অৰুণাচলৰ ওখ টিঙ আৰু ড০ ভূপেন হাজৰিকাৰ সাংস্কৃতিক গৰিমা

Story by  atv | Posted by  Munni Begum • 1 Years ago
ড০ ভূপেন হাজৰিকা
ড০ ভূপেন হাজৰিকা
 
  ড০ নন্দ সিং বৰকলা
 
লোক সংগীতক গণজীৱনৰ গণচেতনাৰে মাটিৰ মৰ্যদাক নতুন সৌন্দৰ্যেৰে ড০ ভূপেন হাজৰিকাই নৃ-গোষ্ঠীয় মানুহৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ জীৱনক নব্য মৰ্যদা দি মানুহে মানুহে উৎসৱ উদ্‌যাপনৰ দুৰন্ত সাংস্কৃতিক চন্দ্ৰাতপ পুতিছিল৷ অসমৰ বুকুৰে বিশ্বত তুলি ধৰিছিল চিয়াং, লুইতৰ জলপ্ৰবাহৰ বিনন্দীয়া গণ জীৱনৰ সাংস্কৃতিক গণ সাহ৷ 
 
তেওঁক এই ক্ষেত্ৰত সহায় কৰিছিল তেওঁৰ গৱেষণাৰ বিষয় 'Role of mass Communication in Indias Adult Education'য়ে৷ এই গৱেষণাৰ বিষয়বস্তুৰ গৰ্ভ চেতনাৰ মৰ্মমাতত কৃষ্টি, সংস্কৃতিৰ জীৱনকালক সংপৃক্ত কৰি তেওঁ উশাহ আৰু কৃষ্টি মৰ্যদাক দুৰন্ত ৰূপ দিছিল৷ যাযাবৰ দীঘলীয়া পথৰ জীৱন পৰিক্ৰমাত উত্তৰ পূৰ্বাঞ্চলৰ মাটি, পানী, মানুহ, পাহাৰ, নদীৰ বহ্নিমান গতিবেগ, লোকাচাৰ, লোককলা, ঐতিহ্যৰ মৰ্ম গভীৰ প্ৰজ্ঞাৰে মানুহৰ ৰন্ধে ৰন্ধে সংস্কৃতিৰ বীজ বুলি সেইবোৰ বিন্দু বিন্দু মৰ্যদাক মহামানৰ সিন্ধু কৰাৰ দুৰন্ত কামত হাত উজান দি গ’ল৷ তেওঁৰ এনে বিৰল, বিমল মানুহৰ সাংস্কৃতিক অভিধাই পৃথিৱীৰ সংস্কৃতিক অমিতাভ চেতনাক দিয়া মানৱতাবাদী বুদ্ধ দৰ্শনৰ বাটেৰে সৃষ্টিৰ মহাঘৰে চিৰদিন অসমীয়া জাতিক আৰু লুইতৰ পাৰৰ সংস্কৃতিক আকৰ্ষিত কৰি মহীয়ান কৰি ৰাখিব৷
 
ৰাষ্ট্ৰপতি পুৰস্কাৰ গ্ৰহণ কৰা মুহূৰ্তত ডঃ ভূপেন হাজৰিকা
 
উত্তৰ পূৰ্বাঞ্চলৰ নৃ-গোষ্ঠীয় মানুহক চহকী কৰি ৰাখিছে বিশাল চিয়াং আৰু অন্যান্য সৰুবৰ নৈৰ বিনন্দীয়া জীৱন কাল, পাহাৰৰ মনোৰম, মনোহৰ ৰূপসজ্জাত ঠন লোৱা মণিপুৰী, নগা, মিজো, খাচী, গাৰো, ৰাভা অৰুণাচলৰ বৰ্ণাঢ্য লোক জীৱন, চাহ জনগোষ্ঠী আদিৰ জীৱনে বিনন্দীয়া কৰি তোলা সমাজৰ সৰল, সহজ তেনেই সাধাৰণ অথচ অসাধাৰণ সাংস্কৃতিক বিজ্ঞান মাতৰ থলুৱা সভ্যতাই৷
 
