দীনমণি ডেকা
মহানগৰীৰ বজাৰত ভোগালীৰ খাদ্য-সামগ্ৰী উভৈনদী হৈ পৰিছে। বৰা চাউল, জহা চাউল, মাহ-তিল, দৈ, ক্রীম, নাৰিকল, কাঠআলুকে ধৰি আৰু ক'ত যে কি! কিন্তু তাৰ মাজতে সাধাৰণ ক্ৰেতাৰ দীঘল হুমুনিয়াহ। কাৰণ সামগ্ৰীৰ জুই-ছাই দাম। এক মোনা টকা লৈ বজাৰলৈ গ'লেহে কিনিব পৰা যায় এক মোনা সামগ্রী। বহুজনৰ চিন্তা- 'ইমান দামত কেনেকৈ কিনিম বিহুৰ চাউল, চিৰা-গুড়, দৈ-ক্রীম, মাছ-মাংস'। উপায় নাই- বিহুৰ কথা, এনে ভাবেৰে অলপ অলপকৈ যি পাৰোঁ কিনি আনি আমি ভোগালী উদযাপন কৰোঁ।
যোৱা কেইটামান বছৰৰ পৰা মাঘ বিহুত সাধাৰণ ৰাইজৰ এই অৱস্থা। বাকী উৎসৱকেইটাৰ কথা বৰ বেছি গুৰুত্ব দিব পৰাৰ সম্বল নাই। কেৱল মাঘ বিহুটোতে অলপ 'ধনীৰ ভোজন' বিলাসত মত্ত হ'বলৈ আমি যত্ন কৰোঁ। আমাৰ ঘৰখনতেই ভোগালী বিহু আয়োজন ৰজাৰ দৰে আছিল। কিনা সামগ্ৰীৰে বিহু খোৱাটো যেন মহাপাপহে আছিল। কিন্তু পুৰণি দিনবোৰ তেনেকুৱা নাছিল। প্রায় এসপ্তাহ-দহ দিনমানৰ পৰাই মাঘৰ বিহুৰ আনন্দই বিশেষকৈ গাঁৱৰ সকলোৰে মনবোৰ উল্লসিত কৰি তুলিছিল। কাৰোবাৰ যদি মৰণা মৰা হোৱা নাছিল, তেতিয়া হ'লে বিহুৰ আগতেই চোতালখন খালী কৰিব লাগে বুলি ইজনে-সিজনৰ মৰণা মাৰি শেষ কৰি বিশেষ সকাহ দিছিল।
অসমীয়া জীয়ৰী-বোৱাৰীয়ে ঢেঁকী দিয়া দৃশ্য
বিহুৰ বাবে কোনোবা ঘৰত যদি কিবা নাথাকে, তাৰ বাবে তেওঁলোকৰ চিন্তা কৰিবলগীয়া নাছিল। ভোগালীৰ সামগ্ৰীৰ আদান-প্রদান কৰাটো অঘোষিত পৰম্পৰা আছিল। চুঙাপিঠা বনাবলৈ কটা বাঁহৰ আগ কাটিবলৈ প্রায় মানুহ একেলগে গৈছিল। আমি ল'ৰাবোৰে দিন-ৰাতি একাকাৰ কৰি পথাৰত মেজি আৰু ভেলাঘৰ সাজিছিলোঁ। উৰুকাৰ দুই দিন আগত গাঁৱৰ প্ৰতিঘৰৰ চোতাললৈ গৈ গৃহস্থৰ মংগল কামনাৰে হৰিধ্বনি দি পোৱা পইচাৰে উৰুকাৰ ৰাতিৰ ভোজৰ বাবে বজাৰ কৰিবলৈ যোৱা কামেও বিশেষ আনন্দ দিছিল। গাঁৱৰ ৰাজহুৱা পুখুৰীৰ মাছ সকলোৱে ভগাই খোৱাটো আছিল গাঁওখনৰ নিৰ্ধাৰিত এটা নীতি। উৰুকাৰ নিশা ভেলাঘৰত কিমান যে, বস্তুৰ দান উঠিছিল হিচাপ নাথাকে। এতিয়া সেই দিনবোৰ অতীত হ'ল।
