নিজৰ দৃষ্টিভংগী আৰু সংকল্পৰে ভাৰত গঢ় দিয়া ৰাষ্ট্ৰনেতা অটলজীলৈ শ্ৰদ্ধাঞ্জলি

Story by  atv | Posted by  [email protected] • 19 d ago
প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী
প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী
 
নৰেন্দ্ৰ মোদী
 
আজি ২৫ ডিচেম্বৰ আমাৰ সকলোৰে বাবে এক বিশেষ দিন। আমাৰ দেশে আমাৰ মৰমৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীযুত অটল বিহাৰী বাজপেয়ী জীৰ শততম জন্ম বাৰ্ষিকী পালন কৰিছে। অগণন মানুহক অনুপ্ৰাণিত কৰি থকা এজন ৰাষ্ট্ৰনেতা হিচাপে তেওঁ সকলোৰে উচ্চ প্ৰশংসা লাভ কৰে।
 
একবিংশ শতিকাত ভাৰতৰ পৰিৱৰ্তনৰ অগ্ৰণী পুৰুষ হিচাপে অটলজীৰ প্ৰতি আমাৰ দেশ সদায় কৃতজ্ঞ হৈ থাকিব। ১৯৯৮ চনত যেতিয়া তেওঁ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল, তেতিয়া আমাৰ দেশ ৰাজনৈতিক অস্থিৰতাৰ সন্মুখীন হৈছিল। প্ৰায় ৯ বছৰত আমি ৪টা লোকসভা নিৰ্বাচন প্ৰত্যক্ষ কৰিছিলো। ভাৰতৰ জনসাধাৰণ অধৈৰ্য্য হৈ আহিছিল আৰু লগতে চৰকাৰসমূহে সু-শাসন দিব নোৱাৰাত সকলো অসন্তুষ্ট হৈ আছিল। অটলজীয়ে জনসাধাৰণক সুস্থিৰ আৰু ফলপ্ৰসূ শাসন ব্যৱস্থা প্ৰদান কৰি এক নতুন জোৱাৰ কঢ়িয়াই আনিছিল। অতি সাধাৰণ পৰিৱেশৰ পৰা অহা অটলজীয়ে সাধাৰণ নাগৰিকৰ সংগ্ৰাম আৰু সক্ৰিয় শাসনৰ পৰিৱৰ্তনশীল শক্তি উপলব্ধি কৰিছিল।
 
বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী
 
আমাৰ চৌপাশৰ বহুবোৰ ক্ষেত্ৰত অটলজীৰ নেতৃত্বৰ দীৰ্ঘম্যাদী প্ৰভাৱ দেখা যায়। তেওঁৰ শাসন কালত দেশৰ তথ্য প্ৰযুক্তি, টেলিকম আৰু যোগাযোগৰ ক্ষেত্ৰখনে এক বিশাল অগ্ৰগতি লাভ কৰিছিল। আমাৰ দৰে এখন দেশৰ বাবে এইটো বিশেষভাৱে গুৰুত্বপূৰ্ণ আছিল, যিখন দেশ অতি গতিশীল যুৱ শক্তিৰেও ধন্য। অটলজীৰ নেতৃত্বত এন ডি এ চৰকাৰে প্রথমটো গুৰুত্বপূৰ্ণ প্রয়াস চলাইছিল প্রযুক্তি সাধাৰণ নাগৰিকৰ বাবে সুলভ কৰি তোলাৰ।
 
একে সময়তে ভাৰতক সংযোগ কৰাৰ ক্ষেত্ৰত তেওঁৰ দূৰদৰ্শিতাও আছিল। আজিও বেছিভাগ মানুহেই ভাৰতৰ প্ৰতিটো চুক আৰু কোণক সংযোগ কৰা সোণালী চতুৰ্ভুজ প্ৰকল্পৰ কথা মনত পেলায়। সমানেই উল্লেখযোগ্য আছিল প্ৰধানমন্ত্ৰী গ্ৰাম ছড়ক যোজনাৰ দৰে পদক্ষেপৰ জৰিয়তে স্থানীয় অঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ দৰে বাজপেয়ী চৰকাৰৰ প্ৰচেষ্টা। একেদৰে, তেওঁৰ চৰকাৰে বিশ্বমানৰ আন্তঃগাঁথনি প্ৰকল্প হিচাপে থিয় দিয়া দিল্লী মেট্ৰ’ৰ বাবে ব্যাপক কাম কৰি মেট্ৰ’ ৰেলসেৱা ব্যৱস্থাত উদগনি যোগাইছিল। এনেদৰে, বাজপেয়ী চৰকাৰে কেৱল অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰাই নহয়, দূৰৈৰ অঞ্চলসমূহকো ওচৰলৈ আনি ঐক্য আৰু সংহতিৰ পোষকতা কৰিছিল।
 