অৰুণাচল আৰু ড০ ভূপেন হাজৰিকা এক যেন অভিন্ন সত্তা৷ অৰুণাচলৰ বাট-পথ, নৈ, নিজৰা, বৰ্ণময় মানুহৰ জীৱন সুষমাক তেওঁ জীৱনৰ অধিক সময় গৱেষণাৰ ৰঙেৰে তিতাই নিজে চহকী হৈ মানুহক চহকী কৰা তাড়নাৰে অৰুণাচলৰ মাটিক মানুহৰ বন্দনা কৰিছে৷ তেওঁৰ কণ্ঠত নিসৃত হোৱা– 'পুৱতি অৰুণে সুহুৰি মাৰিলে, অৰুণাই পাতিলে আচল, অৰুণাচল বুলি নিজক চিনাকি দি তাৱোঁ বেলেগ হৈ গ’ল৷' 
 
এহাতে ৰ’দৰ বন্দনা, আইৰ আচলৰ মিঠা উম আৰু অন্যহাতে আমাৰ বুকুৰ পৰা অৰুণাচল পৃথক হোৱাৰ বেদনা তেওঁৰ কণ্ঠ অভিব্যক্তিত বিৰল হৈ প্ৰকাশিত হৈছে৷ এই গীতত প্ৰাণৱন্ত হাঁহিত ৰ’দক সাবটি থকা অৰুণাচলে হাজৰিকাদেৱক জীৱনৰ বসন্ত চোৱাৰ হেঁপাহক সংস্কৃতিৰে ভাঙি উৎভাসিত কৰিছে৷
 
'চিয়াঙৰে গালং লোহিত্যৰে খামটি
টিৰাপৰে ৱাংচুৱে মোক কিয় মাতিছে'
 
এই গীতত বৰ্ণিত আনন্দ, ৰং, সংস্কৃতি, ঐতিহ্য, একতা, ঐক্য পাহাৰৰ ওখ চাপৰ সৌন্দৰ্যৰ বৰ্ণনা সাজ-পোচাক, বুদ্ধ, দৰ্শনক বিম্বাশৱদে অতি সু-নিপুন, গৱেষণাৰে বলিস্থ মাত্ৰা দি অসম আৰু অৰুণাচনৰ হৃদয় মনিকোঠৰ সাংস্কৃতিক একতাৰ বৰমেলা পতা দৃশ্য সৰ্জাত টাংচা, পদম, বাংছু, ইদু, গালং, খামতি, আপাতানি, মনপা, কদম ইদো নক্টে, চেৰদুকপেনচা, অকা আৰু বৰীৰ জীৱন কালৰ মৰ্যদাক বিতোপন ৰূপত নান্দনিক কৰি দৃষ্টিনন্দন ৰূপেৰে আমাৰ চকুত তুলি ধৰি নিৰ্মাণ কৰা ছবি আৰু প্ৰতীকধৰ্মী সীমাহীন ৰঙে লোৱা ছান্দসিক জীৱনকাল ছন্দোৱদ্ধ ভাৱেই হৃদয় উদ্বেলিত কৰি দুয়ো ৰাজ্যৰ মানুহক চেনেহৰ বাতিৰে প্ৰেম সাবটি ৰঙৰ চকুলোত হৃদয় তিতোৱা দৃশ্য অতি সাংঘাটিকভাৱে মৰ্মস্পৰ্শী৷
 
