সৌৰভ কুমাৰ বৰা
শৈশৱ, কৈশোৰ অতিবাহিত হৈছিল পৰিয়ালৰ বিশাল ব্যৱসায়ৰ মাজত৷ তেওঁ অসমৰ সম্ভ্রান্ত ব্যৱসায়ী হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ পৰিয়ালৰ দুহিতা৷ তেতিয়া নাম আছিল জীয়তি বৰুৱা৷ যৌৱনত তেওঁ হ’লগৈ বাংলাদেশৰ বৃহৎ ব্যৱসায়ী ৰহমান পৰিয়ালৰ বোৱাৰী৷ দেশৰ প্ৰখ্যাত আৰু সৰ্ববৃহৎ উদ্যোগপতি লতিফুৰ ৰহমানৰ পত্নী হোৱাৰ সুবাদত অসমৰ দুহিতা জীয়তি বৰুৱা কেতিয়াবাই শ্বাহনাজ ৰহমান হ’ল৷ স্বামী লতিফুৰ ৰহমানে ক’ভিডত আক্ৰান্ত হৈ ২০২০ চনৰ ১ জুলাইক চিৰবিদায় লৈছে৷
তেতিয়াৰ পৰা পৰিয়ালৰ ট্ৰান্সকম গ্ৰুপ নামৰ বিশাল ব্যৱসায়িক সাম্ৰাজ্যখনৰ সকলো কোম্পানীৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ দায়িত্ব পালন কৰি আছে অসম দুহিতা এই শ্বাহনাজ ৰহমানে৷ বাৰ্ষিক ১০০০ নিযুত মাৰ্কিন ডলাৰ পৰিমাণৰ টাৰ্ণ-অ’ভাৰ থকা দেশৰ সৰ্ববৃহৎ ব্যৱসায়ী গ্ৰুপ ট্ৰান্সকমৰ অন্যতম অংগ হৈছে বাংলাদেশৰ সবাটোকৈ অধিক প্ৰচলন থকা সংবাদ পত্ৰ ‘প্ৰথম আলো’ আৰু ইংৰাজী দৈনিক ‘দ্য ডেইলী ষ্টাৰ৷’
লতিফুৰ ৰহমান আৰু শ্বাহনাজ ৰহমানৰ ৫০ সংখ্যক বিবাহ বাৰ্ষিকী, ২০১৫
দুৰ্ভাগ্যজনকভাৱে বিগত এপষেকজুৰি ট্ৰান্সকম গ্ৰুপৰ মিডিয়া ষ্টাৰ লিমিটেডৰ ‘প্ৰথম আলো’ আৰু ‘দ্য ডেইলী ষ্টাৰ’ হৈ পৰিছে বাংলাদেশী মৌলবাদীৰ আক্ৰমণৰ মূল লক্ষ্য৷ বিগত জুলাইত দেশখনত আৰম্ভ হৈছিল সংৰক্ষণবিৰোধী ছাত্ৰ আন্দোলন৷ এই আন্দোলন আগষ্টৰ প্ৰথম কেইদিনত গণ অভূত্থানলৈ ৰূপান্তৰিত হৈছিল৷ পৰিণতিত ৫ আগষ্টত শ্বেখ হাছিনাৰ আৱামী লীগৰ চৰকাৰখনৰ পতন ঘটে৷ সেনাবাহিনীৰ প্ৰত্যক্ষ সমৰ্থনত আন্দোলনকাৰীয়ে ৰাজপাট দখল কৰাৰ পাছৰ পৰা দেশখনত মূৰ দাঙি উঠিছে ধৰ্মীয় মৌলবাদী শক্তি৷
জামাত আৰু বিএনপি সমৰ্থিত এই মৌলবাদীৰ আক্ৰমণৰ লক্ষ্য দেশখনৰ সংখ্যালঘু হিন্দু ধৰ্মাৱলম্বী৷ সেই আক্ৰমণ অব্যাহত থকাৰ মাজতে হঠাতে মৌলবাদীৰ এটা বৃহৎ অংশৰ আক্ৰমণৰ অভিমুখ ঘূৰি গৈছে অসম-জীয়ৰী শ্বাহনাজ ৰহমানে পৰিচালনা কৰি থকা সংবাদ গোষ্ঠী এম এছ এলৰ অধীনষ্ঠ ‘প্ৰথম আলো’ আৰু ‘দ্য ডেইলী ষ্টাৰ’ৰ দিশে৷ সন্দেহাতীতভাৱে দেশৰ সবাটোকৈ প্ৰভাৱশালী আৰু সৰ্বাধিক প্ৰচলন থকা কাকত ‘প্ৰথম আলো’ৰ বিৰুদ্ধে হোৱা আক্ৰমণো ভয়ংকৰ৷ মৌলবাদী শক্তিৰ এই আক্ৰমণ কঠোৰ হাতেৰে চম্ভালিছে অসম-দুহিতা অধ্যক্ষই৷
কিন্তু কিয় সংঘটিত হৈছে ‘প্ৰথম আলো’ত এই আক্ৰমণ? মৌলবাদী আক্ৰমণকাৰীৰ দাবী, ‘প্ৰথম আলো’ আৰু ‘ডেইলী ষ্টাৰ’ সংবাদপত্ৰ ‘প্ৰ’- ইণ্ডিয়ান’, মানে ভাৰত সমৰ্থক আৰু ‘এণ্টি ইছলাম’ অৰ্থাৎ মুছলিমবিৰোধী৷ এই দুই সংবাদপত্ৰই বিতাড়িত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সমৰ্থন কৰে আৰু আৱামী লীগৰ চৰকাৰৰ প্ৰত্যাৱৰ্তন বিচাৰে৷ আক্ৰমণকাৰী মৌলবাদীৰ আক্ৰমণৰ পন্থা ইমানেই জঘন্য যে সেয়া জানিলে চকু কপালত উঠিব৷
‘প্ৰথম আলো’ আৰু ‘দ্য ডেইলী ষ্টাৰ’ বাতৰিকাকত
মৌলবাদী এই আক্ৰমণৰ লক্ষ্যও চৰম–‘প্ৰথম আলো’ আৰু ‘দ্য ডেইলী ষ্টাৰ’ চিৰদিনৰ বাবে বন্ধ কৰি দিয়া৷ দেশৰ বিভিন্ন স্থানত থকা এই দুই সংবাদপত্ৰৰ কাৰ্যালয়ত আক্ৰমণ কৰিছে মৌলবাদীয়ে৷ ৰাজশ্বাহী, চিলেট, চট্টগ্ৰাম, বৰিশাল, বগুৰাত ‘প্ৰথম আলো’ আৰু ‘দ্য ডেইলী ষ্টাৰ’ কাৰ্যালয় ভাঙি চুৰমাৰ কৰা হৈছে৷ বাধা দিবলৈ নাই চৰকাৰী বাহিনী৷ ঢাকাৰ কাৰৱান বজাৰত থকা ‘প্ৰথম আলো’ৰ মুখ্য কাৰ্যালয়ত অব্যাহত থকা আক্ৰমণ আক্ষৰিক অৰ্থতে ঘৃণনীয় অৱস্থালৈ পৰ্যবসিত হৈছে৷
যোৱা ২০ নৱেম্বৰৰ পৰা এই মুখ্য কাৰ্যালয়ৰ সন্মুখত মৌলবাদীয়ে গৰু হালাল কৰি তাতে কাটি আন্দোলনকাৰীক ৰান্ধি-বাঢ়ি খুৱাইছে৷ যোৱা শুকুৰবাৰে ‘প্ৰথম আলো’ৰ কাৰ্যালয়ৰ সন্মুখত জুম্মাৰ নামাজ আদায় কৰি গৰু কাটি খাইছে বিক্ষোভকাৰীয়ে৷ দৈনিক নামাজ পঢ়ি, গৰু হালাল কৰি, ৰান্ধি-বাঢ়ি খাই কৰা এই আন্দোলন এতিয়াও অব্যাহত আছে আৰু অব্যাহত আছে দুয়োখন সংবাদপত্ৰ বন্ধ কৰি দিয়াৰ দাবী৷ আৰক্ষী আৰু সেনাবাহিনীয়ে কাৰ্যালয়ত আন্দোলনকাৰীক প্ৰৱেশত বাধা দিলেও এই ঘৃণনীয় প্ৰতিবাদী কাৰ্যত বাধাদান কৰা নাই৷
মূলতঃ ভাৰতীয় হিন্দু ভাৱাবেগত আঘাত দিয়াৰ বাবেই মৌলবাদী আন্দোলনকাৰীয়ে এই ঘৃণ্য পন্থাৰে আন্দোলন অব্যাহত ৰাখিছে৷ তদুপৰি দুয়োখন সংবাদপত্ৰ ভাৰত-প্ৰেমী বুলি বুজাই তেওঁলোকে এনে পন্থাৰে প্ৰতিবাদ চলাই আছে৷এনে আক্ৰমণৰ সন্মুখত অৱশ্যে নতি স্বীকাৰ কৰিবলৈ নাৰাজ ‘প্ৰথম আলো’, ‘দ্য ডেইলী ষ্টাৰ’ৰ সাংবাদিক-সম্পাদক আৰু কতৃৰ্পক্ষ৷ ট্ৰান্সকম গ্ৰুপৰ দাবী, যেতিয়া শ্বেখ হাছিনাৰ চৰকাৰ আছিল, তেতিয়াও আক্ৰমণৰ সন্মুখীন হৈছিল তেওঁলোকৰ সংবাদগোষ্ঠী৷ তেতিয়াও দুয়োখন সংবাদপত্ৰ নিৰপেক্ষ আছিল, এতিয়াও নিৰপেক্ষ৷ অসম-দুহিতা শ্বাহনাজ ৰহমানৰ পৰিচালনাত এই সংবাদগোষ্ঠীয়ে মৌলবাদীৰ ওচৰত নতশিৰ নহয় বুলি পৰিচালন কতৃৰ্পক্ষ আৰু সাংবাদিকসকলে অংগীকাৰ কৰিছে৷
