ভিৰৰ মাজত মানুহৰ জীৱন; পদপিষ্ট আৰু গণ আতংক

Story by  atv | Posted by  Munni Begum • 1 d ago
দিল্লীৰ ৰে'ল ষ্টেচনৰ পদপিষ্ট ঘটনাৰ এক দৃশ্য
দিল্লীৰ ৰে'ল ষ্টেচনৰ পদপিষ্ট ঘটনাৰ এক দৃশ্য
 
ড০ শৰৎ বৰকটকী   
 
দুদিন মানৰ আগতে কাৰ্লোছ জোচে কেম্বল'ৰ CROWD CRUSH নামৰ অনলাইনত উপলব্ধ উপন্যাস এখন পঢ়িছিলো। তাৰ পিছত মানৱ আচৰণৰ কৰুণ আৰু উশৃংখল পৰিণতিৰ  ফলত মানৱ পদপিষ্ট ঘটনাত মৃত্যু আৰু  মানুহৰ নিষ্ঠুৰ  মানসিকতাৰ উদ্বেগজনক ঘটনাৰ বিৱৰণী, ইতিহাস আৰু বিজ্ঞান মানসিকতাৰ ওপৰত লিখা উপন্যাস, প্ৰৱন্ধ আদিৰ কিতাপ বিচাৰিবলৈ আৰম্ভ কৰিছিলোঁ। একবিংশ শতিকাত বিজ্ঞানৰ জয় যাত্ৰাৰ সময়ত মানুহৰ অন্তহীন দুৰ্গতিৰ ছবিবোৰ মনলৈ অহাৰ সময়তেই যোৱা ১৫ ফেব্ৰুৱাৰী তাৰিখে নতুন দিল্লীৰ ৰে'ল ষ্টেচনত মহাকুম্ভগামী ভক্তৰ বিশৃংখল ভিৰত পদপিষ্ট হৈ ১৮ জনৰো অধিক লোকৰ প্ৰাণহানি হোৱাৰ খবৰ পঢ়িবলৈ পালোঁ। বেচৰকাৰী সূত্ৰত মৃত্যুৰ সংখ্যা আৰু বেছি হব পাৰে। 
 
এনে গণ আতংকৰ ঘটনা নতুন নহয়। ইয়াৰ আগতে গঙ্গাৰ পাৰত প্ৰয়াগৰাজত ২৯ জানুৱাৰীত ৩০ জন লোকে পদপিষ্ট ঘটনাত প্ৰাণ হেৰুৱাইছে। পুণ্য অৰ্জন কৰিবলৈ ঢাপলি মেলা ভক্তৰ মৃত্যু এইবাৰ যে প্ৰথম হৈছে এনে নহয়। আগতেও এনে ঘটনা ঘটিছে। ২০০৫ চনত মান্ধাৰ দেৱী মন্দিৰত পদপিষ্ট হৈ ২৬৫ জনে প্ৰাণ হেৰুৱাইছিল, ২০০৮ চনত চামুণ্ডা মন্দিৰত ২৫০ জনে প্ৰাণ হেৰুৱাইছিল। ২০২৪ চনত উত্তৰ প্ৰদেশৰ হাথৰাছত ১২১ জনে প্ৰাণ হেৰুৱাইছিল। উত্তৰ প্ৰদেশৰ হাথৰাছৰ ‘সৎসংগ’ত ১২১ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া ঘটনাৰ মূল কাৰণ আছিল অতিমাত্ৰা জনসমাগম। 
 
দেশে দেশে বেলেগ বেলেগ কাৰণত পদপিষ্ট হৈ মানুহে প্ৰাণ হেৰুৱাইছে। ১৯৯০চনত মক্কা সুৰংগত পদপিষ্ট হৈ ১,৪২৬ জন লোকৰ প্ৰাণহানি হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত,ইউৰোপৰ দেশবোৰতো পদপিষ্ট হৈ মানুহে প্ৰাণ হেৰুৱাইছে। ১৯৮৯ চনত ইংলেণ্ডৰ হিলছব'ত ফুটবল খেল চাবলৈ যোৱা দৰ্শকৰ ৯৭ জনৰ পদপিষ্ঠত মৃত্যু হৈছিল। তুলনামূলক ভাৱে তৃতীয় বিশ্বৰ দেশত পদপিষ্টৰ ঘটনা সৰ্বাধিক।
 
২০২৪ চনত উত্তৰ প্ৰদেশৰ হাথৰাছৰ সৎসংগ অনুষ্ঠানত হোৱা ভিৰৰ এক দৃশ্য
 
ভিৰ বুলি ক'লে যেতিয়া প্ৰতি বৰ্গমিটাৰত আঠৰ পৰা দহজন লোকৰ সমাগম হয় তেতিয়া মানুহৰ ভিৰ হৈছে বুলি কব পাৰি। এই ভিৰত মানুহবোৰে কিবা কাৰণত উত্তেজিত হৈ বা কিবা লক্ষ্যত উপনীত হবলৈ বা কিবা হেৰুওৱাৰ ভয়ত আতুৰ হৈ দৌৰিবলৈ আৰম্ভ কৰি কাৰোবাক থেলি, কাৰোবাক গচকি আগুৱাই যোৱাৰ চেষ্টা কৰে, ইজনে সিজনৰ ওপৰত হেঁচা মাৰি ধৰে আৰু ভিৰৰ গতি নিজৰ ইচ্ছাৰ বিৰুদ্ধে যাবলৈ আৰম্ভ কৰে। এই অৱস্থাত ভিৰটো ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ লয়, মানুহক  মানুহে ভৰিৰ পৰা ঠেলি দি মাটিত পেলাই দিয়াৰ লগতে ভৰিৰে গচকি বা চেপি ধৰা বাবে আৰু অধিক ঘনত্বত প্ৰতিজন ব্যক্তিৰ ওপৰত হোৱা চাপৰ ফলত তেওঁলোক থিয় হৈ থকাৰ সময়তে থেতেলিয়াই পেলোৱা বাবে বা শ্বাসৰুদ্ধ হৈ মৃত্যু মুখত পৰে।
 
পদপিষ্ট যাক ইংৰাজীত ষ্টেম্পেড বুলি কয়। আগতে গৰু বা মহৰ জাক কেতিয়াবা ভয়ত হুৰিমাৰি লৰমৰা ক্ষেত্ৰত এই শব্দটো ব্যৱহাৰ হৈছিল। পদপিষ্ট হোৱাৰ কাৰণ হৈছে অযুক্তিকৰ, আত্মধ্বংসী, অচিন্তাশীল আৰু অযত্নহীনভাৱে আচৰণ কৰাৰ বাবে, অজ্ঞানতা আৰু প্ৰশাসনৰ দুৰ্বল পৰিকল্পনা, অপব্যৱস্থাপনা, দুৰ্বল নিয়ন্ত্ৰণ আদি। পদপিষ্ট সময়ত পৰি যোৱা মানুহক আন মানুহে ভৰিৰে গচকিব পাৰে যদিও মৃত্যুৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল কম্প্ৰেছিভ এছফিক্সিয়া, যিটো বিপজ্জনক অৱস্থা, যিটো শৰীৰৰ ওপৰত বাহ্যিক চাপৰ ফলত উশাহ-নিশাহ বন্ধ হৈ যায়। 
 
চিকিৎসকৰ মতে, এই পদপিষ্ট (ষ্টেম্পেড)ত আক্ৰান্ত লোকৰ মৃত্যু হয় আঘাতজনিত শ্বাসৰুদ্ধ হোৱাৰ বাবে। বৃহৎ ভিৰৰ মাজত সোমাই গ’লে মানুহে ব্যক্তিগত পৰিচয় আৰু ব্যক্তিগত দায়িত্ববোধ হেৰুৱাব পাৰে যাৰ ফলত বিপদজনক কাৰ্য্যৰ সৃষ্টি হ’ব পাৰে। ভিৰৰ মাজত উত্তেজিত পৰিস্থিতিয়ে আতংকৰ সূচনা কৰিব পাৰে, যাৰ ফলত অযুক্তিকৰ আচৰণ আৰু পদপিষ্টৰ দৰে ঘটনা সৃষ্টি হয়। ভিৰৰ ভয়ংকৰ ৰূপ সৃষ্টিৰ আঁৰত যি কোনো এটা পৰিঘটনাৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত হৈ থকাৰ সময়ত সাময়িকভাৱে গোট খোৱা মানুহৰ দলটোৰ কাৰ্য্যকলাপ বা আচৰণ নিৰ্ভৰ  কৰে। ভিৰৰ স্বভাৱৰ ওপৰত নিৰ্ভৰ কৰি এনে আচৰণৰ পাৰ্থক্য থাকিব পাৰে। বিশেষজ্ঞ সকলে এই কথা খিনি ইংৰাজীত লিখিছে: "The activities or conduct of a group of people who congregate temporarily while their attention is focused on the same object or event. Such behaviour may differ depending on the nature of the crowd". 
 
মক্কাত হজযাত্ৰীসকলৰ ভিৰ
 
১৫ ফেব্ৰুৱাৰীৰ নতুন দিল্লীৰ ৰে'ল ষ্টেচনৰ পদপিষ্ট ঘটনাটো উদাহৰণ হিচাবে ললে দেখা পোৱা যায় যে, ভাৰতত ভিৰ নিয়ন্ত্ৰণ কৰা ব্যৱস্থাপনা আজিও যথোচিতভাৱে উন্নত নহয়। কেইবছৰমানৰ আগতে চীন দেশলৈ যাওঁতে ৰে'লত যাত্ৰী নিয়ন্ত্ৰণৰ সু পৰিকল্পিত ব্যৱস্থাপনা দেখা পাইছিলোঁ। ষ্টেচনত বেছি যাত্ৰী হ'লে ষ্টেচনৰ বাহিৰতে যাত্ৰীক নিয়ন্ত্ৰণ কৰা হয়। ইংলেণ্ডলৈ যোৱা বছৰত গৈ দেখিলোঁ ৰেলত যাত্ৰী যাবলৈ সোমোৱা পথ বেলেগ, ওলোৱা পথ বেলেগ। কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সকলো নিয়ন্ত্ৰণ হয়। যাত্ৰী বেছি হলে ষ্টেচনৰ যাত্ৰী বহা কোঠাত বহিবলৈ দিয়া হয়। ৰে'লত উঠিবলৈ দৌৰা দৌৰি কৰিব নোৱাৰে। এক মিনিট দেৰি নকৰাকৈ ৰে'ল চলাচল কৰে। 
 
বিষ্টল বিশ্ববিদ্যালয়ত কৰ্মৰত অধ্যাপক, গৱেষক ড০ জগন্নাথ বিশ্বকৰ্মাৰ সৈতে ৰে'লেৰে আমি এডিনবাৰ্গ, অক্সফোৰ্ড বিশ্ববিদ্যালয় আদি ঠাইলৈ গৈছিলো। আমাৰ বেগবোৰ বহা ঠাইৰ আঁতৰত ৰেগ এটাত শিকলি নমাৰাকৈ মুকলিভাৱে থৈ যাত্ৰা কৰিব লগা হৈছিল। চুৰ হোৱাৰ ভয় নাই। ৰে'ল সেৱাত বিমান সেৱাৰ দৰে খোৱা বোৱাৰ ব্যৱস্থা আছিল। বিশেষ পাৰ্থক্য নাই। সকলো পৰিষ্কাৰ, পৰিচন্ন। ভাৰতত তেনে ব্যৱস্থা এটা কেতিয়া আৰম্ভ হব?
 
ভাৰতৰ কিছুমান ঠাইত টিকট বিহীন যাত্ৰীৰ গুণ্ডামী, অকলশৰীয়া নাৰীৰ নিৰাপত্তা অভাৱ আদি বছৰে বছৰে চলি আহিছে। চাইকেল, খৰি, ছাগলী লৈ যাত্ৰীৰ ডবাত মানুহ উঠে। এইবিলাক নিয়ন্ত্ৰণ নহলে, সময়মতে ৰে'ল চলাচল নকৰিলে পদপিষ্ট দৰে ঘটনা নিয়ন্ত্ৰণ কৰিব নোৱাৰিব।  চৰকাৰে বিনামূলীয়াকৈ ৰে'লত প্ৰয়াগৰাজলৈ মানুহ নিয়াৰ ব্যৱস্থা কৰা বুলি ভুৱা প্ৰচাৰ চলোৱা বুলি জানিব পৰা গৈছে। মানুহ হিলদল ভাঙি ওলাই আহিছে, লক্ষ্য প্ৰয়াগৰাজ। কেনেকৈ যাব, কাৰ লগত যাব সেইবোৰ ভাবিব পৰা নাই। এনে ভিৰ সৃষ্টিৰ আঁৰত কাৰোবাৰ অসৎ উদ্দেশ্য লুকাই থাকিব পাৰে।
 
১৮৮৩ চনত ইংলেণ্ডৰ চাণ্ডাৰলেণ্ডত হোৱা ভিক্টোৰিয়া হল দুৰ্যোগ নামেৰে জনাজাত পদপিষ্ঠ ঘটনাৰ এক প্ৰতিনিধিত্বমূলক ছবি
 
ভিৰৰ অজুহাত দেখুৱাই কিছুমানে কাৰোবাক শোষণ কৰি আছে। ৰাস্তাত ভিৰ, বাছষ্টেণ্ডত ভিৰ, বজাৰত ভিৰ, বিনামূলীয়াকৈ খাবলৈ দিলেই ভিৰ। চাৰিওফালে ভিৰ। এনে ভিৰ এৰিব বিচাৰি কিছুমানে বক্ৰ পথেৰে আমেৰিকা, কানাডা, ইংলেণ্ড আদিলৈ পলাই যাওঁতে সৰ্বশ্ৰান্ত হৈ বিদেশৰ সৈন্য বাহিনীৰ জোৱানৰ হাতত বন্দী হৈছে। আকৌ ভিৰৰ মাজলৈ ঘূৰি আহিছে।
 
১৮৮৩ চনত ইংলেণ্ডৰ চাণ্ডাৰলেণ্ডত হোৱা ভিক্টোৰিয়া হল দুৰ্যোগ নামেৰে জনাজাত পদপিষ্ঠৰ মৃত্যু ঘটনাৰ পিছত ইংলেণ্ডত এখন আইন প্ৰণয়ন কৰা হয়, য’ত পদপিষ্ঠ হোৱাৰ আশংকা নাথাকে। আমাৰ দেশতো ভিৰ নিয়ন্ত্ৰণৰ কঠোৰ আইন এখনৰ প্ৰয়োজন হৈছে। নহ'লে অকালতে বহুতৰে জীৱনৰ বন্তি নুমাব। পদপিষ্ঠত মৃত্যুৰ কীৰিলি, গণ আতংকৰ অৱসান ঘটিব লাগে। ভিৰৰ মাজত আৰু জীৱন শেষ হব নালাগে।