মঞ্চত গীত পৰিবেশন কৰি থকা মুহূৰ্তত
 
বুদ্ধৰ মুৰুতি মনপা ককাইটিয়ে হিয়াৰ ওমেৰে দিয়া কথাকলাৰ  গৰ্ভচেতনাত অহিংসাৰ বুদ্ধ দৰ্শনক তীব্ৰ গতিত মাটিলৈ আনি আমাক সেই মাটিৰ মৰ্যদাত থকা মানুহৰ জীৱন আকাশৰ বৰ্ণময় সমাজৰ কথাক চিঞৰিছে৷ অৰুণাচলৰ আপঙৰ সোৱাদে মিতিৰালিৰ বিৰল ধবজাক তুলি ধৰিছে৷ দুয়োখন ৰাজ্যৰ পদূলিৰ ওঠপথপ মনোজগতৰ বৰ্ণনা মননশীল মানুহৰ হৃদয়ক মগজুৰে সংপৃক্ত কৰা পোহৰৰ ৰশ্মিৰ ৰ’দৰ তাপৰ অন্ত্যঃমিলে-অন্তমিলে নতুন মাত্ৰা পৰিগ্ৰহ কৰি আছে৷
 
অৰুণাচলৰ বৰ্ণনা ৰীতি মতেই তেওঁৰ হৃদয়ত মৰ্মস্পৰ্শী চৰিত্ৰেৰে অত্যন্ত নিটোল ধ্ৰুৱবাদী ধ্ৰুৱক চিন্তাৰ প্ৰতিফলন হৈ পাহাৰৰ পৰা ভৈয়ামলৈ পদব্ৰজ যাত্ৰাৰ প্ৰতিতধবনিৰে স্পন্দনশীল হৈ আছে৷ তেওঁৰ ব্যৱহৃত ভাষাত অনুপ্ৰাসৰ প্ৰাচুৰ্যৰ শব্দ অৰ্থেৰে ঐক্য মিলনৰ বিস্তাৰৰ প্ৰতীতিয়ে নতুন প্ৰেম, কৃষ্টি-প্ৰকৃতিৰ বিনন্দীয়া ৰূপত অসম অৰুণাচলক বান্ধি ৰাখিছে৷ তেওঁৰ অৰুণাচলৰ জনগোষ্ঠীৰ নিভাঁজ সাংস্কৃতিক বৰ্ণনা, লোককলা, লোকাচাৰৰ স্বতন্তৰীয়া ছান্দসিক, ছন্দোৱদ্ধ ছন্দস্পন্দনৰ ধবনিৰ আৱেগস্তনিত থকা শিল্প-সৌন্দৰ্য মনোৰম৷ 
 
অৰুণাচলৰ জীৱনকালক অতি ঘনিষ্ঠৰূপত হৃদয়ৰ অন্যতম আবেগ আকুলতাৰে ড০ হাজৰিকাই বুকুত প্ৰতিষ্ঠা কৰাৰ কাল গৰ্ভৰ বৰ্ণনা বিকশিত হৈ আছে তেওঁৰ শদিয়াত ১৯২৬ চনৰ জ্জ্ব চেপ্তেম্বৰত জন্ম হৈ জনজাতীয় মহিলাৰ দুগ্ধপাণেৰে জীৱন বিকশিত কৰাৰ মৰ্মমাতে শদিয়া-অৰুণাচল নিতৌ তেওঁৰ বুকুত জীৱন্ত হৈ ৰ’ল৷ এয়া মাটি প্ৰেম, জন্মৰ বিৰল স্নেহৰ প্ৰেম আৰু পৰৱৰ্তী কালত সাংস্কৃতিক মহাযাত্ৰাৰ প্ৰেম৷ যি বিশ্বমুখী হৈ জগতৰ গণ সমুদ্ৰৰ নতুন ব্যকৰণ হৈছে৷
 
