মৌলানা নুৰুল আমিন কাছিমী
আৰবী চান্দ্ৰ মাহৰ তৃতীয়টো মাহৰ হৈছে ৰবিউল আৱাল মাহ। এই ৰবিউল আউৱাল মাহৰ ১২ তাৰিখে ভাৰতৰ লগতে অসমৰ বহু ঠাইত ফাতেহা-ই-দোৱাজ-দহম বিশেষভাবে পালন কৰা হয়। ফাতেহাৰ অৰ্থ হ’ল, দোৱা কৰা, প্ৰাৰ্থনা কৰা আৰু ফাৰ্চী দোৱাজ-দাহমৰ অৰ্থ হল ১২ তাৰিখ। অৰ্থাত ৰবিউল আউৱাল মাহৰ ১২তাৰিখে সন্মিলিতভাবে কৰা চিৰনী, প্ৰাৰ্থনা বা উৎসৱ। এই ফাতেহা ই দোৱাজ দহম অকল অসমৰ মুছলমান সকলেই যে পালন কৰে তেনে নহয়, বৰঞ্চ জাতি, ধর্ম, বৰ্ণ নিৰ্বিশেষে প্ৰায় সকলো লোকে এই উৎসৱত অংশ গ্ৰহণ কৰি সম্প্ৰীতিৰ উদাহৰণ দাঙি ধৰি আহিছে।
আৰবী ভাষাত, ‘ৰাবিউন’ শব্দটোৰ অৰ্থ হৈছে বসন্ত, সঞ্জীৱনী, সেউজীয়া অনুষ্ঠান। জনবিশ্বাস অনুসৰি কুৰাইশ সম্প্ৰদায়ৰ লোকসকলে কঠিন বিপদৰ মাজেৰে জীয়াই আছিল। যি বছৰত আল্লাহৰ বাৰ্তাবাহকে মাতৃ আমেনাৰ গৰ্ভলৈ তাশ্বৰীফ কঢ়িয়াই আনিছিল, সেই বছৰত মক্কাৰ শুকান মৰুভূমি পুনৰুজ্জীৱিত হৈছিল। শুকান গছ সতেজ আৰু ফুলেৰে ভৰি পৰিছিল। চাৰিওফালে শান্তিৰ এক বাৰ্তা আৰু আনন্দৰ সোঁত বৈছিল। মক্কাৰ কুৰাইশসকলে আনন্দিত হৈছিল, যাৰ বাবে বছৰটোক সুখ-জয় আৰু সঞ্জৱন বৰ্ষ নাম দিছিল। ইয়াৰ ওপৰি নবী মহম্মদ ছঃ ৰবিউল-আৱালৰ ১২ তাৰিখে পৃথিৱীৰ বুকুত পদাৰ্পণ কৰিছিল। ফতেহা-ই-দোৱাজ দহম মুছলমানসকলৰ বাবে এক বিশেষ দিন। কোৰান আৰু হাদিছে এই উপলক্ষে বিশেষ মেহফিলৰ আয়োজন কৰাৰ কোনো উপযুক্ত প্ৰমাণিক তথ্য নাই। তদুপৰি, বুৰঞ্জীবিদসকলৰ মাজত জন্ম তাৰিখ সম্পৰ্কেও মতভেদ আছে। বহু লোকে ৰবিউল-আৱালৰ ১২ তাৰিখটোক উদযাপন কৰাৰ কোনো যুক্তিযুক্ততা নাই বুলি মত পোষণ কৰে।
প্ৰতিনিধিত্বমূলক ছবি
তেওঁলোকৰ মতে ১২ ৰবিউল আৱালতে যে পয়গম্বৰৰ ছ: ৰ জন্ম যে ১২ ৰবিউল আৱালতে হৈছিল সেইটো ডাঠি কব নোৱাৰি। কোনো কোনো বুৰঞ্জীবিদৰ মতে ৯ ৰবিউল আৱাল আৰু কোনো কোনোৱে অন্য তাৰিখৰ মত পোষণ কৰিছে। নবীৰ জন্ম তাৰিখক লৈ কোনো মতভেদ থাকিলেও, বহুতে এই দিনটোক নবীজনাৰ জন্ম দিন হিচাপে পালন কৰিব বিচাৰে। কিন্তু ইছলামী চৰিয়তৰ মতে ‘জন্মদিন’ উদযাপন কৰাটো গ্ৰহণযোগ্য নহয়। ইছলাম ধৰ্মৰ মূল