পুলিন ডেকা
সাহিত্য অকল বৌদ্ধিক যাত্ৰাই নহয়। ইয়াৰ মাজেৰে প্রতিফলিত হয় জীৱনৰ সৌন্দৰ্য, বাংময়তা, নান্দনিক স্বৰূপ। সাহিত্যই সদায়ে মানৱীয় আত্মাৰ উচ্চতম স্থানৰ সন্ধান কৰে। কল্পনা আৰু সতাৰ অন্বেষণ কৰিবলৈ শিকায়। বিশিষ্ট সাহিত্যক অস্কাৰ ৱাইল্ডে সেইবাবেই কৈছিল, "সাহিত্যই সদায় জীৱনৰ আগজাননী দিয়ে।" সেইবাবে হয়তো সাহিত্যই এটা জাতি, এখন ৰাষ্ট্ৰৰ বিৱেকক স্পৰ্শ কৰি জনচেতনাৰ বার্তাবাহক হিচাপে সামাজিক ৰূপান্তৰতো অর্থবহ অৰিহণা যোগাব পাৰে।
এখন ৰাষ্ট্ৰৰ ইতিহাস, তাৰ জনসাধাৰণ চিন্তা-চর্চা, কার্যকৰণ ক্ষমতা, স্বাভিমানৰ দ্বাৰা নির্ণিত হয়। সাহিত্যই ইয়াৰ কেন্দ্রবিন্দু হিচাপে গঢ়ি তোলা চৰিত্ৰই মানুহৰ উত্তৰণমুখী যাত্রাপথত এক পাথেয় শক্তিলৈ বিকশিত হৈছে। ভাৰতৰ পাঁচ হাজাৰ ভাৰতীয় সভ্যতা-সংস্কৃতিৰ বহু বন্দিত ইতিহাসৰ মাজত গৌৰৱোজ্জ্বল দিশ হৈছে ভাৰতৰ স্বাধীনতা বিপ্লৱ। ই আছিল দেশবাসীৰ চেতনাস্ৰোতৰ বৰ্ণিল প্রকাশ। সাহিত্যৰ মাজেৰে ইতিহাসৰ এই স্পন্দিত ৰূপ বিশ্ববাসীৰ বাবে অমূল্য সম্পদলৈ ৰূপান্তৰিত হৈছে। স্বাধীনতা সংগ্ৰামৰ সময়ত কেবাগৰাকী সৃষ্টিশীল লেখকে স্বাধীনতাৰ পূৰ্বে আৰু স্বৰাজোত্তৰ কালত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দৃষ্টিভংগী, মহাত্মা গান্ধীৰ প্ৰভাৱ আৰু ঔপনিৱেশিকতাৰ বিৰোধিতাৰে কৰা আন্দোলনৰ বহু নির্মম বাস্তৱতা, ৰাষ্ট্ৰীয় চেতনাৰ আধাৰত গ্ৰন্থ লিখি এই স্বাধীনতাৰ মহান তত্ত্বক বিশ্ব পৰ্যায়ত দিছিল এক নতুন মাত্রা।
মুল্ক ৰাজ আনন্দ, ৰাজা ৰাও, আৰ কে নাৰায়ণ, কে ভেংকটামণিৰ দৰে বহু সাহিত্যিকে গান্ধীজীৰ আদৰ্শবাদ, ভাৰতীয় মানুহৰ আত্মিকতাবোধ, স্বদেশপ্রেম, স্বাভিমান, জীৱন শৈলী, উপনিৱেশিক বিৰোধী স্থিতিৰে লিখা লেখনিৰ মাজেৰে এক উচ্চ আদর্শ প্রতিষ্ঠা কৰিছিল। ফ্রিডম এট মিডনাইট, দ্য ডিছকভাৰী অৱ ইণ্ডিয়া, ইণ্ডিয়ান ষ্ট্ৰাগল ফৰ ইণ্ডিপেনডেন্স, ট্রেইন টু পাকিস্তান, আনন্দমঠ, ৱেটিং ফৰ দ্যা মহাত্মা, কান্তাপুৰা, গোদান, তামাছ, গোৰা আদি অসংখ্য সাহিত্য সম্ভাৰ আজি দেশৰ বাবেই নহয়, বিশ্ব সাহিত্যৰ অমূল্য সম্পদলৈ ৰূপান্তৰিত হৈছে।
