শ্ৰীলাথা মেনন/থ্ৰিছুৰ
সমগ্ৰ দেশতে জামাত বা আন মুছলমান সংস্থাৰ দ্বাৰা পৰিচালিত কেইবাখনো শিক্ষানুষ্ঠান আছে। এই শিক্ষানুষ্ঠানসমূহে সাধাৰণতে ইছলামিক শাস্ত্ৰ, ইছলামিক আইন, হাদীছ ইত্যাদি বিষয়ৰ শিক্ষা প্ৰদান কৰে। কিন্তু কেৰেলাৰ থ্ৰিছুৰত অৱস্থিত একাডেমী অৱ শ্বৰিয়ত এণ্ড এডভান্সড ষ্টাডিজ (ASAS) এই ক্ষেত্ৰত যথেষ্ট পৃথক। কাৰণ, ইয়াৰ অধ্যক্ষ শ্ৰীশংকৰ বিশ্ববিদ্যালয় কলাডী (আদি শংকৰাচাৰ্যৰ জন্মস্থান)ৰ এজন সংস্কৃত পণ্ডিত আৰু তেওঁৰ নেতৃত্বত ইয়াত ইছলামিক শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক সংস্কৃত আৰু বেদৰ শিক্ষাও প্ৰদান কৰা হয়।
আঠ বছৰ পূৰ্বে চুফী চুন্নী মুছলমান পণ্ডিতৰ এটা সংস্থা ছামাষ্টা (Samastha)ই আৰম্ভ কৰা প্ৰতিষ্ঠানটোৰ পাঠ্যক্ৰমক ইয়াৰ অধ্যক্ষ ওনাম্পিলি মুয়াম্মাদ ফাইজী (Onampilly Muammad Faizy )য়ে পুনৰ ডিজাইন কৰি ইয়াক দেশৰ অন্যতম অনন্য প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিছিল। কেইবছৰমান আগতে অধ্যক্ষগৰাকীয়ে সংস্কৃত ভাষা আৰু সাহিত্যক পাঠ্যক্ৰমৰ বাধ্যতামূলক অংশ হিচাপে প্ৰৱৰ্তন কৰিছিল।
পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ শ্বৰীফ আৰু ভাগৱত গীতা
প্ৰতিষ্ঠানখনত দশম শ্ৰেণীৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে একাডেমীত প্ৰৱেশ কৰে। তেওঁলোকে ইছলামিক অধ্যয়নত ইণ্টাৰমিডিয়েট, ডিগ্ৰী, আৰু স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু ইয়াৰে এখন গৱেষণা পত্ৰ হৈছে সংস্কৃত। কিন্তু এটা প্ৰশ্ন সঘনাই উত্থাপন হয় যে ইছলামিক আইন শিকোৱা প্ৰতিষ্ঠানত সংস্কৃত শিক্ষা কিয়? ইয়াৰ প্ৰাসংগিকতা কি? ইয়াত সংস্কৃত ভাষাৰ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থী আছে নে? কোনেও ইয়াৰ বিৰোধিতা নকৰে নেকি?
এনে আৰু বহু প্ৰশ্ন আছে কিন্তু ইয়াৰ এটাই মাথো উত্তৰ আছে অধ্যক্ষগৰাকীৰ হাতত। তেওঁ কয়, “মই বিচাৰো ছাত্ৰ-ছাত্ৰীসকলে সকলো কথা জনা উচিত আৰু প্ৰতিটো দৰ্শনৰ প্ৰতি সচেতন হওক আৰু কোনো এটা দিশৰ পৰা যাতে তেওঁলোকে বিচ্ছিন্ন নহয়। কোৰাণ আৰু উপনিষদৰ পৃষ্ঠাবোৰ একেখন গ্ৰন্থৰ ইপিঠি-সিপিঠি বুলি অধ্যাপক ওনাম্পিলিয়ে অনুভৱ কৰে। বেদান্ত চিন্তা আৰু কোৰান উভয়ৰে ওপৰত তেওঁৰ পাণ্ডিত্য সকলোৰে পৰিচিত। তেওঁ কয়, "ভাৰতীয় দাৰ্শনিক ক্ষেত্ৰখন অতি বিশাল আৰু মই বিচাৰো মোৰ একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াক জানিব লাগে আৰু তেওলোক ইয়াৰ পৰা বিচ্ছিন্ন হোৱা উচিত নহয়।"
উল্লেখ্য যে, একাডেমীত তেওঁৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় ১০০ জন। সংস্কৃত শিকিবলৈ তেওঁলোকৰ বা তেওঁলোকৰ পিতৃ-মাতৃৰ আপত্তি আছে নেকি বুলি সোধাত তেওঁ কয় যে ই আন যিকোনো বিষয়ৰ দৰে এক শৈক্ষিক বিষয়। মই বিশ্বাস কৰোঁ যে আপুনি কেৱল নিজৰ ধৰ্মৰ মাজত বিচ্ছিন্ন আৰু সীমাবদ্ধ হৈ থকাতকৈ প্ৰতিটো দৰ্শন শিকিব লাগে আৰু জনা উচিত। জ্ঞান আৰু সজাগতাই বুজাবুজিৰ জন্ম দিয়ে। অধ্যক্ষ ওনাম্পিলি মুয়াম্মাদ ফাইজীয়ে তেওঁৰ বক্তৃতাসমূহত (ইউটিউবত উপলব্ধ) গীতা আৰু উপনিষদৰ উদ্ধৃতিৰে উদাৰতা প্ৰদৰ্শন কৰে যদিও তেওঁ নিজৰ একাডেমীত সংস্কৃত শিক্ষা নিদিয়ে।
কেৰেলাৰ থ্ৰিছুৰৰ শ্বৰীয়ত আৰু উন্নত অধ্যয়ন একাডেমীৰ চৌহদ
“মই অনুভৱ কৰোঁ যে ভাষা এটাৰ অধ্যয়নে এই ভাষাটোৰ সৈতে জড়িত সংস্কৃতিৰো জ্ঞান দিয়ে। গতিকে, আমি এটা ভাষা শিকি থাকোঁতে আমি সেই ভাষা কোৱা লোকসকলৰ সংস্কৃতিৰ বিষয়েও জানিব পাৰো। মোৰ একাডেমীত পাঠ্যক্ৰম পৰিচালনা কৰিবলৈ তিনিজন হিন্দু সংস্কৃত শিক্ষক আছে। এই পাৰস্পৰিক ক্ৰিয়াই হিন্দু-মুছলমানৰ মাজৰ সাংস্কৃতিক বাধা আঁতৰাই পেলায়। এজন হিন্দু শিক্ষকে যিদৰে সাংস্কৃতিক সূক্ষ্মতাবোৰ বুজাব পাৰিছে, ঠিক তেনেকৈ মই হয়তো নোৱাৰিলোহেঁতেন।"-তেওঁ কয়।
ওনাম্পিলি মুয়াম্মাদ ফাইজীয়ে কয় যে বৰ্তমানৰ শিক্ষা ব্যৱস্থাত ধৰ্ম বা মূল্যবোধ ভিত্তিক শিক্ষাৰ অভাৱ দেখা যায়। মূল্যবোধ অবিহনে শিক্ষা অসম্পূৰ্ণ। উল্লেখ্য যে, ভাৰতৰ ধৰ্মীয় বিশ্বাসৰ বৈচিত্ৰ্যৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহে ধৰ্মীয় দৰ্শনৰ কোনো কথা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পৰা আঁতৰি থাকে। এই বিষয়ে সোধাত অধ্যক্ষগৰাকীয়ে কয় যে আমাৰ ধৰ্মীয় বিশ্বাসে প্ৰদান কৰা চহকী মূল্যবোধৰ পৰা ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰাৰ এয়া এক অজুহাত মাথো। যদি তেওঁৰ একাডেমীয়ে কৰিব পাৰে, তেন্তে আন স্কুলবোৰে কিয় কৰিব নোৱাৰে, সেয়াই হৈছে কোনেও উত্থাপন নকৰা এক প্ৰশ্ন।
শিক্ষা এতিয়া কেৱল ধন ঘটাৰ কচৰৎ। গ্ৰন্থৰ পাঠদান আছে যদিও মেণ্টৰিং নাই। যদিহে আপুনি শিশুটিক মেণ্টৰ কৰে তেতিয়াহে আপুনি তেওঁক ধৰ্মীয় বিশ্বাসৰ বহুত্বৰ সৈতে আৰু সকলো বিশ্বাসক একত্ৰিত কৰা উমৈহতীয়া নীতিৰ বিষয়ে শিকাব পাৰিব। ৰাষ্ট্ৰীয় শিক্ষা নীতিত সংস্কাৰৰ সুযোগ আছিল যদিও ই কোনো পৰিৱৰ্তন আনিব পৰা নাই বুলি তেওঁ কয়। আজিৰ ছাত্ৰ-ছাত্ৰীসকল যেতিয়ালৈকে ধৰ্ম আৰু মূল্যবোধভিত্তিক শিক্ষাৰ সৈতে পৰিচিত নহয়, তেতিয়ালৈকে তেওঁলোকক বহুত্ববাদৰ সৌন্দৰ্য্য বুজাব পৰা নাযায়। তেওঁলোকে নিজৰ পৰিচয় ৰাখি মতানৈক্যৰ বিষয়ে জনা উচিত বুলি তেওঁ কয় আৰু লগতে কয় যে বুজাবুজি আৰু সচেতনতা অবিহনে বিভেদে কেৱল ঘৃণা আৰু সংঘাতৰহে সৃষ্টি কৰিব পাৰে।
একাডেমী অৱ শ্বৰিয়ত এণ্ড এডভান্সড ষ্টাডিজৰ শ্ৰেণীকোঠা
তেওঁ কয় যে বহুত্ববাদক আকোৱালি লোৱাৰ অৰ্থ নিজৰ ধৰ্মক পৰিত্যাগ কৰা নহয়। মোৰ ধৰ্মীয় বিশ্বাসৰ বিষয়ে মই বৰ দৃঢ়৷ এবাৰ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মোক বন্তি প্ৰজ্বলন কৰিবলৈ কোৱা হৈছিল, কিন্তু মই তেনে কৰিবলৈ অস্বীকাৰ কৰিছিলোঁ। মই কৈছিলো যে মোৰ এই কাৰ্য্যক আপোনালোকক দুখ দিব পাৰে কিন্তু এই ক্ষেত্ৰত সংবিধানে মোক সমৰ্থন কৰে আৰু আমাৰ শিক্ষাই সংবিধানৰ প্ৰতিও সজাগতা সৃষ্টি নকৰে। ওনাম্পিলি মুয়াম্মাদ ফাইজীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ উদ্ধৃতি দি কয়, “সংবিধান আৰু সংস্কৃতিয়ে আমাক সমন্বয় শিকাই আৰু আমি ইয়াক লঘু নকৰো। এয়াই আমাৰ পৰম্পৰা। আপুনি নিজৰ পৰিচয় ৰাখে কিন্তু আনজনকো গ্ৰহণ কৰে। সংস্কৃত শিক্ষা দি মই কেৱল মোৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই বহল দৃষ্টিভংগীক প্ৰচাৰ কৰিছো।’
তেওঁৰ সপোন হৈছে ছিৰিয়ান, বৌদ্ধ, আৰু অন্যান্য দৰ্শন আৰু ধৰ্মীয় চিন্তাৰ ধাৰাসমূহৰ অধ্যয়ন নিজৰ একাডেমীত অন্তৰ্ভুক্ত কৰা। "পূৰ্ণাংগ পাঠ্যক্ৰম কৰাটো সম্ভৱ নহ’বও পাৰে কিন্তু অন্ততঃ আমি বক্তৃতা আৰু উপস্থাপনৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীসকলক বিশ্ব ধৰ্ম আৰু দৰ্শনৰ সৈতে পৰিচয় কৰাই দিব পাৰো। অৱশ্যে এই ক্ষেত্ৰত আমাৰ আটাইতকৈ প্ৰত্যাহ্বানজনক কামটো হ’ল শিক্ষক বিচাৰি উলিওৱা। মই মোৰ ছাত্ৰ-ছাত্ৰীসকলক ক’ব বিচাৰো যে, আপোনাৰ চাৰিওফালে মানৱ সম্প্ৰদায়ৰ সাগৰ আছে আৰু আপুনি বিচ্ছিন্ন হৈ থকাৰ কোনো অধিকাৰ নাই। আমাৰ একাডেমীয়ে কৰা দৰে আন কোনো ইছলামিক প্ৰতিষ্ঠানে সংস্কৃত গ্ৰন্থ বা সংস্কৃত পাঠ্যক্ৰম হিচাপে পাঠদান নকৰে।"-অধ্যক্ষগৰাকীয়ে কয়।
কিন্তু এই একাডেমী আৰম্ভ কৰা চুফী মঞ্চ ছমস্থৰ দ্বাৰা পৰিচালিত আন এটা প্ৰতিষ্ঠানত এনে এক পদক্ষেপ সৰুকৈ আৰম্ভ কৰা হৈছে। উত্তৰ কেৰালাৰ চেমমাদৰ ইছলামিক বিশ্ববিদ্যালয় দাৰ উল হুদা নামৰ বিশ্ববিদ্যালয়খনেও সংস্কৃত গ্ৰন্থৰ ওপৰত আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা গঢ়ি তোলাৰ বাবে এক আদৰণীয় কাৰ্যসূচী আয়োজন কৰিছে বুলি ওনাম্পালীয়ে কয়। কেৰালাৰ অচুফী সংগঠনৰ পৰা যিকোনো প্ৰতিৰোধৰ বিষয়ে সোধাত তেওঁ কয় যে জামাত আৰু অন্যান্য ইছলামিক সংস্থাসমূহে এই ক্ষেত্ৰত মুকলি মনেৰে আগবাঢ়িছে।
"গতিকে, এতিয়ালৈকে মই কাৰো পৰা কোনো আপত্তিৰ সন্মুখীন হোৱা নাই। ইয়াৰ উপৰিও সংস্কৃত অধ্যয়নে তেওঁলোকৰ গ্ৰন্থৰ অধ্যয়ন উন্নত কৰাত সহায় কৰে। সংস্কৃত ভাষাই মালয়ালমক প্ৰভাৱিত কৰে আৰু আমি সকলোৱে বিভিন্ন প্ৰভাৱৰ সৃষ্টি। সমাজৰ সকলোবোৰেই দিয়া আৰু লোৱা। সেয়েহে আমি নিজকে আন ভাষা আৰু অন্যান্য বিশ্বাস ব্যৱস্থাৰ পৰা পৃথক কৰিব নোৱাৰো।"-তেওঁ কয়।