মনজিৎ কলিতা
নিৰ্বাসিত জীৱন পৰিক্ৰমা সামৰি যোৱা মাহত শেষ নিশ্বাস ত্যাগ কৰা পাকিস্তান বংশোদ্ভৱ লেখক তাৰিক ফতেহে (Tarek Fatah) এটা সাক্ষাৎকাৰত কৈছিল- ভাৰতত লাভ জেহাদৰ দৰে প্ৰসংগ অশোভনীয়৷ ভিন্নধৰ্মী নাগৰিকৰ জন্মভূমি ভাৰতবৰ্ষ এখন বাগিচাৰ দৰে৷ পুষ্পসজ্জিত উদ্যানৰ দৰে দেশখনত প্ৰণয়প্ৰাৰ্থীৰ ধৰ্মান্তৰৰ বিষয়ে সৰৱ চৰ্চা লজ্জাজনক৷
পাকিস্তানত জন্মিও নিজকে সদায় ভাৰতীয় বুলি গণ্য কৰা ফতেহে লাভ জেহাদৰ দৰে প্ৰসংগৰ বিষয়ে চৰ্চা নকৰিবলৈয়ো উপদেশ দিছিল৷ স্বদেশৰ পৰা নিৰ্বাসিত হৈ কানাডাত বসতি স্থাপন কৰা ফতেহে বাৰম্বাৰ কৈছিল-বিশ্বৰ সবাতোকৈ প্ৰাচীন সভ্যতা ভাৰতত আলোচ্য বিষয় হ’ব লাগে ব্ৰহ্মাণ্ডৰ কল্যাণ সাধনৰ বিষয়ে৷ পিছে সাম্প্ৰতিক সময়ত পুনৰ এই বিতৰ্ক তুংগত উঠিছে৷ সদ্যমুক্তিপ্ৰাপ্ত ‘দ্য কেৰালা ষ্ট’ৰী’ শীৰ্ষক ছবিখনত এখন ৰাজ্যৰে হাজাৰ হাজাৰ যুৱতীয়ে ধৰ্মান্তৰৰ পিছত মধ্যপ্ৰাচ্যলৈ জেহাদৰ বাবে ৰাওনা হোৱাৰ কাহিনীয়ে অবাঞ্চিত বিবাদৰ সূত্ৰপাত কৰিছে৷
অৱশ্যে ধৰ্মান্তৰকৰণৰ প্ৰসংগ ভাৰতত নতুন নহয়৷ একাংশ ইতিহাসবিদৰ ভাষ্য অনুসৰি প্ৰাচীন মোগল শাসনৰ সময়তে বিশাল ভাৰত ভূ-খণ্ডত ধৰ্মান্তৰকৰণ চলিছিল৷ আনকি দেশৰ ৮০-৯০ শতাংশ মুছলমানৰে পূৰ্বজ হিন্দুমূলীয় বুলিও লিখিত বিৱৰণ পোৱা যায়৷ কিন্তু এনে বিতৰ্কৰ লগতে ‘দ্য কেৰালা ষ্ট’ৰী’ৰ নতুন ব্যাখ্যাই দেশত অনাহূত বিবাদৰো সূচনা কৰিলে৷ ছবিখনৰ ট্ৰেইলৰৰ বৰ্ণনা অনুসৰি কেৰালাৰ কমেও ৩২ হাজাৰ যুৱতী ধৰ্মান্তৰিত হৈ সন্ত্ৰাসবাদী সংগঠন আইছিছত ভৰ্তি হৈছে৷ অৱশ্যে তিনিগৰাকী ধৰ্মান্তৰিত যুৱতীৰ বিষয়েহে বিৱৰণ কৰা হৈছে বুলি পৰিচালকে স্পষ্টীকৰণ প্ৰদান কৰিছে৷
কেৰেলা ষ্ট্ৰৰীৰ কভাৰ ফটো
সংখ্যা যিমানেই নহওক কিয়, এই প্ৰসংগত সম্প্ৰতি দুটা শিবিৰৰ সৃষ্টি হৈছে৷ কিন্তু কেন্দ্ৰীয় গৃহ বিভাগে তিনিবছৰৰ পূৰ্বেই প্ৰকাশ কৰা তথ্যমৰ্মে ভাৰতৰ প্ৰায় ২০০ যুৱক-যুৱতী আইছিছৰ সৈতে সংযুক্ত হৈছে৷ ইয়াৰ প্ৰায় দুকুৰি কেৰালাৰ৷ পিছে দেশৰ আন প্ৰান্তৰ তুলনাত কেৰালাত অধিক ধৰ্মান্তৰকৰণ পৰিসংখ্যায়ো অস্বীকাৰ কৰা নাই৷
আনহাতে বিগত সময়ত ভাৰতৰ একাংশ যুৱক-যুৱতী ইছলামিক মৌলবাদীৰ সৈতে জড়িত হৈ পৰা বুলিও বাৰম্বাৰ তথ্য প্ৰকাশ পাইছিল৷ নিৰ্মাতাই দাবী কৰা অনুসৰি দ্য কেৰালা ষ্ট’ৰী কোনোপধ্যে হিন্দু অথবা খ্ৰীষ্টানৰ পৰা ইছলামলৈ ধৰ্মান্তৰৰ আধাৰত নিৰ্মিত ছবি নহয়৷ এই চলচ্চিত্ৰৰ কাহিনী হৈছে কোমলমতীয়া ভাৰতীয়ৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্কহে৷
পিছে প্ৰেম বা আন কাৰণত ধৰ্মান্তৰৰ পিছত অচিনাকি দেশলৈ গৈ বিশেষকৈ যুৱতীয়ে জেহাদত লিপ্ত হোৱাৰ তথ্য কিমান শুদ্ধ? বৰ্তমান যি কেৰালাৰ কাহিনীক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত হৈছে সেইখন ৰাজ্যতে পৃথিৱীৰ প্ৰথমটো মছজিদ নিৰ্মাণ কৰা হৈছিল৷ উল্লেখ্য যে, মুছলমানৰ জন্মস্থান হ’লেও আৰবৰ সলনি ভাৰতৰ প্ৰাচীন মালাবাৰ উপত্যকাতহে বিশ্বৰ প্ৰথম ইছলামধৰ্মীয় উপাসনাস্থলী মোগল সম্ৰাটে নিৰ্মাণ কৰিছিল৷
প্ৰতিনিধিত্বমূলক ফটো
পাকিস্তান বংশোদ্ভৱ তাৰিক ফতেহে এই উপাসনাস্থলীৰ বিষয়েও বৰ্ণনা কৰিছিল৷ তেওঁৰ বিৱৰণ মতে ভাৰত উপ-মহাদেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল হৈছে বৈদিক মুছলমান৷ আনহাতে সম্প্ৰীতিৰ এই নিদৰ্শন এতিয়াও কেৰালাত জাজ্জ্বল্যমান হৈ আছে৷ সমুদ্ৰৰ মাজৰ দ্বীপপুঞ্জৰ সৰ্বধৰ্মীয় উপাসনাস্থলীত হিন্দু-মুছলমান-খ্ৰীষ্টান সকলোৱে একেলগে আগবঢ়াইছে নৈবেদ্য৷
কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰমৰ পালায়ম নামৰ ঠাইৰ এক অনন্য দৃশ্যই সকলো সময়তে মুগ্ধ কৰিছে পৰ্যটকক৷ উক্ত স্থানৰ পথৰ দাঁতিত একেলগে স্থাপন কৰা হৈছিল মন্দিৰ আৰু মছজিদ৷ শতিকাপ্ৰাচীন এই ভিন্নধৰ্মীয় উপাসনাস্থলী এতিয়াও সগৌৰৱেৰে থিয় দি আছে৷ পথৰ সিপাৰে স্থাপন কৰা হৈছিল যীশুখ্ৰীষ্টৰ মূৰ্তি৷
সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি বৰ্তমানো পালায়মত মহানতাৰ বাণী বিলাইছে যীশুৱে৷ তেনে উদাহৰণ কেৰালাত অলেখ৷ ৰাজ্যখনৰ কোঝিকোড়ে এলেকাত ৫ দশকজুৰি একেলগে উপাসনা কৰিছে হিন্দু আৰু মুছলমানে৷ দীৰ্ঘকাল পূৰ্বেই নিৰ্মিত হমছকুলংগাৰা মেলেডাটু শিৱ মন্দিৰৰ গাতে লাগি আছে বিশাল মছজিদ৷ কট্টিলাপীড়িকা নামৰ স্থানত মন্দিৰ-মছজিদৰ অনন্য একক অৱস্থান দৰ্শনৰ বাবেই বছৰৰ ভিন্ন সময়ত অলেখ লোকৰ সমাগম ঘটে৷
ছবিখনৰ এক দৃশ্যাংশ
ধৰ্মীয় ঐক্যৰ বাবে জনাজাত কেৰালাৰ বিষয়ে শেহতীয়াকৈ মুক্তি লাভ কৰা ছবিখনক লৈ বিতৰ্কৰ সূত্ৰপাত হোৱাটো স্বাভাৱিক কথা৷ অৱশ্যে দেশৰ আন প্ৰান্তৰ দৰে কেৰালাতো ভিন্ন সময়ত সাম্প্ৰদায়িক শক্তিয়ে অশান্তিৰ সৃষ্টি কৰিছে যদিও সামাজিক জীৱনত ইয়াৰ কোনো প্ৰভাৱ পৰা নাই৷ তাৰ মাজতে দ্য কেৰালা ষ্ট’ৰীত বৰ্ণিত কাহিনীৰ আছে অন্য এক দিশ৷
কেৰালা বিধানসভাত ইতিপূৰ্বে দাখিল কৰা তথ্যমৰ্মে বিগত সময়ত ৰাজ্যখনৰ এচাম লোকে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ খবৰৰ সত্যতা নুই কৰিব নোৱাৰি৷ ইতিমধ্যে আফগানিস্তানতো ৰাজ্যখনৰ যুৱক-যুৱতী জেহাদত লিপ্ত হোৱাৰ খবৰ প্ৰকাশ পাইছে৷ তালিবানৰ যৌনদাসী হোৱা যুৱতীয়ে স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে চৰকাৰৰ ওচৰত আৰ্জি পেছ কৰিছে৷
দ্য কেৰালা ষ্ট’ৰীৰ কাহিনীত ভাৰতীয়ত্বৰ পৰা আঁতৰি আৰবীয় সংস্কৃতিৰ প্ৰতি এচাম লোকে আনুগত্য প্ৰদৰ্শন কৰাৰ বিষয়ে বৰ্ণনা শুদ্ধ বুলিও নিৰপেক্ষ বিশ্লেষকে প্ৰকাশ কৰিছে৷ তেওঁলোকৰ ব্যাখ্যা অনুসৰি স্বদেশৰ নীতিক অৱজ্ঞা কৰি এচাম লোকে আইছিছৰ জেহাদৰ সৈতে লিপ্ত হোৱাৰ বিষয়ে তথ্যপূৰ্ণভাৱে ছবিখনত বৰ্ণনা কৰা হৈছে৷ আনহাতে নিৰপেক্ষভাৱে বিশ্লেষণ কৰি কেইবাগৰাকী লেখকে ধৰ্মান্তৰৰ তথ্যও নাকচ কৰা নাই৷ তেওঁলোকৰ ব্যাখ্যা অনুসৰি ভিন্নস্থানত সম্প্ৰতি ব্যক্তিবিশেষক ধৰ্মান্তৰ কৰা হৈছে৷
ঈশ্বৰৰ আপোন দেশ হিচাপে জনাজাত কেৰালাৰ কাহিনীৰে নিৰ্মিত দ্য কেৰালা ষ্ট’ৰীত অন্তৰ্দেশীয় প্ৰেক্ষাপটৰ বিষয়ে বিকৃত অৱলোকনো দৰ্শকে অস্বীকাৰ কৰিছে৷ কিন্তু ভাৰতীয়ত্বৰ বিপৰীতে গৈ যুৱতীকুলৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জেহাদীৰ সম্পৰ্কৰ বৰ্ণনাৰ পাৰ্শক্ৰিয়া ভৱিষ্যতৰ বাবে লক্ষ্যণীয় হ’ব৷
(লেখক এজন সাংবাদিক আৰু নিবন্ধকাৰ)