ভাৰতীয় সাহিত্যৰ এই মণ্ডিত গাথাৰ পৰা অসমীয়া সাহিত্য বিচ্ছেদিত হোৱা নাছিল। ঊনবিংশ আৰু বিংশ শতিকাত সাহিত্যৰ মাধ্যমেৰে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো যিদৰে গঢ় লৈ উঠিছিল, ঠিক একেদৰে স্বাধীনতাৰ চেতনাস্রোত প্রৱাহিত কৰিবলৈ একাংশ সাহিত্যিক, শিল্পীয়ে কৃচ্ছ্ৰ সাধনাত লিপ্ত হৈছিল। অকল সাহিত্যিক চেতনাই নহয়, নিজেও মহাত্মা গান্ধীৰ আদৰ্শৰে কাৰাবৰণ খাটি স্বদেশপ্রেমৰ নিদর্শন দেখুৱাইছিল। ঊনবিংশ শতিকাৰ শেষৰ পিনে আৰু বিংশ শতিকাৰ আৰম্ভণিতে বিদেশী সাহিত্যৰ সোঁত অসমীয়া সাহিত্যলৈ বোঁৱাই আনি অসমীয়া সাহিত্যক বিশেষ ৰূপত প্রতিষ্ঠা কৰাৰ বাবে আত্মনিয়োগ কৰিলেও সীমিত সংখ্যক সাহিত্যিকৰ সৃজনশীলতাত ভাস্বত হৈ উঠিছিল গণ জাগৰণৰ দুৰ্বাৰ হেঁপাহ। স্বদেশপ্ৰেমৰ উজ্বল অংগ।
কিছুমান কিতাপৰ বেটুপাত
অসমীয়া ভাষাত স্বাধীনতা সম্পর্কীয় সাহিত্য আলোচনা কৰিলে কেতবোৰ বৈশিষ্ট্য লক্ষ্যণীয়ভাৱে আহি পৰে। চিপাহী বিদ্রোহ, মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা গণজাগৰণৰ অংশীদাৰিত্ব সাহিত্য আৰু অসমত হোৱা স্বাধীনতা বিপ্লৱৰ কাহিনীক ইতিহাসৰ এক সমৃদ্ধশালী অংশ হিচাপে তুলি ধৰাৰ সার্থক প্রয়াস দেখা যায়। কিন্তু অসমীয়া সাহিত্য জগতত এক পদ্ধতিগতভাৱে এনে সাহিত্য আলোচনা শক্তিশালীভাৱে উদ্ভাষিত হৈ উঠা নাই।
ভাৰতৰ স্বাধীনতা আন্দোলনক ভিত্তি হিচাপে লৈ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখা গ্রন্থই অকল আমাৰ সাহিত্যৰ ক্ষেত্রখনকে যে সমৃদ্ধ কৰিছিল তেনে নহয়, ভাৰতীয় সাহিত্যক এক নতুন গতি প্রদান কৰিছিল। জ্ঞানপীঠ বঁটাৰে সন্মানিত উপন্যাস 'মৃত্যুঞ্জয়' হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ অমৰ সৃষ্টি। উপন্যাসৰ আধাৰ হ'ল ১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলন। অসমত সংঘটিত হোৱা এটা কূটাঘাতমূলক