দুধৰ্ষ নক্সালবাদীৰ পৰা ৰাষ্ট্ৰপতিৰ সাঁহসিকতাৰ বঁটা অৰ্জন কৰালৈকে...সঞ্জয় পোটামৰ অতুলনীয় ৰূপান্তৰৰ কাহিনী

Story by  Pallab Bhattacharyya | Posted by  [email protected] • 1 d ago
ৰাষ্ট্ৰপতিৰ সাঁহসিকতাৰ বঁটা লাভ কৰা এসময়ৰ দুধৰ্ষ নক্সালবাদী সঞ্জয় পোটাম
ৰাষ্ট্ৰপতিৰ সাঁহসিকতাৰ বঁটা লাভ কৰা এসময়ৰ দুধৰ্ষ নক্সালবাদী সঞ্জয় পোটাম
 
 পল্লব ভট্টাচাৰ্য্য
 
"জীৱিত থকাৰ আটাইতকৈ ডাঙৰ গৌৰৱ কেতিয়াও বিফল নোহোৱা নহয়, বৰঞ্চ প্ৰতিটো বিফলতাৰ পিছত পুনৰ চেষ্টা কৰাটোহে গৌৰৱৰ কথা।" –নেলচন মেণ্ডেলা
 
প্ৰাচীন জনগোষ্ঠীসমূহেৰে ভৰা ছত্তীশগড়ৰ বাষ্টাৰৰ ঘন অৰণ্যৰ কষ্টকৰ পৰিৱেশত জন্ম হৈছিল সঞ্জয় পোটাম নামৰ এজন ল’ৰাৰ। ভাৰতৰ "ৰেড কৰিডৰ"ৰ মাজমজিয়াত সোমাই থকা তেওঁৰ গাঁওখন আছিল এনে এখন ঠাই য'ত এসময়ত দৰিদ্ৰতা অতি ব্যাপক আছিল, আৰু সুযোগবোৰো যথেষ্ট কম আছিল। জনজাতীয় সমাজৰ সংগ্ৰাম যেনে ভূমিহীনতা, অৱহেলিত, প্ৰশাসন ব্যৱস্থাৰ দ্বাৰা শোষণ আদিৰ সৈতে সঞ্জয়ে নিজৰ শৈশৱৰ দিনবোৰ পাৰ কৰিছিল।
 
প্ৰাকৃতিক সম্পদেৰে চহকী হোৱা সত্ত্বেও বাষ্টাৰ অঞ্চলটো ভাৰতৰ ভিতৰতে অন্যতম দৰিদ্ৰ অঞ্চল আছিল। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বনাঞ্চলৰ সৈতে মিলাপ্ৰীতিৰে বসবাস কৰা জনজাতীয় জনগোষ্ঠীসমূহ এতিয়া খনন প্ৰকল্প আৰু উদ্যোগীকৰণৰ ফলত স্থানচ্যুত হৈ পৰিছে। উন্নয়নৰ প্ৰতিশ্ৰুতিয়ে কেতিয়াও তেওঁলোকৰ গাঁৱ স্পৰ্শ কৰা নাই। মাজে মাজে আৰক্ষীৰ টহল বা দূৰৈৰ পৰা শুনিবলৈ পোৱা হেলিকপ্টাৰৰ শব্দবোৰৰ বাহিৰে তাত চৰকাৰ প্ৰশাসনৰ কোনো অস্তিত্ব দেখিবলৈ পোৱা নাযায়। এই হতাশাজনক পৰিবেশতেই গাঁওখনত শিপা মেলিছিল নক্সালবাদৰ বীজে।
 
শেহতীয়াকৈ আত্মসমৰ্পণ কৰা কেইজনমান নক্সালবাদী (প্ৰতিনিধিত্বমূলক ফটো)
 
