ক্ৰিষ্টেল ডছৌজা
ডাঃ আনোৱাৰুল আলমে এজন ৰোগীৰ ড্ৰেছিং সম্পূৰ্ণ কৰিছিল মাত্ৰ, তেনেতে তেওঁৰ ফোনটো বাজি হৈ উঠিছিল। তেওঁলোকৰ কথা-বতৰাৰ পৰা যিকোনো মানুহেই বুজি পাব যে ফোনৰ সিটো পাৰে আন এজন ৰোগী ডাঃ আনোৱাৰুল আলমৰ বাবে অপেক্ষা কৰি আছে। তেওঁ জ্বৰত আক্ৰান্ত হৈ আছে আৰু আৰু জৰুৰীভাৱে এন্টিবায়টিকৰ প্ৰয়োজন হৈছে। ডাঃ আলমক ফোন কৰাটো তেওঁৰ অন্যতম বিকল্প; কিয়নো তেওঁ বাস কৰা সুন্দৰবনৰ দূৰৱৰ্তী দ্বীপটোৰ পৰা ওচৰৰ চৰকাৰী চিকিৎসালয়লৈ খোজ কাঢ়ি যাবলৈ প্ৰায় তিনি দিন লাগে।
ফোনত তেওঁৰ কথা শুনি ডাঃ আলমে কাৰোবাক নিৰ্দেশনা দি কয়, “আমি দ্ৰুতগতিত আগবাঢ়িব লাগিব।” কেইমিনিটমানৰ পাছত ইঞ্জিনৰ শব্দই ইংগিত দিছিল যে নাও এখনে পৰৱৰ্তী গন্তব্যস্থানলৈ যাবলৈ সাজু হৈছে। বগা জাহাজখনে সুন্দৰবন (পশ্চিম বংগত অৱস্থিত বিশ্বৰ অন্যতম বৃহৎ বনাঞ্চল)ৰ পানীৰ মাজেৰে পূৰ্ণ শক্তিৰে আগবঢ়াৰ লগে লগে ভিতৰত থকা ডাক্তৰ, নাৰ্ছ, এক্স-ৰে টেকনিচিয়ান, লেব টেকনিচিয়ান, ফাৰ্মাচিষ্টজনে ঔষধ আৰু সঁজুলিবোৰ হাতত লৈ সাজু হৈ পৰে।
এই অনন্য ধাৰণাটোৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি ডাঃ আলমে কয়, “এমাহত আমি মুঠ ৩৪,৫৭৮ জন ৰোগীৰ চিকিৎসা কৰোঁ। ইয়াৰ বাবে মুঠ চাৰিখন নাও আছে আৰু প্ৰতিখন নাওৰ সময়সূচী প্ৰতি সোমবাৰে নিৰ্ধাৰণ কৰা হয়। গোটেই সপ্তাহটোত আমি সুন্দৰবনৰ ৩০টা দ্বীপত সেৱা আগবঢ়াও। উত্তৰ দিশে ৬টা আৰু দক্ষিণ দিশে ১৩টা ব্লক সামৰি লওঁ। দেওবাৰে আমি মূল ভূখণ্ডলৈ উভতি যাওঁ আৰু পৰৱৰ্তী সপ্তাহৰ বাবে যোগান, ঔষধ, জিৰণি আৰু ৰিচাৰ্জ ষ্টক কৰি লওঁ।”
সুন্দৰবনৰ ৰাইজক সহায়ৰ বাবে প্ৰয়োজনীয় সকলো অত্যাৱশ্যকীয় চিকিৎসা সঁজুলি আৰু ঔষধ সজ্জিত নাও ক্লিনিক (ছবি: ৱাহাব)
ডাঃ আলমে যোৱা ১০ বছৰ ধৰি এই মানৱসেৱাৰ কাম কৰি আহিছে। দৰাচলতে, ১৯৮০ চনত আৰম্ভ কৰা SHIS ফাউণ্ডেশ্যন (Southern Health Improvement Samity)ৰ প্ৰতিষ্ঠাপক সদস্য দম্পতী মহম্মদ আব্দুল ৱাহাব আৰু সাবিত্ৰী পালে নিযুক্তি দিয়া প্ৰথম চিকিৎসকসকলৰ ভিতৰত অন্যতম হৈছে ডাঃ আলম। ৭৯ বছৰীয়া অধিবক্তা ৱাহাব আৰু শিক্ষয়িত্ৰী পালে নিজৰ সমাজখনলৈ পৰিৱৰ্তন অনাৰ লক্ষ্যৰে ১৯৮০ চনত SHIS ফাউণ্ডেশ্যন গঢ়ি তুলিছিল।
‘মোৰ চকুৰ সন্মুখতে মানুহ মৰি আছিল’:
পশ্চিম বংগই ১৯৭৮ চনৰ ২৭ ছেপ্টেম্বৰক কেতিয়াও পাহৰিব পৰা নাই। প্ৰচণ্ড বৰষুণে গোটেই ঘৰবোৰ উটুৱাই নিয়াৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল। বহুতো লোক অনাহাৰে থাকিবলগীয়া হৈছিল আৰু গৃহহীন হৈ পৰিছিল। সেই সময়ত হাওৰাত বাস কৰা ৱাহাবে এই দুখজনক কষ্টৰ কথা মনত পেলাই কয়, “মানুহ আৰু তেওঁলোকৰ গৰু-ম’হবোৰ পানীত উটি যোৱাৰ দৃশ্যবোৰ বৰ হৃদয় বিদাৰক আছিল। চাৰিওফালে বানাক্ৰান্ত লোকে আনৰ ঘৰ আৰু বিদ্যালয়ত আশ্ৰয় লৈছিল, আনকি ডুব যোৱাৰ পৰা হাত সাৰিবলৈ গছৰ ওপৰতো উঠিছিল।”
এই অভাৱনীয় পৰিস্থিতিৰ সময়ত ৱাহাবে দেখিছিল যে এজন বিদেশী যেন লগা মানুহে বানপানীৰ মাজেৰে নাও এখন চলাই মানুহক খাদ্যৰ পেকেট বিতৰণ কৰি আছে। এই কথাই সেই সময়ত গাঁও পৰ্যায়ৰ এটা সংগঠনৰ সম্পাদক হিচাপে কৰ্মৰত অধিবক্তা ৱাহাবক আকৰ্ষিত কৰিছিল।
প্ৰতিখন নাওতে দুখন মেডিকেল বেড, এটা মোবাইল এক্স-ৰে, এটা সৰু পেথ’লজিকেল ইউনিট, এটা মেডিকেল ষ্ট’ৰ ৰুম, আৰু এটা অক্সিজেন চিলিণ্ডাৰ থাকে (ছবিৰ: ৱাহাব)
ইয়াৰ পিছত তেওঁ গম পাইছিল যে মানুহজন আছিল ছুইজাৰলেণ্ডৰ এগৰাকী নাৰ্ছ গ্ৰেণ্ডজিয়ান গেষ্টন। ৱাহাবে কয়, “ছুইজাৰলেণ্ডৰ ব্যক্তিজন হৃদৰোগৰ সৈতে যুঁজি আছিল আৰু ভাৰতৰ দুখীয়াসকলৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰাৰ সিদ্ধান্ত লৈছিল।" গেষ্টনৰ এই মহানুভৱতাক তেওঁ অনুসৰণ কৰিবলৈ মন গ’ল। আৰু সেই বছৰতে গেষ্টনৰ কাহিনীৰ পৰা অনুপ্ৰাণিত হৈ ৱাহাব দম্পতীহালে নিজৰ পৰিকল্পনা পুনৰ যুগুত কৰাৰ সিদ্ধান্ত ল’লে; আৰু পুনৰ নিজৰ গৃহ চহৰ ভাংগাৰ, দক্ষিণ ২৪ পৰগনালৈ গুচি যায়। এই পদক্ষেপৰ লক্ষ্য আছিল তেওঁলোকৰ সম্প্ৰদায়ৰ অভাৱগ্ৰস্ত অঞ্চলসমূহ চিনাক্ত কৰা আৰু সেই ব্যৱধানসমূহ দূৰ কৰা। বানপানী কমিবলৈ ধৰিলেও পশ্চিম বংগৰ বাসিন্দাসকলৰ বাবে ই বহু প্ৰত্যাহ্বান এৰি থৈ গ’ল। বানপানীয়ে এৰি থৈ যোৱা বীজাণু সম্প্ৰসাৰিত হয় আৰু সমাজখনে ইতিমধ্যে যুঁজি থকা যক্ষ্মা (টিবি)ৰ বিৰুদ্ধে চলি থকা যুঁজখন আৰু অধিক জোৰদাৰ কৰি তুলিছিল।
ৱাহাবে এইদৰে স্মৰণ কৰে, “আমাৰ চকুৰ সন্মুখত বহুতো মানুহৰ মৃত্যু হৈছিল। প্ৰায়ে কাহৰ পৰা এই ৰোগ আৰম্ভ হৈছিল আৰু ব্যক্তি এজনে গম পোৱাৰ আগতেই তেওঁলোকৰ টিবি ধৰা পৰিছিল। চুবুৰীৰ মানুহৰ লগত কথা পাতি থাকোঁতে আমি বুজিলোঁ যে বুকুৰ সমস্যা থকা প্ৰায় ৫০ শতাংশ লোকে তেজ বমি আৰম্ভ নকৰালৈকে চেকআপ কৰিবলৈ নাযায়। আৰু এবাৰ তেওঁলোকে এই পৰ্যায়ত উপনীত হ’লেই, বেছিভাগ সময়তে বহু দেৰি হৈছিল। আমি দেখিলোঁ যে সেই সময়ত সুন্দৰবনত মাত্ৰ তিনিজন ডাক্তৰ আৰু তিনি লাখৰো অধিক ৰোগী আছিল।”
দম্পতীহালে ৰোগাক্ৰান্ত লোকসকলক সহায় কৰিব বিচাৰিছিল। তেওঁলোকে কলকাতাৰ চিকিৎসকে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰাৰ কথা শুনিছিল। “সাবিত্ৰী আৰু মই এই ক্লিনিকবোৰ ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিলোঁ, ঔষধৰ নমুনা সংগ্ৰহ কৰিলো আৰু এইবোৰ আমি চাহ দোকানৰ মালিকে আমাক ধাৰলৈ দিয়া সৰু কোঠা এটাত বিতৰণ কৰিলোঁ। কেইটামান সপ্তাহৰ ভিতৰত সুন্দৰবন দ্বীপপুঞ্জৰ পৰা যথেষ্ট মানুহ আহিছিল যক্ষ্মা, চৰ্দি, কাহ আৰু জ্বৰৰ প্ৰতিষেধক ল’বলৈ।”-ৱাহাবে কয়।
SHIS ফাউণ্ডেশ্যনে অনুষ্ঠিত কৰা চিকিৎসা শিবিৰ আৰু যক্ষ্মা ৰোগীক বিনামূলীয়া ঔষধো বিতৰণৰ এক দৃশ্য (ছবি: ফেচবুক: SHIS)
কিন্তু যেতিয়া ৰোগীৰ সংখ্যা যথেষ্ট হাৰত বৃদ্ধি পাবলৈ ধৰিলে, তেতিয়া দম্পতীহালে পুনৰ গতি সলনি কৰাৰ আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ল। কেইমাহমানৰ ভিতৰত দম্পতীহালে চাৰিখন সম্পূৰ্ণ সু-সজ্জিত নাও আৰু দুখন ভ্ৰাম্যমাণ জৰুৰীকালীন এম্বুলেন্স যোগাৰ কৰি এই অভিযানৰ বাবে নিজকে সমৰ্পিত কৰিছিল।
আৰু তেনেকৈয়ে জন্ম হৈছিল SHIS Foundation’s Boat Clinic-ৰ। যোৱা ৪৩ বছৰত দম্পতীহালে ফাউণ্ডেশ্যনৰ অধীনত বহু কাৰ্যসূচী অন্তৰ্ভুক্ত কৰি ইয়াৰ পৰিসৰ বৃদ্ধি কৰা দেখা গৈছে। ইয়াৰ ভিতৰত যক্ষ্মা নিয়ন্ত্ৰণ কাৰ্যসূচী, চকুৰ যতন চিকিৎসালয়, ছোৱালীৰ বাবে বিদ্যালয়, বিশেষভাৱে সক্ষম শিশুৰ শিক্ষণ কেন্দ্ৰ, সুন্দৰবনৰ মহিলাসকলৰ দক্ষতা বিকাশৰ কাৰ্যসূচী আদি।
আপোনাৰ দুৱাৰমুখলৈ অহা এখন ক্লিনিকঃ
এই অনন্য অভিযানৰ আনন্দৰ বিষয়ে ডাঃ আলমে বিশদভাৱে কয়; দূৰৱৰ্তী স্থানসমূহলৈ যোৱাটো আমাৰ বাবে যথেষ্ট প্ৰত্যাহ্বানমূলক। কিন্তু আমাৰ ৰোগীসকলক চিকিৎসাসেৱা আগবঢ়োৱাতকৈ ডাঙৰ আনন্দ আৰু একো নাই।”
কমিউনিটি ডেলিভাৰী চেণ্টাৰসমূহে মহিলাসকলে সন্তান জন্ম দিব পৰাকৈ নিৰাপদ পৰিৱেশ লাভ কৰাটো নিশ্চিত কৰে (ছবি: ৱাহাব)
শেহতীয়াকৈ এগৰাকী গৰ্ভৱতী মহিলাৰ এটা ঘটনাৰ কথা স্মৰণ কৰি তেওঁ কয়, “আমি নাওঁৰ ক্লিনিকত মহিলাগৰাকীক প্ৰাথমিক চিকিৎসা দিছিলো যদিও তেওঁক তৎকালীনভাৱে যতন লোৱাৰ প্ৰয়োজন আছিল। যিহেতু আমি নাও ক্লিনিকত গুৰুতৰ চিকিৎসাৰ সেৱা আগনবঢ়াও, গতিকে মই তেওঁক ওচৰৰ চৰকাৰী চিকিৎসালয়লৈ ৰেফাৰ কৰিলোঁ। আমি তেওঁক তালৈ লৈ যাবলৈ স্থানীয় পৰিবহণৰ ব্যৱস্থা কৰিলোঁ আৰু তেওঁ এটা সুস্থ সন্তান জন্ম দিলে। এইধৰণৰ কাহিনীয়ে আমাক হাঁহিবলৈ বাধ্য কৰে।”
ডাঃ আলমে জানিবলৈ দিয়ে যে প্ৰতিখন নাও ক্লিনিকত দুখন মেডিকেল বেড, এটা মোবাইল এক্স-ৰে, এটা সৰু পেথ’লজিকেল ইউনিট, এটা মেডিকেল ষ্ট’ৰ ৰুম, আৰু এটা অক্সিজেন চিলিণ্ডাৰ থাকে। আৰম্ভণিৰ পৰাই এই সংগঠনটোৱে প্ৰায় আঠ লাখ ৰোগীক সহায়ৰ হাত আগবঢ়াইছে। SHIS ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাতা ৱাহাবে কয় যে নাওসমূহৰ বাবে নিযুক্ত চিকিৎসক আৰু সকলো চিকিৎসাকৰ্মীক প্ৰাপ্ত দৰমহা দিয়া হয়। সেৱাৰ ধাৰাবাহিকতা যাতে অব্যাহত থাকে আৰু ৰোগীসকল যাতে আবদ্ধ হৈ নাথাকে, তাৰ বাবে এই অভিনৱ ব্যৱস্থা হাতত লোৱা হৈছে।
এইদৰে Boat Clinic-ৰ জৰিয়তে সংগঠনটোৱে এসময়ত চিকিৎসাৰ অভাৱত ভুগি থকা দ্বীপপুঞ্জৰ দূৰ্গম অঞ্চলৰ লোকসকলক এতিয়া উন্নত স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ সক্ষম হৈছে। কিন্তু এই আমূল পৰিৱৰ্তন অনাটো এদিনৰ কথা নহয়, ইয়াৰ বাবে ৱাহাব আৰু তেওঁৰ পত্নী সাবিত্ৰী পালে সন্মুখত অহা সকলো বাধা অতিক্ৰম কৰিছে।
(এই বাতৰিটো অগ্ৰণী সংবাদ প্ৰতিষ্ঠান বেটাৰ ইণ্ডিয়াৰ (the better India) পৰা অনুবাদ কৰা হৈছে)