কাশ্মীৰৰ পৰা কুম্ভলৈ আশ্ৰফ আলীৰ বিৰল ঐশ্বৰিক অভিজ্ঞতা

Story by  Aasha Khosa | Posted by  Munni Begum • 5 h ago
ত্ৰিবেণী সংগমত স্নান কৰিছে অধিবক্তা ৰাজা আশ্ৰফ আলী
ত্ৰিবেণী সংগমত স্নান কৰিছে অধিবক্তা ৰাজা আশ্ৰফ আলী
 
আছা খোছা / নতুন দিল্লী
 
কাশ্মীৰৰ ৰাজনৈতিক কৰ্মী তথা ব্যৱসায়ী ৰাজা আশ্ৰফ আলীয়ে প্ৰয়াগৰাজৰ মহা কুম্ভমেলা পৰিদৰ্শন কৰি গংগা-যমুনা আৰু সৰস্বতীৰ সংগমস্থলীত স্নান কৰে। তিনিদিনীয়া তীৰ্থযাত্ৰাৰ অভিজ্ঞতাৰ বিষয়ে আশ্ৰফ আলীয়ে কয়, ‘এয়া আছিল এক ঐশ্বৰিক অভিজ্ঞতা।
 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা কথা-বতৰাত আশ্ৰফ আলীয়ে কয়, "যেতিয়া মহা কুম্ভ আৰম্ভ হৈছিল, তেতিয়া মই দিল্লীত আছিলো। মই চৌদিশে ইয়াৰ চৰ্চা দেখিবলৈ পাইছিলো আৰু উপলব্ধি কৰিলোঁ যে ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ মানৱ সমাৱেশ আৰু ভাবিলোঁ মই ইয়াৰ পৰা কিয় বঞ্চিত হ'ম।” আমোদজনক কথাটো হ’ল, শ্ৰীনগৰৰ ডাউনটাউনত বাস কৰা ৪৬ বছৰীয়া অধিবক্তাগৰাকীৰ শিপা আছে সম্প্ৰতি পাকিস্তানৰ দখলত থকা অপৰিসীম সৌন্দৰ্য্যৰ বিশাল ভূমি গিলগিটত।
 
১৮৯২ চনত ব্ৰিটিছ সেনাবাহিনীৰ কৰ্ণেল ৰুডিনৰ সৈতে যুদ্ধত লিপ্ত হোৱাৰ সময়ত তেওঁৰ আজোককাক ৰাজা আকবৰ আলী খান ওৰফে মুবাৰক শ্বাহ নগৰৰ ৰজা আছিল। তেওঁ যুদ্ধবন্দী হিচাপে ধৰা পৰিছিল আৰু কাশ্মীৰলৈ স্থানান্তৰিত হৈছিল। তেনেকৈয়ে তেওঁলোকৰ গিলগিটত থকা পৰিয়ালটো কাশ্মীৰ পালেগৈ। ৰাজা আশ্ৰফ আলীয়ে কয়, "আমি আমাৰ পৰম্পৰা আৰু ভাষা সংৰক্ষণ কৰি ৰাখিছো।" তেওঁ গৌৰৱেৰে বুৰুশ্বো নামৰ এটা উপভাষা কয়, যিটো উপভাষা গিলগিটকে ধৰি বিশ্বজুৰি লাখ লাখ ভাষী আছে।
 
ত্ৰিবেণী সংগমত স্নান কৰিছে অধিবক্তা ৰাজা আশ্ৰফ আলী
 
ধৰ্মীয় ঐক্যৰ প্ৰতি আশ্ৰফৰ বিশ্বাস আহিছে হজৰত মহম্মদৰ নাতি ইমাম হজৰত আলীৰ পৰা। কাৰবালাৰ যুদ্ধত পুৰুষ-মহিলাৰ সৈতে শ্বহীদ হৈ আঘাত আৰু পিয়াহত মৰিবলৈ এৰি দিয়াৰ সময়ত তেওঁ চিঞৰি চিঞৰি কৈছিল, “হে আল্লাহ! কোনোবাই, মোক সহায় কৰক।”
 
এগৰাকী ছিয়া মুছলমান আশ্ৰফ আলীয়ে কয় যে তেওঁ হজৰত আলীৰ কথাৰ পৰাই প্ৰেৰণা লাভ কৰে। “তেওঁ কেৱল মুছলমানৰ পৰা সহায়ৰ আহ্বান কৰা নাছিল; ই আছিল সকলো মানৱ জাতিৰ সহায়ৰ বাবে কৰা চিঞৰ।” ইয়াৰ উপৰিও হজৰত আলীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বীসকলক পৰামৰ্শ দিয়াৰ কথাও উল্লেখ আছে যে তেওঁৰ উপস্থিতি যদি তেওঁলোকৰ সাম্ৰাজ্যৰ বাবে ইমান ভাবুকি হয়, তেন্তে তেওঁ ভাৰত (হিন্দ)লৈ যাব আৰু তেওঁলোকক আমনি নকৰে।
 
ৰাজা আশ্ৰফ আলীয়ে কয়, “যদি সংকটৰ সময়ত হজৰত আলীয়ে ভাৰতক আকোৱালি ল’ব পাৰে, তেন্তে মই তেওঁৰ অনুগামীয়ে কিয় এই ভূমিৰ পৰম্পৰাত নিজকে বিলীন কৰি দিব নোৱাৰো। কুম্ভৰ কাহিনী বৰ্ণনা কৰাৰ সময়ত তেওঁ ইছলামত অমৃত (হিন্দু শাস্ত্ৰত)ৰ উল্লেখক আব-ই-হায়াত (জীৱনৰ অম্ল)ৰ সৈতে সমান কৰে। তেওঁ কয় যে মোৰ বিশ্বাস যদি বেলেগ বেলেগ দেৱতা বা সৃষ্টিকৰ্তা থাকিলহেঁতেন, তেন্তে প্ৰতিটো ধৰ্মীয় সম্প্ৰদায়ৰ বাবে বেলেগ বেলেগ পৃথিৱী আৰু সূৰ্য্য হ’লহেঁতেন।
 
প্ৰয়াগৰাজত তেওঁ তিনিদিন তম্বুত কেণ্টনমেণ্ট এলেকাত আছে। “অৱশ্যে দিনটোৰ বেছিভাগ সময় মই গংগাৰ ঘাটত কটালো; আখৰাৰ টেণ্ট কোৱাৰ্টাৰ স্থাপন কৰা অঞ্চলবোৰো পৰিদৰ্শন কৰিলো আৰু তাত সাধুসকলক লগ পালোঁ। জুনা আখৰা আৰু কিন্নৰ আখৰা ভ্ৰমণ কৰি তাত সাধুসকলৰ সৈতে মত বিনিময় কৰিলোঁ”-তেওঁ কয়। ৰাজা আশ্ৰফ আলীয়ে কয় যে তেওঁ তীৰ্থযাত্ৰাত নিৰামিষ সাত্বিক খাদ্য উপভোগ কৰিছিল আৰু প্ৰতিদিনে পুৱা ৪-৫ বজাৰ ভিতৰত গংগাত গা ধুইছে। 
 
ত্ৰিবেণী সংগমত স্নান কৰিছে অধিবক্তা ৰাজা আশ্ৰফ আলী
 
উল্লেখ্য যে, উত্তৰ কাশ্মীৰৰ পবিত্ৰ বসন্ত নৰনাগৰ ওচৰত আশ্ৰফ আলীৰ এখন হোটেল নিৰ্মাণ কৰিছে। তেওঁৰ হোটেলখনৰ নাম হৈছে হোৱাইট হাউচ। শ্ৰীনগৰ-সোনমাৰ্গ ঘাইপথৰ এটা ভেণ্টিজ পজিচনত অৱস্থিত এই হোটেলখন।  আমোদজনক কথাটো হ’ল যে আশ্ৰফ আলীয়ে তেওঁৰ হোটেলৰ চৌহদত এটা সৰু শিৱ মন্দিৰ নিৰ্মাণ কৰিছিল। 
 
প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পৰিয়ালৰ বহুমূলীয়া সম্পত্তি হৈ থকা চৌহদটোত তেওঁ শিৱ লিংগৰ প্ৰাণপ্ৰতিষ্ঠা কৰিছিল। অনাগত বছৰবোৰত Z- Morh tunnel মুকলি হোৱাৰ বাবে আশ্ৰফে এই স্থানত ভাল ব্যৱসায়ৰ আশা কৰিছে। এই সুৰংগ পথৰ ফলত সোণমাৰ্গৰ পৰ্যটনস্থলীখন গোটেই বছৰটো পৰ্যটকৰ বাবে সুলভ হৈ পৰিব। 
 
উল্লেখ্য যে, কিছুবছৰ আগলৈকে আশ্ৰফ আলী কংগ্ৰেছত আছিল। "এই সময়ছোৱাতে কাশ্মীৰত অস্থিৰতা আৰম্ভ হৈছিল। মই নিৰৱে শুই থাকিবলগীয়া হৈছিল আৰু মোৰ ৰাজনৈতিক সংযোগৰ কথা মুকলিকৈ কোৱাৰ পৰা বিৰত আছিলো। লগতে আমি বিপদত নপৰাকৈ কথা কোৱা বা গিলগিটত বাস কৰা আত্মীয়ক লগ কৰা বন্ধ কৰিবলগীয়া হৈছিল।”
 
কাশ্মীৰৰ পৰিৱৰ্তন সন্দৰ্ভত আশ্ৰফ আলীয়ে কয়, ‘প্ৰথমবাৰৰ বাবে কাশ্মীৰ আৰু ভাৰতত একেখন কেলেণ্ডাৰ অনুসৰণ কৰিছো। আগতে আমাৰ কাশ্মীৰত, গিলানীয়ে জাৰি কৰা হৰতাল কেলেণ্ডাৰ আছিল।" তেওঁ আশা কৰে যে এদিন ভাৰতে পাকিস্তানৰ পৰা গিলগিট-বাল্টিস্তান আৰু বাকী PoJK ঘূৰাই আনি নিজৰ বিস্তৃত  পৰিয়ালৰ সৈতে পুনৰ সংযুক্ত কৰিব।