শেহতীয়াকৈ প্ৰয়াত ডঃ ভূপেন হাজৰিকাক গুগলে এইদৰে শ্ৰদ্ধাঞ্জলি জনাই
 
ভয়াৱহ চীন-ভাৰতৰ যুদ্ধ৷ ১৯৬২ চন৷ সেয়া যেন এক  প্ৰচণ্ড কাল অমানিশা৷ মানুহৰ মৃত্যুকাতৰ জীৱন্ত আৰ্তনাদৰ যেন দলিল৷ সেউজীয়া পথাৰ-সমাৰক তেজৰঙা কৰাৰ প্ৰতিযোগিতা৷ দালাই লামাই টাৱাঙৰ পৰা তেজপুৰৰ মাজেৰে পলাই অহা দৃশ্যসজ্জাই, অনেক ঘটনা, অনেক কথাকে প্ৰতিপন্ন কৰিছে৷ তেজপুৰৰ পৰা মানুহৰ পলায়ন হোৱা দৃশ্য মৰ্মান্তিক৷ হিৰণ্য বৰা, বিজিত শইকীয়া, ঐশ্বৰ্য কাকতি আদি একাংশলোকে মানুহক সম্পত্তি আৰু জীৱন ৰক্ষা কৰাৰ কামত স্বেচ্ছাসেৱকৰ ভূমিকা লৈছিল৷ 
 
সেই সময়ত তেজপুৰৰ আৰক্ষী অধীক্ষক আছিল নিশিনাথ চাংকাকতি৷  স্বয়ং জিলাখনৰ উপায়ুক্তই পলাই গৈছিল৷ চীনাসৈন্যৰ আক্ৰমণত টাৱাং আৰু ব'মডিলাৰ জীৱনৰ বিপৰ্যয় আৰু মৃত্যু এক ভাবিব নোৱাৰা ঘটনা৷ সৌভাগ্য যে ১৯৬২ চনৰ চেপ্তেম্বৰ মাহৰ ২০ তাৰিখে হঠাৎ অষ্ট্ৰেলিয়াৰ ৰেডিঅ'ত চীনাই ৰাতি দুই বজাত এক পক্ষীয় যুঁদ্ধ বিৰতি ঘোষণা কৰি অৰুণাচলৰ পৰা আঁতৰি যোৱাত এক ভয়াবহ গণহত্যাৰ পৰা উত্তৰ-পূৰ্বাঞ্চল ৰক্ষা পৰিছিল৷
 
ড০ ভূপেন হাজৰিকাক স্বদেশৰ মাটি প্ৰেমে তেওঁক অৰুণাচলৰ বিস্তৃৰ্ণ এলেকাত লৈ ফুৰিছিল৷ এখন জীপ গাড়ীৰে তেওঁ ভাৰতীয় সৈনিকৰ মৃতদেহ প্ৰত্যক্ষ কৰিছিল৷ চীনৰ কামেং জিলাৰ পদাৰ্পণ আছিল উল্লেখযোগ্য ঐতিহাসিক ঘটনা৷ নৃশংস, মানৱীয়, দানৱ জীৱনৰ ৰঙা তেজৰ বৰ্বৰতাত ড০ ভূপেন হাজৰিকাৰ চকুত প্ৰৱল আকাশী গংগাৰ ঢৌ আৰু শোকৰ ক’লা আকাশ দৌৰি ফুৰিছিল৷ সেই ভয়াবহ দৃশ্য আৰু মৃত্যুমাত তেওঁ ১৯৬২ চনত লিখা প্ৰৱল মাটি প্ৰেমৰ দেশস্নেহৰ গীতত গুঞ্জিত হৈ উঠিছে৷ ভাৰতৰ মহান কৰ্তব্যৰ কথা সোঁৱৰাই দেশক স্বাৱলম্বী আৰু স্বাভিমানী হোৱাৰ কথা কৈছে৷
 
লতা মংগেস্কাৰৰ সৈতে ডঃ ভূপেন হাজৰিকা
 
'কত জোৱানৰ মৃত্যু হ’লযকাৰ জীৱন যৌৱন গ’লয সেই মৃত্যু অপাৰাজেয়য তেনে মৃতক নহ’লোঁ মই কিয়৷' ভাৰতীয় সৈন্যক নিষ্ঠুৰভাৱে কৰা হত্যাত মৰ্মাহত ভূপেনদাই গাইছিল 'আজি কামেং সীমান্ত দেখিলোয দেখি শত্ৰুৰ পশুত্ব চিনিলোঁ আৰু মৃত মৌন শত জোৱানলৈ মোৰ অশ্ৰু অঞ্জলি যাচিলোঁ৷'
 
