স্বপ্না দাস
পৃথিৱীৰ উপৰিভাগৰ গতিশীল জলজ পৰিৱেশ তন্ত্ৰই আদ্ৰভূমি বা জলাশয়। এই আদ্ৰভূমিসমূহ হ'ল জৈৱ বৈচিত্ৰতাৰ এক প্ৰধান আধাৰ। ভূপৃষ্ঠৰ এই আদ্রভূমিসমূহৰ প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাৰ ক্ষেত্ৰত অপৰিসীম গুৰুত্ব আছে৷ আদ্ৰভূমিসমূহ হৈছে অধিক গুৰুত্বপূৰ্ণ পৰিৱেশ তন্ত্ৰ-- যিয়ে জৈৱ বৈচিত্ৰ্য, জলবায়ু প্ৰশমন আৰু অভিযোজন, মিঠা পানীৰ উপলব্ধতা, বিশ্ব অৰ্থনীতি আৰু অন্যান্য বিষয়ত সৃষ্টিৰ আদিৰে পৰাই উল্লেখযোগ্য অৰিহণা যোগাই আহিছে।
দুখৰ বিষয় যে, ১৭০০ চনৰ পৰা বিশ্বৰ প্ৰায় ৯০% জলাশয়ৰ অৱক্ষয় হ'বলৈ ধৰে আৰু এনেদৰেই বনাঞ্চলতকৈ তিনিগুণৰো অধিক দ্ৰুতগতিত ক্ৰমাৎ জলাশয়ৰ বিলুপ্তি হ'বলৈ ধৰে। বিশ্বৰ বিভিন্ন পৰিৱেশ বিজ্ঞানীয়ে আদ্ৰভূমিসমূহৰ দ্ৰুতগতিত হ'বলৈ ধৰা ক্ষতিক ৰুধিবলৈ আৰু ইয়াক সংৰক্ষণৰ লগতে পুনৰুদ্ধাৰৰ বাবে আদ্ৰভূমিসমূহৰ বিষয়ে ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী সজাগতা বৃদ্ধি কৰাটো অতিকৈ জৰুৰী বুলি অনুমান কৰিছিল। তেনে অনুভৱৰ পৰিপ্ৰেক্ষিততে ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে ইৰাণৰ ৰামছাৰ চহৰত অনুষ্ঠিত ‘ৰামছাৰ সন্মিলন’ৰ যোগেদি বিশ্বজুৰি আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণৰ আইন প্ৰণয়ন কৰা হয়। প্ৰসংগক্ৰমে উল্লেখ কৰা হ'ল যে, বৰ্তমানলৈ বিশ্বত সৰ্বমুঠ ২৫০০ টা ৰামছাৰ স্থান--- অৰ্থাৎ 'আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ আদ্ৰভূমি ক্ষেত্ৰ' আছে।
অসমৰ আৰ্দ্ৰভূমি শুকাই যোৱাৰ উপক্ৰম
আদ্ৰভূমি বা জলাশয় হৈছে কেইবা বছৰ বা কেইবা দশক ধৰি স্থায়ীভাৱে হোৱা অথবা ঋতুকালীন পৰিবৰ্তন অনুসৰি কম সময়ৰ বাবে হোৱা এক সুকীয়া পৰিৱেশতন্ত্ৰ, যি পানীৰে পৰিপূৰ্ণ হৈ থাকে। সকলো নৈ, বিল, হ্ৰদ, ভূগৰ্ভস্থ জলধাৰা, ভিজা ঘাঁহনি, পিটনি, মোহনা, ডেল্টা, প্ৰবাল প্ৰাচীৰ, জোৱাৰ-ভাটাৰ সমতল, মেংগ্ৰোভ আৰু অন্যান্য উপকূলীয় অঞ্চল আৰু মানৱসৃষ্ট সকলো ঠাই--- যেনে মাছৰ পুখুৰী, ধাননি পথাৰ আদিক আদ্ৰভূমিৰ অন্তৰ্ভুক্ত কৰা হৈছে। জলাশয়সমূহক সকলো পৰিৱেশ তন্ত্ৰৰ ভিতৰত জৈৱিকভাৱে বৈচিত্ৰ্যপূৰ্ণ বুলি গণ্য কৰা হয়। ই বহুতো উদ্ভিদ আৰু