পূজা মণ্ডপত মহাভাৰতৰ পাণ্ডৱ ৰাজ্যৰ ৰাজধানী ইন্দ্ৰপ্ৰস্থক জীৱন্ত কৰি তুলিব শিল্পী নুৰুদ্দিন আহমেদে

Story by  Munni Begum | Posted by  Munni Begum • 10 d ago
 ইন্দ্ৰপ্ৰস্থৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মান শিল্পী নুৰুদ্দিন আহমেদ আৰু তেওঁৰ পুত্ৰ দীপ আহমেদৰ
ইন্দ্ৰপ্ৰস্থৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মান শিল্পী নুৰুদ্দিন আহমেদ আৰু তেওঁৰ পুত্ৰ দীপ আহমেদৰ
 
মুন্নী বেগম / গুৱাহাটী 
 
বুধবাৰৰ পৰা দেশজুৰি আৰম্ভ হ'ব শাৰদীয় দূৰ্গোৎসৱ। দূৰ্গতিনাশিনী মা দুৰ্গাৰ পূজা উদযাপনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে ৰাজ্যৱাসী। পূজা কমিটিসমূহে আটকধুনীয়া সাজি উলিয়াইছে পূজা মণ্ডপ আৰু মা-দূৰ্গাৰ প্ৰাণৱন্ত প্ৰতিমা। 
 
বিগত বছৰবোৰৰ দৰে এইবাৰো দৰ্শক তথা ভক্তৰ মন জয় কৰিবলৈ প্ৰস্তুত হৈছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ। এইবাৰ তেওঁ হিন্দু ধৰ্মৰ প্ৰাচীন মহাকাব্য মহাভাৰতৰ ইন্দ্ৰপ্ৰস্থৰ এক আভাস দিয়াৰ প্ৰয়াসেৰে গুৱাহাটী মহানগৰীৰ আঠগাঁও সাৰ্বজনীন দূৰ্গাপূজাৰ পেণ্ডেল আকৰ্ষণীয়কৈ নিৰ্মাণ কৰিছে।   
 
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শিল্পী নুৰুদ্দিন আহমেদে কয়, "মহাভাৰত হৈছে প্ৰাচীন ভাৰতৰ দুখন প্ৰধান সংস্কৃত মহাকাব্যৰ ভিতৰত এখন। এই মহাকাব্য ভাৰতৰ ইতিহাসৰ এক অংশ। মহাভাৰত মানে 'ভৰত বংশৰ মহান কাহিনী' বুলিও উল্লেখ কৰা হয়। কিন্তু সেই সময়ত হিন্দু সভ্যতা অনুসৰি দুৰ্গা পূজা কেনেদৰে উদযাপন কৰা হৈছিল, সেই বিষয়ে আমাৰ মাজত এক সাম্যক ধাৰণাহে আছে, কিন্তু আমি প্ৰকৃততে কোনেও নাজানো, যাক লৈ আমাৰ মাজত আজিও এক কৌতুহলহে আছে। সেয়েহে, এইবাৰ পূজাত দৰ্শক তথা ভক্তক প্ৰাচীন মহাভাৰতৰ সময়ৰ এক আভাস দিয়াৰ প্ৰয়াস কৰিছো।" 
 
উল্লেখ্য যে, ইন্দ্ৰপ্ৰস্থ (আক্ষৰিক অৰ্থত: ইন্দ্ৰৰ নগৰ) মহাভাৰতৰ পাণ্ডৱ ৰাজ্যৰ ৰাজধানী আছিল। বৰ্তমানৰ নতুন দিল্লী যি অঞ্চলত অৱস্থিত সেই একেটা অঞ্চলতে ইন্দ্ৰপ্ৰস্থ আছিল বুলি ধাৰণা কৰা হয়।
 
আঠগাঁও সাৰ্বজনীন দূৰ্গাপূজাৰ পেণ্ডেলৰ ভিতৰৰ অংশ
 
সৰুৰে পৰা শিল্প কলাৰ প্ৰতি আকৰ্ষিত নুৰুদ্দিন আহমেদে ১৯৭৫ চনৰ পৰা হিন্দু ধৰ্মাৱলম্বী দেৱ-দেৱীৰ মূৰ্তি নিৰ্মাণ আৰু অংকন কৰি অহিছে। ইছলামত যিহেতু মূৰ্তি উপাসনা নিষিদ্ধ, সেয়েহে আৰম্ভণিতে তেওঁ বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল, যদিও বৰ্তমান হিন্দু আৰু মুছলমান উভয়েই তেওঁৰ শিল্পকৰ্মক আকোঁৱালি লৈছে আৰু প্ৰশংসা কৰি আহিছে।
 
নুৰুদ্দিন আহমেদে কয়, "সম্প্ৰতি দেশৰ লগতে বিশ্বত যি অপ্ৰীতিকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে, সেয়া দেখিলে মোৰ দুখ লাগে। কিয়নো মই যোৱা ৪৯ বছৰে দুৰ্গা পূজাৰ মূৰ্তিৰ কাম কৰি আহিছো। আমি প্ৰতিবছৰে দুৰ্গা পূজাৰ পেণ্ডেলবোৰ দৰ্শকৰ বাবে আকৰ্ষনীয়কৈ নিৰ্মান কৰি আহিছো। এই ক্ষেত্ৰত মই কেতিয়াও কোনো ধৰণৰ অসুবিধাৰ সন্মূখীন হোৱা নাই। মই ক'বলৈ পালে সুখী হ'ম যে, মোৰ সৈতে হিন্দু-মুছলমান উভয় ধৰ্মৰ মুঠ ৪০ গৰাকী থলুৱা কৰ্মচাৰীয়ে কাম কৰি আছে। মই সদায়ে মোৰ কামৰ জৰিয়তে সমন্বয় আৰু সম্প্ৰীতিৰ ভাবধাৰা বিলাবলৈ চেষ্টা কৰো। কিয়নো মই ভাবো যে, শিল্পীৰ কোনো ধৰ্ম নাই। শিল্পীৰ এটাইয়ে ধৰ্ম সেইটো হৈছে শিল্পকৰ্ম।" 
 
আঠগাঁও সাৰ্বজনীন দূৰ্গাপূজাৰ পেণ্ডেলৰ সন্মুখৰ অংশ
 
হিন্দু ধৰ্মীয় বৰ্ষপঞ্জিৰ প্ৰতিটো অনুষ্ঠানতে দেৱী দুৰ্গাৰ মূৰ্তি নিৰ্মাণ কৰি অহা শিল্পী নুৰুদ্দিনৰ পুত্ৰও এই শিল্পকৰ্মৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। প্ৰতিবছৰে আহমেদে নিৰ্মান কৰা পূজাৰ পেণ্ডেলৰ ডিজাইনৰ ক্ষেত্ৰত তেওঁৰ পুত্ৰ দীপ আহমেদে সহযোগিতা কৰি আহিছে। এইবাৰো আঠগাওঁ সাৰ্বজনীন দুৰ্গাপূজাৰ পেণ্ডেল ডিজাইন আৰু  প্ৰদৰ্শনীৰ কাম আহমেদৰ পুত্ৰৰ নিৰীক্ষণতে সম্পন্ন হৈছে।  
 
এই সন্দৰ্ভত দীপ আহমেদে কয়, "মই পূজাৰ পেণ্ডেলৰ ডিজাইন আৰু প্ৰদৰ্শনীৰ কাম কৰি আছো। এইবাৰৰ পূজা পেণ্ডেলটো মহাভাৰতৰ ইন্দ্ৰপ্ৰস্থ ৰাজপ্ৰসাদৰ আৰ্হিত নিৰ্মান কৰিছো। ইয়াত যিমান সম্ভৱ ইন্দ্ৰপ্ৰস্থ ৰাজপ্ৰসাদৰৰ সম্পূৰ্ণ আভাস দিয়াৰ প্ৰয়াস কৰিছো। আমি ইন্দ্ৰপ্ৰস্থ ৰাজপ্ৰসাদৰ কলা-সংস্কৃতি আদি বিতংভাৱে প্ৰদৰ্শন কৰাৰ চেষ্টা কৰিছো। যাৰ জৰিয়তে দৰ্শকক সেই অতি পুৰণি যুগলৈকে লৈ যোৱাৰ এক প্ৰচেষ্টা চলাইছো। পূজা পেণ্ডেলৰ ভিতৰত দৰ্শকে প্ৰৱেশ কৰি ইন্দ্ৰপ্ৰস্থ যুগলৈ গুছি যাব পাৰিব। এই পেণ্ডেল নিৰ্মানৰ বাবে আমাক প্ৰায় ৫০ দিন সময়ৰ প্ৰয়োজন হৈছে। বৰষুণে কিছু বিধি-পথালি দিছে যদিও আমি পূৰ্ণ উদ্যমেৰে কাম কৰি আছো।"  
 
ইন্দ্ৰপ্ৰস্থ ৰাজপ্ৰসাদৰ আৰ্হিত নিৰ্মান আঠগাঁও সাৰ্বজনীন দূৰ্গাপূজাৰ পেণ্ডেল
 
ইতিমধ্যে পৃথিৱীৰ সাতটা আশ্বৰ্য্যৰ ভিতৰত তিনিটা আশ্বৰ্য্য নিৰ্মান কৰিছে শিল্পী নুৰুদ্দিন আহমেদে। ইয়াৰ পূৰ্বে তেওঁ তাজমহল, ৰোমৰ কল'চিয়াম (colosseum) আৰু দ্য গ্ৰেট ৱাল অফ চাইনা আৰু মায়া সভ্যতাৰ আৰ্হি নিৰ্মান কৰিছে। আৰু এইবাৰ প্ৰাচীন হিন্দু সভ্যতাৰ মহাকাব্য মহাভাৰতৰ ইন্দ্ৰপ্ৰস্থৰ আৰ্হি নিৰ্মান কৰিছে। পেণ্ডেল নিৰ্মানৰ বাবে তেওঁ পূৰ্বৰ দৰে কাঠ, বাহ, থাৰ্মকল, প্লাইউড, ফাইভাৰ, আদি সামগ্ৰীবোৰে ব্যৱহাৰ কৰিছে বুলি আৱাজ দ্য ভইচক জানিবলৈ দিয়ে। 
 
