চৈয়দ আব্দুল মালিকৰ ৰচনাত মানৱতাবাদৰ সুৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
চৈয়দ আব্দুল মালিক আৰু তেওঁৰ পত্নীয়ে এটি কনমাণি শিশুৰ সৈতে খেলি থকা এক মূহুৰ্ত
চৈয়দ আব্দুল মালিক আৰু তেওঁৰ পত্নীয়ে এটি কনমাণি শিশুৰ সৈতে খেলি থকা এক মূহুৰ্ত
 
  চুভানা চুলতানা আহমেদ
 
সাম্প্ৰতিক সময়ত চৈয়দ আব্দুল মালিকৰ ৰচনাৱলীৰ চৰ্চা প্ৰাসঙ্গিক হৈ পৰিছে। তেওঁ আছিল জাতিয়তাবাদৰ এক বিৰল উদাহৰণ। যেতিয়াই মাতৃভূমি কোনো ৰাজনৈতিক আৰু সামাজিক সংকটৰ সন্মুখীন হয় তেতিয়াই তেওঁৰ ৰচনাত অগ্নিস্ফুলিঙ্গ ফুটি উঠিছিল। আই অসমীৰ সুযোগ্য সন্তান মালিকদেৱ আছিল গভীৰভাৱে মানৱতাবাদী। ধৰ্মীয় সীমাবদ্ধতাৰ উৰ্দ্ধত উঠি তেওঁ হিন্দু-মুছলমান সকলোকে মানৱতাৰ বোধেৰে একত্ৰিত কৰিছিল। মানুহৰ প্ৰতি গভীৰ প্ৰেমেই আছিল তেখেতৰ সৃষ্টিৰ উৎস। সেয়েহে মালিকৰ ৰচনাত মানুহৰ প্ৰতি ঘৃণা আৰু বিদ্বেষৰ অনুভৱৰ কোনো স্থান নাই। 
 
তেওঁ আছিল সত্য আৰু সুন্দৰৰ পূজাৰী। অসমৰ মাটি আৰু মানুহৰ সুখ-দুখ, সংগ্ৰাম,প্ৰেম-অপ্ৰেম,হাঁহি আৰু চকুলো তেওঁৰ গল্পসমূহত ফুটি উঠে। তেওঁ প্ৰতিটো গল্প আৰু উপন্যাসত কাব্যময় পৰিবেশ সৃষ্টি কৰি পাঠকক চুম্বকৰ দৰে আকৰ্ষণ কৰে। পাঠকৰ হৃদয়ত তেওঁৰ গল্প -উপন্যাসে সুকীয়া স্থান দখল কৰে। পাঠকৰ মনত মানুহ আৰু প্ৰকৃতিৰ প্ৰতি প্ৰেম জাগ্ৰত কৰে। মাটি আৰু মানুহৰ প্ৰতি প্ৰেমৰ বাবেই 'মোৰ স্বৰ্গ' কবিতাটিত তেওঁ কৈছিল....
 
মাটিৰ মানুহ মই
ভালপাঁও মাটিৰ সৰগ
ভালপাঁও মাটিৰ মৰম
সিপাৰে বিধাতা আৰু ইপাৰে হিয়াৰ খলকনি
মই তাৰ সন্ধি অনুপম।
 
১৯১৯ চনৰ১৬ জানুৱাৰীত জন্মগ্ৰহণ কৰা চৈয়দ আব্দুল মালিক আছিল অসমীয়া সাহিত্য জগতৰ ভোটা তৰা স্বৰূপ । তেওঁৰ সৃষ্টিশীল কাপেৰে নিগৰি অহা ৬৮খন উপন্যাস,২০০০ চুটিগল্প একৈছখন গল্প সংকলন ১৩খন মঞ্চ আৰু ৰেডিঅ' নাটক আৰু আলেখ্য, দুখন ৰস-ৰচনাৰ পুথি সমন্বিতে অসংখ্য ৰস-ৰচনা, এটি গীতৰ সংগ্ৰহ, এখন শব্দকোষ, জিকিৰ, চুফীবাদ, অসমীয়া যোজনা, দুৱৰা খৈয়াম নহ'ল ইত্যাদিকে ধৰি ৬খন গ্ৰন্থ, ২খন আত্মজীৱনীমূলক গ্ৰন্থ, ৩খন ভ্ৰমণ কাহিনী, ৫খন শিশু উপযোগী গ্ৰন্থ, দুখন জীৱনী গ্ৰন্থ আৰু বহুতো সৰু-সৰু ৰচনা।
 