দুই-চাৰি দিনমানৰ আগৰ কথা-দিনগুটীয়াকৈ গাঁৱৰ ঘৰত থাকিলোঁ। দুপৰীয়া পথাৰৰ ফালৰ পৰা আহো বুলি ওলাই গ'লো। উদ্দেশ্য আছিল মেজি সাজিছে নে নাই চাবলৈ হেঁপাহ। ঘৰৰ সন্মুখৰ পথাৰখনলৈ গৈ পিচে মনটোত বেজাৰহে উপজিল। নামতহে মেজি। তিনি-চাৰি হাতমান ওখ এটা অদ্ভুত আকৃতিৰ মেজি। কাষতে এটা ভেলাঘৰো সাজু হৈছে। ভেলাঘৰটো অথবা মেজিটো দেখিলে বুজিব পাৰি সেয়া যে পৰম্পৰা ৰক্ষাৰ বাবেহে কৰা এটা কাম। লগতে দেখিলো পুহমহীয়া পথাৰত নৰাৰ সলনি গজি আছে অপতৃণহে। বহুতে যে, ধান খেতিয়েই নকৰিলে সেয়া নুবুজাকৈ নাথাকিলোঁ।
সমূহীয়াকৈ মাছ ধৰা দৃশ্য
উভতি আহোতে দুই-এজনক পথতে লগ পালোঁ যদিও মেজিৰ কথা অথবা খেতি নকৰাৰ প্ৰসংগত একো নুসুধিলো। মনতে ভাবিলোঁ- সময়ৰ প্ৰভাৱ। খেতি কৰি সময় নষ্ট কৰেনো কোনে? সকলোৱে দেখোন অন্নোদয়া আঁচনিৰ চাউল মাহে এমোনমানকৈ বিনামূলীয়াকৈ পায়েই। শাক-পাচলিৰো খেতি কৰি খোৱা মানুহ নাই গাঁওখনত। নহ'লেনো গাঁৱত চাপৰিৰ পাচলি বেপাৰীয়ে পিটপিটাই ফুৰিবনো কিয়? মাঘৰ বিহুৰ আগত নতুন আলুৰে ভর্তি হোৱা আমাৰ ঘৰখনতে পুৰি খাওঁ বুলি এতিয়া নতুন আলু এটা নাই। পিচে খেতি নকৰিলে পামনো ক'ত? সেইদিনা ৰাতিও গাঁৱৰ ঘৰতে কটালো। ৰাতি বিছনাত পৰি চিন্তা কৰিছিলো পথাৰবোৰ ছন পৰি ৰোৱাৰ আঁৰৰ কথাটো।
একেলগে উমলি-জামলি, পঢ়া-শুনা কৰিও বিভিন্ন কাৰণত সংস্থাপনহীন হৈ শেষত খেতি কৰিয়েই পৰিয়ালটো পোহপালনৰ সপোন দেখিছিল কান্ধসমনীয়া দুজনমানে। সিহঁতকেইটায়ো দেখোন খেতি-বাতি নকৰাকৈয়ে দুবেলাৰ ভাত মোকলাই থকা দেখিছো। বহুজনে ক'ব বিচাৰে চৰকাৰে সকলো দিছে। ঘৰ দিছে, পানী দিছে, লাইট দিছে, অৰুণোদয় আঁচনি পাইছে। গতিকে কিবা এটা লাম-লাকুটি কৰি দুপইচা গোটাব পাৰিলে চলি যায় দিনবোৰ। কথাটো নোহোৱা নহয়। হয়, আজিকালি খেতি-বাতি নকৰাকৈও চলিব পৰা দিন হ'ল বহুতৰ বাবে! পিচে এই ধাৰণাটো বাৰু কিমান সুস্থ? বুজাজনে নিশ্চয় নুবুজা নহয়।
মেজিত জুই দিয়াৰ পিছৰ দৃশ্য