সশস্ত্র বিপ্লৱ। কাহিনীভাগত ৰাজনৈতিক উপাদান থাকিলেও স্বাধীনতাৰ বাবে ত্যাগ, আধ্যাত্মিক স্বৰূপ, দেশীয় একাত্মবোধ, বৃটিছ বিৰোধী চেতনাস্রোত, স্বদেশানুৰাগৰ ধ্বনি প্রৱাহিত হৈছে। বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য ৰচনাৱলীত শোণিত বিজয় দাস আৰু মুনীন বায়নে আগকথাত 'মৃত্যুঞ্জয়' সম্পর্কত আলোচনা কৰিছে এনেদৰে—'মৃত্যুঞ্জয়'ত প্ৰতিফলিত হৈছে মহাত্মাগান্ধী পৰিচালিত স্বাধীনতা আন্দোলনৰ অন্তর্নিহিত দ্বন্দ। হিংস্র, দানৱীয় এক সাম্রাজ্যবাদী শক্তিৰ বিৰুদ্ধে কেৱল অহিংস পন্থাৰেই বিপ্লৱ সম্ভৱ নে? ধনপুৰৰ সাহস আৰু আত্মত্যাগৰ কথা স্বীকাৰ কৰিও দৈপাৰাৰ গোঁসাই ৰে'ল বগৰোৱাৰ পৰিকল্পনাৰ আৰম্ভণিৰ পৰাই সেই প্ৰশ্নৰে বিদীর্ণ হৈছে। হিংসাৰ বিৰুদ্ধে হিংসাৰেই বিপ্লৱ সম্ভৱ হ'লেও তাৰ পৰিণতি শুভ হ'ব নে? মৃত্যুঞ্জয়ত এই সকলো দ্বন্দ্বৰ সম্পূর্ণ মীমাংসা হৈছে বুলি ক'ব নোৱাৰি যদিও অৱশেষত কিন্তু মানুহৰ অপৰিমেয় ইচ্ছাশক্তিৰে জয় হৈছে। ইয়াৰুইংগম'ত তেওঁ স্বাধীনতা আন্দোলনৰ সময়ত হোৱা সাম্প্রদায়িক সংঘৰ্ষত নিহত ঘটনা প্রৱাহৰ আঁত ধৰি লিখিছিল। ইয়াতো মহাত্মা গান্ধীৰ প্রতি শ্ৰদ্ধাৰ ভাৱ দেখিবলৈ পোৱা যায়।
প্রসিদ্ধ ঔপন্যাসিক যোগেশ দাসৰ 'ডাৱৰ আৰু নাই' দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াবহতাৰ লগতে যুদ্ধৰ ফলত মানৱতাহীন কার্য, সামাজিক জীৱনলৈ অহা দ্রুত পৰিবৰ্তনৰ চিত্ৰ এখন অংকিত কৰিছে যদিও ইয়াৰ মাজেৰে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সুৰ অনুৰণিত হৈছে। যোগেশ দাসৰ মতে সেই সময়ত গান্ধীজীৰ প্রতি অসীম শ্রদ্ধা, তেওঁৰ দ্বাৰা পৰিচালিত স্বাধীনতা আন্দোলন, বিশেষকৈ এদল ৰাজনৈতিক কৰ্মীৰ সশস্ত্ৰ বিদ্ৰোহৰ মানসিকতাই মোক আকৰ্ষণ কৰিছিল।' দেশৰ স্বাধীনতা আন্দোলনত অংশ গ্রহণ নকৰিলেও বাখৰৰ মনত স্বদেশপ্ৰেমৰ ভাবাৱেগে স্পৰ্শ কৰিছে। বাগিছাত ৰাতি ৰাতি অৱতাৰ পূজাৰ নামত হোৱা কীৰ্ত্তনৰ প্ৰসংগ আনি লেখকে গান্ধীজীৰ সমসাময়িক