মুঠতে তেওঁৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা এশ তেইশখন। এক অসামান্য প্ৰেৰণা,প্ৰতিভা, দক্ষতা আৰু বৌদ্ধিক ক্ষমতাৰ অধিকাৰী হৈ বিপুল সাহিত্য সম্ভাৰেৰে অসমীয়া ভাষাক চহকী কৰি থৈ যোৱা এইজন মহান সৃষ্টিশীল লেখকক আজি আমি উওৰপুৰুষে বাৰু যোগ্য সন্মান দিব পাৰিছোন? অসমীয়া মানুহৰ মন,হৃদয়  আৰু জাতীয় ইতিহাসৰ প্ৰতিনিধিৰূপে অভিহিত আব্দুল মালিকক আমি অসমীয়া জাতিয়ে অমৰ কৰি ৰাখিব পাৰিছোনে? তেওঁৰ বাবে জীৱনেই সাহিত্য আৰু সাহিত্যই জীৱন। 
 
চৈয়দ আব্দুল মালিক তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে
 
বিশিষ্ট সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে মন্তব্য আগবঢ়াইছিল যে, "তেওঁৰ (মালিকৰ) সমগ্ৰ জীৱন নিৰৱিচ্ছিন্ন সাহিত্য সাধনাত উৎসৰ্গিত।" মহাকবি গ্ৰেটেৰ দৰে মালিকৰ সাহিত্য সম্ভাৰ বিপুল পৰিমাণৰ। গ্ৰেটেৰ সমস্ত ৰচনাৱলী ২৫০খণ্ডৰে প্ৰকাশ হৈছিল। কিন্তু অতি পৰিতাপৰ বিষয় হৈছে যে মালিকৰ সমগ্ৰ ৰচনা সংগৃহীত ৰূপত আজি পৰ্য্যন্ত প্ৰকাশ হৈ উলোৱা নাই। কিন্তু আমি আশাবাদী, পৰৱৰ্তী সময়ত মালিকৰ সমগ্ৰ ৰচনাৱলী প্ৰকাশৰ বাবে অগ্ৰসৰ হোৱা উচিত হ'ব।
 
নাহৰনি-দেৰগাওঁ-যোৰহাট-গুৱাহাটীত শিক্ষা লাভ কৰা মালিকৰ কটন কলেজৰ ছাত্ৰজীৱনৰ দিনবোৰ আছিল অতি গুৰুত্বপূৰ্ণ। সেই সময়ত কটন কলেজত থকা বিখ্যাত সাহিত্যিক, শিক্ষাবিদ, অধ্যাপকসকল যেনে- ড° বাণীকান্ত কাকতি, ড°সূৰ্য্যকুমাৰ ভূঞা, ৰাইহান শ্বাহ, হৰেন্দ্ৰনাথ চৌধুৰী, দিবাকৰ গোস্বামী, কবি ৰঘুনাথ চৌধুৰী, বাঁহীৰ সম্পাদক মাধৱচন্দ্ৰ বেজবৰুৱা আদিৰ সান্নিধ্য আৰু প্ৰেৰণা মালিকৰ সমগ্ৰ জীৱনৰ বাবে পাথেয় আছিল।
 
সাম্প্ৰতিক সময়ৰ সমাজখনত বিভিন্ন জনগোষ্ঠীৰ মাজত গোষ্ঠীগত সংঘাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আনহাতে হিন্দু আৰু মুছলমানৰ মাজত বিভেদৰ সৃষ্টি হৈছে। শঙ্কৰ-আজানৰ দেশৰ হিন্দু-মুছলমানৰ মাজত ধৰ্মীয়  সংঘাত বৰ্তমান সময়ৰ এক চিন্তনীয় বিষয়। ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থতে হওঁক বা ক্ষমতাৰ প্ৰলোভনতে হওঁক, সাম্প্ৰদায়িকতাৰ বীজ অহৰহ ৰোপন কৰা হৈছে। ফলত সমাজত হিংসা-হত্যা, ধৰ্ষণ,ব্যভিচাৰ  দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে। আজিৰ সামাজিক-ৰাজনৈতিক বাতাবৰণত নতুন প্ৰজন্মই মালিকৰ কৰ্মৰাজি অধ্যয়ন আৰু অনুকৰণ কৰাৰ সময় সমাগত।  
 