বিভিন্ন প্ৰজাতিৰ প্ৰাণীৰ বাসস্থান। প্ৰতিখন মহাদেশতে জলাশয় প্ৰাকৃতিকভাৱে দেখা যায়। জলাশয়ৰ পানী সাধাৰণতে মিঠা পানী বা নিমখীয়া হয় হেনো। মূল জলাশয়ৰ প্ৰকাৰসমূহক প্ৰধানতঃ উদ্ভিদ অথবা পানীৰ উৎস সন্দৰ্ভত ভিত্তি কৰি তিনিটা শ্ৰেণীত শ্ৰেণীভুক্ত কৰা হয়। সেইকেইটা ক্ৰমে---
▪️অভ্যন্তৰীণ জলাশয় : জলাশয়, হ্ৰদ, নদী, বানপানীৰ সমতল, পিটনি আদি।
▪️উপকূলীয় জলাশয় : নিমখীয়া পানীৰ জলাশয়, মোহনা, মেংগ্ৰোভ, লেগুন আৰু প্ৰবাল প্ৰাচীৰ আদি।
▪️মানৱসৃষ্ট জলাশয় : মাছৰ পুখুৰী, ধাননি পথাৰ আৰু নিমখৰ খেতি আদি।
আনহাতে, বিশ্বৰ সৰ্ববৃহৎ জলাশয়সমূহৰ ভিতৰত আমাজন নদীৰ অৱবাহিকা, পশ্চিম চাইবেৰিয়ান সমভূমি, দক্ষিণ আমেৰিকাৰ পন্তানাল আৰু গংগা-ব্ৰহ্মপুত্ৰ দ্বীপৰ সুন্দৰবন আদি অন্তৰ্ভুক্ত।
১৯৭১ চনত ইউনেস্ক’ই স্থাপন কৰা ৰামছাৰ সন্ধি অনুসৰি যদি কোনো স্থানে জলাশয় সন্ধিৰ অধীনত নিৰ্ধাৰণ কৰা ৯টা মাপকাঠীৰ ভিতৰত যিকোনো এটা মাপকাঠী অন্তৰ্ভুক্ত হয়, তেন্তে সেই জলাশয়ক ৰামছাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। সেই অনুসৰি ১৯৮২ চনত ভাৰতো ৰামছাৰ সন্ধিৰ অংশীদাৰ হয় আৰু ২০২২ চনৰ ১৪ আগষ্টলৈকে আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয় (ৰামছাৰ ক্ষেত্ৰ) হিচাপে ভাৰতৰ ৭৫খন ক্ষেত্ৰ অন্তৰ্ভুক্ত হয়। এই আদ্ৰভূমিসমূহৰ সৰ্বমুঠ পৃষ্ঠভাগ ১৩,২৬,৬৭৭ হেক্টৰ, যি দক্ষিণ এছিয়াৰ সৰ্বোচ্চ আদ্ৰভূমি। সুন্দৰবন ভাৰতৰ সৰ্ববৃহৎ ৰামছাৰ ক্ষেত্ৰ হোৱাৰ বিপৰীতে হিমাচল প্ৰদেশৰ ৰেণুকা জলাশয় (০.২ বৰ্গ কিলোমিটাৰ) ভাৰতৰ আটাইতকৈ সৰু ৰামছাৰ ক্ষেত্ৰ। লক্ষণীয় কথাটো এয়ে যে, ভাৰতৰ কেৱল তামিলনাডুতেই ১৫খন ৰামছাৰ ক্ষেত্ৰ আছে।
প্ৰতিনিধিত্বমূলক ছবি
অসম অন্তৰ্ভুক্ত হৈছেনে ৰামছাৰ ক্ষেত্ৰত? আমি জনাত এইক্ষেত্ৰত অসমৰ দ্বীপৰ বিলেই হৈছে আন্তৰ্জাতিক স্বীকৃতিপ্ৰাপ্ত একমাত্ৰ আদ্ৰভূমি। অসমৰ মুঠ মাটিকালিৰ প্ৰায় ১,৩৪,১৩৭ হেক্টৰ আদ্ৰভূমিয়ে আগুৰি আছে। ৰাজ্য চৰকাৰৰ সমীক্ষা অনুসৰি অসমত ৪৩০খন পঞ্জীয়নভুক্ত বিল আৰু পঞ্জীয়ন নোহোৱা প্ৰায় ৭০ শতাংশ অঞ্চল খেতিপথাৰ হিচাপে ব্যৱহৃত হৈ আছে। সমগ্র অসমত থকা অসংখ্য বিল, জলাশয়, পিটনি আদি জৈৱ-বৈচিত্ৰৰ এক প্ৰধান আধাৰ।