 
এনেদৰে অৰুণাচলক সুৰক্ষিত কৰাৰ ছবিত ভাৰতৰ সুৰক্ষিত জীৱন বৰ্তি থাকিব এই চেতনাক তেওঁ তীব্ৰ কৰি গাইছিল 'হেনো হিমালয় ভাৰতৰ প্ৰহৰী, তাহানী শুনিছিলো কাহিনীযপিছে মৃত জোৱান সৱেয চিঞৰিছে লাগে এটি জাগ্ৰত কাহিনী৷' কামেঙৰ মাটিৰ তেজৰঙা বৰ্বৰতাত তেওঁ গাইছিল– 'ৰণক্লান্ত নহওঁয ৰণ ক্লান্ত নহওঁযসেই মুহূৰ্তলৈ যি মুহূৰ্ততে  মোৰ সীমাৰ শেষ শত্ৰু দৈত্যটিৰ নহয় মৰণ৷'
 
এনে প্ৰখৰ চেতনাযুক্ত নিৰাপত্তাৰ মননশীল পৰিশীলিত স্বচ্ছ জীৱনবোধক মাটিলৈ টানি অনাৰ দুৰন্ত কামত ড০ হাজৰিকাৰ মনোভংগীৰ তপত উশাহ বিনন্দীয়া জগতৰ সেউজীয়াৰ মাটি বীজ৷ চীনৰ ভৱিষ্যত আগ্ৰাসীভূমিকাক প্ৰতিৰোধ কৰা এনে চেতনা সাংস্কৃতিক মৰ্যদাৰে মানুহৰ বুকুত, ৰাষ্ট্ৰক জাগ্ৰত কৰাৰ দৃষ্টিভংগীৰ দিগন্তপ্ৰসাৰী দিশ-দশাৰ স৫১ঙৰ মৰ্যদা অতি অতুল্য আৰু মানুহক অমৃত গংগাৰ সাংস্কৃতিক পানীৰে স্নান কৰোঁৱাৰ দুৰ্বাৰ প্ৰত্যাশাৰে পৰিপূৰ্ণ৷
 
মহম্মদ ৰফিৰ সৈতে ডঃ ভূপেন হাজৰিকা
 
ড০ ভূপেন হাজৰিকাৰ জীৱন চৰ্যাত অৰুণাচল উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক আৰু প্ৰকৃতিৰ ভূ-স্বৰ্গ৷ এই ভূ-স্বৰ্গ তেওঁ জনমভূমি নামত উৎসৰ্গিত৷ সেয়ে তেওঁ কণ্ঠেৰে  মাতৃ বন্দনা কৰিছে ‘ৰশ্মিৰেখা’ কথাছবিৰ উপেন কাকতিৰ দ্বাৰা ৰচিত তলৰ গীতৰে৷
 
'মন ক্ষণে ক্ষণে বিনায় য মাতৃৰ ঘুমতি হেৰাইয........ আই তোৰ কঁপালত আঁকি দিমযজেউতিৰ তিলক পিন্ধাই দিমযটিৰাপৰ শিখৰত মণিকূট গঢ়ি দিমযহিয়াকে সজাই..... আই তোৰ স্থাপনাত শুৱাই দিমযআই তোৰ চৰণ ধোৱাই দিময অৰুণাচলতে বৰঘৰ সাঁজি দিমযকৃষ্টিক জীয়াই৷' ইমান মাতৃ দৰদী পৱিত্ৰ চেতনা জনমভূমিৰ বুকুত খাপিব পাৰে ভূপেন হাজৰিকা নামৰ সাংঘাটিক জিনিয়াছ মানুহ ভালপোৱা, লুইতৰ উপাসক, জনগোষ্ঠীয় নিভাঁজ প্ৰেম সপি দিব পৰা বিশ্ব গৰিমাৰে সিক্ত মানুহজনেহে৷ 
 