কন্যা শিমিন ৰহমান আৰু পুত্ৰ জাৰেফ আৰ্ছাদ ৱালিউৰ ৰহমানৰ সৈতে লতিফুৰ ৰহমান আৰু শ্বাহনাজ ৰহমান।
প্ৰসংগতঃ উল্লেখ্য, জীয়তি বৰুৱা অৰ্থাৎ শ্বাহনাজ ৰহমানৰ স্বামী লতিফুৰ ৰহমান আছিল দেশৰ আটাইতকৈ সৎ আৰু নিকা ব্যৱসায়ী৷ এবাৰ তেওঁ কৈছিল– ‘চৰকাৰৰ বিৰোধিতা বহু সময়ত আহিব৷ সেই মনোবৃত্তি সময় পাৰ হ’লে সলনিও হ’ব৷ আমাৰ কাম ব্যৱসায়ৰ জৰিয়তে দেশৰ উন্নতি সাধন কৰা৷’ লতিফুৰ ৰহমানৰ দেশপ্ৰেম আছিল প্ৰশ্নাতীত৷ সেই সন্দৰ্ভত তেওঁ এবাৰ কৈছিল–‘নিজৰ দেশৰ প্ৰতি মোৰ এটা অংগীকাৰ আছে, ভালপোৱা আছে৷ মোৰ কঠিন সময়তো কেতিয়াও মনলৈ অহা নাই যে আন দেশত থাকিম৷ সেই সম্ভাৱনাও নাই৷ আনকি মোৰ নাতি-নাতিনী, যি বিদেশত পঢ়ি আছে; তেওঁলোকো তাত থাকিবলৈ আগ্ৰহী নহয়৷ আমাৰ সকলোৰে এখনেই পাছপ’ৰ্ট, বাংলাদেশৰ৷’
দেশৰ প্ৰতি এনেধৰণৰ মত পোষণ কৰা এজন উদ্যোগপতিৰ সংবাদগোষ্ঠীৰ প্ৰতি দেশৰ একাংশ মৌলবাদীৰ বিদ্বেষ আচৰিত ঘটনা হিচাপেই পৰিগণিত হৈছে৷ বাংলাদেশত এতিয়া প্ৰায় অৰাজক অৱস্থা৷ তাৰেই সুযোগ লৈছে একাংশই৷ এই সংবাদগোষ্ঠীৰ এতিয়াৰ স্বত্বাধিকাৰী অসমৰ বুলি জানি মৌলবাদীয়ে এনে আন্দোলন কৰা বুলিও অনেকে সন্দেহ কৰে৷ কিন্তু সেই সন্দেহ অমূলক৷ ১৯৫৬ চনত বিয়া হোৱাৰ পাছত জীয়তি বৰুৱা যেতিয়াৰ পৰা শ্বাহনাজ ৰহমান হ’ল, তেতিয়াৰ পৰা তেওঁ নাৰীধৰ্ম পালন কৰি মনে-প্ৰাণে বাংলাদেশী৷
কোৱা বাহুল্য মাথোঁ, জীয়তি বৰুৱা আছিল অসমৰ যোৰহাটৰ প্ৰখ্যাত চাহ ব্যৱসায়ী তথা সম্ভ্রান্ত ব্যৱসায়ী হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ জ্যেষ্ঠভাতৃ শৈলেন্দ্ৰ প্ৰসাদ বৰুৱাৰ কন্যা৷ পশ্চিম বংগৰ জলপাইগুড়িত জন্ম হোৱা লতিফুৰ ৰহমানে শ্বিলঙৰ ছেইণ্ট এডমাণ্ডছ কলেজত পঢ়িছিল৷ তেতিয়াই শ্বিলঙৰ পাইন মাউণ্ট স্কুলত পঢ়ি থকা জীয়তিৰ সৈতে লতিফুৰ ৰহমানৰ পৰিচয় হয়৷ দুয়ো পাছত কলকাতাৰ প্ৰেচিডেন্সী কলেজত পঢ়িছিল৷ স্বাধীনতাৰ পূৰ্বে অবিভক্ত ভাৰতত তেজপুৰত লতিফুৰ ৰহমানৰ পিতৃয়ে চাহ বাগিচা আৰম্ভ কৰিছিল৷