১৯৬০ চনত পশ্চিম বংগৰ নক্সালবাৰী নামৰ গাঁওখনত কৃষক বিদ্ৰোহৰ ৰূপত আৰম্ভ হৈছিল নক্সালবাদ বা বাওঁপন্থী উগ্ৰবাদ। ই আছিল হতাশাৰ পৰা জন্ম হোৱা এক আন্দোলন। দুখীয়াক শোষণ কৰা মালিকৰ বিৰুদ্ধে, ন্যায় প্ৰদান কৰিব নোৱাৰা চৰকাৰৰ বিৰুদ্ধে আৰু বৈষম্যক স্থায়ী কৰি ৰখা সমাজৰ বিৰুদ্ধে ক্ষোভৰ বৰ্হিপ্ৰকাশ হিচাপে এই আন্দোলনে তাত শিপা মেলিছিল।
 
দশক দশক ধৰি ই ছত্তীশগড়, ঝাৰখণ্ড, ওড়িশা, অন্ধ্ৰপ্ৰদেশৰ দৰে ৰাজ্যলৈ বিয়পি পৰিছিল, য’ত জনজাতীয় লোক আৰু পিছপৰা সম্প্ৰদায়ে সশস্ত্ৰ বিপ্লৱৰ মাওবাদী মতাদৰ্শত সন্তুষ্টি লাভ কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ অসমতো এটা সময়ত এই মতাদৰ্শৰ সমৰ্থন দেখা গৈছিল। আন্দোলনৰ জৰিয়তে তেওঁলোকে ন্যায়, সমতা আৰু নিপীড়নকাৰী ব্যৱস্থাটোক উফৰাই পেলোৱাৰ প্ৰতিশ্ৰুতি দিছিল।
 
নিজৰ গাঁৱৰ আন বহু যুৱকৰ দৰে সঞ্জয়ো এই মতাদৰ্শৰ প্ৰতি আকৰ্ষিত হৈছিল। তেওঁ নক্সালবাদীক দুখীয়াৰ অধিকাৰৰ বাবে যুঁজ দিয়া যোদ্ধা হিচাপে গণ্য কৰিছিল আৰু তেওঁলোকৰ উন্নত ভৱিষ্যতৰ প্ৰতিশ্ৰুতিত তেওঁ বিশ্বাস কৰিছিল। কিশোৰ বয়সৰ শেষৰ ফালে তেওঁ শ্ৰেণীহীন সমাজৰ দৃষ্টিভংগীৰ প্ৰলোভনত পৰি ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাওবাদী)ত যোগদান কৰে। স্থানীয় ভূখণ্ডৰ বিষয়ে তেওঁৰ বুদ্ধিমত্তা আৰু জ্ঞানে সঞ্জয়ক কমিউনিষ্ট পাৰ্টীৰ এক মূল্যৱান সম্পদ কৰি তুলিছিল আৰু তেওঁ দ্ৰুতগতিত এজন দুধৰ্ষ নক্সাল কমাণ্ডাৰ হৈ পৰে।
 
ছত্তিশগড়ত মূল সূতিলৈ উভতি অহা চাৰিগৰাকী মহিলা মাওবাদী সদস্য (ফাইল ফটো)
 
বছৰ বছৰ ধৰি সঞ্জয়ে নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে অভিযানৰ নেতৃত্ব দিছিল, ভয়াবহ এম্বুছ আৰু লেণ্ডমাইন বিস্ফোৰণ সংঘটিত কৰিছিল। তেওঁ ঘন অৰণ্যৰ মাজত নিজকে নিৰাপদ কৰি ৰাখিছিল আৰু বন্দী হোৱাৰ পৰা হাত সাৰি আছিল। এইদৰে তেওঁ দলটোৰ ভিতৰছোৱাত এক দৃঢ়তাৰ প্ৰতীক হৈ পৰিছিল। কিন্তু সময়ৰ লগে লগে তেওঁক এটা সময়ত অনুপ্ৰাণিত কৰা আদৰ্শবাদ দূৰ্বল হ’বলৈ ধৰিলে। তেওঁ প্ৰত্যক্ষ কৰা হিংসা, ৰক্তপাত, নিৰীহ লোকৰ দুখ-কষ্টই তেওঁৰ বিবেকৰ ওপৰত যথেষ্ট বোজা কঢ়িয়াব ধৰিলে। সঞ্জয়ে প্ৰশ্ন কৰিবলৈ ধৰিলে যে তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰা এই আন্দোলনে সঁচাকৈয়ে প্ৰতিশ্ৰুতি দিয়া পৰিৱৰ্তন আনিছে নে?
 
