মুছলমান মহিলাসকলক সমাজৰ মূলসূঁতিৰ পৰা আঁতৰাই ৰখাটোৱে হৈছে জাকিৰ নাইকৰ শেহতীয়া মন্তব্যৰ উদ্দেশ্য

Story by  atv | Posted by  Munni Begum • 3 d ago
জাকিৰ নাইকে পাকিস্তানত এগৰাকী বেলুচ মহিলাৰ সৈতে তৰ্কত লিপ্ত হোৱাৰ এক মূহুৰ্ত
জাকিৰ নাইকে পাকিস্তানত এগৰাকী বেলুচ মহিলাৰ সৈতে তৰ্কত লিপ্ত হোৱাৰ এক মূহুৰ্ত
 
উজমা খাতুন
 
বিতৰ্কিত ইছলামিক প্ৰচাৰক জাকিৰ নাইকে নাৰী সম্পৰ্কে বহুতো বিতৰ্কিত বক্তব্য দিছে। এই মন্তব্যসমূহে মুছলমান সম্প্ৰদায়ৰ ভিতৰে-বাহিৰে তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে। শেহতীয়াকৈ পাকিস্তান ভ্ৰমণত অবিবাহিত মহিলাক লৈ কৰা তেওঁৰ মন্তব্যই সমগ্ৰ মুছলমান সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছে।
 
কৰাচীৰ গৱৰ্ণৰ হাউচত দিয়া ভাষণৰ সময়ত জাকিৰ নাইকে অবিবাহিত মহিলাক সন্মান কৰিব নোৱাৰি বুলি দাবী কৰি তেওঁলোকৰ হাতত মাত্ৰ দুটা বিকল্প আছে বুলি পৰামৰ্শ দিছিল। তেওঁ কৈছিল যে, অবিবাহিত মহিলাসকলে ইতিমধ্যে পত্নী থকা পুৰুষৰ সৈতে বিয়া হ'ব লাগে অন্যথা "বাজাৰী ঔৰত" (বেশ্যা) হোৱা উচিত। তেওঁৰ এই বক্তব্যই পাকিস্তানত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে। বহু ৰাজহুৱা ব্যক্তিয়ে তেওঁৰ এই মন্তব্যক অসভ্য আৰু যৌনতাবাদী (regressive and sexist) বুলি গৰিহণা দিছে।
 
অনাথ ছোৱালীক বঁটা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰা আৰু লাগেজ ভাট্টা সন্দৰ্ভত ভিআইপি চিকিৎসাৰ দাবীকে ধৰি আন কেইবাটাও বিতৰ্কই জাকিৰ নাইকৰ এই ভ্ৰমণক আৰু অধিক ক্ষতি কৰিছিল। এই ঘটনাই ধৰ্মীয় ব্যাখ্যা, নাৰীৰ অধিকাৰ, পাকিস্তানত বিতৰ্কিত ব্যক্তিক ৰাজ্যিক অতিথি হিচাপে আতিথ্য দিয়াৰ সিদ্ধান্তক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
এই ঘটনাসমূহে দেশৰ নাৰীৰ অধিকাৰ আৰু সামাজিক বিষয়ৰ প্ৰতি ৰক্ষণশীল ধৰ্মীয় দৃষ্টিভংগী আৰু প্ৰগতিশীল মনোভাৱৰ মাজত চলি থকা উত্তেজনাৰ ওপৰত আলোকপাত কৰা হৈছে। ইয়াৰ উপৰিও ই মুছলমান মহিলাসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰে, বিশেষকৈ ভাৰতৰ দৰে দেশত, য’ত তেওঁলোকে প্ৰায়ে ৰক্ষণশীল সমাজৰ নীতি-নিয়ম, শিক্ষাৰ সীমিত সুবিধা, অৰ্থনৈতিক অসুবিধাৰ দৰে বিষয়ৰ সৈতে যুঁজি থাকে।
 