ঢাকাৰ আমেৰিকান ইণ্টাৰনেচনেল স্কুলত নাতি জাৰেফ আয়াজ হোছেইনৰ সৈতে লতিফুৰ ৰহমান আৰু শ্বাহনাজ ৰহমান।
দেশ বিভাজন হোৱাত তেওঁলোক স্থায়ীভাৱে বাংলাদেশলৈ যায়গৈ৷ বাংলাদেশৰ ব্যৱসায়ী পৰিয়ালৰ সন্তান লতিফুৰ ৰহমানে সোণৰ চামুচ নহ’লেও ৰূপৰ চামুচ মুখত লৈ জন্ম হৈছিল৷ কিন্তু বাংলাদেশ স্বাধীন হোৱাত তেওঁলোকৰ মৰাপাটৰ কল ১৯৭২ চনত ৰাষ্ট্ৰীয়কৃত কৰাত নিশাটোৰ ভিতৰতে লতিফুৰ ৰহমান কপৰ্দকহীন (নিঃস্ব) হৈ পৰে৷ অৱশ্যে তেতিয়াও তেওঁলোকৰ চিলেটত চাহ বাগিচা আছিল৷ তেওঁ প্ৰথমে এজন ছুইছ নাগৰিকৰ সহায়ত ইউৰোপলৈ চাহ ৰপ্তানি আৰম্ভ কৰে৷
কিছুবছৰ পাছত উত্তৰা বেংকৰ পৰা সূদবিহীনভাৱে ৫০ লাখ টাকা ঋণ লৈ তেওঁ ট্ৰান্সকম গ্ৰুপ আৰম্ভ কৰে আৰু দেশৰ সবাটোকৈ সফল, বৃহৎ উদ্যোগপতিত পৰিণত হয়৷ তেওঁ ব্যৱসায়ৰ নোবেল হিচাপে খ্যাত ‘অছলো বিজিনেছ ফৰ পিচ’ বঁটা লাভ কৰা উপ-মহাদেশৰ একমাত্ৰ ব্যৱসায়ী৷ সৎ আৰু স্বচ্ছতা বৰ্তাই ৰখাৰ মূলমন্ত্ৰৰে ব্যৱসায় কৰা লতিফুৰ ৰহমানে নিজে কেতিয়াও ব্যৱসায়ৰ চেকত চহী নকৰিছিল৷ সকলো দায়িত্ব এৰি দিছিল কৰ্মচাৰীৰ হাতত৷
অসম জীয়ৰী শ্বাহনাজ ৰহমানেও সেই পৰম্পৰা অব্যাহত ৰাখিছে৷ অন্যাৰ্থত ট্ৰান্সকম গ্রুপ হৈছে বাংলাদেশৰ ‘আম্বানি গোষ্ঠী’ সদৃশ৷ সকলো ক্ষেত্ৰতে ব্যৱসায় কৰা ট্ৰান্সকম গ্ৰুপৰ অধীনত এতিয়া আছে ট্ৰান্সকম লিমিটেড, ট্ৰান্সকম ডিষ্ট্ৰিবিউশ্বন কোম্পানী লিমিটেড, ট্ৰান্সকম ফুড লিমিটেড, এছ কে এফ ফাৰ্মাচিউটিকেল লিমিটেড, ট্ৰান্সকম ইলেক্ট’নিক্স লিমিটেড, ট্ৰান্সক্ৰেফট্ছ লিমিটেড, বাংলাদেশ লেম্পছ লিমিটেড, ট্ৰান্সকম বেভাৰেজ লিমিটেড, ট্ৰান্সফিন ট্ৰেডিং এণ্ড ট্ৰিনকো লিমিটেড, ট্ৰান্সকম কনজুমাৰ প্ৰডাক্টছ লিমিটেড, টি হোল্ডিংছ লিমিটেড, মিডিয়াষ্টাৰ লিমিটেড, মিডিয়া ৱৰ্ল্ড লিমিটেড আৰু ৰিলায়েন্স ইঞ্চুৰেঞ্চ লিমিটেড৷ এই সকলো কোম্পানীৰ শীৰ্ষত এতিয়া অসম-দুহিতা আৰু তেৱেঁই শক্তিশালী হাতেৰে মোকাবিলা কৰিছে বাংলাদেশী মৌলবাদীৰ আক্ৰমণ৷
(লেখক অসমৰ এগৰাকী জেষ্ঠ সাংবাদিক। লেখাটো 'আমাৰ অসম' কাকতত ২৯ নৱেম্বৰ, ২০২৪ৰ সংখ্যাত প্ৰকাশ পাইছে। লেখকৰ অনুমতি সাপেক্ষে এই লেখা 'আৱাজ দ্য ভইচ' অসমত প্ৰকাশ কৰা হৈছে)