অৰুণাচলৰ বিনন্দীয়া হৃদয় উদ্বেলক প্ৰকৃতিৰ বৰ্ণাঢ্য বৰ্ণময় শোভাক ড০ হাজৰিকাই মানুহৰ মাজলৈ লৈ আহোতে বৰ্ণময় মানুহৰ অৰুণাচলৰ জীৱনবোধক সততে স্বচ্ছতাৰ পোছাক পিন্ধাই জগতক সেই সৌন্দৰ্যৰ বৰ্ণনা কৰিছে এনেদৰে– 'টিৰাপ সীমান্তযৰূপৰ নাই অন্তয নক্টে, ৱাঞ্চু, টাংচা, জুগলিৰ দেখিলো মনৰ সেউজ দিগন্তয সৌৱা টিৰাপৰ কিশোৰ ৱাঞ্চুয তাৰ মুঠিতে জোঙা যাঠি পাঘনুয ডিঙত লিকমনি, মূৰৰ কা (নয সৰু ফানাট মাৰি নাচিছে শোৱাল৷'
 
ডঃ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ
 
টিৰাপ নদীৰ বোৱতী পানীৰ প্ৰতিধবনি, দুপাৰৰ সেউজীয়া পাহাৰৰ আকাশ চোৱাৰ হেঁপাহ, দুপাৰৰ অসম-অৰুণাচলৰ অগণন সৰল খাটিখোৱা মানুহৰ পদব্ৰজ যাত্ৰাৰ কৃষিভূমি.... সকলোৱে গীতটিক ৰসাল কৰি ৰাখিছে৷ গীতটিত বৰ্ণিত পাঘুনু, লিকমনি, ফা(ন, সৰু ফানাট, শোৱাল নৃত্য এইবোৰ লোক সংস্কৃতিৰ বিৰল অমিতাভ প্ৰকাশো ড০ হাজৰিকাৰ বুকুৰে অৰুণাচলক অসমৰ মাজেৰে ভাৰতৰ বুকুহৈ বিশ্বত জিলিকাই ৰাখিছে৷ 
 
অনুভৱ কৰো ভূপেনদাই কলম্বিয়া বিশ্ববিদ্যালয়ত পঢ়া জগতত থাকোতেই বিশ্ব প্ৰসিদ্ধ গায়ক, সমাজৰ সাংস্কৃতিক অভিধাক প্ৰখৰ কৰাৰ সাধক প’ল ৰবচনক লগ পাই লাভ কৰা অভিজ্ঞতাৰ গৰ্ভত আছিল– ৰবচনে জাৰিজুকাৰি তুলি অনা আফ্ৰিকা আৰু পৃথিৱীৰ অন্য প্ৰান্তৰ গ্ৰাম্য, চহৰৰ জনতাৰ লোকজীৱনৰ সেউজক ঐতিহ্যৰ বীজ লোকাচাৰৰ ৰঙৰ দৰে ড০ হাজৰিকাইও অৰুণাচলৰ লোক জীৱনক প্ৰকৃতিৰে স্নান কৰাই লোকাচাৰবোৰক জীৱন্ত ৰূপত কণ্ঠেৰে অনন্যৰূপ দিওতে ভৈয়ামৰ পৰা পাহাৰৰ ওখ টিঙলৈ হৃদয়ক ৰোমাঞ্চিত কৰি¸ মসৃণতাৰ অপূৰ্ব পাচ্যুৰ্যেৰে  আমাক সাবটি আছে৷
 
