লেখনীয় যে এনে স্বাভাৱিক অৱস্থাই আমাৰ মনত আদৰ্শৰ বীজ ৰোপণ কৰি স্বাধীনতা সংগ্রামত জপিয়াই পৰাৰ বাবে উদ্দ্গনি যোগায়। সুদীর্ঘ বছৰৰ মূৰকত এই আদর্শ নাইকিয়া হৈ বুৰঞ্জীৰ পৃষ্ঠাত ছবি আকাৰত সোমাল।
সময় পৰিৱৰ্তনশীল। ই অতীতক প্রশমিত কৰি বৰ্তমানক সপোনৰ ৰঙেৰে ৰহণ সানে। সাধাৰণতে স্বাধীনতাই অতীতৰ সেমেকা স্মৃতি ৰোমন্থণ কৰায়। উদ্যাপন কৰিবলগীয়া দিৱসটো বন্ধ হিচাপে ঘোষণা কৰাটো একেবাৰে দুখজনক। গণতন্ত্ৰ দিৱসো ইয়াৰ ব্যতিক্ৰম নহ'ব। সেয়ে মাদকদ্রব্যপ্রেমী প্রজন্মৰ বাবে বন্ধৰ দিনটো বহু সংখ্যক অভিযোগৰ বাবে পুতৌলগা হৈ পৰে। এনেদৰে আন আন বন্ধবোৰৰ দৰে গণতন্ত্র দিৱসো নৱপ্ৰজন্মৰ কেলেণ্ডাৰখনত বন্ধৰ দিন হিচাপে স্বীকৃতি পাইছে।
আনহাতে, আমাৰ পূৰ্বপ্ৰজন্মৰ ক্ষেত্ৰত এখন বেলেগধৰণৰ ছবি দেখিবলৈ পোৱা যায় যিখনে গণতন্ত্র দিৱসৰ মূলস্বৰূপটো দাঙি ধৰে। স্কুলত পতাকা উত্তোলন কৰা চাবলৈ হেতাওপৰা লগোৱা, ধলফাঁট মেলোতেই মিলিটেৰী মার্চ চাবলৈ যোৱা আদিয়ে অন্তৰত স্বদেশপ্ৰেমৰ স্ফুলিঙ্গৰ সৃষ্টি কৰিছিল। কিন্তু বর্তমান এই দিনটোৰ যেন কোনো তাৎপর্য নাই। কিশোৰ-কিশোৰীহঁত ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ভৰ নিশালৈকে ফেচবুকত মচণ্ডল।
ড্ৰাগছ আসক্ত যুৱ প্ৰজন্ম (প্ৰতিনিধিত্বমূলক)
প্রসঙ্গক্রমে অসমীয়া লেখক গোপাল জালানৰ ল'ৰালিকালৰ কথা উল্লেখ কৰিব পাৰি। তেওঁ কৈছিল, "মই আৰু মোৰ বন্ধু- বান্ধৱীবোৰে গণতন্ত্ৰ দিৱসত স্কুললৈ গৈ উদৰ পূৰাই জেলেপি খাইছিলোঁ। মোৰ ঘৰৰ ছাঁদৰ পৰাই মই পতাকা উত্তোলন কৰা চাইছিলো। এইটো আছিল আনন্দেৰে পৰিপূৰ্ণ শীতৰ এটি আবেলি।” ইয়াৰ পৰিৱৰ্তে মৃন্ময় নামৰ ছাত্ৰ এজনক গণতন্ত্ৰ দিৱসৰ বিষয়ে সোধাত ক'লে যে তেওঁ হেনো সেইদিনা দেউতাক আৰু ভায়েক-ভনীয়েকহঁতৰ সৈতে চিনেমা হলত চিনেমা চাবলৈ গৈছিল। এয়াই গণতন্ত্র দিৱসৰ ঐতিহ্য। এইবোৰনো কি?