এই লেখাটোত ইছলামিক দৃষ্টিকোণৰ পৰা জাকিৰ নাইকৰ নাৰী সম্পৰ্কে বিতৰ্কিত মতামতৰ নাৰীবাদী সমালোচনা আগবঢ়োৱা হৈছে। লেখাটোৰ সামৰণিত মুছলমান সম্প্ৰদায়ৰ ভিতৰত গঠনমূলক আলোচনাৰ আহ্বান জনোৱা হৈছে, যাতে পশ্চাদপসৰণশীল ব্যাখ্যাক প্ৰত্যাহ্বান জনোৱা হয় আৰু ইছলামৰ বিষয়ে অধিক ব্যাপক বুজাবুজিক প্ৰসাৰ কৰা হয়, যিয়ে কোৰাণৰ নীতিৰে মহিলাৰ অধিকাৰ ৰক্ষা কৰে।
 
অবিবাহিত মহিলাসকলে "ৰাজহুৱা সম্পত্তি" বা "বেশ্যা" হোৱাৰ পৰা হাত সাৰিবলৈ যিমান পাৰি সোনকালে বিবাহপাশত আৱদ্ধ হ'ব লাগে বুলি জাকিৰ নাইকে কোৱা কথাটো ইছলামৰ পিতৃতান্ত্রিক ব্যাখ্যাই বিশ্বাসৰ মৌলিক নীতিসমূহক কেনেদৰে বিকৃত কৰিব পাৰে তাৰ এটা স্পষ্ট উদাহৰণ। নাৰীৰ মূল্যক তেওঁলোকৰ বৈবাহিক অৱস্থালৈ হ্ৰাস কৰি নাইকে নাৰীৰ ক্ষতিকাৰক বস্তুনিষ্ঠতাক স্থায়ী কৰি ৰাখে। 
 
আমিনা ৱাদুদৰ দৰে ইছলামিক নাৰীবাদীয়ে যুক্তি আগবঢ়ায় যে জাকিৰ নাইকৰ এনে ব্যাখ্যা কেৱল ভুলে নহয়, ই কোৰাণ বিৰোধীও। ৱাদুদে কয় যে কোৰাণে মহিলাসকলক  তেওঁৰ বৈবাহিক অৱস্থা যিয়েই নহওক কিয় স্বাধীনভাৱে জীয়াই থকাৰ মৰ্যাদা প্ৰদান কৰে।
কোৰাণৰ ৩০:২১ আয়াতত এই কথা কোৱা নাই যে, বিবাহ অবিহনে এগৰাকী মহিলা অসম্পূৰ্ণ বা অসুৰক্ষিত।  
 
প্ৰতিনিধিত্বমূলক ছবি
 
নাইকে অবিবাহিত মহিলাৰ সমাধান হিচাপে উপস্থাপন কৰা বহুবিবাহ আন এটা বিষয় য’ত পিতৃতান্ত্রিক নীতি-নিয়মে ইছলামিক নীতিক বিকৃত কৰি তুলিছে৷ কোৰাণে সীমিত পৰিস্থিতিত বহুবিবাহৰ অনুমতি দিলেও ই ন্যায়ৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। কোৰাণত কোৱা হৈছে যে, "যদি আপুনি প্ৰথম পত্নীক ন্যায় দিব নোৱাৰে, তেন্তে আপুনি কেৱল এজনীকে বিয়া কৰাওক" (কোৰাণ ৪:৩)।
 