ইফালে, দীপ আহমেদে কয়, "মহাভাৰতৰ যুগত সকলোতকৈ ধুনীয়া আৰু আকৰ্ষনীয় স্থাপত্য আছিল ইন্দ্ৰপ্ৰস্থ। ভগৱান শ্ৰীকৃষ্ণই স্বয়ং বিশ্বকৰ্মাক মাতি আনি ইয়াক নিৰ্মান কৰা বুলি এক প্ৰবাদ আছে। অৱশ্যে, ইয়াৰ কোনো প্ৰমান নাই, সেয়ে আমি অত্যাধুনিক বুদ্ধিমত্তাৰ সহায়ত অলপ গৱেষনা কৰিছো আৰু সেই সময়ৰ শিল্পকৰ্ম কেনেকুৱা আছিল, তাৰ বাবে কি কি বস্তু ব্যৱহাৰ কৰিছিল, তাৰ ওপৰত ভিত্তি কৰি আমি বিস্তাৰিতভাৱে কাম কৰাৰ চেষ্টা কৰিছো। ইয়াত আমি পোহৰৰ তৰংগ (lighting effect), পানীৰ ফোৱাৰা আৰু নিজৰাৰ ব্যৱস্থা কৰি মহাভাৰতৰ ইন্দ্ৰপ্ৰস্থৰ দৰে এক পৰিবেশ  সৃষ্টি কৰাৰ প্ৰয়াস কৰিছো। যাতে ভক্তসকলে পেণ্ডেলৰ ভিতৰত প্ৰৱেশ কৰিয়ে সেই যুগলৈ গুচি যায়।"      
 
আঠগাঁও সাৰ্বজনীন দূৰ্গাপূজাৰ পেণ্ডেলৰ নিৰ্মিয়মান পানীৰ ফোৱাৰাৰ এক দৃশ্য
 
৪১ সংখ্যক আঠগাওঁ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ এগৰাকী সদস্য মায়ংক আনন্দে কয়, "আমি প্ৰতি বছৰে কিবা নহয় কিবা নতুন বিষয়বস্তু লৈ পূজা মণ্ডপটো তৈয়াৰ কৰো। ইয়াৰ পূৰ্বে আমি আমাৰ পূজা পেণ্ডেলত বলি প্ৰথা, শিশু শ্ৰমিক আদি বিষয়বস্তু প্ৰদৰ্শন কৰিছিলো। এইবছৰো আমি বহু চিন্তা চৰ্চা কৰাৰ পিছত মহাভাৰতৰ ইন্দ্ৰপ্ৰস্থৰ কথা চূড়ান্ত কৰিলো। সেই সময়ত ইন্দ্ৰপ্ৰস্থত কেনেদৰে দূৰ্গাপূজা উদযাপন কৰা হৈছিল, তাৰে এক আভাস ৰাইজক দিয়াৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।"    
 
মায়ংক আনন্দে কয়, "যোৱা দহ বছৰ ধৰি প্ৰতিবছৰে বিভিন্ন প্ৰতিষ্ঠানে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ পূজা মণ্ডলীয়ে শ্ৰেষ্ঠ বঁটা লাভ কৰি আহিছে। এইবেলিও আমি আশাবাদী। এইবাৰৰ আমাৰ পূজাৰ বাজেট হৈছে ৩৪ লাখ টকা। পেণ্ডেলৰ বাজেট ১৭ লাখ টকা আৰু প্ৰতিমাৰ বাজেট ২.৫ লাখ টকা। আনহাতে এইবাৰ পুজা যিহেতু তিনিদিন পালন কৰা হ'ব, সেয়েহে পুজা আটাইকেইদিন দিনৰ ১২ বজাৰ পৰা নিশা ১ বজালৈ ভোগ আৰু প্ৰসাদ বিলোৱা হব। তদুপৰি, পূজাৰ তিনিও দিনে ভক্তৰ বাবে বহু বিশেষ আকৰ্ষণ ৰখা হৈছে। যিবোৰ ভক্তসকলে পূজালৈ আহিলেহে  জানিব।"
 
আঠগাঁও সাৰ্বজনীন দূৰ্গাপূজাৰ পেণ্ডেলৰ এক দৃশ্য
 
হিন্দু ধৰ্মৰ অন্যতম প্ৰধান উৎসৱ দূৰ্গা পূজাত দূৰ্গতিনাশিনী মা দূৰ্গাৰ প্ৰতিমা আৰু মণ্ডপ তৈয়াৰত মুছলমান ব্যক্তি জড়িত থকাটোৱে আমাৰ দেশৰ একতা, সম্প্ৰীতি আৰু সমন্বয়মুখী সংস্কৃতিক প্ৰতিফলিত কৰে।