অকল যে, তেখেতে অৰুণাচলক লৈ – গীতেই গাইছে বা লিখিছে এনে নহয়– অৰুণাচলক সাৱলীলভাৱে প্ৰকাশি ১৯৭৬ চনত 'মেৰা ধৰম মেৰি মা' কথাছবি পৰিচালনাই তেওঁৰ ছবিত অতি বাংময় ৰূপেৰে মননশীল হৈ উঠিছে৷ অৰুণাচল প্ৰচীন নাম নেফাই কামেং সীমান্ত, চিয়াং সীমান্ত, লোহিত সীমান্ত, টিৰাপ আৰু সোৱণশিৰি সীমান্ত বিভক্ত হৈ আছিল৷
 
ডঃ ভূপেন হাজাৰিকাই গীত বাণীবদ্ধ কৰি থকা মুহূৰ্তত
 
১৯৬৯ চনৰ গীত– 'পাহাৰ ভৈয়াম একে কৰা ৰামধেনুৰেই দৰেয তোমাৰ ভাষাৰ মৰমবোৰেয মিলন সেতু গঢ়েয অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ৷' এই গীতত সূৰ্য উঠা দেশ অৰুণাচলৰ বৰ্ণনাৰ শিহৰণকাৰী মনোভংগীত বিশ্বই উত্তৰ পূবৰ ৰাজ্য অসম, অৰুণাচললৈ ডিঙি মেলি চাবলৈ বাধ্য হৈ পৰিছে৷ যিখিনি সময়ত ড০ হাজৰিকাই এই গীত লিখিছিল তেতিয়া অৰুণাচল অসমৰ ভিতৰতে আহিল৷
 
ড০ ভূপেন হাজৰিকাৰ জীৱনৰ বৰ্ণমালাত অৰুণাচল এক নব্য জাগতিক চেতনা/অসংখ্য নৃ-গোষ্ঠীয় সম্প্ৰদায়ৰ সুকীয়া ধৰম, ৰীতি-নীতি, খাদ্য, বস্ত্ৰকলাৰ সৌন্দৰ্যৰ নান্দনিক ৰূপৰ চৰিত্ৰৰ বিতোপন দৰ্শনৰ দৃষ্টিনন্দন ৰূপ ৰং তেখেতৰ হৃদয়েৰে ব্যঞ্জনাময় উশাহৰ বিচিত্ৰ অমিতাভ অতুল্য বৰ্ণনা হৈ আছে৷ মানুহ তেওঁৰ জীৱন দৰ্শনৰ অমৃত বসন্ত শ্ৰেষ্ট সম্পদ৷ এই শ্ৰেষ্ঠ সম্পদ অৰুণাচলৰ বাসিন্দাসকল তেওঁৰ আমঠু৷ সেই আমঠুক অসমৰ মহামিলনৰ তীব্ৰ ব্ৰহ্মপুত্ৰক ইমান সজীৱ বৰ্ণময়ভাৱে অংকন কৰিছে যে সেয়া সেই ৰূপৰেখা পৃথিৱীৰ মাণিক খচিত বাখৰৰ নিৰন্তৰ নব্য পোহৰৰ সমষ্টি হৈ মানুহক আকৰ্ষিত কৰি ৰাখিছে৷
 
বিজ্ঞান বাটৰ সংস্কৃত সভ্যতাক গৱেষণাৰ ৰঙেৰে বুটলি তেওঁ কৰি থৈ যোৱা অৰুণাচলৰ অপাৰ মৰ্যদাক সাবটি তেওঁৰ অসমীয়া গীতবোৰ কোনো ৱাঞ্চু, নক্টে, পদম, খামটি, আলং, আপাটানি সকলে পাহাৰৰ বুকুত গুঞ্জিত কৰি ৰখাটোৱে ড০ হাজৰিকাৰ গীতৰ বিশ্বৰ সৰ্বগ্ৰহণীতাৰ ৰঙক বিম্বাশৱদে প্ৰকাশি আছে৷
 
(ডঃ ভূপেন হাজাৰিকাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে লেখাটো প্ৰকাশ কৰা হৈছে। লেখক অসম আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়া তথা ৰাজ্যৰ এজন বিশিষ্ট কবি, গল্পকাৰ, প্ৰৱন্ধকাৰ, সমালোচক)