তদুপৰি ইয়াত থকা মেটেকা, কচু, নলখাগৰি, তৰা, বেত, পাটিদৈ আদি নানা বনৌষধি জলজ উদ্ভিদৰ উপৰি বিভিন্ন পৰিভ্ৰমী চৰাইৰে ভৰপূৰ এই বিলবোৰৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত অপৰিসীম গুৰুত্ব আছে। এই জলজ উদ্ভিদবোৰে পানীত হোৱা প্ৰদূষণ ৰোধতো যথেষ্ট পৰিমাণে সহায় কৰে। অসমৰ থলুৱা মাছৰ ভঁৰালস্বৰূপ এই আৰ্দ্ৰভূমিত নিৰ্ভৰ কৰিয়েই বহু মৎসজীৱী পৰিয়াল বৰ্তি আছে। প্ৰসংগক্ৰমে এইবাৰ অসমৰ কেইখনমান উল্লেখযোগ্য জলাশয়ৰ বিষয়ে অতি চমুকৈ উল্লেখ কৰা হ'ল---
▪️দীপৰ বিল : গুৱাহাটী মহানগৰীৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলভূমিয়েই হৈছে দীপৰ বিল। এই বিললৈ আগমন ঘটা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ জাকবোৰেই হ'ল পৰ্যটকৰ অন্যতম আকৰ্ষণ। পানীমেটেকা, পদুম, পানীত ওপঙি থকা ঘাঁহ আদি বিভিন্ন প্ৰজাতিৰ জলজ উদ্ভিদে দীপৰ বিলৰ সৌন্দৰ্য বৃদ্ধি কৰে। দাঁতিকাষৰীয়া অঞ্চলৰ লোকৰ জীৱিকাৰো এক অন্যতম উৎস এই দীপৰ বিল। উল্লেখ্য যে, দীপৰ বিল ৰামছাৰ ক্ষেত্ৰত স্থান লাভ কৰা অসমৰ একমাত্ৰ আদ্ৰভূমি।
দীপৰ বিল
▪️বাথা বিল : ছিপাঝাৰৰ হাজৰিকাপাৰাৰ পাৰ্শ্বৱৰ্তী এইখন বিল, যাৰ চৌপাশৰ দৃশ্য অতি মনোৰম। বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আন এক অন্যতম বিচৰণ স্থলী হ’ল বাথা বিল। এই বিলৰ ঐতিহাসিক তাৎপৰ্যও আছে বুলি জনা যায়।
▪️পানী দিহিং বিল : শিৱসাগৰ জিলাৰ পানী দিহিং বন্যপ্ৰাণী অভয়াৰণ্যত অৱস্থিত যিখন বিল-- সেইখনেই পানীদিহিং বিল। বনৰীয়া হাঁহ, কাঠশালিকা, কাম চৰাই আদি বিভিন্ন থলুৱা আৰু পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত হৈ থাকে এই পানী দিহিং বিল-- বিশেষকৈ সমগ্ৰ শীতকাল।
▪️ধীৰ বিল আৰু দিপলাই বিল : ধীৰ বিল আৰু দিপলাই বিল চক্ৰশীলা অভয়াৰণ্যত অৱস্থিত। এই বিল দুখনে অভয়াৰণ্যখনৰ পৰিৱেশতন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী হোৱাৰ উপৰি এই বিল দুখন বিভিন্ন প্ৰজাতিৰ জলজ উদ্ভিদেৰেও আবৃত।
▪️চামগুৰি বিল : নগাঁও জিলাৰ পৰা পূৱ দিশে প্ৰায় ১৬ কিঃমিঃ নিলগত অৱস্থিত এক মনোমোহা জলাশয় চামগুৰি বিল। কলং নৈৰ সমীপতে অৱস্থিত এই বিল পৰ্যটকৰ বাবেও এক মনোৰম ঠাই হিচাপে চৰ্চিত।