চৰকাৰী আঁচনিক ধিয়াই, চাকৰি কৰাটোকে জীৱনৰ লক্ষ্য কৰি লৈ ক্ৰমান্বয়ে অসমীয়া মানুহে কৃষিকৰ্মৰ প্ৰতি প্ৰদৰ্শন কৰা অনীহাই জাতিটোলৈ বিপর্যয় নমাই আনিছে। এনে মনোভাবেৰে কৃষিভূমি বছৰৰ পিচত বছৰ ছন পেলোৱাৰ ফলত হেৰাই গৈছে জীৱনৰ ৰং। ৰং হেৰোৱা জীৱনত বিপর্যয় নামে! আমাৰ অসমীয়া জাতিও এতিয়া বিপৰ্যয়ৰ গৰাহত, অস্তিত্বৰ সংকটত। কেৱল এটা কাৰণতে যে জাতিটোলৈ বিপর্যয় নামিছে, সেয়া নহয়। বহুজনৰ দৰে আমিও ভাবো কর্ম বিমুখিতাই আমাৰ প্ৰধান শত্রু।
কথা এটা মনত পৰিছে। উৰিষ্যাকে ধৰি দক্ষিণ ভাৰতৰ পিনে আছে কেইবাজনো বন্ধু। উৰিষ্যাৰ শিক্ষক বন্ধুজনে মাজে মাজে খা-খবৰ লোৱাৰ উপৰি প্ৰায়ে কয়- বন্ধু অসমত মাটি অলপ দিয়া। আমিও গৈ অসমৰ বাসিন্দা হওঁ। এনেকৈ এদিন বন্ধুজনক মই সুধিলো তেওঁৰ অসমগ্ৰীতিৰ কথা। তেওঁৰ পোনপটীয়া উত্তৰ- অসম হেনো ভগৱানে উপহাৰ দিয়া স্থান। অসমৰ জলবায়ু, কলা-সংস্কৃতি সকলো হেনো সর্বশ্রেষ্ঠ। বন্ধুজনৰ কথাটো হওঁতে হয়। পিচে এতিয়া আমাৰ অনীহাতে হওঁক, জলবায়ু পৰিবৰ্তনৰ বাবেই হওঁক, একালৰ বৃন্দাবন একালত পৰে ছন যেন হৈছে। সেয়া হ'লেও দেশৰ ভিন্ন প্ৰান্তৰ তুলনাত আমাৰ ৰাজ্যৰ পৰিবেশ বহুত বেছি ভাল বুলি ক'ব লাগিব। অন্ততঃ অসমত এতিয়াও সামান্য যত্ন কৰিলেই খেতি-বাতি হয়। বিপৰীতে উৰিষ্যাৰ বন্ধুজনে বাস কৰা অঞ্চলটোত এটা তুলসীৰ পুলি ডাঙৰ-দীঘল কৰা আৰু সন্তান লালন-পালন কৰা একে কথা।
মেজিত জুই দিয়াৰ পিছৰ দৃশ্য
আমি তাহানিকালৰ পৰাই গৌৰৱেৰে কৈ আহিছো- 'বিহু আমাৰ জাতীয় উৎসৱ'। কিন্তু এনেদৰেই যদি আমি অভাৱত থাকি আমাৰ জাতীয় উৎসৱ উদযাপন কৰিবলৈ যাওঁ, তেতিয়াহ'লে বজাৰত গৈ আমি বিহুৰ সামগ্ৰী চাই জিভাৰ পানী পেলোৱাৰ বাদে বেলেগ গত্যন্তৰ নাই। কিয়নো এতিয়া আমাৰ পৰিয়ালৰ প্রয়োজন অনুপাতে উৎপাদন নাই। অর্থনীতিৰ স্বাভাৱিক সূত্র অনুসৰি চাহিদা অনুপাতে উৎপাদন নাথাকিলে দাম বৃদ্ধি হোৱাটো নীতি। দাম দি ক্রয় কৰিব পৰা ন্যূনতম সামর্থ্যও আমাৰ নাই। সেয়ে আমি যদি আমাৰ পৈতৃকসূত্রে লাভ কৰা মাটিডোখৰত অন্ততঃ বছৰৰ ঋতুকালীন খেতিকেইটাও কৰো, তেতিয়াহ'লে নিশ্চয় সকাহ নোপোৱাকৈ নাথাকিম। সেয়ে এই ভোগালীতে আমি অসমীয়া জাতিয়ে কৃষিকৰ্মৰে জীৱন গঢ়াৰ দৃঢ় সংকল্প লওঁ আহক। আনৰ বাবে নহ'লেও নিজে খাবলৈয়ে কৃষিকর্মত মনোনিবেশ কৰো আঁহক।
(লেখক এগৰাকী জ্যেষ্ঠ সাংবাদিক)