আল-বেৰুনীঃ বৈজ্ঞানিক চিন্তা-চৰ্চাক আগবঢ়াই নিয়া এজন মুছলমান বৈজ্ঞানিক

Story by  atv | Posted by  [email protected] • 1 Months ago
ইৰাণৰ তেহৰাণত আল-বেৰুনীৰ প্ৰতিমূৰ্তি
ইৰাণৰ তেহৰাণত আল-বেৰুনীৰ প্ৰতিমূৰ্তি
 
আব্দুৰ ৰছিদ চৌধুৰী

কোনো এটা বিষয় গভীৰভাৱে অনুসন্ধান কৰা বা সেই বিষয়ে গৱেষণা কৰাকে সাধাৰণ ভাষাত বিজ্ঞান বুলি কোৱা হয়। কিন্তু বিজ্ঞানৰ নাম উচ্চাৰিত হ’লেই আজিৰ যুগৰ বহু লোক ইয়াৰ লগত ইছলামৰ কোনো সম্পৰ্ক নাই বুলি ক’ব বিচাৰে। কেৱল সেয়ে নহয় তেওঁলোকে এনে এটা ধাৰণা দিব বিচাৰে যে যুগ যুগ ধৰি বিজ্ঞান বা বৈজ্ঞানিক আৱিষ্কাৰৰ ক্ষেত্ৰত মুছলমানসকলে কোনো ধৰণৰ আৱদান আগবঢ়াবলৈ সক্ষম হোৱা নাই। 

তেওঁলোকে এনে এটা ধাৰণা দিব বিচাৰে যে বিজ্ঞানৰ লগত ইছলামৰ কোনো সম্পৰ্কই নাই। মুছলমানসকলৰ বিৰুদ্ধে চলা এই প্ৰচাৰে এনে এটা পৰ্যায় পাইছে গৈ যে মুছলমানসকলৰো বহুতে ইয়াক সত্য বুলি বিশ্বাস কৰিব লৈছে। কিন্তু প্ৰকৃত বাস্তৱ ইয়াৰ সম্পূৰ্ণ বিপৰীত। মধ্যযুগত মুছলমানসকলৰ হাত ধৰিয়েই বিজ্ঞানে প্ৰসাৰ লাভ কৰিছিল।  

আব্বাছীয় খলীফাসকলৰ শাসন কালত (৭৫০-১২৫৮ খ্ৰীঃ) বাগদাদক কেন্দ্ৰ এক বিজ্ঞান চৰ্চাৰ কেন্দ্ৰ গঢ়ি উঠিছিল।  বিশেষকৈ খলীফা হাৰুন আল-ৰছিদ (৭৬৬-৮০৯ খ্ৰীঃ) আৰু মামুন (৮১৩-৮৩৩ খ্ৰীঃ) ৰ ৰাজত্ব কালত বিজ্ঞান চৰ্চাই এক নতুন মাত্ৰা লাভ কৰিছিল। সেয়া আছিল ইছলামৰ গৌৰৱময় অতীত। সেই সময়ত ভালে কেইজন মহান বিজ্ঞানীৰ জন্ম হৈছিল। 
 
 
ইছলামৰ গৌৰৱময় সময়ৰ তেনে ইতিহাস আমি সকলোৱে জনা উচিত।  আমি এই শিতানত বৈজ্ঞানিক চিন্তা-চৰ্চাক আগবঢ়াই নিয়া এদল বিজ্ঞানীৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়াস কৰিম। আজিৰ খণ্ডত আলবেৰুনীৰ বিষয়ে আলোচনা কৰা হৈছে। 
 
আলবেৰুনী বুলিলে তেওঁ ভাৰত সম্বন্ধে লিখা বিখ্যাত গ্ৰন্থ ‘কিতাব-উল-হিন্দ’ৰ কথা মনলৈ আহে। তেওঁ প্ৰায় কুৰি বছৰ ভাৰতবৰ্ষত আছিল আৰু সেই সময়চোৱাত লাভ কৰা ব্যক্তিগত অভিজ্ঞতাৰ ভিত্তিতে এই গ্ৰন্থ ৰচনা কৰিছিল। য’ত তেওঁ সেই সময়ৰ ভাৰতৰ ৰাজনীতি, সমাজ ব্যৱস্থা বিষয়ে বিষদ বৰ্ণনা প্ৰদান কৰি গৈছে। আলবেৰুনী বহুমুখী প্ৰতিভাৰ অধিকাৰী আছিল।
 
বৰ্তমানৰ উজবেকিস্তানৰ খোৱাৰিজমত জন্ম লাভ কৰা আৰবেৰুনী আছিল নৃতত্ব, জ্যোতিৰ্বিদ্যা, ৰসায়ন, ভূগোল, দৰ্শন, চিকিৎসা বিজ্ঞান, ভুগণিত (Geodesy) বিষয়ৰ বিশাৰদ। এক হিচাপ মতে তেওঁ ৰচনা কৰা ১৪৬ খন পুথিৰ ৯৫ খনে জ্যোতিৰ্বিদ্যা, গণিত আৰু ভুগণিত বিষয়ৰ।
 