তেওঁ আজান পীৰৰ জিকিৰ  সংগ্ৰহ কৰিছিল-আজান ফকিৰ সুৰীয়া জিকিৰ নামৰ গ্ৰন্থত। আনহাতে শংকৰদেৱৰ জীৱন ভিত্তিক 'ধন্য নৰ তনু ভাল' আৰু মাধৱদেৱৰ জীৱন ভিত্তিক 'প্ৰেম অমৃতৰ নদী' ৰচনা কৰি ধৰ্মীয় সংকীৰ্ণতাৰ  উৰ্দ্ধত অৱস্থান কৰিছিল। তেওঁৰ ধৰ্ম আছিল মানৱধৰ্ম। তেওঁ হিন্দুৰ বাবে হিন্দু আছিল, মুছলমানৰ বাবে মুছলমান আছিল। নামঘৰ আৰু মছজিদ দুয়োৰে দুৱাৰ তেওঁৰ বাবে খোলা আছিল। তেওঁৰ জীৱনেই তেওঁৰ অন্তৰৰ বাণী কঢ়িয়াই লৈ ফুৰিছিল। তেওঁৰ কীৰ্তি আৰু ব্যক্তিত্ব দুয়ো সমানে মহান। জাতীয় প্ৰেমত উদ্ধুদ্ধ হৈ কবি মালিকে কৈছিল....

মই দ্বিজ, মই শূদ্ৰ,ময়েই বৈষ্ণৱ
বুদ্ধ মুশ্লিম মই, যীশুৰ ভকত মই,
তাতে  মোৰ অসম গৌৰৱ।
 
'ধন্য নৰ তনু ভাল' উপন্যাসখনত ঔপন্যাসিক সম্ৰাট চৈয়দ আব্দুল মালিকে প্ৰায় পাঁচশ পঞ্চাশ বছৰৰ পূৰ্বেই অসমত সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় আবেগক আপ্লুত কৰি মেঘাচছন্ন অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত কৰি অসমীয়া জাতিক জাতীয় চেতনাৰে উদ্ধুদ্ধ কৰি গঢ়ি থৈ গ'ল। চৈয়দ আব্দুল মালিক এগৰাকী সাৰ্থক কবি। 'মালিক'নামৰ গ্ৰন্থত ডঃ মহেন্দ্ৰ বৰাই লিখিছে "কবিও নহয়, দৰাচলতে মালিক মূলতঃ কবিয়েই..."
 
চৈয়দ আব্দুল মালিকৰ কেইখনমান শ্ৰেষ্ঠ গ্ৰন্থৰ বেটুপাত
 
'মালিক' নামৰ গ্ৰন্থতে আকৌ হোমেন বৰগোহাঞিয়ে আকৌ লিখিছে,"গল্প আৰু উপন্যাসৰ কবিজনৰ কথা বাদ দিওঁ কেৱল কবিতা লিখা কবি হিচাপেও মালিক অবিস্মৰণীয়। মালিকৰ প্ৰকাশিত কাব্যগ্ৰন্থ বেদুইন,স্বাক্ষৰ,স্বপ্ন-দুস্বপ্ন আৰু অন্য কিছু কথা আৰু ছন্দহাৰা ছন্দ, অসমীয়া কাব্য জগতলৈ উল্লেখনীয় অৱদান। মালিকৰ কবিতাত ৰোমান্টিক আৰু আধুনিক দুয়োটা ভিন্ন ধাৰাৰ মনিকাঞ্চন সংযোগ ঘটিছে। মানুহক মানুহৰ পৃথিৱীখনক আৰু স্বদেশ -স্বজাতিৰ প্ৰতি প্ৰেম তেওঁৰ কবিতাৰ কবিতাৰ মাজেদি প্ৰকাশ কৰি গৈছে। ১৯৪১চনত বাঁহী'ত প্ৰকাশ হোৱা "মই অসমীয়া" নামৰ কবিতাটিত দেশপ্ৰেমৰ তীব্ৰ আবেগ ফুটি উঠিছিল.... 
 