অহিংসা আন্দোলনৰ কথাও উপন্যাসখনলৈ আনিছে। যুদ্ধকালীন সময়ছোৱাত গান্ধীজীৰ অহিংসা আন্দোলনৰ বিপৰীতে অস্ত্ৰ ধাৰণ কৰা উগ্রবাদীসকলৰ উত্থানৰ চেষ্টাত আলোকপাত কৰিবলৈ ঔপন্যাসিকে জীৱন বৰুৱাৰ কাহিনীটো অন্তর্ভুক্ত কৰিছে। কাৰাগাৰত বাখৰ আৰু জীৱন বৰুৱাৰ মাজত হোৱা কথোপকথনৰ জৰিয়তে ভাৰতৰ স্বাধীনতা আন্দোলনৰ বহু দিশ উন্মোচিত কৰিছে।
গান্ধীজীয়ে স্বাধীনতা আন্দোলনত এক পদযাত্ৰাৰ নেতৃত্ব দিছে
ঠিক একেদৰে দেৱেন্দ্র নাথ আচার্যৰ 'অন্য যুগ অন্য পুৰুষ' উপন্যাসখন প্রাকস্বাধীন কালৰ অসমৰ বাস্তৱ জীৱনধাৰাক নিটোল ৰূপত দাঙি ধৰিবলৈ সমৰ্থ হৈছিল। প্ৰকৃততে উপন্যাসখন স্বাধীনতা আন্দোলনৰ আধাৰত আগবাঢ়ি নগ'লেও তাৰ কিছু ৰেঙণি দেখিবলৈ পোৱা যায়। বেলেষ্টাৰে বাগিছা পতাৰ প্ৰসংগত মণিৰাম দেৱানৰ কথাও আনিছে। চন্দ্ৰপ্ৰসাদ শইকীয়াৰ 'তোৰে মোৰে আলোকৰে যাত্ৰা'ত বিয়াল্লিছৰ আন্দোলনত জঁপিয়াই পৰা অৰবিন্দ বন্ধু প্রশান্তৰ মাজেৰে তুলি ধৰিছে। দেশমাতৃৰ সেৱাৰ বাবে নিজৰ কথা নাভাবিলে। অর্থাভাৱৰ মাজতো তেওঁ আন্দোলনত অংশ গ্রহণ কৰে। উপন্যাসখনত স্বাধীনতা আৰু স্বৰাজোত্তৰ সমাজ জীৱনৰ প্রভাৱ প্রত্যক্ষ কৰিব পৰা যায়। উমাকান্ত শৰ্মাৰ উপন্যাস 'চিমচাঙৰ দুটি পাৰ'ত স্বাধীনতাৰ সময়ত দেশ বিভাজৰ হোৱাত গাৰো পাহাৰ অঞ্চলত আইন-শৃংখলাক উপেক্ষা কৰি পাকিস্তানী মানুহে কৰা লুণ্ঠন, হত্যাকাণ্ড আৰু অসহায়বোধ জীৱন গাথা তুলি ধৰিছে। তেওঁৰ 'ৰঙা ৰঙা তেজ' উপন্যাসত স্বাধীনতা যুঁজাৰুসকলৰ হিংসাত্মক কার্যৱলীৰ বৰ্ণনা পোৱা যায়।
সাংস্কৃতিক চেতনা আৰু বৌদ্ধিক মাত্ৰাৰে ভাৰতৰ স্বাধীনতা আন্দোলনত ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই আগবঢ়াই যোৱা বৰঙণি সদায়ে স্মৰণীয় হৈ ৰ'ব। গণজাগৰণৰ বাবে তেওঁ সঙ্গীত, নাট্যকলা তথা সাহিত্যৰ আশ্ৰয় লৈ এক নব্য ধাৰাৰ সূচনা কৰিছিল। 'লভিতা' নাটকৰ মাজত দেখা যায় বিয়াল্লিশৰ গণবিপ্লৱৰ স্বৰূপ। জ্যোতিপ্রসাদে নিজেই কৈছে — "এই নাটকত অসমৰ জনসাধাৰণৰ ওপৰত বিয়াল্লিশ চনৰ বিপ্লৱ আৰু অসমৰ ওপৰেদি যোৱা দ্বিতীয় মহাসমৰৰ ঢৌৱে কেনেদৰে প্ৰতিক্ৰিয়া কৰিছিল তাকেই বাস্তৱিক চিত্র আঁকি দেখুৱাব খোজা হৈছে।"
স্বাধীনতা আন্দোলনে অসমৰ জনজীৱনত যি প্ৰৱল ঢৌ তুলিছিল নাটকখনে তাৰ চানেকি তুলি ধৰে। জ্যোতিপ্ৰসাদৰ বহু গীত আৰু কবিতাৰ মাজত স্বাধীনতা বিপ্লৱৰ তীব্ৰ অণুৰনন হৈছে। স্বাধীনতা সংগ্রামীৰ শক্তি আৰু আত্মত্যাগৰ জলন্ত চানেকি তেওঁৰ কেবাটাও কবিতাৰ উৎসৱ প্রেৰণা। তেওঁৰ বহু কবিতাত মূৰ্ত্ত হৈ উঠিছে গভীৰ স্বদেশানুৰাগ আৰু দেশাত্মবোধ। বিয়াল্লিশৰ গণআন্দোলনত জনসাধাৰণে যাতে স্বতঃস্ফূর্তভাৱে অংশ গ্ৰহণ কৰাৰ বাবে আগ্ৰহী হৈ উঠে তাৰ বাবে তেওঁ বহু অমৰ গীত সৃষ্টি কৰি গৈছে।
ভাৰত ত্যাগ আন্দোলনৰ এক পদযাত্ৰা
স্বাধীনতাৰ আকুল আহ্বানে আছিল বিষ্ণু ৰাভাৰ সৃষ্টিৰ অন্যতম সমল। স্বাধীনতা সংগ্রামত প্রত্যক্ষভাৱে জড়িত হৈ পৰাৰ পিছত অম্বিকাগিৰী ৰায়চৌধুৰীৰ কাব্যিক চেতনাই স্বদেশপ্ৰেমৰ পৰিসৰ লাভ কৰে। লক্ষ্যধৰ চৌধুৰীৰ 'এনিশাৰ অতিথি' একাংকিকা নাটখনৰ কাহিনীৰ মাজেৰে প্ৰৱাহিত হৈছে স্বাধীন ভাৰতৰ স্বপ্ন। মৃদুল কাকতি নামৰ চৰিত্ৰটোৰ মাজেৰে ভাৰতৰ স্বাধীনতা আন্দোলন, সেই আন্দোলনৰ লগত জড়িত হিংসাত্মক কাহিনী আৰু মহাত্মা গান্ধীৰ আদৰ্শাত্মক নীতি উদ্ভাৱিত হৈ উঠিছে। মৃদুল এক বিপ্লৱী চৰিত্ৰ। তেওঁৰ 'উভতি চাওঁঃ ৰাজনীতিৰ ক, খ শিকোঁতে' নামৰ গ্ৰন্থখনত অসমৰ বিয়াল্লিশৰ স্বাধীনতা আন্দোলনৰ বিষয়ে বিস্তাৰিত বিৱৰণ আছে।
স্বাধীনতা আন্দোলনৰ সময়ত হোৱা সাম্প্রদায়িক সংঘৰ্ষই সাহিত্যিক লক্ষ্মীধৰ শৰ্মাৰ সৃজনাত্মক ক্ষেত্ৰখনক প্রভাৱিত কৰিছিল। স্বৰাজৰ লগত সামাজিক প্রশ্নসমূহৰো সমাধান হোৱাটো তেওঁ মনে-প্রাণে বিচাৰিছিল। সেইবাবে 'ৰবিন' নামৰ গল্পটোত ৰবিনৰ মুখৰ সংলাপত এই কথা সুন্দৰকৈ প্ৰকাশ হৈছে। ৰবিনে কৈছে যে যেতিয়ালৈকে সমাজত এক সম্প্রদায় ওপৰত আন এক সম্প্রদায়ৰ আধিপত্য থাকিব, ধৰ্মৰ নামত অধার্মিকতা থাকিব, নীচকুলীয়া মানুহক লৈ ঘৃণাৰ প্ৰবৃত্তি থাকিব, 'নীচকুল' নাম লুপ্ত নহ'ব — তেতিয়ালৈকে আমি আচলতে স্বৰাজৰ কাৰণে উপযুক্ত নহওঁ। (লক্ষ্মীধৰ শৰ্মা ৰচনা সমগ্র)। সমাজ, সাহিত্য আৰু সংগ্ৰাম আছিল তেওঁৰ জীৱন দৰ্শন।