আলবেৰুনীয়ে ৰচনা কৰা জ্যোতিৰ্বিজ্ঞান বিষয়ক বৃহৎ গ্ৰন্থ হ’ল ‘মাছুদ কানন’। এইখন গ্ৰন্থত তেওঁ জ্যোতিৰ্বিজ্ঞানৰ সকলো দিশ সামৰি লৈছে। যিখন গ্ৰন্থত তেওঁ পৃথিৱীৰ ব্যাসাৰ্ধৰ যোখ তুলি ধৰিছে। পাহাৰৰ উচ্চতা পৰ্যবেক্ষণ কৰি পৃথিৱীৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰাৰ এক অভিনৱ পদ্ধতি তেওঁ আৱিষ্কাৰ কৰিছিল। যাৰ জৰিয়তে তেওঁ পৃথিৱীৰ ব্যাসাৰ্ধ ৩৯২৮.৭৭ মাইল বুলি নিৰ্দ্ধাৰণ কৰিছিল। 

আলবেৰুনীৰ এই হিচাপ বৰ্তমানৰ ৩৮৪৭.৮০ মাইলতকৈ মাত্ৰ দুই শতাংশ বেছি আছিল। জ্যোতিৰ্বিদ্যা সম্পৰ্কে তেওঁ আন এখন গ্ৰন্থ ৰচনা কৰিছিল, যিখনৰ নাম তহকিক মা লিল-হিন্দ। এইখন গ্ৰন্থৰ সৰহ সংখ্যক লেখাই আৰ্যভট্টৰ লেখাৰ অনুবাদ।

আলবেৰুনীয়ে চিকিৎসা বিজ্ঞানৰ প্ৰতি বিশেষ অৱদান আগবঢ়াই গৈছে। তেওঁ ৰচনা কৰা ‘কিতাব আল-চায়দালা ফি আল-তিব্ব (ঔষধ প্ৰস্তুত প্ৰণালীৰ কিতাপ) এখন উল্লেখযোগ্য গ্ৰন্থ। এই কিতাপখনৰ সহায়ত ইউৰোপৰ বিজ্ঞানীসকলে ঔষধ প্ৰস্তুত প্ৰণালী আয়ত্ত কৰিছিল। এই কিতাপখনৰ এটা অন্যতম বৈশিষ্ট্য হ’ল, ইয়াত সন্নিৱিষ্ট কৰা টিকা সমূহ ছিৰিয়াক, ফাৰ্ছি, গ্ৰীক, বেলুচ, আফগান, কুৰ্দি আৰু কিছু ভাৰতীয় ভাষাত লিখা। ইয়াৰ উপৰিও তেওঁ ইতিহাস আৰু নৃতত্ব সম্পৰ্কেও অধ্যয়ন কৰিছিল।
 
 
মিফতাহ-ইলম-আলহাইয়া (পৃথিৱীৰ ঘূৰ্ণন বিষয়ে সমিধান) তেওঁৰ এখন উল্লেখযোগ্য গ্ৰন্থ। ইয়াত তেওঁ পৃথিৱীৰ ঘুৰণ সম্পৰ্কে ব্যাখ্যা আগবঢ়াইছে। যি ব্যাখ্যা আধুনিক বৈজ্ঞানিক সকলৰ লগত একে। এই ক্ষেত্ৰত তেওঁ তেওঁৰ পূৰ্বসূৰী ইছলামীক পণ্ডিত সকলৰ মতৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰিছে। তেওঁৰ সেই পদক্ষেপক এক প্ৰকাৰৰ পৃথিৱীৰ ঘুৰণ সম্পৰ্কীয় মতবাদৰ বৈপ্লৱিক পৰিবৰ্তন বুলি কব পাৰি।

ওপৰৰ অধ্যয়নৰ পৰা দেখা পোৱা যায় যে আলবেৰুনী এজন যুগ শ্ৰেষ্ঠ বিজ্ঞানী আছিল। অতীত ভাৰতৰ শাসন, সমাজ সম্পৰ্কে নিজৰ লিখনিত উল্লেখ কৰাৰ বাহিৰেও যে তেওঁ আন আন ক্ষেত্ৰত অধ্যয়ন কৰিছিল সেই কথা আজিৰ প্ৰজন্মই অনুধাৱন কৰিব পাৰিব বুলি আশা কৰালোঁ।

ইছলামৰ গৌৰৱময় সময়ৰ তেনে ইতিহাস আমি সকলোৱে জনা উচিত।  আমি এই শিতানত বৈজ্ঞানিক চিন্তা-চৰ্চাক আগবঢ়াই নিয়া এদল বিজ্ঞানীৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়াস কৰিম। আজিৰ খণ্ডত আলবেৰুনীৰ বিষয়ে আলোচনা কৰা হৈছে।