"জীৱনে-মৰণে  মই চিৰদিন অসমীয়া
অসমীয়া দেহ -প্ৰাণ-মন
জীয়াই থাকোঁতে মই অসমৰে অসমীয়া
মৰিলেও বৰি  লম বৰি  লম
অসমৰ  অমিয়া মৰম।"
 
মালিকৰ কবিতা প্ৰচলিত বৌদ্ধিক নিৰ্মাণ নহয়, তেওঁৰ কবিতা অন্তৰৰ তীব্ৰ ভাব অনুভূতিৰ অনায়াস নিৰ্বাচন। এনে এগৰাকী কবিৰ কবিতা সাম্প্ৰতিক সময়ত বিতৰ্কৰ আওঁতালৈ অহা পৰিলক্ষিত হয়। অসমীয়া জাতিক মেটমৰা সাহিত্য সম্ভাৰেৰে চহকী কৰি নিজকে হাড়ে-হিমজুৱে অসমীয়া বুলি প্ৰমাণ কৰা মহান কবিগৰাকীৰ কবিতা বিতৰ্কৰ বিষয় হোৱাটো  অসমীয়া সমাজৰ বাবে লজ্জাজনক।
 
চৈয়দ আব্দুল মালিকে ৰাজনীতিৰ জগতখনতো সক্ৰিয় আছিল। তেওঁ ১৯৪৫-৪৬চনত মুছলীম লীগৰ প্ৰতি আকৰ্ষিত হৈ লীগত যোগদান কৰিছিল। ১৯৭১ চনত কংগ্ৰেছ দলত যোগদান কৰি ১৯৭২ চনত অসম বিধান সভাৰ নিৰ্বাচনত গৃহ সমষ্টি দেৰগাঁওৰ পৰা প্ৰতিদ্বন্দিতা কৰি পৰাজিত হৈছিল। ১৯৭৬ চনত তেওঁ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰূপে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু ১৯৮২ চনত সাংসদৰ কাৰ্য্যকাল অন্ত পৰে। ৰাজ্যসভাৰ সাংসদৰূপে তেওঁ সফল আৰু সক্ৰিয় হ'ব নোৱাৰিলে। কথাশিল্পী মালিকক জনসাধাৰণে যি আগ্ৰহ আৰু শ্ৰদ্ধাৰে গ্ৰহণ কৰিছিল, তাৰ বিপৰীতে ৰাজনীতিক মালিকৰ প্ৰতি সৰহ সংখ্যক মানুহেই বিতৰাগ আছিল।
 
সৰ্বসাধাৰণ সুখ-দুখ, হাঁহি-কান্দোন, সমস্যা-সংঘাত আদি সাহিত্যৰ মাজেদি ফুটাই তোলাত মালিক আছিল অসাধাৰণ। তেওঁ মানৱ জীৱনৰ বিচিত্ৰময়তা আৰু গভীৰতম ক্ৰিয়া-প্ৰক্ৰিয়াৰ এগৰাকী সুক্ষ্ম পৰ্য্যবেক্ষক। মহাকবি গ্ৰেটেই নিজৰ বিপুল সাহিত্য সম্ভাৰৰ বিষয়ে কৈছিল "fragment of great confessions" মালিকৰ সমগ্ৰ ৰচনাৱলী স্বীকাৰোক্তি বুলি ক'ব পাৰি। দৈনন্দিন জীৱনত লগ পোৱা কৃষক, বনুৱা, ড্ৰাইভাৰ, বেপাৰী, অধ্যাপক, ৰাজনীতিবিদ, প্ৰৱঞ্চক, চৰিত্ৰবান ব্যক্তি... এই সকলোবোৰ চৰিত্ৰ সঠিকভাৱে ফুটাই তুলিছিল। এই চৰিত্ৰবোৰে সমগ্ৰ বিশ্বৰ মানুহৰ ভাব-অনুভূতিক প্ৰতিনিধিত্ব কৰিছিল। চৰিত্ৰবোৰৰ মাজেদি মানুহৰ জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত কৰা মালিক এক সফল সাহিত্যিক। তেওঁৰ  প্ৰাণ পোৱাৰ পিছত, কাঠফুলা, যীশুখৃষ্টৰ ছবি, হৰি ভাস্কৰৰ দোকান, তিনিচুকীয়া গাড়ী, বিভৎস বেদনা, চিকাৰ, দুখন ভৰি, ছয় নম্বৰ প্ৰশ্নৰ উত্তৰ, মানি অৰ্ডাৰৰ টকা, ৰঙা তেজ, কলা চিয়াঁহী, হাঁহি আৰু চকুলোৰে আদি অনেক গল্পৰ মাজেৰে সৃষ্টি কৰা চৰিত্ৰসমূহে সমাজৰ হৃদপিণ্ডৰ উমান দিয়ে। মালিকৰ গল্পৰ বিচিত্ৰ চৰিত্ৰসমূহ কাল্পনিক চৰিত্ৰ নহয়, সিহঁত সমাজৰ একোজন জীৱন্ত ব্যক্তি। 
 