চিৰস্মৰণীয় দিৱসটো উদ্যাপন কৰিবলৈ বাধা আৰোপ কৰাৰ ক্ষেত্ৰত অভিভাৱকসকলক দোষাৰোপ কৰিব নোৱাৰিনে? যিয়েই নহওঁক, এয়া সঁচা যে আমাৰ পূৰ্বপ্ৰজন্মই স্বাধীনতা অনুধাৱন কৰিছিল। ১৯৪৭ চনৰ সেই স্মৃতি এতিয়াও সজীৱ হৈ আছে। বৰ্তমানৰ দৰে স্বদেশপ্রেম পণ্য সামগ্ৰীত পৰিণত হোৱা নাছিল। স্বদেশপ্রেমনো কি আমি বুজিও নুবুজা হৈছোঁ কাৰণ যুৱমানসিকতাৰ প্ৰভেদে ভাৰতৰ স্বাধীনতা উদযাপন কৰাটো অবান্তৰ কৰি ঔপনিৱেশিকতাবাদত লীণ নিয়াইছে। ঔপনিৱেশিকতাবাদৰ শিকলিয়ে চাৰিওফালে ঘেৰি ধৰিছে। যোৱাবেলি কলকাতাত গণৰাজ্য দিৱস উদ্যাপন কৰাৰ এটি দৃশ্য- আটাইবোৰ ল'ৰা-ছোৱালীয়ে পতাকা উত্তোলন কাৰ্যসূচীত ভিৰ কৰিছে। শিল্প সৌন্দর্য্য ফুটো ফুটো অৱস্থা।
যুৱ প্ৰজন্ম
ভাৰতবৰ্ষত গণতন্ত্ৰ দিৱস অদম্য উৎসাহেৰে পালন কৰা হয়। এই দিন জনগণৰ দিন। স্বাধীনতা দিৱসত অতীতক সোঁৱৰণ কৰে; গণতন্ত্ৰ দিৱসত প্রতিশ্রুতিবোৰত নতুনত্ব প্রদান কৰে। এই দিৱস উদ্যাপন কৰাৰ মূলতঃ ভাৰতৰ ধৰ্মনিৰপেক্ষতাবাদ আৰু গণতন্ত্ৰৰ ভাৱধাৰাৰ প্ৰশংসাই নহয়, ইয়াৰ লগতে ই আমাৰ সংস্কৃতিৰ এনাজৰীডাল কঙ্কটীয়া কৰি ভাষা, সমাজৰ আদৰ্শ, পৰম্পৰা, লোকাচাৰ, ধৰ্ম আদি সাঙুৰি লৈ ভাৰতবৰ্ষক এখন ঐশ্বর্যশালী বহুসংস্কৃতিক দেশত পৰিণত কৰিছে।
অন্যহাতে, গণতন্ত্ৰ দিৱসৰ সমাৰোহ ভাৰতবৰ্ষৰ এক চিন্তনীয় বিষয় যিয়ে স্পষ্টকৈ সংস্কৃতি, জীৱন ধাৰণৰ মান, ভাষা, পৰম্পৰা, ধৰ্ম ইত্যাদিৰ প্রভেদ উদঙাই দিয়ে। কিন্তু পাশ্চাত্য সংস্কৃতিত নিমজ্জিত যুৱসমাজে জাতীয় সংস্কৃতিৰ বিষয়ে উপলব্ধি কৰেনে? নাইবা, সিহঁতৰ বাবে এই দিনটো 'ইন্টাৰভেল' নেকি? আন কিছুমানৰ বাবে 'দেশৰ কাৰণে মৰা'টো ফেশ্বন নেকি? আপুনি আপোনাৰ দুৰ্দশাগ্রস্ত জীৱনটো কেনেকৈ আগুৱাই নিছে নাইবা আমাৰ দেশৰ ৰাজনৈতিক ব্যৱস্থাটো কেনেকৈ চলিছে নাইবা জনসংখ্যা বৃদ্ধি আৰু দুর্নীতিয়ে কেনেকৈ সমাজখন গ্রাস কৰিছে? এই আটাইবোৰ প্ৰশ্নৰ উত্তৰ ভাৰতবাসীৰ মাজত লুকাই আছে।
গতিকে, আমি সময়ৰ প্রত্যাহ্বান জনাই এই মৰীচিকাৰ ভেদ ভাঙিবই লাগিব যিহেতু গণতন্ত্র দিৱস পাশ্চাত্য সংস্কৃতিৰে ভৰপূৰ হৈ আনন্দ-উল্লাসত পৰিণত হৈছে। ই এটা বিশেষ দিনত পৰিণত হ'ব যেতিয়া সমাজৰপৰা দুর্নীতি আৰু ভ্রষ্টাচাৰ লোপ পাব। তেতিয়া আকৌ এই দিনটো আদর্শবাদৰ ক্ষুৰধাৰেৰে প্রকটিত হ'ব।
(নীলিম আকাশ কাশ্যপ ভাৰতীয় ইংৰাজী আৰু অসমীয়া সাহিত্যৰ এগৰাকী তৰুণ ঔপন্যাসিক)