▪️কাপ্লা বিল : বৰপেটা জিলাৰ পূৱ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত প্ৰায় ৮০ হেক্টৰ পৰিসৰেৰে আৱৰা কাপ্লা বিল অসমৰ এক অন্যতম বৃ্হৎ বিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশত অৱস্থিত আৰু পৰ্যটনৰ দিশেৰে গুৰুত্বপূৰ্ণ এই বিলখন অসমৰ থলুৱা মাছ আৰু পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী। এই বিলখনে বহু হাজাৰ মাছমৰীয়াক জীৱিকা নিৰ্বাহৰ পথ দেখুৱাই আহিছে।
▪️উৰপদ বিল : জৈৱ বৈচিত্ৰতাত চহকী উৰপদ বিল বিভিন্ন জলজ উদ্ভিদ, মাছ আৰু পৰিভ্ৰমী চৰাইৰ বিচৰণস্থল। বিলখন নামনি অসমৰ গোৱালপাৰা জিলাৰ অন্তৰ্গত।
▪️সোণবিল: সোণবিল হৈছে অসমৰ কৰিমগঞ্জ জিলাত থকা সৰ্ববৃ্হৎ জলাহ ভূমি। সেউজ পাহাৰেৰে আৱৰি থকা সোণবিলত বিভিন্ন প্ৰকাৰৰ মাছ উপলব্ধ হেনো।
▪️পশ্চিম নলবাৰীৰ বিল : নলবাৰী জিলাৰ পশ্চিম প্ৰান্ততো কেইবাখনো বিল আছে। এইক্ষেত্ৰত অঞ্চলটোৰ বৰি, টাপা, বৰবিলা, ঘিলাঝাৰী আদিত কেইবাখনো বিল অৱস্থিত বুলি জনা যায়। তাৰ ভিতৰত মনেৰি-ধনেৰি, বৰবিল, মোৱামৰা, বতুৱা, পেকদ', কামাখ্যা আদি উল্লেখযোগ্য।
প্ৰতিনিধিত্বমূলক ছবি
আদ্ৰভূমিসমূহে বানপানী প্ৰতিৰোধ কৰাৰ উপৰি ইয়াত থকা বিভিন্ন জলজ উদ্ভিদে পানীৰ সোঁত প্ৰতিৰোধ কৰাৰ লগতে পানী প্ৰদূষণ ৰোধ কৰাতো সহায়ক হোৱাৰ বাদেও জৈৱ-বৈচিত্ৰতা সংৰক্ষণতো অৰিহণা আগবঢ়ায়। জলাশয়বোৰক পৃথিৱীৰ বৃক্ক বুলি জনা যায় হেনো। কাৰণ আমাৰ বৃক্কৰ দৰেই ইহঁতে পানীৰ কাম-কাজ শোধন কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জলাশয়ৰ মাজেৰে পানীয়ে গতি কৰে; তদুপৰি জলাশয়ত পলস আৰু প্ৰদূষক লাগি থাকে, যাৰ ফলত পানী পৰিষ্কাৰ হয়।
এই জলাশয়সমূহ আমাৰ পানীৰ প্ৰয়োজনীয়তা আৰু খাদ্য উৎপাদনৰ বাবে অতি প্ৰয়োজনীয়। ইয়াৰ উপৰি এই জলাশয়বোৰ হাজাৰ হাজাৰ প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান। কিন্তু ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো যথেষ্ট সংখ্যক আদ্ৰভূমি সম্প্ৰতি সংকটৰ গৰাহত। আদ্ৰভূমিক কেন্দ্র কৰি অসমতো নানা আৰু ন ন সম্ভাৱনা থল আছে, যদিহে জলাশয়ক লৈ আমি সচেতন হওঁ তথা আমাৰ কৰণীয় বুজি সেই কৃত্যত আমি ব্যস্ত হওঁ।
আমি বছৰি পৰিবেশ দিৱস পাঁতো। কিন্তু কেৱল গছপুলি ৰোপণতে সীমাৱদ্ধ পৰিবেশ দিৱসত আমি পৰিবেশৰ অন্য প্ৰসংগবোৰক জানি-বুজিও অৱহেলা কৰোঁ; অৱহেলিত হৈ ৰয় পৰিবেশত যথেষ্ট গুৰুত্বপূৰ্ণ আদ্ৰভূমিও। আনকি আদ্ৰভূমিক লৈ এটা সুকীয়া দিৱসো আছে। আমি জনাত সংশ্লিষ্ট ক্ষেত্ৰত প্ৰয়োজনীয় সজাগতা সৃষ্টিৰ উদ্দেশ্যে আদ্ৰভূমিকেন্দ্ৰিক দিৱসৰো পোষকতা কৰা হৈছিল ১৯৭১ চনতেই; কিন্তু ১৯৯৭ চনপৰ্যন্ত আনুষ্ঠানিকভাৱে জলাশয় দিৱস পালন কৰা হোৱা নাছিল। ২০২১ চনৰ ৩০ আগষ্টত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ৭৫/৩১৭নং প্ৰস্তাৱ গ্ৰহণ কৰি বছৰি ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় দিনটো বিশ্ব আদ্ৰভূমি দিৱস বা বিশ্ব জলাশয় দিৱস হিচাপে উদযাপনৰ ক্ষেত্ৰত আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে। তেতিয়াৰ পৰাই প্ৰতিবৰ্ষতে ইংৰাজী বছৰৰ দ্বিতীয় মাহৰ দ্বিতীয় দিনটোক সমগ্ৰ বিশ্বতে আদ্ৰভূমি দিৱস বা বিশ্ব জলাশয় দিৱস হিচাপে পালন কৰা হৈ আহিছে।
আদ্ৰভূমি দিৱসৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ আদ্ৰভূমিসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে বিশ্বজুৰি সজাগতা সৃষ্টি কৰা। কিন্তু আদ্ৰভূমিক লৈ আমি হৈছোনে সচেতন? পৰিবেশ দিৱসৰ বাদেও সুকীয়াকৈ আদ্ৰভূমি দিৱস পালনৰ পিছতো আদ্ৰভূমিৰ সংকটক লৈ চিন্তা কৰিছোনে, সম্ভাৱনাক লৈ ভাবিছোনে? আমি আদ্ৰভূমিক লৈ আমাৰ কৃত্যখিনিৰ ন্যূনতমো কৰিছোনে? পৰিবেশ দিৱস অথবা আদ্ৰভূমি দিৱস পালনৰ লগতে প্ৰকৃতিৰ উপৰি জীৱজগতৰ বিভিন্ন দিশৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ প্ৰতি সচেতন হোৱাৰ বাদেও আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ অঞ্চলত থকা জলাশয়সমূহৰ সংৰক্ষণৰ বাবে আনক সজাগ কৰাৰ আগতে নিজেই কাৰ্যক্ষেত্ৰত সজাগ হোৱাৰ প্ৰয়োজনীয়তা অধিক। তেতিয়াহে জীৱজগতৰ বাবে কল্যাণীয় হোৱাৰ উপৰি আদ্ৰভূমিসমূহে আমাক উপহাৰ দিব সম্ভাৱনাময় বাস্তৱ।
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখিকা। আজি বিশ্ব আদ্ৰভূমি দিৱস উপলক্ষে এই প্ৰতিবেদনটি প্ৰকাশ কৰা হৈছে।)