গ্ৰন্থ কুৰআন আৰু হাদীছত ইয়াৰ কোনো উল্লেখ পোৱা নাযায়। অৱশ্যে ইয়াৰ পৰিৱৰ্তে বছৰৰ যিকোনো দিনতে নবীৰ জীৱনী আলোচনা কৰিব পাৰি বুলি হে অধিকাংশ মুছলিম বিদ্বান মত পোষণ কৰে। আনহাতে এই সম্পৰ্কীয় আন এক দিন ফতেহা-ই-ইয়াজ দহম, ৰবিউছ ছানিৰ একাদশ দিনত বহুলোকে ফতেহা-ই-দোৱাজ দহম বা শ্বেখ আব্দুল কাদিৰ জিলানিৰ ওফাতৰ দিন হিচাপে উদযাপন কৰা দেখা যায়। ইয়াক ‘গিয়াৰবি শ্বৰীফ’ বা ‘এগাৰ শ্বৰীফ’ বুলিও কোৱা হয়। জন্মদিন আৰু মৃত্যুৰ দিন উদযাপন কৰিবলৈ ইছলামিক চৰিয়তে অনুমোদন নিদিয়ে। পয়গম্বৰ, খুলাফাই ৰাশেদ্দিন আৰু চাহাবা-ই-কেৰাম মুছলমানৰ বাবে আদৰ্শ। তেওঁলোকৰ কোনেও নিজৰ জন্মদিন আৰু কাৰোবাৰ মৃত্যু দিন উদযাপন কৰা নাছিল। জন্ম বা মৃত্যু দিৱস উদযাপন বছৰৰ প্ৰতিদিনে অনুসৰণ কৰিব পাৰি। অৱশ্যে, নবী আৰু নবীৰ সঙ্গীসকলেও নিজৰ জন্মদিন পালন কৰা নাছিল বা অনুগামীসকলক জন্মদিন আৰু মৃত্যুৰ দিনটো পালন কৰিবলৈ আদেশ দিয়া নাছিল। এইটো পৰৱৰ্তী সময়ত সময়ৰ সোঁতৰ প্ৰভাৱত প্ৰচলিত হোৱা এটা উৎসৱ হৈ পৰিছে।
১২ ৰবিউল আৱাল বা ফাতেহা ই দোৱাজ দহম কেনেকৈ উদযাপন কৰা উচিত : বহুতেই ভৱাৰ দৰে বা পালন কৰাৰ দৰে ফাতেহা ই দোৱাজ দহম নবীজীৰ জন্ম দিন নহয়। বা কেৱল মছজিদত কেইজনমান জমা হৈ চিৰনী খাই শেষ কৰি দিয়াৰ নাম নহয়। বৰঞ্চ এয়া নবীজনাৰ আদৰ্শৰ বিষয়ে আলোচনা কৰাৰ, তেওৰ জীৱন দৰ্শনৰ বিষয়ে চৰ্চা কৰাৰ এক সুন্দৰ সুযোগ। গতিকে এই দিনটোত ঠায়ে ঠায়ে জলছা, বৈঠক আদি এই উদ্দেশ্যে অনুষ্ঠিত কৰা উচিত যাতে নতুন প্ৰজন্মই নবী গৰাকীৰ মহান আদৰ্শৰ বিষয়ে জানিব পাৰে, তেখেতৰ আদৰ্শক নিজৰ জীৱনত প্ৰতিষ্ঠা কৰিব পাৰে। সৰু সৰু লৰা ছোৱালীৰ মাজত নবীজীৰ জীৱন বিষয়ক ৰচনা, কুইজ, বক্তৃতা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পাৰি। জাতি ধৰ্ম নিৰ্বিশেষে এই সুযোগতে সকলোৱে মিলি ইয়াক পালন কৰি সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰিব পাৰে। আহক এইবাৰৰ ফাতেহা ই দোৱাজ এই উদ্দেশ্যে পালন কৰোঁ।
(লেখক তেজপুৰস্থিত Islamic Study & Research Academy Assamৰ সভাপতি)