চৈয়দ আব্দুল মালিকে অসমীয়া সাহিত্যৰ উপন্যাস জগতৰ ভঁৰাল চহকী কৰি ৬৮ খন উপন্যাস ৰচনাৰে মুকুটবিহীন সম্ৰাট হৈ পৰিছিল। সাধাৰণতে শ্ৰেষ্ঠ বুলি অভিহিত হোৱা মালিকৰ উপন্যাসসমূহ হ'ল- সূৰুৰমুখীৰ স্বপ্ন, ৰূপতীৰ্থৰ যাত্ৰী, আধাৰশিলা, জয়া-মনিকা ইত্যাদি, অঘৰী আত্মাৰ কাহিনী, উঁই হাফলু, মন জেতুকাৰ পাত, ৰূপাবৰিৰ পলস, ধন্য নৰ তনু ভাল, প্ৰেম অমৃতৰ নদী। ইয়াৰ উপৰিও অনান্য উপন্যাস সমূহ- পহু মৰা হাবিৰ বাট, নল-বিৰিণা খাগৰী, সোণালী সূতাৰে বন্ধা, ৰথৰ চকৰি ঘূৰে, ৰজনীগন্ধাৰ চকুলো ইত্যাদি সাৰ্থক আৰু সুন্দৰ উপন্যাস। 
 
চৈয়দ আব্দুল মালিকৰ কেইখনমান শ্ৰেষ্ঠ গ্ৰন্থৰ বেটুপাত
 
'সূৰুযমুখীৰ স্বপ্ন' মালিকৰ শ্ৰেষ্ঠতম উপন্যাস। উপন্যাসখনৰ আদি-অন্ত জুৰি বাস্তৱৰ প্ৰতিফলন ঘটিছে। অসমীয়া গাওঁ এখনৰ সকলো ধৰণৰ পৰিৱেশ সামৰি লোক-জীৱনৰ অনন্য ৰূপ চিত্ৰিত কৰা হৈছে। ডালিম গাঁৱত আঢ্যবন্ত অভিজাত মানুহ নাই। হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ চানেকিস্বৰূপ এই গাঁৱৰ ভাতৃত্ববোধ কেৱল মানৱীয় আবেদনেৰে ভৰপূৰ। আনহাতে 'ৰূপাবৰিৰ পলস' মালিকৰ এখন মহাকাব্য ধৰ্মী উপন্যাস। এই উপন্যাসখনত মাথোন বাবৰ আলি নামৰ ব্যক্তিজনৰ জীৱন কাহিনী বৰ্ণিত হোৱা নাই। ইয়াত সমাজ আৰু ধৰ্মীয় সীমাবদ্ধতা অতিক্ৰম কৰি প্ৰতিফলিত হৈছে হাজাৰ ভূমিপুত্ৰৰ সংগ্ৰামী জীৱনৰ প্ৰতিচ্ছবি। জাতি, ধৰ্ম, ভাষা, প্ৰান্তৰ সংকীৰ্ণ সীমা ভেদ কৰি সকলোবোৰ চৰিত্ৰ একত্ৰিত হৈছে। ৰূপাবৰিৰ পলসুৱা ভূমিত, তাৰ পলসত প্ৰতিধ্বনিত হৈছে সংগ্ৰামী আত্মাৰ মুক্তিৰ ধ্বনি, মানৱতাৰ জয়গান শোষিত-সৰ্বহাৰাৰ প্ৰতি সহানুভূতি স্পষ্টৰূপে প্ৰকাশ পাইছে।
 
চৈয়দ আব্দুল মালিক মানুহৰ মাজত জনপ্ৰিয় আছিল তেওঁৰ উদাৰ নৈতিক মানসিকতাৰ বাবে। হিন্দু, মুছলমান, খ্ৰীষ্টান বিবিধ ধৰ্মৰ বৃত্তৰ পৰিধিৰ বাহিৰত  অৱস্থান কৰি তেওঁ হৈ পৰিছিল সকলোৰে প্ৰিয় এজন দেশপ্ৰেমী অসমীয়া। তেওঁ সভা-সমিতিত দিয়া ভাষণ শুনিবলৈ অজস্ৰ মানুহৰ ভীৰ হৈছিল। জীৱনৰ কঠিন সমস্যাবোৰৰ বিষয়ে বৰ্ণনা দিওঁতে তাত হাস্য ৰসৰ প্ৰলেপ সানি মধুৰ কৰি তুলিছিল। সভাঘৰেই হওঁক বা ৰভাঘৰেই হওঁক তেওঁৰ ভাষণে  শ্ৰোতাক মোহাছন্ন কৰি ৰাখিছিল। তাৰোপৰি তেওঁ আছিল সকলোৰে বাবে সহজসাধ্য।
 
তেওঁৰ বিশাল সাহিত্য কৃতিৰ বাবে অনেক বঁটা-বাহনেৰে সন্মানিত হৈছিল। তেওঁ 'মাজত  মাথোঁ হিমালয়' নামৰ ভ্ৰমন কাহিনীৰ বাবে ছোভিয়েট দেশ-নেহেৰু বঁটা (১৯৬৫),' অঘৰী আত্মাৰ কাহিনী 'নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা (১৯৭২), পশ্চিম বংগৰ চৰকাৰৰ পূৰ্ব ভাৰত সাহিত্য-সংস্কৃতি বঁটা, অসম উপত্যকা সাহিত্য বঁটা, আজান পীৰ বঁটা, শ্ৰী মন্ত শঙ্কৰদেৱে বঁটা (১৯৯৯)ৰ উপৰি ভাৰত চৰকাৰৰ পদ্মশ্ৰী আৰু পদ্মভূষণ, অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য, সাহিত্য একাডেমীৰ ফেল' আদিৰে বিভূষিত হোৱাটোৱে তেওঁৰ প্ৰতিভাৰ পৰিচয় দিয়ে। তেওঁৰ এটাই মাত্ৰ প্ৰতিশ্ৰুতি আছিল, বেলিয়ে আঁটে মানে, কাঁচিয়ে কাটে মানে' লিখি যোৱাৰ। 
 
এইজনা মহান সৃষ্টিশীল লেখকক আমি স্মৃতিৰ গৰ্ভত হেৰাই যাবলৈ দিয়াটো অতি পৰিতাপৰ কথা। সেয়েহে তেওঁৰ জন্ম তিথি অথবা তেওঁৰ মৃত্যু তিথি  চৰকাৰীভাৱে পালন কৰাৰ কথা সংশ্লিষ্ট কৰ্তৃপক্ষই ভাবি চাব পাৰে। কিয়নো তেওঁ কৈছিল...

"মোৰ  ই কন্ঠত আজি অমৰ যি বাণী জাগে
সেই বাণী অসমত ৰ'ব বাজি চিত্ৰকাৰ
সৃষ্টি প্ৰলয়ৰ আঁৰে আঁৰে
মৃত্যুঞ্জয়ী অসমীয়া--মোক কোনে মাৰে? 
_মোক কোনে  মাৰে?"
 
প্ৰেম আৰু মানৱতাৰ সুৰৰ সম্ৰাট আব্দুল মালিকক কোনেও মাৰিব নোৱাৰে। তেওঁ অসমীয়াৰ অন্তৰত চিৰদিনলৈ সুৰ হৈ অনুৰণিত হৈ থাকিব ।
 
(লেখিকা এগৰাকী কবি আৰু জালুকবাৰী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী)