মাতৃহাৰা হ'ল প্ৰখ্যাত অভিনেতা আদিল হুছেইন

Story by  atv | Posted by  [email protected] • 1 Months ago
অভিনেতা আদিল হুছেইন
অভিনেতা আদিল হুছেইন
 
গুৱাহাটী

বলীউদৰ জনপ্ৰিয় অভিনেতা আদিল হুছেইন মাতৃহাৰা হৈছে। তেখেতৰ মাতৃ চৈয়দা আছিয়া খাতুন যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে। আছিয়া খাতুন আছিল চুফী সন্ত শ্বাহ চৈয়দ নাচিৰ উদ্দি বাগদাদীৰ কন্যা।
 
চৈয়দা আছিয়া খাতুনৰ আজি জনাজা গোৱালপাৰাৰ জলেশ্বৰত অগণন ব্যক্তিৰ উপস্থিতিত বুধবাৰে আবেলি সম্পন্ন কৰা হয়। জানাজাত তেখেতৰ পুত্ৰ আদিল হুছেইন উপস্থিত থাকে। মাতৃৰ মৃত্যুৰ খবৰ শুনি আদিল হুছেইনে মঙ্গলবাৰে নিশা ১ বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰে।
 
গোৱালপাৰাৰ এটা অসমীয়া মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰা আদিল হুছেইন আছিল সাতটা সন্তানৰ ভিতৰত সৰু। তেওঁৰ পিতৃ হাই ছেকেণ্ডাৰী স্কুলৰ প্ৰধান শিক্ষক আছিল। তেওঁ ইংৰাজী, হিন্দী, অসমীয়া, বাংলা, তামিল, মাৰাঠী, মালয়ালম, নৰৱেজিয়ান আৰু ফৰাচী ছবিত অভিনয় কৰি সুখ্যাতি অৰ্জন কৰিছে।
 
 
উল্লেখ্য যে, এজন নিখুঁত থিয়েটাৰ শিল্পী, নেশ্যনেল স্কুল অৱ ড্ৰামাৰ ফেকাল্টী, আৰু এতিয়া বলীউডৰ লগতে হলিউডৰ চিনেমাৰ বহু সমাদৃত অভিনেতা আদিল হুছেইন হৈছে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ নাম। তেওঁৰ কৃতিত্বসমূহৰ ভিতৰত অন্যতম হৈছে দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা নৰৱেৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ব্ৰিটেইনত শ্বেক্সপীয়েৰৰ অথেলোঃ এ প্লে ইন ব্লেক এণ্ড হোৱাইট (Othello: A Play in Black and White) আৰু গুডবাই ডেছডেমোনা (Goodbye Desdemona) মঞ্চস্থ কৰা আদি। জানিব পৰা মতে, আদিল হুছেইনে নিজৰ মাতৃক যথেষ্ট মৰম আৰু শ্ৰদ্ধা কৰিছিল। বলিউড আৰু হলিউদত অতিকৈ ব্যস্ত থকা অভিনেতা জনে প্ৰতি দুই মাহৰ ব্যৱধানত মাতৃৰ খবৰ ল'বলৈ গৃহ চহৰ গোৱালপাৰালৈ আহিছিল।