মুছলমান বসতিপ্ৰধান এলেকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱা এক দৃশ্য
প্ৰিয়া শৰ্মা
ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতৰ৷ চলিত বৰ্ষৰ বহাগ বিহুৰ আগৰ পৰাই আৰম্ভ হ'ব নিৰ্বাচনী কুচকাৱাজ৷ ২০২৫ চনত ৰাজ্যত অনুষ্ঠিত হ'ব দুটাকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন৷ সেয়া হ'ল পঞ্চায়ত নিৰ্বাচন আৰু বি টি চিৰ পৰিষদীয় নিৰ্বাচন৷ দুয়োটা নিৰ্বাচনেই শাসক আৰু বিৰোধী উভয় পক্ষৰ বাবে সমানেই গুৰুত্ব বহন কৰিছে৷
কাৰণ, পঞ্চায়ত আৰু বি টি চিৰ উভয়ে এতিয়া শাসক পক্ষৰ দখলত আছে৷ ৰাজ্যৰ অধিকাংশ পঞ্চায়ত বিজেপিৰ দখলত থকাৰ লগতে বি টি চিত ক্ষমতাত আছে বিজেপিৰ মিত্ৰ তথা ৰাজ্য চৰকাৰৰ অংশীদাৰ দল ইউ পি পি এল। অৱশ্যে এইবাৰ দুয়োটা নিৰ্বাচনতে বিজেপিয়ে মিত্ৰতা অবিহনে অৱতীৰ্ণ হ'ব৷ এই কথা বিজেপিয়ে ইতিমধ্যে ৰাজহুৱাকৈ ঘোষণা কৰাৰ লগতে দুই মিত্ৰ দল অসম গন পৰিষদ আৰু ইউ পি পি এলকো জনাই দিছে৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংখ্যালঘু নেতাসকল
এই দুটা নিৰ্বাচনকে বিজেপিয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ছেমি ফাইনেল হিচাপে গণ্য কৰিছে৷ অৰ্থাৎ পঞ্চায়ত আৰু বি টি চি দখল কৰিব পাৰিলে ২০২৬ চনত বিজেপিৰ বাবে ৰাজ্যত চৰকাৰ গঠন কৰাটো সহজ হৈ পৰিব৷ সন্মুখত পঞ্চায়ত আৰু বি টি চিৰ নিৰ্বাচন থাকিলেও কিন্তু বিজেপিয়ে ২০২৬ চনত হ'বলগা বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰিছে৷ কাৰণ ৰাজ্যত দুবাৰকৈ ক্ষমতা দখল কৰা বিজেপিৰ বাবে একেৰাহে তৃতীয়বাৰ ক্ষমতা দখল কৰাটো নিশ্চয় সহজ নহ'ব৷
একেৰাহে দুবাৰকৈ ক্ষমতাত থকা যিকোনো চৰকাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ অহাটো স্বাভাৱিক৷ হয়তো বিজেপি নেতৃত্বাধীন চৰকাৰৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহ'ব৷ বিগত লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত বিজেপিৰ শক্তিশালী স্থিতিকো নেওচি কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰব গগৈয়ে জয়লাভ কৰাটোৱে এই কথাকে প্ৰমান কৰে৷ তদুপৰি, যোৰহাটৰ নিৰ্বাচনী ফলাফলে বিজেপিৰ ভিতৰচৰাতো প্ৰবল জোকাৰণিৰ সৃষ্টি কৰিছিল৷ সেয়ে লোকসভা নিৰ্বাচনৰ এনে ফলাফলৰ পিছত বিজেপিয়ে বিধানসভা নিৰ্বাচনৰ বাবে আগতীয়া পৰিকল্পনা প্ৰস্তুত কৰিবলৈ বাধ্য হৈছে৷
লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ ফলাফলৰ লগতে ডিব্ৰুগড়, লখিমপুৰ, কলিয়াবৰ, তেজপুৰ সমষ্টিত বিৰোধী পক্ষই লাভ কৰা ভোটৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে এই কথাত পতিয়ন গৈছে যে, উজনি অসমত তেওঁলোকৰ ভোটবেংক এতিয়া আৰু পুৰ্বৰ দৰে সুৰক্ষিত হৈ থকা নাই৷ অথচ ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ হ'লে উজনি অসমত বেছি আসন লাভ কৰাটো অতি জৰুৰী৷ কিয়নো ৰাজ্যৰ ৰাজনীতিৰ পৰম্পৰা অনুসৰি উজনি অসমত যি দলে বেছি আসন লাভ কৰে, সেই দলে ৰাজ্যত চৰকাৰ গঠন কৰে৷ পূৰ্বৰে পৰা এনে ধৰনৰ ফলাফলেই হৈ আহিছে৷
অসমৰ সংখ্যালঘু ভোটাৰ
২০২৬ চনতো নিশ্চয় ইয়াৰ ব্যতিক্ৰম নহ'ব৷ গতিকে চৰকাৰ গঠন কৰিবলৈ হ'লে যিকোনো দলৰ বাবে উজনিত বেছি আসন লাভ কৰিবই লাগিব৷ তাত কোনো সন্দেহ নাই৷ কিন্তু উজনিত বিজেপিৰ অৱস্থা যিহেতু পূৰ্বৰ দৰে মসৃন হৈ থকা নাই, গৌৰব গগৈৰ জনপ্ৰিয়তাই বিজেপিৰ ভেঁটিত আঘাত হানিছে, সেয়েহে বিজেপিয়ে আশংকা কৰিছে যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত উজনি অসমত দলৰ আসন কমিব পাৰে৷ যদি সেয়া হয়, তেন্তে চৰকাৰ গঠনত বাধা আহিব পাৰে৷