এদিন তেওঁৰ জীৱনৰ টাৰ্নিং পইণ্টটো আহিছিল, যেতিয়া সঞ্জয়ে উপলব্ধি কৰিলে যে হিংসাৰ আশ্ৰয় লোৱা চক্ৰটোৱে মানুহৰ মাজত অধিক দুখ-কষ্টকহে স্থায়ী কৰি ৰাখিছে। চৰকাৰৰ আত্মসমৰ্পণ কাম পুনৰ্বাসন নীতি (surrender cum rehabilitation policy)য়ে তেওঁক মূলসূঁতিলৈ উভতি অহাৰ এক পথ দেখুৱাইছিল আৰু অস্ত্ৰ-শস্ত্ৰ থৈ নতুনকৈ জীৱনটো আৰম্ভ কৰাৰ সুযোগ পাইছিল। এটা গধুৰ হৃদয় কিন্তু আশাৰ ৰেঙণি লৈ সঞ্জয়ে অৱশেষত ২০১৩ চনত আত্মসমৰ্পণৰ সিদ্ধান্ত লয়।
 
উল্লেখ্য যে, আত্মসমৰ্পণৰ পিছত চৰকাৰে তেওঁক আৰ্থিক সাহায্য, বৃত্তিমূলক প্ৰশিক্ষণ, কাউন্সিলিঙৰ ব্যৱস্থা আগবঢ়াইছিল আৰু তেওঁ নিজেও জীৱনটো নতুন ৰূপত ঘূৰাই অনাৰ সংকল্প লৈছিল। সঞ্জয়ৰ ৰূপান্তৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যেতিয়া তেওঁ ছত্তীশগড় আৰক্ষীত কনিষ্টবল হিচাপে যোগদান কৰিছিল। নক্সালবাদী অভিযান আৰু স্থানীয় ভূখণ্ডৰ বিষয়ে তেওঁৰ গভীৰ জ্ঞান আৰু অভিজ্ঞতাই সঞ্জয়ক ছত্তীশগড় আৰক্ষী বাহিনীৰ বাবে এক অমূল্য সম্পদ কৰি তুলিছিল।
 
নক্সালবাদীৰ এম্বুছত বিধ্বস্ত হোৱা এখন আৰক্ষীৰ বাহন, ছত্তীশগড়ত (ফাইল ফটো)
 
তেওঁ সোনকালে সহকৰ্মী আৰু উৰ্ধতন বিষয়াসকলৰ আস্থা আৰু সন্মান লাভ কৰিছিল আৰু নিষ্ঠা আৰু সাহসৰ বলত তেওঁ কম দিনৰ ভিতৰতে পদোন্নতি লাভ কৰিবলৈ সক্ষম হয়। আজি সঞ্জয় পোটাম এজন ৩ তাৰকাযুক্ত আৰক্ষী বিষয়া, যিয়ে নক্সালবাদ প্ৰতিহত কৰা ব্যতিক্ৰমী সেৱাৰ বাবে তিনিবাৰকৈ ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছে। ৰূপান্তৰৰ এক উল্লেখযোগ্য কাহিনী হিচাপে ২০২৫ চনৰ গণৰাজ্য দিৱসত সংগঠণত বদ্ৰু নামেৰে পৰিচিত প্ৰাক্তন নক্সালবাদী কামাণ্ডো সঞ্জয় পোটামক  প্ৰদান কৰা হৈছে ৰাষ্ট্ৰপতিৰ সন্মানীয় বীৰত্বৰ পদক। ইয়াৰ পূৰ্বে, তেওঁ ২০২১ চনৰ স্বাধীনতা দিৱসত হেড কনিষ্টবল হিচাপে আৰু ২০২২ চনৰ গণৰাজ্য দিৱসত এছ আই (SI) হিচাপে আৰক্ষীৰ বীৰত্বৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
 
হিংসাৰ পথলৈ আকৰ্ষিত হোৱা অথবা বিপথে পৰিচালিত অগণন যুৱকৰ বাবে সঞ্জয়ৰ এই ৰূপান্তৰৰ কাহিনী এক আশাৰ ৰেঙণি। ৰত্নাকৰৰ পৰা বাল্মীকী হোৱাৰ দৰে সঞ্জয়ৰ অতুলনীয় ৰূপান্তৰৰ কাহিনীয়ে এই কথা প্ৰমাণ দিয়ে যে অন্ধকাৰৰ মাজতো পোহৰৰ বাট থাকে; মুক্তি-শান্তি আৰু মৰ্যাদাৰে জীৱন কটোৱাৰ সুযোগ থাকে।
 
উল্লেখ্য যে, ভাৰতত নক্সালবাদৰ উত্থান এক জটিল বিষয়, ইয়াৰ শিপা আৰ্থ-সামাজিক বৈষম্য, ঐতিহাসিক অভিযোগ, আৰু প্ৰশাসনিক প্ৰত্যাহ্বানৰ সৈতে জড়িত হৈ আছে। দৰিদ্ৰতা, বৈষম্য, উন্নয়নৰ অভাৱত পীড়িত অঞ্চলসমূহত উগ্ৰবাদী মতাদৰ্শই পোখা মেলাৰ সুযোগ পায়। কিন্তু সঞ্জয়ৰ ৰূপান্তৰৰ কাহিনীয়ে আমাক সোঁৱৰাই দিয়ে যে ইয়াৰ সমাধান কেৱল নিৰাপত্তা ব্যৱস্থাতেই নহয়, সমস্যাৰ মূল কাৰণসমূহ শিক্ষা, কৰ্মসংস্থাপন, আৰু আলোচনাৰ জৰিয়তে সমাধান কৰাত নিহিত হৈ আছে।
 
ছত্তীশগড়ৰ বাষ্টাৰৰ ঘন অৰণ্য
 
এটা সময়ত সন্ত্ৰাসৰ সৃষ্টিৰে সমাজক অস্থিৰ কৰা সঞ্জয়ে এতিয়া সমাজৰ সুৰক্ষা আৰু উন্নয়ন নিশ্চিত কৰাৰ নামত নিজৰ জীৱন উৎসৰ্গা কৰিছে। তেওঁ চৰকাৰৰ আউটৰিচ কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে, আন নক্সালবাদীসকলক আত্মসমৰ্পণ কৰিবলৈ আৰু মূলসুঁতিৰ সমাজলৈ পুনৰ উভতি আহিবলৈ উৎসাহিত কৰে। তেওঁৰ জীৱনটোৱে এক শক্তিশালী বাৰ্তা দিয়ে যে পৰিৱৰ্তন সম্ভৱ, আনকি অতি প্ৰত্যাহ্বানজনক পৰিস্থিতিতো মানুহে মনৰ দৃঢ়তাৰে পৰিৱৰ্তন সাধন কৰিব পাৰে।
 
সঞ্জয় পোটামৰ কাহিনীয়ে আমাক এই কথা শিকায় যে আমি অন্যায়ৰ সন্মুখত মৌন হৈ থাকিব নালাগে, বৰঞ্চ একত্ৰিত হৈ এনে এখন সমাজ গঢ়ি তুলিব লাগে য’ত প্ৰতিজন ব্যক্তিয়ে উত্থান, সপোন দেখা, আৰু মৰ্যাদাৰ জীৱন যাপনৰ সুযোগ লাভ কৰিব। নক্সালবাদৰ কৰাল গ্ৰাসৰ পৰা ৰঙীন আশাৰ পোহৰলৈ তেওঁৰ অভিনৱ পৰিৱৰ্তনৰ যাত্ৰাই মানুহৰ মনৰ দৃঢ়তা আৰু ইতিবাচক দৃষ্টিভংগীৰ শক্তিক প্ৰমাণিত কৰে।
 
"সৰ্বশেষত আমি শত্ৰুৰ কথা নহয়, বন্ধুৰ মৌনতাহে মনত ৰাখিম।"– মাৰ্টিন লুথাৰ কিং জুনিয়ৰ।
 
(লেখক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান; অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)