ছিটি মুছদাহ মুলিয়াৰ দৰে ইছলামিক নাৰীবাদীসকলে অধিক সমতাবাদী ব্যাখ্যাৰ পোষকতা কৰে, বহুবিবাহ নাৰীৰ সমস্যাৰ সমাধান নহয়, এয়া মাথো চৰ্তসাপেক্ষ এক প্ৰথাহে বুলি তেওঁ উল্লেখ কৰে। মুলিয়াই কয় যে, আধুনিক মুছলমান সমাজে মহিলাসকলৰ অধিকাৰ আৰু স্বাধীনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ জৰিয়তে এগৰাকী মুছলমান যুৱতীয়ে নিজৰ পছন্দ অনুসৰি বিবাহপাঁশত আৱদ্ধ হৈ স্বাধীনভাৱে জীয়াই থাকিব পাৰে।
 
মহিলাৰ সাজ-পোছাকৰ বিষয়ে মন্তব্য কৰি নাইকে কৈছিল যে অমাৰ্জিত কাপোৰ পৰিধানে নাৰীক ধৰ্ষণৰ বাবে আংশিকভাৱে দায়ী কৰি তোলে। এই মন্তব্যই ভুক্তভোগীক দোষাৰোপ কৰাৰ এক বিপজ্জনক ৰূপ প্ৰতিফলিত কৰে, যিটো ইছলামিক শিক্ষাত কোনো স্থান নাই। ইছলামত বিনয় (হায়া)ৰ ধাৰণাটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ, কিন্তু ইয়াক পুৰুষ আৰু মহিলা উভতে পালন কৰিবলৈ বাধ্য। কোৰাণে এই কথা কৈছে যে, পুৰুষ আৰু মহিলাই উভতে নিজৰ নিজৰ শালীনতা বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত আৰু উভতে নিজৰ গুপ্তাংগ নিয়ন্ত্ৰণৰ প্ৰতি সচেতন হোৱা উচিত। 
 
ইছলামিক নাৰীবাদীসকলে এই ধাৰণাটোক তীব্ৰ সমালোচনা কৰে যে পুৰুষৰ কাৰ্য্যৰ বাবে নাৰীৰ সাজ-পোছাক দায়ী। ইছলামিক নাৰীবাদীসকলে যুক্তি আগবঢ়ায় যে, এই ধৰণৰ ভুক্তভোগীক দোষাৰোপ কৰাৰ চিন্তাধাৰাই যৌন হিংসাৰ প্ৰকৃত অপৰাধীক শাস্তিৰ পৰা মুক্ত কৰি নাৰীৰ ওপৰত পিতৃতান্ত্রিক ব্যৱস্থাক স্থায়ী কৰি ৰাখে। কোৰাণে ব্যক্তিগত জবাবদিহিতা আৰু ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু মহিলাসকলক তেওঁলোকৰ ওপৰত কৰা পুৰুষে কৰা নিৰ্যাতনৰ বাবে জগৰীয়া কৰাটো অনুচিত বুলি কয়। বৰঞ্চ যৌন হিংসাৰ মূল কাৰণসমূহৰ সমাধানৰ ওপৰত গুৰুত্ব দিয়া উচিত।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ (এনচিআৰবি) শেহতীয়া তথ্য অনুসৰি, ভাৰতত ২০১৮ চনত সমগ্ৰ দেশতে ধৰ্ষণৰ বলি হোৱা মহিলাৰ ভিতৰত প্ৰতি চতুৰ্থগৰাকী নাবালিকা হয়। আনহাতে, ইয়াৰে ৫০ শতাংশতকৈ অধিক ১৮ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰত পৰে। তথ্য অনুসৰি প্ৰায় ৯৪ শতাংশ গোচৰত অপৰাধীসকলক ভুক্তভোগীসকলে চিনি পায়। তেওঁলোক হৈছে, পৰিয়ালৰ সদস্য, বন্ধু-বান্ধৱী, লিভ-ইন পাৰ্টনাৰ, নিয়োগকৰ্তা, বা অন্যান্য চিনাকী ব্যক্তি।
 