সামাজিক খণ্ডৰ কথা আহিলে সৰ্বশিক্ষা অভিযানৰ দৰে এক পদক্ষেপৰ জৰিয়তে অটলজীয়ে এনে এখন ভাৰত গঢ়ি তোলাৰ সপোন দেখিছিল, য’ত সমগ্ৰ দেশৰ দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ বাবে আধুনিক শিক্ষা সুলভ হ’ব পাৰে। একে সময়তে তেওঁৰ চৰকাৰে বহুতো অৰ্থনৈতিক সংস্কাৰৰ নেতৃত্ব দিছিল, যিয়ে কেইবা দশক ধৰি পক্ষপাতিত্ব আৰু স্থবিৰতাক উৎসাহিত কৰা অৰ্থনৈতিক দৰ্শন অনুসৰণ কৰাৰ পিছত ভাৰতৰ অৰ্থনৈতিক উত্থানৰ মঞ্চ তৈয়াৰ কৰিছিল।
 
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত এপিজে আব্দুল কালামৰ সৈতে বাজপেয়ীজী
 
বাজপেয়ী জীৰ নেতৃত্বৰ এক আচৰিত উদাহৰণ ১৯৯৮ চনৰ গ্রীষ্মকালত দেখা যায়৷ তেওঁৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল মাত্ৰ আৰু ১১ মে’ত ভাৰতে অপাৰেচন শক্তি নামেৰে জনাজাত পোখৰাণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছিল। এই পৰীক্ষাই ভাৰতৰ বৈজ্ঞানিক সমাজৰ দক্ষতাৰ উদাহৰণ দাঙি ধৰিছিল।
 
ইয়াৰ দুদিন পিছত ভাৰতে ১৩ মে’ত আন কেইটামান সম্পৰীক্ষাৰ কথা ঘোষণা কৰি নিজৰ দৃঢ়তাৰ পৰিচয় দিছিল। ১১ তাৰিখৰ পৰীক্ষাত যদি বৈজ্ঞানিক দক্ষতা দেখা গৈছিল, তেন্তে ১৩ তাৰিখৰ পৰীক্ষাত প্ৰকৃত নেতৃত্বৰ দক্ষতা দেখা গৈছিল। বিশ্ববাসীৰ বাবে এটা বাৰ্তা আছিল যে ভাৰতে ভাবুকি বা হেঁচাত ভয় খোৱা দিনবোৰ গ’ল। আন্তঃৰাষ্ট্ৰীয় হেঁচাৰ সন্মুখীন হোৱাৰ পিছতো বাজপেয়ী জীৰ তেতিয়াৰ এন ডি এ চৰকাৰে দৃঢ়তাৰে থিয় দিছিল, ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ অধিকাৰৰ কথা উল্লেখ কৰিছিল আৰু একে সময়তে বিশ্ব শান্তিৰ আটাইতকৈ শক্তিশালী সমৰ্থক হিচাপে থিয় দিছিল।
 
অটলজীয়ে ভাৰতীয় গণতন্ত্ৰক বুজি পাইছিল আৰু লগতে ইয়াক আৰু শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাও বুজি পাইছিল। ভাৰতীয় ৰাজনীতিত মিত্ৰজোঁটৰ পুনৰ সংজ্ঞা নিৰূপণ কৰা এন ডি এ গঠনৰ ক্ষেত্ৰত নেতৃত্ব বহন কৰিছিল অটলজীয়ে। তেওঁ মানুহক একত্ৰিত কৰি এন ডি এক উন্নয়ন, দেশৰ প্ৰগতি আৰু আঞ্চলিক উচ্চাকাংক্ষাৰ শক্তি হিচাপে গঢ়ি তুলিছিল। অটলজীৰ সংসদীয় দক্ষতা তেওঁৰ সমগ্ৰ ৰাজনৈতিক যাত্ৰাত দেখা গৈছিল। তেওঁ এমুঠিমান সাংসদ থকা এটা দলৰ প্ৰতিনিধি আছিল যদিও তেওঁৰ কথাই সেই সময়ৰ সৰ্বশক্তিমান কংগ্ৰেছ দলৰ শক্তিক জোকাৰিবলৈ যথেষ্ট আছিল। প্ৰধানমন্ত্ৰী হিচাপে তেওঁ বিৰোধীৰ সমালোচনাক আকৰ্ষণীয় শৈলী আৰু বিষয়বস্তুৰে নস্যাত্‍ কৰি পেলাইছিল। তেওঁৰ কেৰিয়াৰৰ অধিকাংশ সময় পাৰ হৈছিল বিৰোধীৰ আসনত বহি। তথাপি তেওঁ কেতিয়াও কাৰো বিৰুদ্ধে তিক্ততাৰ সম্পৰ্ক গঢ়া নাছিল। অৱশ্যে, কংগ্ৰেছে তেওঁক বিশ্বাসঘাতক বুলি কৈ নিম্ন ৰুচিৰ পৰিচয় দিছিল।
 
সংবাদ মাধ্যমক সম্বোধন কৰি থকা মুহূৰ্তত বাজপেয়ীজী
 
তেওঁ সুবিধাবাদী উপায়েৰে ক্ষমতা দখল কৰা লোকো নাছিল। তেওঁ হৰ্ছ-ট্ৰেডিং আৰু লেতেৰা ৰাজনীতিৰ পথ অনুসৰণ কৰাৰ পৰিৱৰ্তে ১৯৯৬ চনত পদত্যাগ কৰাটোহে বেছি পছন্দ কৰিছিল। ১৯৯৯ চনত তেওঁৰ চৰকাৰ ১টা ভোটত পৰাস্ত হৈছিল। বহুতে তেওঁক তেতিয়া ঘটি থকা অনৈতিক ৰাজনীতিক প্ৰত্যাহ্বান জনাবলৈ কৈছিল যদিও তেওঁ নিয়ম অনুসৰি যোৱাটোৱেই পছন্দ কৰিছিল। অৱশেষত তেওঁ ৰাইজৰ পৰা আন এক শক্তিশালী জনাদেশ লৈ শাসনলৈ উভতি আহিল। আমাৰ সংবিধানক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতিৰ কথা আহিলেও অটলজীৰ কথা আমি ক'বই লাগিব। ড° শ্যামা প্ৰসাদ মুখাৰ্জী শ্বহীদ হোৱাৰ পিছত অটলজী গভীৰভাৱে প্ৰভাৱিত হৈছিল। কিছু বছৰৰ পিছত তেওঁ জৰুৰীকালীন স্থিতি বিৰোধী আন্দোলনৰ এটা শক্তিশালী স্তম্ভ হৈ পৰিছিল। জৰুৰীকালীন অৱস্থাৰ পিছত ১৯৭৭ চনৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তেওঁ নিজৰ দল (জন সংঘ)ক জনতা পাৰ্টিত একত্ৰিত কৰিবলৈ সন্মত হয়। মই নিশ্চিত যে তেওঁৰ বাবে, আৰু আনসকলৰ বাবে ই এক যন্ত্ৰণাদায়ক সিদ্ধান্ত আছিল, কিন্তু সংবিধান ৰক্ষা কৰাটোৱেই সেই সময়ত সৰ্বোপৰি আছিল।
 
ভাৰতীয় সংস্কৃতিত অটলজী কিমান গভীৰভাৱে শিপাই আছিল সেয়াও লক্ষণীয়। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হোৱাৰ লগে লগে তেওঁ ৰাষ্ট্ৰসংঘত হিন্দী ভাষাত ভাষণ দিয়া প্ৰথমজন ভাৰতীয় নেতা হিচাপে পৰিগণিত হয়। এই এটা আচৰণে ভাৰতৰ ঐতিহ্য আৰু পৰিচয়ৰ প্ৰতি তেওঁৰ অপৰিসীম গৌৰৱ প্ৰদৰ্শন কৰি বিশ্বৰ মঞ্চত এক অমলিন চিন ৰাখি থৈ যায়। অটলজীৰ ব্যক্তিত্ব আছিল চুম্বকীয় আৰু তেওঁৰ জীৱন সাহিত্য আৰু প্ৰকাশভংগীৰ প্ৰতি থকা প্ৰেমে সমৃদ্ধ কৰিছিল। এজন প্ৰখ্যাত লেখক আৰু কবি হিচাপে তেওঁ শব্দৰ ব্যৱহাৰ কৰিছিল অনুপ্ৰাণিত হ'বলৈ আৰু চিন্তাক উত্তেজিত তথা সান্ত্বনা প্ৰদান কৰিবলৈ। অটলজীৰ কবিতাই প্ৰায়ে তেওঁৰ আভ্যন্তৰীণ সংগ্ৰাম আৰু দেশৰ প্ৰতি থকা আশাক প্ৰতিফলিত কৰিছিল। তেওঁৰ কবিতাই সকলো প্ৰজন্মৰ লোকৰ মাজত অনুৰণন ঘটায়।
 
মোৰ দৰে ভাৰতীয় জনতা পাৰ্টিৰ বহুতো কাৰ্য্যকৰ্তাৰ বাবে অটল জীৰ দৰে ব্যক্তিৰ লগত শিকিবলৈ আৰু মত বিনিময় কৰিবলৈ পোৱাটো এক সৌভাগ্যৰ কথা। বিজেপিলৈ তেওঁৰ অৱদান আছিল মৌলিক। সেই সময়ত প্ৰভাৱশালী কংগ্ৰেছৰ বিকল্প চিন্তাৰ নেতৃত্ব দিয়াটোৱে তেওঁৰ মহত্ত্ব দেখুৱাইছিল। শ্ৰী এল কে আদবানী জী আৰু ড° মুৰলী মনোহৰ যোশী জীৰ দৰে কিংবদন্তীৰ সৈতে তেওঁ দলটোক আৰম্ভণিৰ পৰাই লালন-পালন কৰিছিল আৰু সকলো প্ৰত্যাহ্বান, বিপৰ্যয় আৰু জয়ৰ মাজেৰে দলটোৰ পথ প্ৰদৰ্শন কৰিছিল। মতাদৰ্শ আৰু ক্ষমতাৰ মাজত যেতিয়াই বাছনি কৰিবলগীয়া পৰিৱেশ আহিছিল, তেতিয়াই তেওঁ সদায় প্ৰথমটোক বাছি লৈছিল। তেওঁ দেশবাসীক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল যে কংগ্ৰেছৰ পৰা বিকল্প গোলকীয় দৃষ্টিভংগী সম্ভৱ আৰু এনে দৃষ্টিভংগীয়ে সু-প্ৰশাসন ব্যৱস্থা গঢ় দিব পাৰে।
 
সাধাৰণ জনতাক সম্বোধন কৰি থকা মুহূৰ্তত বাজপেয়ীজী
 
অটলজীৰ ১০০ সংখ্যক জয়ন্তীত তেখেতৰ আদৰ্শক বাস্তৱায়িত কৰাৰ লগতে ভাৰতৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী পূৰণৰ বাবে নিজকে পুনৰ উৎসৰ্গা কৰোঁ আহক। আহক আমি তেওঁৰ সুশাসন, ঐক্য, আৰু প্ৰগতিৰ নীতিক সন্নিৱিষ্ট কৰা এখন ভাৰতবৰ্ষ গঢ়িবলৈ চেষ্টা কৰোঁ। আমাৰ দেশৰ সম্ভাৱনাৰ প্ৰতি অটলজীৰ অটল বিশ্বাসে আমাক অধিক ডাঙৰ লক্ষ্য আৰু অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে।
 
(লেখক ভাৰতৰ প্ৰধানমন্ত্ৰী)