পদ্মনাথ গোহাঞিবৰুৱাই 'গাওঁবুঢ়া' নামৰ নাটকখনৰ মাজেৰে সেইকালৰ বিদেশী শাসন ব্যৱস্থাৰ ছবি এখন তুলি ধৰিছিল যদিও স্বাধীনতা বিপ্লৱৰ ৰেঙণি পৰিস্ফুট হোৱা নাছিল। স্বদেশানুৰাগেৰে সাহিত্য চৰ্চা কৰা আন এগৰাকী সাহিত্যিক আছিল প্ৰসন্নলাল চৌধুৰী। চৌধুৰীৰ জয়যাত্রা, কণ্টক উপহাৰ, নেতাজী সুভাষ, কনকলতা তুমি নাযাবা আদি কবিতাৰ মাজেৰে দেশ তথা বীৰ-বীৰঙ্গনাৰ আগ আৰু দেশপ্ৰেমৰ ভাৱ প্ৰকাশি উঠিছে। 'সহমৰণৰ প্রকৃত চিত্ৰ'ত ভাৰত আৰু দেশবাসীৰ প্ৰতি বৃটিছৰ বিষোদগাৰৰ তীব্ৰ প্ৰতিবাদ মুখৰিত হৈছে। '১৮৫৭' নামৰ নাটকত যুগল দাসে এক সার্থক ছবি তুলি ধৰিছে। শৰৎ চন্দ্ৰ গোস্বামীয়ে 'দিল্লী কা লাড্ডু', 'শহুৰ জোৱাই', 'পণ্ডিত বাবু', 'পঢ়াশালি পৰিদর্শন' আদি গল্পৰ জৰিয়তে ইংৰাজৰ অন্ধ অনুসৰণ কৰি নিজস্ব সংস্কৃতিক বিসর্জন দিয়াৰ বিষয়টোক আলোকপাত কৰিছে। দৈৱচন্দ্ৰ তালুকদাৰৰ উপন্যাসত গান্ধীবাদী আদর্শ দেখিবলৈ পোৱা যায়। আনহাতে ধ্বনিকবি বিনন্দ চন্দ্ৰ বৰুৱাৰ শঙ্খধ্বনি, প্রতিধ্বনি স্বদেশপ্ৰেমৰ উজ্বল নিদর্শন।
অসম সাহিত্য সভা অধিৱেশনৰ এক মুহূৰ্ত
অসমীয়া সাহিত্যত ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰাণ প্রতিষ্ঠান এই প্রয়াসে অসমীয়া সাহিত্যত এক নতুন চিন্তাৰ প্ৰৱাহ বোৱাই আনিছে। ভাৰতৰ স্বাধীনতা সেনানীসকলৰ চৰম ত্যাগ, দেশমাতৃৰ প্রতি দেখুওৱা অনন্য নিদর্শনৰ ভেটিত প্রণালীবব্ধ অধ্যয়ন আৰু সাহিত্য সৃষ্টিৰ প্ৰয়োজনীয়তা আহি পৰিছে। নতুন প্ৰজন্মৰ সাহিত্যিকসকলে এই দিশত আত্মনিয়োগ কৰিলে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী হোৱাৰ লগতে স্বদেশানুৰাগৰ এক বৌদ্ধিক মাত্রা সংযোজিত হ'ব।
(লেখক এজন তথ্য আৰু জনসম্পৰ্ক, অসম, বিভাগৰ উপ সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ জনসম্পৰক্ষী কোষৰ সৈতে সংসংলগ্ন)