নাৰীৰ সাজ-পোছাকক ধৰ্ষণৰ সম্ভাৱ্য কাৰণ হিচাপে উল্লেখ কৰি নাইকে এই পিতৃতান্ত্রিক ধাৰণাটোক শক্তিশালী কৰে আৰু নাৰীক পুৰুষৰ কামৰ বাবে জবাবদিহি কৰাতকৈ পুৰুষৰ ইচ্ছাৰ পৰা নিয়ন্ত্ৰিত বা "সুৰক্ষিত" হ’ব লাগিব। নাৰীৰ ওপৰত হোৱা নিৰ্যাতনৰ বাবে তেওঁ কিন্তু পুৰুষক দোষাৰোপ কৰিব বিচৰা নাই। এই দৃষ্টিভংগীয়ে কেৱল মহিলাৰ স্বাধীনতা হ্ৰাস কৰাই নহয়, ইয়ে মহিলাৰ প্ৰতি থকা ন্যায় আৰু ব্যক্তিগত দায়বদ্ধতাৰ ওপৰত কোৰাণৰ গুৰুত্বতো আঘাত হানিছে।  
 
জাকিৰ নাইকৰ অন্য এটা যুক্তি যে ছোৱালীয়ে বিদ্যালয়ত এই কাৰণেই পঢ়িব নালাগে, যাতে তেওঁলোকে কুমাৰীত্ব হেৰুৱাবলগীয়া নহয়। তেওঁৰ এই মন্তব্য আন এক ক্ষতিকাৰী চিন্তাৰ ফচল, যিয়ে মহিলাসকলৰ শিক্ষাৰ সুবিধা সীমিত কৰে। এই বক্তব্যই নাৰীক সহজাতভাৱে দুৰ্বল আৰু তেওঁলোক অসুৰক্ষিত বুলি গণ্য কৰে। তেওঁৰ মন্তব্যৰ মাজত গভীৰ পিতৃতান্ত্রিক মানসিকতা প্ৰতিফলিত হৈছে। কিন্তু ইছলামে পুৰুষ আৰু মহিলা উভয়ৰে বাবে শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
 
কোৰাণে মানুহক জ্ঞান অৰ্জনৰ বাবে উৎসাহিত কৰে। হজৰত মহম্মদেও কৈছে, “জ্ঞানৰ সন্ধান কৰাটো প্ৰতিজন মুছলমান পুৰুষ আৰু মহিলাৰ বাবে বাধ্যতামূলক”। ইছলামত মহিলাৰ শিক্ষাৰ বিশিষ্ট সমৰ্থক ছিটি মুছদাহ মুলিয়াই যুক্তি আগবঢ়ায় যে, অনৈতিকতাৰ ভয়ৰ ভিত্তিত মহিলাক শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত কৰাটোৱে কেৱল তেওঁলোকক পিছুৱাই ৰখাই নহয়, ই তেওঁলোকৰ বৌদ্ধিক আৰু আধ্যাত্মিক বৃদ্ধিতো বাধাৰ সৃষ্টি কৰিব। পুৰুষৰ দৰে মহিলাসকলো সমাজৰ সম্পূৰ্ণ অংশগ্ৰহণকাৰী আৰু তেওঁলোকেও জ্ঞান আহৰণৰ সমান সুযোগ লাভ কৰা উচিত।
 
মুকলি আলোচনা আৰু বিশ্বাসেৰে আমি ইছলামিক শিক্ষাক পুনৰ নিৰীক্ষণ কৰিব লাগে আৰু মহিলাৰ অধিকাৰৰ বিষয়ে অধিক ব্যাপক আৰু ন্যায্য বুজাবুজিৰ দিশত কাম কৰিব পাৰো। ই মহিলাসকলক সমাজত সম্পূৰ্ণ অংশগ্ৰহণকাৰী হিচাপে শক্তিশালী কৰে আৰু তেওঁলোকৰ স্বাধীনতা, মৰ্যাদা আৰু বৌদ্ধিক অৱদানক সন্মান জনায়।
 
(ড° উজমা খাতুনে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে)


শেহতীয়া খবৰ