গতিকে, উজনিৰ সাম্ভাব্য ঘাটি পূৰণ কৰাটো বিজেপিৰ বাবে বৰ্তমান সময়ত অতি জৰুৰী হৈ পৰিছে৷ কিন্তু সেই ঘাটি গেৰুৱা দলটোৱে ক'ত পূৰণ কৰিব, তাৰ বাবে দলে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে৷ ইয়াৰ বাবে দলটোৱে লক্ষ্য কৰি লৈছে ৰাজ্যৰ, বিশেষকৈ নামনি আৰু মধ্য অসমৰ সংখ্যলঘু অৰ্থাৎ মুছলমান অধ্যুষিত অঞ্চলসমূহ৷
চলিত বৰ্ষত ৰাজ্যত হোৱা উপ-নিৰ্বাচনত বিজেপিয়ে মুছলমান অধ্যুষিত বিধানসভা সমষ্টি চামগুৰিত জয়লাভ কৰাৰ পিছতে দলটোৰদ্বাৰা মুছলমানৰ ভোট আদায় কৰাটো বেছি কঠিন কাম নহ'ব বুলি বিজেপিৰ নেতাসকলে পতিয়ন গৈছে৷ যি দলটোৱে ইমান দিনে হিন্দুত্বৰ ৰাজনীতি কৰাৰ লগতে ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে ভোটাৰৰ মাজত বিভাজন ঘটাই ক্ষমতা দখলৰ অংক কৰি আহিছে, সেই দলটোৰে মুখ্যমন্ত্ৰীজনে শেহতীয়া সময়ছোৱাৰ বিভিন্ন বক্তব্যত সংখ্যলঘুৰ সমৰ্থন কৰাও দেখা গৈছে৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱা এক দৃশ্য
চামগুৰিৰ নিৰ্বাচনী ফলাফলৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ সপক্ষে কেইবাবাৰো বক্তব্য আগবঢ়োৱাৰ উদাহৰণ আছে৷ এয়া মুছলমান ভোটাৰক আকৰ্ষিত কৰাৰ বাবে বিজেপিয়ে ৰচনা কৰা পৰিকল্পনাৰ অংশবিশেষ৷ জানিব পৰা মতে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে উজনি অসমত হ'ব পৰা সাম্ভাব্য ঘাটি পূৰণৰ বাবে মু্ছলমান অধ্যুষিত এলেকাৰ কমেও ১০টা বিধানসভা সমষ্টি দখলৰ লক্ষ্য লৈছে৷
এই লক্ষ্য পূৰণৰ বাবে বিজেপিয়ে যি পৰিকল্পনা প্ৰস্তুত কৰিছে, সেইমতে মুছলমান বসতিপ্ৰধান এলেকাত অধিক সংখ্যক বুথ কমিটি গঠন কৰিবলৈ আৰম্ভ কৰিছে৷ পূৰ্বতে এনে বহু এলেকাত বিজেপিৰ কোনো সংগঠনেই নাছিল আৰু সংগঠন কৰাৰো প্ৰয়োজনবোধ কৰা নাছিল৷ কিন্তু এতিয়া এনে এলেকাবোৰত দলটোৱে শক্তিশালী ভাবে প্ৰবেশ কৰিবলৈ লৈছে আৰু বুথ কমিটিবোৰো শক্তিশালী ৰূপত গঠন কৰা হৈছে৷
কেৱল সেয়াই নহয়, সাম্প্ৰতিক সময়ছোৱাত বিজেপিয়ে প্ৰায় ১৬ লাখ মুছলমানলোকক দলৰ সদস্য পদ দিছে৷ পূৰ্বতে এই সংখ্যা আছিল মাত্ৰ ৫ লাখ৷ তদুপৰি, অৰুণোদয় আঁচনিত অধিক মুছলমান লোকক সামৰি লোৱাৰ বাবে বিজেপি চৰকাৰে তালিকা প্ৰস্তুত কৰিছে৷ একেদৰে, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ প্ৰদানকে ধৰি চৰকাৰৰ অন্যান্য হিতাধিকাৰী আঁচনিবোৰত সংখ্যালঘু লোকক সামৰি লোৱাৰ বাবেও প্ৰস্তুত কৰা হৈছে বিশেষ ৰণনীতি। এইবোৰৰ উপৰিও অহা দিনবোৰত বনভূমিকে ধৰি বিভিন্ন স্থানৰ পৰা উচ্ছেদিত মুছলমান লোকক পূৰ্বৰ তুলনাত অধিক পৰিমানে ভূমি পাট্টা প্ৰদান কৰাৰ বাবেও চৰকাৰে পৰিকল্পনা কৰিছে।
প্ৰতিনিধিত্বমূলক ছবি
জানিবপৰা মতে, অহা বিধানসভা নিৰ্বাচনত মুছলমান অধ্যুষিত কিছুমান সমষ্টিত বিজেপিয়ে নিজাকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কিছুমান সমষ্টি মিত্ৰ দল অসম গণ পৰিষদক এৰি দিব৷ ইয়াৰ বাবে বিজেপিৰ নেতা-কৰ্মীসকলক মুছলমান বসতিপ্ৰধান এলেকাত প্ৰভাব বৃদ্ধি কৰাৰ স্বাৰ্থত ঘৰে ঘৰে গৈ ভোটাৰ সকলক সাক্ষাৎ কৰিবলৈ ইতিমধ্যে দলৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে৷ ইমানখিনি কৰাৰ পিছত ২০২৬ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যৰ মুছলমান ভোটাৰে বিজেপিক আদৰি লয় নে নলয়, সেয়া জানিবলৈ নিৰ্বাচনৰ ফলাফললৈ অপেক্ষা কৰিব লাগিব৷
(প্ৰিয়া শৰ্মা এগৰাকী স্বতন্ত্ৰ লেখিকা)