আৰিফুল ইছলাম / গুৱাহাটী
চকুৰে দেখা নোপোৱা এজন ব্যতিক্ৰমী যুৱক। পৃথিৱীখন তেওঁৰ বাবে অন্ধকাৰ। কিন্তু পবিত্ৰ কোৰাণৰ আলোকে আলোকিত কৰি ৰাখে তেওঁৰ অন্তৰ। প্ৰতিবন্ধী হৈও হাফিজ হ'বলৈ সক্ষম হৈছে যুৱকজন। বন্ধু আৰু শিক্ষকৰ পৰা পবিত্ৰ কোৰাণৰ আয়াত শুনি শুনি মুখস্থ কৰিছে সম্পূৰ্ণ কোৰান শ্বৰীফ। যুৱকজন হৈছে কামৰূপ জিলাৰ বালিকুছিৰ তুলামাটি গাঁওৰ কৌছাৰ আলী আৰু আফৰুজা বেগমৰ সন্তান হাফিজ ইনামূল আলী।
চকুৰে দেখা নোপোৱাৰ পিছতো পবিত্ৰ কোৰাণৰ হাফিজ (কোৰান মুখস্থ থকা ব্যক্তি) হৈ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে হাফিজ ইনামূল আলীয়ে। ইনামূল আলী জন্মগতভাৱে প্ৰতিবন্ধী নাছিল। ১.৫ বছৰ বয়সত এক ৰোগত আক্রান্ত হৈ চিৰদিনৰ বাবে দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল ইনামূল আলীয়ে।
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হাফিজ ইনামূল আলীয়ে কয়; "প্ৰথমতে মই আল্লাহৰ ওচৰত লাখ লাখ ধন্যবাদ জ্ঞাপন কৰিছো। পবিত্ৰ কোৰাণখন হৈছে আল্লাহৰ বাণী। যিখন আমাৰ নবী হজৰত মহম্মদ (ছ:) ৰ ওপৰত নাজিল হোৱা এখন গ্ৰন্থ। প্ৰথম মই মাদ্ৰাছালৈ যাওঁতে মোৰ শিক্ষাগুৰুসকলে কৈছিল যে তুমি পাৰিবা, নোৱাৰা কাম এই পৃথিৱীত একোৱে নাই। মই মোৰ শিক্ষাগুৰুসকলৰ শলাগ ল'বলৈ লাগিব, নহ'লে মোৰ তেওঁলোকৰ লগত অন্যায় কৰা হ'ব। তেওঁলোকে মোক বহুত সহায় কৰিছে। মই এগৰাকী হাফিজ হ'বলৈ যিমানখিনি কষ্ট কৰিছোঁ। তেওঁলোকেও মোৰ লগত সিমানেই কষ্ট কৰিছে।"
ইনামূল আলীয়ে যিহেতু চকুৰে দেখা নাপাই, কোৰাণ পঢ়া আৰু মুখস্থ কৰাত তেওঁ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। নিজৰ ওপৰত থকা দৃঢ় বিশ্বাস আৰু অধ্যৱসায়ে ইনামূল আলীক এগৰাকী ভাল হাফিজ বনাই তুলিলে। ইনামূলে নিজৰ শিক্ষাগুৰু বা সহপাঠীৰ পৰা কোৰাণৰ এটা এটা আয়াত (শাৰী) ভালদৰে শুনিছিল আৰু সেই আয়াতবোৰ বাৰে বাৰে আওৰাই মুখস্থ কৰিছিল।
হাফিজ ইনামূল আলীক পাগুৰী প্ৰদান কৰা মুহূৰ্তত
"অলপ অলপকৈ মুখস্থ কৰি মই শিক্ষাগুৰুসকলক শুনাইছিলো। এনেকৈয়ে ৰাইজৰ আশীৰ্বাদ আৰু শ্রদ্ধাৰ শিক্ষাগুৰুসকলৰ সহায়ত মহান আল্লাহে মোক হাফিজ-এ-কোৰাণ বনালে। প্ৰথমতে মই এদিনত ৪-৫ শাৰীকৈ শুনাইছিলো। কিছুদিন পিছত ৭-৮ শাৰীকৈ শুনোৱা আৰম্ভ কৰিলোঁ। আটাইতকৈ বেছি ৭৫ শাৰী মুখস্থ কৰি মই শিক্ষাগুৰুক পঢ়ি শুনাইছিলো। মোৰ বন্ধুসকলেও মোক যথেষ্ট সহায় কৰিছিল। মোৰ বন্ধুসকলে নিজৰ পঢ়াৰ সময় নষ্ট কৰি হ'লেও মোক পঢ়াই দিছিল", হাফিজ ইনামূল আলীয়ে কয়।
মাদ্ৰাছাত পঢ়ি থকা সময়ত অধ্যয়নৰ উপৰিও অন্য কাম-কাজসমূহত ইনামূলৰ সহপাঠী বন্ধুসকলে যথেষ্ট সহায় কৰিছিল। ইনামূলৰ শিক্ষাগুৰুসকলে তেওঁৰ লগত সকলো সময়তে এজন সহপাঠীক ৰাখিছিল, যাতে সকলো কামতে তেওঁক দেখুৱাই দিব পাৰে। যদিও ইনামূল প্ৰতিবন্ধী আছিল, যিকোনো নতুন ঠাই এটাত দুদিন চলাফুৰা কৰাৰ পিছত তেওঁ অকলে চলাফুৰা কৰিব পাৰিছিল।
হাফিজ ইনামূল আলীৰ মাতৃ
হাফিজ ইনামূল আলীয়ে বহুকেইখন মাদ্ৰাছাত হাফিজি পাঠ্যক্ৰমৰ অধ্যয়ন কৰিছিল। প্ৰথমে তেওঁ ঘৰৰ ওচৰতে বাইৰাহা শৌলমাৰী হাফিজি মাদ্ৰাছাত অধ্যয়ন কৰিছিল। সেই মাদ্ৰাছাখনত ইমৰানৰ প্ৰথম শিক্ষাগুৰু আছিল হাফিজ কাৰী আফতাবুদ্দিন আহমেদ। "তেখেতে মোক পবিত্ৰ কোৰাণৰ লগত চিনাকি কৰাই দিছিল। তাৰপিছত দৰং জিলাৰ কতাহী গঙ্গাপুখুৰী হাফিজি মাদ্ৰাছাত পঢ়িছিলো। তাৰপিছত মাৰৈ হাফিজি মাদ্ৰাছাত পঢ়িলোঁ। তাৰপিছত মোৰ বন্ধু এজনে মোক ৰঙিয়াত অৱস্থিত দাৰুল উলুম আশ্রফিয়া মাদ্ৰাছাত নামভৰ্তি কৰাই দিলে। তাত মই মোৰ শিক্ষাগুৰু তথা বন্ধু-বান্ধৱৰ পৰা যথেষ্ট সহায়-সহযোগিতা পাইছিলোঁ। তাত মই মোৰ পঢ়া শুনাইছিলো হাফিজ খাইৰুল ইছলামৰ ওচৰত। তেখেত যদিও মোৰ শিক্ষাগুৰু, তথাপি তেখেতে মোক যথেষ্টখিনি সহায় কৰি দিছিল। তাত মোক ছামনুৰ হাফিজ চাহাবেও যথেষ্ট সহায় কৰিছিল। প্ৰধান শিক্ষক নজৰুল হুজুৰেও মোক বহুত চোৱাচিতা কৰিছিল", ইনামূল আলীয়ে কয়।
ইনামূল আলীৰ মাতৃ আফৰুজা বেগমে কয়; "১.৫ বছৰ বয়সত মোৰ লোৰাটোৰ এটা বেমাৰ হোৱাত সম্পূৰ্ণৰূপে দৃষ্টিশক্তি হেৰুৱাই পেলায়। তাক আমি প্ৰথমতে স্কুলত দিছিলোঁ যদিও মোৰ মনত এটা কথাই আহি থাকে যে তাক আমি হাফিজ বনাব লাগে। এতিয়া মই আল্লাহৰ ওচৰত কৃতজ্ঞ যে তেওঁ মোৰ লৰাটোক হাফিজ বনাইছে। লৰাটোক আমাৰ গাঁৱৰ ৰাইজ, শিক্ষক, তাৰ সহপাঠী বন্ধুসকলে যথেষ্ট সহায় কৰিছে। আমাৰ যিহেতু আৰ্থিক অৱস্থাও বৰ ভাল নহয়, গতিকে আৰ্থিক ভাৱেও মানুহে সহায় কৰিছে। তাক আমি ১২ বছৰ বয়সত মাদ্ৰাছাত নামভৰ্তি কৰাই দিছিলোঁ। প্ৰথমতে মোৰ যদিও দুখ লাগিছিল, কিন্তু এতিয়া মই আল্লাহৰ ওচৰত চিৰ কৃতজ্ঞ। মই আল্লাহৰ পৰা যি বিচাৰিছিলোঁ, সেয়া পাইছোঁ।"
ৰঙিয়াৰ দাৰুল উলুম আশ্রফিয়া মাদ্ৰাছাৰ চৌহদ
"এতিয়া মোৰ লোৰাটোৰ যিহেতু উপযুক্ত বয়স হৈছে, গতিকে তাক আমি বিয়া পাতি দিব পাৰিলে আৰু চিন্তা নকৰোঁ। মোৰ লৰাটোক যেতিয়া সৰুতে কিবা খাব দিলে বিচাৰি ফুৰে, এগৰাকী মাতৃ হৈ মোৰ কেনেকুৱা লাগিব পাৰে? মই ভাঙি পৰিছিলোঁ মাজে-সময়ে। ক্ৰমান্বয়ে ডাঙৰ হৈ অহাৰ লগে লগে লোৰাটোৱে সকলোবোৰ বস্তু আয়ত্ত কৰিব জনা হ'ল। মাতৃ হিচাপে যদিও মোৰ দুখ লাগে, এতিয়া সি সকলোবোৰ কাম নিজেই কৰিব পাৰে আৰু আমি দেখুৱাই থাকিব নালাগে। আমি ঘৰত নাথাকিলেও নিজেই সকলো কাম কৰিব পাৰে। তাৰ কথা ভাবিলেই মই আবেগিক হৈ পৰো।", মাতৃ আফৰুজা বেগমে কয়।
উল্লেখযোগ্য যে, মাক-দেউতাকৰ উপৰিও ইনামূল আলীয়ে নিজেও সৰুৰে পৰা এজন হাফিজ হোৱাৰ সপোন দেখিছিল। ইনামূল আলীয়ে প্ৰতিবছৰ ৰমজান মাহত তাৰাবিহৰ নামাজ (ৰমজান মাহত পঢ়া নামাজ) পঢ়ুৱাৰ উপৰিও দ্বিনি তবলিকৰ সৈতেও জড়িত। ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে সোধাত আৱাজ-দ্য ভইচ'ৰ আগত ভৱিষ্যতে তেওঁ এজন ভাল 'কাৰী' হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছে।